Scientific Temperament

ভাৰতবৰ্ষ

প্রশ্ন : ভাৰতীয় ইতিহাসত খুবেই চর্চিত মহেঞ্জোদাৰো নগৰখন ক’ত অৱস্থিত আছিল ?
উত্তৰ : সিন্ধু প্রদেশৰ লাৰাকানা জিলাত অৱস্থিত (বর্তমান পাকিস্তানত)।
প্রশ্ন : ‘মহেঞ্জোদাৰো শব্দৰ অর্থ কি ?
উত্তৰ : মৃতকৰ টিপ’বা মৃতকৰ টিলা।
প্রশ্ন : সিন্ধু উপত্যকা সভ্যতাৰ প্ৰথম নিদর্শন ক’ত আৱিষ্কাৰ হৈছিল ?
উত্তৰ : পশ্চিম পঞ্জাৱৰ মন্টগমাৰিৰ হৰপ্পাত।
প্রশ্ন : আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?
উত্তৰ : খ্রীঃ পূঃ ৩২৭ত।
প্রশ্ন : গুপ্ত বংশৰ শ্ৰেষ্ঠ দিগ্বিজয়ী ৰজা কোন আছিল ?
উত্তৰ : সমুদ্রগুপ্ত।
প্রশ্ন : কোন প্রাচীন ভাৰতীয় ৰজাই গ্রীক ৰাজকুমাৰীক বিয়া কৰাইছিল ?
উত্তৰ : চন্দ্রগুপ্ত মৌর্যই।
প্রশ্ন : মহামতি অশোক কোন বংশৰ ৰজা আছিল ?
উত্তৰ : মৌর্য বংশৰ।
প্রশ্ন : মগধৰ প্ৰাচীন ভাষা কি ?
উত্তৰ : পালি ভাষা।
প্রশ্ন : আর্যসকলৰ আদি বাসস্থান ক’ত আছিল ?
উত্তৰ : মধ্য এছিয়াত।
প্রশ্ন : সম্রাট অশোকৰ জীৱনৰ একমাত্র যুদ্ধখন কি ?
উত্তৰ : খ্রীঃ পূঃ ২৬১ ত হোৱা কলিংগ যুদ্ধ।
প্ৰশ্ন : কোনজন চীনা পৰিব্ৰাজক দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্ব কালত ভাৰতলৈ আহিছিল ?
উত্তৰ : ফা-হিয়ান।
প্রশ্ন : শুঙ্গ বংশৰ প্রতিষ্ঠাতা কোন আছিল ?
উত্তৰ : পুষ্যমিত্র শুঙ্গ।
প্রশ্ন : হর্ষবর্ধনে কনৌজৰ সিংহাসনত বহাৰ পিচত কি উপাধি গ্রহণ কৰিছিল ?
উত্তৰ : শীলাদিত্য।
প্রশ্ন : ভাৰত বুৰঞ্জীৰ কোনটো সময়ক হিন্দুবাদৰ সোণালী যুগ বোলা হয় ?
উত্তৰ : গুপ্ত যুগক (৩২০-৫৫০ খ্রীষ্টাব্দ)।
প্রশ্ন : বিখ্যাত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : খ্রীঃপূঃ ৯৯৮ ত।
প্রশ্ন : ভাৰতবৰ্ষৰ নেপোলিয়ন বুলি কাক কোৱা হয় ?
উত্তৰ : সমুদ্র গুপ্তক।
প্রশ্ন : ভাৰতত তুর্কী-মুছলমান সাম্রাজ্য কোন চনত প্রতিষ্ঠা হয় ?
উত্তৰ : ১২০৬ চনত।
প্রশ্ন : চুলতান মামুদে প্রথম কেতিয়া ভাৰতবর্ষ আক্রমণ কৰিছিল ?
