Scientific Temperament

খেল জগত

প্রশ্ন : কোনগৰাকী ভাৰতীয়ক দবা বা চতুৰংগ খেলৰ জনক বুলি কোৱা হয় ?
উত্তৰ : কৌটিল্য বা চাণক্যক।
প্রশ্ন : ভাৰতত জুডো খেলৰ কোনে প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ : বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে।
প্রশ্ন : কোন দুবিধ খেলক ভাৰতবৰ্ষত জাতীয় খেলৰূপে গণ্য কৰা হয় ?
উত্তৰ : হকী আৰু কাবাডি খেলক।
প্রশ্ন : কাবাডি খেল সর্বপ্রথম ক’ত উৎপত্তি হৈছিল ?
উত্তৰ : ভাৰতত।
প্রশ্ন : একমাত্র সোঁহাতেৰেহে খেলা খেল পল’ খেলৰ জন্মস্থান কত ?
উত্তৰ : মণিপুৰ।
প্রশ্ন : ভাৰতৰ কোনজন খেলুৱৈক “হকীৰ যাদুকৰ” বোলা হয় ?
উত্তৰ : ধ্যানচাঁদক।
প্রশ্ন : ভাৰতৰ সর্বপ্রথমে গঠন হোৱা ফুটবল ক্লাবটোৰ নাম কি ?
উত্তৰ : ১৮৭২ চনত কলকাতাত স্থাপন কৰা “ডেলহাউছি ক্লাব”।
প্রশ্ন : অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন ?
উত্তৰ : নীলিমা ঘোষ (১৯৫২ চন)।
প্রশ্ন : অলিম্পিকৰ বেডমিন্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন কোন ?
উত্তৰ : দীপংকৰ ভট্টাচার্য।
প্রশ্ন : অলিম্পিকত প্রতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট কোন ?
উত্তৰ : মেৰী ডিচুজা।
পশ্ন : এদিনীয়া আন্তর্জাতিক ক্রিকেটত দ্বিশতৰাণ কৰি বিশ্বৰেকর্ড গঢ়া প্রথম পুৰুষ খেলুৱৈজন শচীন তেণ্ডুলকাৰ।
তেওঁৰ এই ৰেকর্ড ভংগ কৰি কোনগৰী খেলুৱৈয়ে বিশ্ব অভিলেখ (২১৯ ৰান) গঢ়ে ?
উত্তৰ : বীৰেন্দৰ সেৱাগ (তেওঁ ১৯ ডিচেম্বৰ , ২০১১ত এই অভিলেখ গঢ়ে)।
প্রশ্ন : ভাৰতৰ ক্রীড়া জগতত সর্বোচ্চ বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্রথম খেলুৱৈজন কোন ?
উত্তৰ : বিশ্বনাথন আনন্দ (১৯৯২ চন)।
প্রশ্ন : বৰদলৈ ট্ৰফীত ফাইনেল খেলা প্রথম বিদেশী দলটো কোন আছিল ?
উত্তৰ : বাংলাদেশৰ ‘ঢাকা একাদশ’ (১৯৭২ চন)।
প্রশ্ন : বৰদলৈ ট্ৰফী প্রথম কোনটো বিদেশী দলে লাভ কৰিছিল ?
উত্তৰ : বেংককৰ পৰ্ট অথৰিটি (১৯৭৯ চন)।
প্রশ্ন : বিশ্বৰ একমাত্র কোনজন ক্রিকেটাৰে ক্ৰিকেটৰ মক্কা’ লর্ডছত খেলিছে ,অধিনায়কত্ব কৰিছে আৰু আম্পায়াৰিঙা কৰিছে ?
উত্তৰ : এছ ভেংকটৰাঘৱন (ভাৰত)।
প্রশ্ন : ২০০৮ বৰ্ষৰ বেইজিং অলিম্পিকত স্বর্ণপদক অর্জন কৰা ভাৰতীয় খেলুৱৈজন কোন ?
