Scientific Temperament

আল্লাৰ বাণী – গছৰ পাতে পাতে আৰু ইয়াৰ অন্তৰালৰ বৈজ্ঞানিক সত্যতা

- বিশ্বনাথ চাৰিআলি, ৩০ নৱেম্বৰ

অতি সম্প্ৰতি অসমৰ আকাশে বতাহে নিনাদিত হোৱা গছ লতাৰ পাতে পাতে আৰৱী আখৰেৰে আল্লাৰ নাম ঐশ্বৰিক কোনো বাণী আদি লিখা থকাৰ কথা অসম বিজ্ঞান সমিতি, বিশ্বনাথ চাৰিআলি শাখাৰ দৃষ্টি গোচৰ হৈছে। ইতিমধ্যে এই অলৌকিক বতৰাৰ যে কোনো ভিত্তি নাই, সেইয়া পোহৰলৈ আহিছে। সমিতিৰ যুটীয়া সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে ২৯ তাৰিখে ৰাতিপুৱাই এই বিষয়ে http://scientifictemperament.in ত ভিডিঅ’ যোগে তথ্য সমূহ উদঙাই ধৰে, অন্ধবিশ্বাসৰ বাদে যে ই আন একো নহয়, সেই বিষয়েও সকলোকে অৱগত কৰে। পৰৱৰ্তী বৈজ্ঞানিক বাখ্যা দাঙি ধৰে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ জীৱ প্ৰযুক্তি বিভাগৰ সমন্বয়ক, অধ্যাপক ডo মনোজ কুমাৰ শৰ্মাই। দৰাচলতে সাম্প্ৰতিক সময়ত নতুন কৈ দেখা দিয়া এই পোক বিধৰ নাম Rugose spirling whitefly (Aleurodicus rugioperculatus) । এইবিধ পোক সাধাৰণতে বাৰিষা কাল পাৰ হোৱা পাছত, প্ৰায় অক্টোবৰ-নৱেম্বৰ মাহত ওলোৱা দেখা যায়। আজি কেইবছৰ মান ধৰি নামনি অসমৰ বিভিন্ন ঠাইত পোক বিধৰ উপদ্ৰৱ হোৱা দেখা গছিল। নাৰিকল, তামোল, কলগছকে ধৰি সকলোবোৰ উদ্ভিদতে কম বেছি পৰিমাণে পোকবিধৰ আক্ৰমণ দেখা গৈছে। প্ৰথমতে বগা ৰঙৰ সৰ্পিল আকৃতিৰ চাপ, পিছলৈ পাতৰ সমগ্ৰ তলফালত বগা চামনি ধাৰণ আৰু পাছলৈ কলা বৰণৰ shooty mold নামৰ ভেকুৰৰ বংশবৃদ্ধিৰ বাবে গোটেই পাতখিলাই কলা বৰণৰ তথা ছাই সানি থোৱাৰ দৰে দেখা যায়। এতিয়া তোলপাৰ লগোৱা অপপ্ৰচাৰটো হৈছে পোকবিধে আক্ৰমণৰ প্ৰথম অৱস্থাত কণী পৰাৰ পদ্ধতিটোৰ বাবেহে। পোকবিধে কণী পাৰি আগবাঢ়ি গৈ সৰ্পিল আকৃতিত ঘূৰি থাকে, সেয়েহে এক বিশেষ আখৰ সদৃশ চাপ হয়তো পাতৰ তলফালে চকুত পৰিব পাৰে। কণী ফুটাৰ পিছত কেইবাটাও স্তৰত সিহঁতে মোট সলাই আৰু দেহৰ দেহৰ তাপত এটা মমৰ আৱৰণীৰ সৃষ্টি কৰে। এই পোক বিধে দেহৰ পৰা এবিধ সুমিষ্ট ৰস নিসৰণ কৰে আৰু ইয়ে পিছলৈ কলা ৰঙৰ ভেকুৰক বংশ বৃদ্ধিৰ সুবিধা কৰি দিয়ে। এই পোক বিধ ২০০৯ চনত প্ৰথমে আমেৰিকাৰ ফ্লৰিদা আৰু ২০১৬ চনত দক্ষিণ ভাৰতত দেখা পোৱা গৈছিল। সাধাৰণ ব্যৱসায়িক শস্যবোৰৰ বিশেষ ক্ষতি নকৰিলেও ভৱিষ্যতে পোক বিধে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা বিশেষজ্ঞ সকলে ব্যক্ত কৰিছে। অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি শাখাৰ তৰফৰ পৰা সেয়েহে সদ্য প্ৰচলিত উৰাবাতৰিক বিশ্বাস নকৰি প্ৰকৃত বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰিঘটনাটিক বিশ্লেষণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!