উত্তৰ : ১০০১ খ্রীঃত (তেওঁ ভাৰতবর্ষ ১৭ বাৰ আক্ৰমণ কৰিছিল)।
প্রশ্ন : ভাৰতত মোগল সাম্রাজ্য কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰ : ১৫২৬ খ্রীঃত জাহিৰুদ্দিন মহম্মদ বাবৰে।
প্রশ্ন : ভাৰতবৰ্ষৰ কোনখন যুদ্ধত সর্বপ্রথম বৰতোপ ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰ : পাণিপথৰ প্রথম যুদ্ধ।
প্রশ্ন : দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?
উত্তৰ : কুতুবুদ্দিন আইবাক।
প্রশ্ন : দিল্লীৰ চুলতানসকলৰ ভিতৰত কাক ‘লৌহ মানৱ’ বোলা হয় ?
উত্তৰ : গিয়াচুদ্দিন বলবনক।
প্রশ্ন : কোনজন দিল্লীৰ চুলতানে ‘চল্লিচ আমীৰ’ৰ ক্ষমতা ধ্বংস কৰিছিল ?
উত্তৰ : গিয়াছুদ্দিন বলবনে।
প্রশ্ন : আমিৰ খস্ৰূ কোনজন দিল্লী চুলতানৰ ৰাজসভাৰ পণ্ডিত আছিল ?
উত্তৰ : গিয়াচউদ্দীন বলবনৰ।
প্রশ্ন : কোনজন চুলতানৰ ৰাজত্বকালত দিল্লী মুছলমান সংস্কৃতিৰ প্রধান কেন্দ্রস্থান হৈ পৰিছিল ?
উত্তৰ : গিয়াচউদ্দীন বলবনৰ।
প্রশ্ন : কোন চনত খিলজি বংশ প্রতিষ্ঠিত হৈছিল ?
উত্তৰ : ১২৯০ খ্রীত।
প্রশ্ন : কোনজন দিল্লীৰ চুলতানে নিজকে দ্বিতীয় চিকন্দৰশ্বাহ (আলেকজেণ্ডাৰ) বুলি ভাবিছিল ?
উত্তৰ : আলাউদ্দীন খিলজীয়ে।
প্রশ্ন : কোনজন দিল্লীৰ চুলতানে তেওঁৰ সৈন্য বাহিনীক নগদ দৰমহা দিয়াৰ নিয়ম কৰিছিল ?
উত্তৰ : আলাউদ্দিন খিলজীয়ে।
প্রশ্ন : কোনজন দিল্লীৰ চুলতানে তামৰ মুদ্রা প্রচলন কৰিছিল ?
উত্তৰ : মহম্মদ বিন টোগলকে।
প্রশ্ন : মহম্মদ বিন টোগলকৰকুশাসনৰ ফলত দাক্ষিণাত্যত স্থাপিত হোৱা স্বাধীন ৰাজ্য দুখন কি কি ?
উত্তৰ : বিজয়নগৰ আৰু বাহমণী ৰাজ্য।
প্রশ্ন : ভাৰত বুৰঞ্জীত কোনজন ৰজাক জ্ঞানীমৰ্খ বুলি কোৱা হয় ?
উত্তৰ : মহম্মদ বিন টোগলকক।
প্রশ্ন : কোনজন তুর্কী চুলতানে দিল্লীত প্রথমে ৰাজধানী পাতিছিল ?
উত্তৰ : ইলতুৎমিচে।
প্রশ্ন : তৈমুৰে ভাৰত আক্রমণ কৰাৰ সময়ত দিল্লীৰ মোগল সম্রাট কোন আছিল ?
উত্তৰ : নাছিৰুদ্দিন মাহমুদ ছাহ।
প্রশ্ন : কোনজন দিল্লীৰ চুলতানে চীন বিজয় কৰিবলৈ তিব্বতলৈ অভিযান চলায় ?
উত্তৰ : মহম্মদ বিন টোগলকে।
প্রশ্ন : সম্রাট ছাহজাহানৰ দিনৰ বিখ্যাত ময়ুৰ সিংহাসনখন কোনে নির্মাণ কৰিছিল ?
উত্তৰ : বাবাদল খাঁই।
প্রশ্ন : দিল্লীৰ সিংহাসনত বহা একমাত্র মহিলা গৰাকী কোন আছিল ?