উত্তৰ : অভিনৱ বিন্দ্রা।
তেওঁ অলিম্পিকৰ দহ মিটাৰ এয়াৰ ৰাইফলশ্রুটিঙত এই কৃতিত্ব অর্জন কৰে।
প্রশ্ন : ২০১৬ বৰ্ষৰ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ উপৰি অতি কম বয়সতে (২১ বছৰ) তেওঁ ভাৰতৰ অসামৰিক সন্মান ‘পদ্মশ্রী’ৰে সন্মানীত হৈ ভাৰতৰ প্রথমগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ গঢ়ে।
তেওঁ কোন ?
উত্তৰ : পুচাৰলা ভেংকাটা সিন্ধু।
প্রশ্ন : অলিম্পিকৰ ইতিহাসত তেৱেঁ একমাত্র ভাৰতীয় জিমনাষ্ট যিয়ে ৰিঅ’ অলিম্পিক(২০১৬ বৰ্ষত ভাৰতৰ হৈ প্রথম অংশগ্রহণ কৰি ফাইনেলত উপনীত হৈ চতুর্থস্থান দখল কৰিবলৈ সক্ষম হয়।
ভাৰতৰ অলিম্পিকৰ ইতিহাসত চাঞ্চল্য সৃষ্টিকাৰী এইগৰাকী খেলুৱৈ কোন ?
উত্তৰ : ত্ৰিপুৰাৰ দীপা কর্মকাৰ (জিমনাষ্ট দীপাই মাত্র ০.১৫ পইণ্টৰ ব্যৱধানত চতুর্থ স্থানত।
থাকে ভল্ট ইভেন্টত)।
প্রশ্ন : সাতখনকৈ অলিম্পিকত অৱৰ্তীর্ণ হোৱা বিশ্বৰ একমাত্র টেনিছ খেলুৱৈজন কোন ?
উত্তৰ : লিয়েণ্ডাৰ পেজ।
প্রশ্ন : আন্তর্জাতিক ক্রিকেট পৰিষদৰ (ICC) ক্রিকেট অস্কাৰ বঁটা হিচাপে খ্যাত ছাৰ গাৰফিল্ড ছবাৰছ ট্ৰফী লাভ কৰা ভাৰতৰ প্রথম ক্রিকেটাৰজন কোন ?
উত্তৰ : ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন সহঃ অধিনায়ক ৰাহুল দ্রাবিড় (সর্বাধিক দ্বি-শতৰান কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ)।
প্রশ্ন : কোনগৰাকী ভাৰতীয় খেলুৱৈয়ে আন্তর্জাতিক ক্রিকেট পৰিষদৰ (ICC)২০১০ চনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ছাৰ গাৰফিল্ড ছবাৰ্ছ বঁটা লাভ কৰে ?
উত্তৰ : শচীন তেণ্ডুলকাৰ।
প্রশ্ন : এদিনীয়া ক্রিকেটত সৰ্বমুঠ ১০ হাজাৰ ৰান কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈ কোন ?
উত্তৰ : শচীন তেণ্ডুলকাৰ।
প্রশ্ন : দবা খেলত গ্ৰেণ্ডমাষ্টাৰ খিতাপ পোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ কোন ?
উত্তৰ ?
কনাৰু হাম্পি।
প্রশ্ন ৫১ এদিনীয়া ক্রিকেটত সর্বাধিক ‘ছিক্সাৰ মৰা আৰু সৰ্বাধিক ‘চিকাৰ ধৰা প্রথম ভাৰতীয় খেলুৱৈজন কোন ?
উত্তৰ : মহেন্দ্র সিং ধোনী (তেওঁ ৩১/১০/২০০৫ত জয়পুৰত শ্ৰীলংকাৰ বিৰুদ্ধে ১০টা ‘ছিক্সাৰ আৰু ১৫টা ফ’ৰ মাৰে আৰু উইকেট কিপাৰ হিচাপে তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে ২০০৭ ত সর্বাধিক ছটাকৈ চিকাৰ ধৰে।
প্রশ্ন : টেষ্ট ক্রিকেটত হেটট্রিক কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ কোন ?
উত্তৰ : হৰভজন সিং।
(২০০১ চনত অষ্ট্রেলিয়াৰ বিৰুদ্ধে হোৱা খেলত)
প্রশ্ন : পাঁচবাৰকৈ বিশ্ব বক্সিং চেম্পিয়ন হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ নাম কি ?