উত্তৰ : চুলতানা ৰেজিয়া (কার্যকাল ১২৩৬-১২৩৯ চন)।
প্রশ্ন : মোগল সাম্রাজ্যৰ সর্বশেষ ৰজাজন কোন ?
উত্তৰ : দ্বিতীয় বাহাদুৰ শ্বাহ।
প্রশ্ন : আকবৰৰ সেনা বাহিনীৰ নেতৃত্ব দিয়া হিন্দু সেনাপতিজনৰ নাম কি আছিল ?
উত্তৰ : মান সিং।
প্রশ্ন : কোনজন মোগল সম্রাটে বৃদ্ধ পিতাকক বন্দীশালত থৈ সিংহাসনত আৰোহণ কৰিছিল ?
উত্তৰ : ঔৰঙ্গজেৱে।
প্রশ্ন : সম্রাট আকবৰে প্রবর্তন কৰা ধর্মটোৰ নাম কি আছিল ?
উত্তৰ : দীন-ঈ-ইলাহি।
প্রশ্ন : কোনজন ৰাজপুত ৰজাই নিজ কন্যাক আকবৰলৈ বিয়া দিছিল ?
উত্তৰ : অম্বৰৰ (জয়পুৰ) ৰজা বিহাৰিমলে।
প্রশ্ন : ‘পাদচাহনামা’ কি ?
উত্তৰ : দিল্লীৰ চুলতান আৰু মোগলসকলৰ বিষয়ে লিখা বুৰঞ্জী।
প্রশ্ন : মাৰাঠা সাম্রাজ্য প্রতিষ্ঠাতা কোন আছিল ?
উত্তৰ : ছত্রপতি শিৱাজী।
প্রশ্ন : কোনজন ৰাজপুত ৰাণাই মোগল সম্রাটৰ বশ্যতা স্বীকাৰ কৰা নাছিল ?
উত্তৰ চিতোৰৰ ৰাণা প্রতাপ সিংহই।
প্রশ্ন : মহাৰাণা প্রতাপ সিংহৰ অতি মৰমৰ ঘোঁৰাটোৰ নাম কি আছিল ?
উত্তৰঃ চৈতক।
প্রশ্ন : কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয় ?
উত্তৰ : ১৯১২ চনৰ ১২ এপ্রিলত।
প্রশ্ন : নাদিৰশ্বাহে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল ?
উত্তৰ : ১৭৩৯ চনত।
প্রশ্ন : গজনীৰ চুলতান মামুদৰ ৰাজসভাৰ প্ৰসিদ্ধ পণ্ডিত চুলতান মামুদৰ লগত ভাৰতলৈ আহি সংস্কৃত ভাষা অধ্যয়ন কৰিছিল।
তেওঁ কোন ?
উত্তৰ : আলবেৰুণী।
প্রশ্ন : ভাৰতত মোগল শাসন কেতিয়া ওৰ পৰে ?
উত্তৰ : ১৮৫৭ খৃঃত।
প্রশ্ন : শ্বেৰ শ্বাহৰ সৰুকালৰ নাম কি আছিল ?
উত্তৰ : ফৰিদ।
প্রশ্ন : বিজয়নগৰ সাম্রাজ্যৰ সর্বশ্রেষ্ঠ সম্রাট কোন ?
উত্তৰ : কৃষ্ণদেৱ ৰায়।
প্রশ্ন : কোচবংশৰ কোনজন ৰজা আকবৰৰ সমসাময়িক আছিল ?
উত্তৰ : নৰনাৰায়ণ।
প্রশ্ন : ১১৯১ চনত তৰইনৰ প্রথম যুদ্ধ হয়।
তৰইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হয় ?
উত্তৰ : ১১৯২ চনত।
প্রশ্ন : ১৫২৬ চনত বাবৰে ইব্রাহীম লোডীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?
উত্তৰ : পানিপথৰ প্রথম যুদ্ধ।
প্রশ্ন : পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনত হয় ?
উত্তৰ : ১৫৫৬ চনত।
প্ৰশ্ন : পানিপথৰ তৃতীয়খন যুদ্ধ কোন চনত হয় ?
উত্তৰ : ১৭৬১ চনত।
প্রশ্ন : ১৫২৭ খ্রীষ্টাব্দত বাবৰে মেৱাৰৰ ৰাণা প্রতাপ সিংহক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?
উত্তৰ : খানৱাৰ যুদ্ধ।
প্রশ্ন : শ্বেৰ শ্বাহে দিল্লীৰ মোগল শাসক হুমায়ুনক ১৫৩৯ খ্রীষ্টাব্দত পৰাজিত কৰা যুদ্ধখনক কি যুদ্ধ নামেৰে জনা যায় ?
উত্তৰ : চৌচাৰ যুদ্ধ।
প্রশ্ন : তালিকোটৰ যুদ্ধ কিমান চনত সংঘটিত হয় ?
উত্তৰ : ১৫৬৫ চনত।
প্রশ্ন : ১৫৭৬ খ্রীষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্যদলৰ হাতত মেৱাৰৰ শাসক ৰাণা প্রতাপ সিংহ পৰাজিত হয় ?
উত্তৰ : হলদিঘাটৰ যুদ্ধ।
প্রশ্ন : ভাৰত বুৰঞ্জীৰ স্মৰণীয় তথা ইতিহাসপ্রসিদ্ধ পলাচী যুদ্ধ কিমান চনত সংঘটিত হয় ?
উত্তৰ : ১৭৫৭ চনত।
প্রশ্ন : ভাস্কো-দা-গামা ভাৰতলৈ কোন চনত আহি কালিকট বন্দৰত উপস্থিত হৈছিল ?
উত্তৰ : ১৪৯৮ চনত।
প্রশ্ন : ভাৰতলৈ অহা প্রথম ইউৰোপীয় ব্যৱসায়ী গোষ্ঠীটোৰ নাম কি ?
উত্তৰ : পর্তুগীজ।
প্রশ্ন : কোন চনত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী গঠিত হৈছিল ?
উত্তৰ : ১৬৬৪ চনত।
প্রশ্ন : টমাচ ৰো কোনজন মোগল সম্রাটৰ দৰবাৰত উপস্থিত হৈছিল ?
উত্তৰ : সম্রাট জাহাঙ্গীৰৰ দৰবাৰত।
প্রশ্ন : ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকৰ’ বুলি কোনজন মোগল সম্রাটে তেওঁৰ ৰাজসভাত ইয়াক নিষিদ্ধ কৰিছিল ?
উত্তৰ : জাহাংগীৰে।
প্রশ্ন : কোনজন মোগল সম্রাটে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বঙ্গদেশৰ লগত বেপাৰ কৰিবলৈ ১৭১৭ চনত ফৰমান’ জাৰি কৰিছিল ?
উত্তৰ : মোগল সম্রাট ফাৰুকছিয়াৰে।
পশ্ন : কর্ণেল কোটৰ নেতৃত্বাধীন ইংৰাজ শক্তিয়ে লেলে’ নেতৃত্বাধীন ফৰাছী শক্তিক ১৭৬০ চনত পৰাস্ত কৰা যুদ্ধখনৰ নাম কি ?
উত্তৰ : ৱাণ্ডিৱাছৰ যুদ্ধ।
প্রশ্ন : ১৭৬৪ খ্রীষ্টাব্দত সংঘটিত কোনখন যুদ্ধত ইংৰাজ শক্তিৰ হাতত মিৰ কাছিম আৰু দ্বিতীয় ছাহ আলমৰ পৰাজয় হয়।
উত্তৰ : বক্সাৰৰ যুদ্ধত।
প্রশ্ন : ১৭৯৯ চনত হোৱা চতুর্থ তথা শেষ মহীশূৰৰ যুদ্ধত ইংৰাজৰ হাতত মৃত্যুবৰণ কৰা বীৰ যোদ্ধাজনৰ নাম কি ?
উত্তৰ : টিপু চুলতান।
প্রশ্ন : আহোমৰ সর্বপ্রথম আৰু সর্বশেষ ৰজাজনৰ নাম কি ?