উত্তৰ : এম. চি. মেৰিকম।
প্রশ্ন : শতৰানকাৰী প্ৰথমগৰাকী ভাৰতীয় ক্রিকেট খেলুৱৈৰ নাম কি ?
উত্তৰ : লালা অমৰ নাথ’ (১৯৩৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা খেলত)।
প্রশ্ন : ৱর্ল্ড ৰেচলিং চেম্পিয়নশ্বিপত (২০১০ , ছেপ্তেম্বৰ) স্বর্ণপদক আৰু ২০০৮ চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ কোন ?
উত্তৰ : সুশীল কুমাৰ।
প্ৰশ্ন : উইম্বলডন টেনিছ প্রতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল খেলা প্রথমগৰাকী।
ভাৰতীয় খেলুৱৈ কোন ?
উত্তৰ : ঘাউচ মহম্মদ।
প্রশ্ন : কমনৱেলথ গেমছত (২০০২) ভাৰত্তোলনত চেম্পিয়ন হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ কোন ?
উত্তৰ : নামেই ৰাকপাম কুঞ্জুৰাণী (মণিপুৰ)।
প্রশ্ন : ব্রিটিছ অপেন দবা প্রতিযোগিতাত চেম্পিয়নশ্বিপ অর্জন কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ কোন ?
উত্তৰ : আৰ. বি. ৰমেশ।
প্রশ্ন : জুনিয়ৰ বিশ্ব টেবুল টেনিছ প্রতিযোগিতাত ভাৰতীয় দলক প্রতিনিধিত্ব কৰি তৃতীয় স্থান লাভ কৰা অসমৰ খেলুৱৈ গৰাকী কোন ?
উত্তৰ : পল্লৱী পৰাশৰ।
প্রশ্ন : কোনজন এছিয়ান খেলুৱৈয়ে সর্বপ্রথম জুনিয়ৰ উইম্বলডন খিতাপ পাইছিল ?
উত্তৰ : ভাৰতৰ ৰামানাথন কৃষ্ণানে (১৯৫৪ চনত)।
প্রশ্ন : অষ্ট্রেলিয়ান অপেন টেনিছ টুর্নামেন্ট (২০০৯)ত ল’ৰাৰ শাখাত (১৯ বছৰ অনূর্ধ্ব) গ্ৰেণ্ড শ্লাম হোৱা প্রথম ভাৰতীয় খেলুৱৈজন কোন ?
উত্তৰ : য়ুকি ভামব্রি।
প্রশ্ন : ভাৰতৰ আটাইতকৈ পুৰণি হকী টুর্নামেন্টখনৰ নাম কি ?
উত্তৰ : বেইটন কাপ। ১৮৯৫ চনত কলকতাত আৰম্ভ হয়।
প্রশ্ন : ভাৰতে প্রথম কেতিয়া ডেভিচ কাপ খেলিছিল ?
উত্তৰ : ১৯২১ চনত।
প্রশ্ন : বিশ্বকাপ ক্রিকেটৰ ফাইনেলত ভাৰতীয় দলৰ কোনজন অধিনায়কে প্রথম ‘মেন অৱ দ্য মেচ’ সন্মান লাভ কৰিছে ?
উত্তৰ : মহেন্দ্র সিং ধোনী (২০১১ চন)।
প্রশ্ন : কোন ভাৰতীয় মহিলাই প্রথম আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত হেটট্রিক অর্জন কৰিছিল ?
উত্তৰ : য়ুলাণ্ডা ডিচুজা , ১৯৭৮ চনত।
প্রশ্ন : শচীন তেণ্ডুলকাৰে তেওঁৰ কেৰিয়াৰৰ কোনটো বৰ্ষত আটাইতকৈ বেছি সংখ্যক শতৰান কৰিছে ?
উত্তৰ :১৯৯৮ চনত (টেষ্টত তিনিটা আৰু এদিনীয়াত নটা শতকেৰে মুঠ বাৰটা)।
প্রশ্ন : টেষ্ট ক্রিকেটত ত্রি-শতৰান কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ কোন ?