উত্তৰ : সর্বপ্রথম ৰজাজন স্বৰ্গদেউ চুকাফা আৰু সর্বশেষ ৰজাজন হ’ল পুৰন্দৰ সিংহ।
প্রশ্ন : প্রায় ছশ বছৰধৰি শাসন কৰি বিশ্ব ইতিহাসত নাম খোদিত কৰা আহোমসকলৰ প্ৰথমগৰাকী ৰজা স্বৰ্গদেউ চুকাফা কেতিয়া অসমলৈ আহে ?
উত্তৰ : ১২২৮ খ্রীঃত (আহোমৰ সৰ্বপ্ৰথম ৰাজধানী আছিল চৰাইদেউত)।
প্রশ্ন : প্রায় ছশ বছৰধৰি শাসন কৰা আহোমসকলে অসমত কিমানজন ৰজাই শাসন কৰিছিল ?
উত্তৰ : প্রায় ৪০ জন ৰজাই ৰাজত্ব কৰিছিল।
প্রশ্ন : সর্বপ্রথম হিন্দুনাম গ্ৰহণ কৰা আহোম ৰজাজন কোন ?
উত্তৰ : চুহুং মূং বা দিহিঙীয়া ৰজা (তেৱেঁই সর্বপ্রথম স্বৰ্গদেউ উপাধি গ্রহণ কৰে)।
প্রশ্ন : মুছলমানে অসম কেইবাৰ আক্ৰমণ কৰিছিল ?
উত্তৰ : ১৭ বাৰ।
প্রশ্ন : ১৬৭১ খ্রীষ্টাব্দত মোগলৰ সেনাপতি ৰাম সিংহ আৰু আহোম সৈন্যৰ সেনাপতি বীৰ লাচিত বৰফুকনৰ মাজত হোৱা যুদ্ধখনক কি যুদ্ধ নামেৰে জনা যায় ?
উত্তৰ : শৰাইঘাটৰ যুদ্ধ।
প্রশ্ন : কোনখন ৰণত আহোম সৈন্যই মোগল বাহিনীক খেদি নি মানাহ নদী আহোম আৰু মোগলৰ সীমা নিৰ্দ্ধাৰণ কৰে ?
উত্তৰ : ১৬৮১ খ্রীষ্টাব্দৰ ইটাখুলীৰ ৰণত (এইখনেই আহোম আৰু মোগলৰ শেষ ৰণ)।
প্রশ্ন : ঐতিহাসিক পথৰুঘাটৰ ৰণ’ কিমান চনত সংঘটিত হয় ?
উত্তৰ : ১৮৯৪ চনত।
প্রশ্ন : ১৮২৬ চনৰ ইংগ-বৰ্মী যুদ্ধত ব্রিটিছসকলে মানৰ লগত কৰা সন্ধিক কি নামেৰে জনা যায় ?
উত্তৰ : ইয়াণ্ডাবু সন্ধি।
প্রশ্ন : ভাৰতৰ প্রথমজন গভর্ণৰ জেনেৰেল আৰু ভাইচৰয় কোন আছিল ?
উত্তৰ : লর্ড কেনিং।
প্রশ্ন : ভাৰতৰ শেষৰজন ব্রিটিছ ভাইচৰয় কোন আছিল ?
উত্তৰ : লর্ড লুই মাউন্টবেটেন।
প্রশ্ন : ১৮৫৭ চনৰ চিপাহী বিদ্রোহ প্রথম ক’ত আৰম্ভ হৈছিল ?
উত্তৰ : মিৰাটত।
প্রশ্ন : ১৮৫৭ চনৰ বিদ্রোহীসকলে কাক হিন্দুস্তানৰ সম্রাট বুলি ঘোষণা কৰিছিল ?
উত্তৰ : দ্বিতীয় বাহাদুৰ শ্বাহক।
প্রশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ?
উত্তৰ : লর্ড কেনিং।
প্রশ্ন : ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্রথম শহীদ কোন ?
উত্তৰ : মংগল পাণ্ডে।
প্রশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল ?
উত্তৰ : ১৮৮৫ চনত।
প্রশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম সভাপতি কোন আছিল ?
উত্তৰ : উমেশচন্দ্র বেনার্জী।
প্রশ্ন : কংগ্ৰেছৰ সভানেত্রী পদ অলংকৃত কৰা প্রথম ভাৰতীয় মহিলাগৰাকী কোন আছিল ?
উত্তৰ সৰোজিনী নাইডু।
(১৯২৭)।
প্রশ্ন : কংগ্ৰেছৰ সম্পাদক হিচাপে কোনে প্রথমে কার্যনির্বাহ কৰিছিল ?
উত্তৰ : এলেন অক্টোভিয়ান হিউম।
প্রশ্ন : গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল ?
উত্তৰ : চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী।
প্রশ্ন : বৃটিছ সংসদলৈ নির্বাচিত হোৱা প্রথম ভাৰতীয়জন কোন আছিল ?
উত্তৰ : দাদাভাই নৌৰজী।
প্রশ্ন : ভাৰতীয় সমাজ সংস্কাৰ সাধনৰ অর্থে ব্রাহ্মসমাজ’ কোনে প্রতিষ্ঠা কৰিছিল ?
উত্তৰ : ৰাজা ৰামমোহন ৰায়ে।
প্রশ্ন : আর্যসমাজৰ প্রতিষ্ঠাতা কোন ?
উত্তৰ : স্বামী দয়ানন্দ সৰস্বতী।
প্রশ্ন : প্রার্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল ?
উত্তৰ : ডাঃ আত্মাৰাম পাণ্ডৰংগ।
প্রশ্ন : ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল ?
উত্তৰ : স্বামী বিবেকানন্দ (স্বামী বিবেকানন্দৰ প্রকৃত নাম নৰেন্দ্রনাথ দত্ত)।
প্রশ্ন : কোনে আৰু কেতিয়া ভাৰতত বিধবা বিবাহ আইনখন প্রণয়ন কৰিছিল ?
উত্তৰ :লর্ড ডেলহাউছিয়ে , ১৮৫৬ চনত।
প্রশ্ন : ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কোনগৰাকী ব্যক্তিক কোৱা হয় ?
উত্তৰ : ৰাজা ৰামমোহন ৰায়ক।
প্রশ্ন : ভাৰতৰ জাতীয় আন্দোলনৰ প্ৰথম সর্ব ভাৰতীয় সংগঠন ভাৰতীয় জাতীয় কংগ্ৰেছৰ জনক কোন ?
উত্তৰ : এলান অক্টেভিয়ান হিউম (ভাৰতীয় জাতীয় কংগ্রেছৰ জন্ম :১৮৮৫ চন)।
প্রশ্ন : কোনে হ’মৰুল আন্দোলনৰ নেতৃত্ব দিছিল ?
উত্তৰ : এনি বেচান্ত আৰু বাল গঙ্গাধৰ তিলকে।
প্রশ্ন : বংগ ভংগ আন্দোলন কেতিয়া হৈছিল ?
উত্তৰ : ১৯০৫ চনত।
প্রশ্ন : কোন চনত বংগ বিভাজন বাতিল কৰা হৈছিল ?
উত্তৰ : ১৯১১ চনত।
প্রশ্ন : অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰ : ১৯২০ চনত।
প্রশ্ন : আইন অমান্য আন্দোলন কেতিয়া হৈছিল ?
উত্তৰ : ১৯৩০ চনত।
প্রশ্ন : ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল ?
উত্তৰ : ১৯৪২ চনত।
প্রশ্ন : ভাৰতীয় জাতীয় কংগ্রেছৰ লাহোৰ অধিবেশনত পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্রহণ কৰি বৃটিছৰ শাসন কালতে ভাৰতীয়সকলে প্রথমে কোন চনত স্বাধীনতা দিৱস উদযাপন কৰিছিল ?