উত্তৰ : বীৰেন্দ্ৰ সেৱাগ (২০০৪ চনত পাকিস্তানৰ বিপক্ষে মলতান টেষ্টত ৩০৯ ৰান আৰু ২০০৮ চনত চেন্নাইত দক্ষিণ আফ্রিকাৰ বিপক্ষে ৩১৯ ৰান কৰে।
প্রশ্ন ৪৬ : বিশ্ব টেষ্ট ক্রিকেট ইতিহাসত সর্বাধিক কেচ লোৱা খেলুৱৈগৰাকী কোন ?
উত্তৰ : ভাৰতৰ ৰাহুল দ্রাবিড় (২০৭ ৰান ছেপ্তেম্বৰ , ২০১১ লৈ)।
প্রশ্ন : টেষ্ট ক্রিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় উইকেটকীপাৰজন কোন ?
উত্তৰ : পাৰ্থিৱ পেটেল (বয়স ১৭ বছৰ ১৫৮ দিন)।
প্রশ্ন : মহিলাৰ ক্রিকেট ইতিহাসত কোন গৰাকী ভাৰতীয় খেলুৱৈয়ে বিশ্বৰেকর্ড সৃষ্টি কৰিছে ?
উত্তৰ : ভাৰতীয় মহিলা ক্রিকেটৰ সহঃ অধিনায়িকা মিথালী ৰাজে।
প্রশ্ন : একেৰাহে চাৰিখন টেষ্টত চাৰিটা শতক কৰা প্রথম ভাৰতীয় ক্রিকেটাৰজন কোন ?
উত্তৰ : ৰাহুল দ্রাবিড় (বিশ্বত চতুর্থ স্থান)।
প্রশ্ন : বিশ্ব ক্রিকেটৰ ভগৱান’ স্বৰূপ আখ্যা পোৱা শচীন তেণ্ডুলকাৰে শততম শতৰানটো(মহাশতক) কৰাৰ সময়ত টেষ্ট আৰু এদিনীয়াত শতৰান কিমান ?
উত্তৰ : টেষ্টত ৫১ টা আৰু এদিনীয়াত ৪৯ টা।
প্রশ্ন : উইম্বলডন টেনিছত ভাগলোৱা প্ৰথম ভাৰতীয় খেলুৱৈজন কোন ?
উত্তৰ : চৰ্দাৰ নিহালী সিং (১৯০৮ চন)।
প্রশ্ন : ভাৰতৰ কোন তিনিগৰাকী ভাইককায়ে উইম্বলডন টেনিছত ভাগ লৈছিল ?
উত্তৰ : বিজয় অমৃতৰাজ , আনন্দ অমৃতৰাজ আৰু অশোক অমৃতৰাজ।
প্রশ্ন :সর্বপ্রথম অলিম্পিক টেনিছত পদক পোৱা ভাৰতীয়জন কোন ?
উত্তৰ : লিয়েণ্ডাৰ পেজ।
প্রশ্ন : প্রথম এছিয়ান গেমছ ক’ত হৈছিল ?
উত্তৰ : নতুন দিল্লীত (ভাৰত , ১৯৫১ চন)।
প্রশ্ন : বেডমিন্টন খেলৰ জন্মস্থান ক’ত আৰু প্রথম বিশ্ব বেডমিন্টন প্রতিযোগিতা কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তৰ : ভাৰতবৰ্ষৰ পুণে চহৰত আৰু প্রথম বিশ্ব বেডমিন্টন প্রতিযোগিতা হয় ১৯৪৮ চনত।
প্রশ্ন : ভাৰতীয় টেবুল টেনিছ দলক প্রতিনিধিত্ব কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰ : নন্দিনী বৰুৱা।
প্রশ্ন : অর্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈগৰাকী কোন ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।
প্রশ্ন ৩৩ : এছিয়ান গেমছত খেলা প্রথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন ?
উত্তৰ : বিদ্যুৎ গোস্বামী।
প্ৰশ্ন : কোনগৰাকী এথলেটে (দৌৰবিদ) সর্বপ্রথম পদ্মশ্রী সম্মান লাভ কৰিছিল ?
উত্তৰ : মিলখা সিং (তেওঁক উড়ন্ত শিখা বুলি আখ্যা দিয়া হয়)।
প্রশ্ন : ১৯৩২ চনৰ লছএঞ্জেলছ অলিম্পিকৰ হকীখেলত আমেৰিকাক ১৪- ১ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰা দেশখন কি ?
উত্তৰ : ভাৰতবর্ষ।
প্রশ্ন : অলিম্পিকৰ হকী খেলত ভাৰতে বর্তমানলৈকে কিমানবাৰ স্বর্ণ পদক লাভ কৰিছে ?
উত্তৰ : ৮ বাৰ।
প্রশ্ন : অলিম্পিকত ভাৰতীয় ফুটবল দলক প্রতিনিধিত্ব কৰা প্ৰথম অসমীয়া (তেতিয়াৰ অবিভক্ত অসমৰ) খেলুৱৈজন কোন ?
উত্তৰ : নাগালেণ্ডৰ ড° টালিমেৰণ আও (১৯৪৮ চনৰ লণ্ডন অলিম্পিকত)।
প্রশ্ন : বিশ্বকাপ ফুটবল খেল প্রতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে আমন্ত্রিত সর্বপ্রথম ভাৰতীয়জন কোন ?
উত্তৰ : কমলেশ্বৰ শংকৰ (২০০২ চন)।
প্রশ্ন : বিশ্বকাপ ক্রিকেটত হেটট্রিক কৰা প্ৰথমজন বলাৰ কোন ?
উত্তৰ : ভাৰতৰ চেতন শর্মা।
প্রশ্ন : টেষ্ট ক্রিকেটত শতক কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী ৰঞ্জিত সিংজি।
দ্বিশতক কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ কোন ?
উত্তৰ : পলি উমৰিগড় (২২৩ ৰান)।
প্রশ্ন : টেষ্ট ক্রিকেটত সর্বাধিক শতক কৰা প্ৰথম ভাৰতীয় খেলুৱৈজন সুনীল গাভাস্কাৰ।
তেওঁৰ এই ৰেকর্ড স্পর্শ কৰা আনগৰাকী ভাৰতীয় খেলুৱৈ কোন ?
উত্তৰ : শচীন তেণ্ডুলকাৰ।
তেওঁ ২০০৪ চনত বাংলাদেশৰ বিৰুদ্ধে খেলা প্রথমখন টেষ্টত।
গাভাস্কাৰৰ ১২৫ খন টেষ্টৰ ৩৪ তম শতক ১১৯ টেষ্টতে স্পর্শ কৰে।
প্রশ্ন : ভাৰতীয় ক্রিকেটত কাক বায়ৰন’ বুলি কোৱা হয় ?
উত্তৰ : লালা অমৰনাথক।
প্রশ্ন : এঘাৰ নম্বৰ বেটছমেন হিচাপে সর্বাধিক (৭৫) ৰান কৰি বিশ্বাভিলেখ গঢ়া।
ভাৰতীয় খেলুৱৈগৰাকী কোন ?
উত্তৰ : জাহিৰ খান (২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে)।
প্রশ্ন : শতিকাৰ সর্বশ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা ভাৰতীয় খেলুৱৈজন কোন ?
উত্তৰ : কপিল দেৱ (তেৱেঁই ৪০০ উইকেট লোৱা প্ৰথম ভাৰতীয়)।
প্রশ : বিশ্ব ক্রিকেট ইতিহাসত সর্বপ্রথম ৩০ হাজাৰৰো অধিক ৰান কৰা খেলুৱৈজন কোন ?
উত্তৰ : শচীন ৰমেশ তেণ্ডুলকাৰ (তেৱেই শততম টেষ্ট ক্রিকেট খেলা বিশ্বৰ কনিষ্ঠতম খেলুৱৈ।
Subscribe
Notify of

1 Comment
Oldest
Newest
Inline Feedbacks
View all comments
Ankita Mudoi
1 year ago

ধন্যবাদ ছাৰ

Don`t copy text!