উত্তৰ : ১৯৩০ চনৰ ২৬ জানুৱাৰীত।
প্রশ্ন : ১৯৩৯ চনত ফৰৱার্ড ব্লক’ আৰু ১৯৪৩ চনত ‘আজাদ হিন্দ ফৌজ’ কোনে গঠন কৰিছিল ?
উত্তৰ : নেতাজী সুভাস চন্দ্র বসুয়ে।
প্রশ্ন : ভাৰতীয় ইতিহাসৰ নিষ্ঠুৰতম বুলি চিহ্নিত ‘জালিৱানৱালাবাগ হত্যা কাণ্ড’ কেতিয়া সংঘটিত হয় ?
উত্তৰ : ১৩ এপ্ৰিল ১৯১৯ চনত।
প্রশ্ন : ভাৰতত স্বায়ত্ত শাসন আইনৰ প্ৰৱর্তক কোন ?
উত্তৰ : গৱৰ্ণৰ জেনেৰেল লর্ড ৰিপন।
প্রশ্ন : ‘স্বৰাজ মোৰ জন্ম স্বত্ব , মই ইয়াক লাভ কৰিবই লাগিব বুলি কোনে কৈছিল ?
উত্তৰ : লোকমান্য বাল গংগাধৰ তিলকে।
প্রশ্ন : মহাত্মা গান্ধীয়ে কেতিয়া আৰু কোন ঠাইত লোণ আইন ভংগ কৰে ?
উত্তৰ : ১৯৩০ চনৰ ১২ মার্চৰ দিনা দাণ্ডি নামে ঠাইত।
প্রশ্ন : গোপীনাথ বৰদলৈয়ে অসমত কেতিয়া মন্ত্রীসভা গঠন কৰিছিল ?
উত্তৰ : ১৯৩৮ চনত।
প্রশ্ন : স্বাধীনতা লাভৰ সময়ত ভাৰতত বৃটিছ শাসিত প্রদেশ আছিল এঘাৰখন।
স্বাধীনতা লাভৰ সময়ত ভাৰতত কেইখন দেশীয় ৰাজ্য আছিল ?
উত্তৰ : ৫৬৫ খন।
প্রশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্রধানমন্ত্রী কোন আছিল ?
উত্তৰ : ৰিচাৰ্ড ক্লিমেন্ট এটলি।
প্রশ্ন : “খুদাই খিদ মত্ গাৰ” আন্দোলনৰ পৃষ্ঠপোষক কোন ?
উত্তৰ : আব্দুল গফৰ খান।
প্রশ্ন : চীন-ভাৰতৰ যুদ্ধ কিমান চনত হয় ?
উত্তৰ : ১৯৬১ চনত (১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধ)।
প্রশ্ন : জন গণ মন” ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি পায় ?
উত্তৰ : ১৯৫০ চনৰ ২৪ জানুৱাৰিত।
প্রশ্ন : কেতিয়াৰ পৰা চিকিম স্বাধীন ভাৰতৰ এখন ৰাজ্যত পৰিণত হয় ?
উত্তৰ : ১৯৭৫ চনৰ পৰা।
প্রশ্ন : ভাৰতত ভাষাৰ ভিত্তিত সুকীয়া ৰাজ্য বিচাৰি প্রথমে কোনে আন্দোলন কৰিছিল ?
উত্তৰ : দক্ষিণ ভাৰতৰ তেলেগুভাষী লোকসকলে।
প্রশ্ন : কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত প্রথম লোকপিয়ল কৰা হৈছিল ?
উত্তৰঃ লর্ড মেয়োৰ দিনত।
প্রশ্ন : ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ সর্বপ্রথম ৰাজ্যখন কি ?
উত্তৰ : অন্ধ্র প্রদেশ (১৯৫৩ চনৰ ১ অক্টোবৰ)।
প্রশ্ন : দিল্লী ভাৰতৰ ৰাজধানী হ’ব বুলি কোনে কেতিয়া ঘোষণা কৰে ?
উত্তৰ : বৃটিছ সম্রাট পঞ্চম জর্জে , ইং ১৯১১ চনত।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!