Scientific Temperament

অসম কুইজ

১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে।
ইয়াৰ অৰ্থ কি?
উত্তৰ : অতুলনীয়।
২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ : ৩,১১,৬৯,২৭২।
৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি?
উত্তৰ : নগাঁও।
৪) প্ৰশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান?
উত্তৰ : +১৬.৯৩।
৫) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ : ৭৩.১৮।
৬) প্ৰশ্ন : অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক?
উত্তৰ : গোৱালপাৰা।
৭) প্ৰশ্ন : অসমৰ পুৰণি নাম কি?
উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।
৮) প্ৰশ্ন : ২০০১ ৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান?
উত্তৰ : ৫২% আৰু ৪৮%।
৯) প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?
উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।
১০) প্ৰশ্ন : অসমৰ জাতীয় প্ৰতীক কি?
উত্তৰ : এশিঙীয়া গঁড়।
১১) প্ৰশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?
উত্তৰ : গোলাঘাট।
১২) প্ৰশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন।
ই অসমৰ কোন খন জিলাত অৱস্থিত?
উত্তৰ : কৰিমগঞ্জ।
১৩) প্ৰশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?
উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।
১৪) প্ৰশ্ন : অসমৰ মুঠ মাটিকালি কিমান?
উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।
১৫) প্ৰশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
উত্তৰ : ১২৬ খন।
১৬) প্ৰশ্ন : লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
উত্তৰ : ১৪ জন।
১৭) প্ৰশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
উত্তৰ : ৭ জন।
বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ স্থান সমূহ :- ১) প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?
উত্তৰ : বশিষ্ঠাশ্ৰম।
২) প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?
উত্তৰ : গড়গাঁও।
৩) প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?
উত্তৰ : জয়সাগৰ পুখুৰী।
৪) প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?
উত্তৰ : হলিৰাম ডেকা।
৫) প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।
৬) প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।
৭) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।
৮) প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : আনন্দৰাম বৰুৱা।
৯) প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।
১০) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।
১১) প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
১২) প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : অচ্যুত শইকীয়া।
১৩) প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্ল।
১৪) প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?
উত্তৰ : মহানন্দ দাস।
১৫) প্ৰশ্ন : গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?
উত্তৰ : কনকলতা বৰুৱা।
১৬) প্ৰশ্ন : ১৮৮৫ চনত জন্মলাভ কৰা কবি আৰু ‘অসম কেশৰী’ উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিক জনৰ নাম কি?
উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।
১৭) প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?
উত্তৰ : কুশল কোঁৱৰ।
১৮) প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ ‘জনক’, প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নিৰ্মাতা তথা, শোণিতকুঁৱৰী নাটৰ পৰিচালক জনৰ নাম কি?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।
১৯) প্ৰশ্ন : ১৪৪৯ চনত জন্ম গ্ৰ্হণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।
২০) প্ৰশ্ন : ১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিত জন কোন?
উত্তৰ : আনন্দৰাম বৰুৱা।
২১) প্ৰশ্ন : একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল।
‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?
উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।
২২) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?
উত্তৰ : যোৰহাট।
২৩) প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?
উত্তৰ : হাফলং।
২৪) প্ৰশ্ন : নগাঁৱৰ পুৰণি নাম কি?
উত্তৰ : খাগৰিজান।
২৫) প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।
২৬) প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?
উত্তৰ : ডিব্ৰুগড়।
২৭) প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?
উত্তৰ : শিৱসাগ।
২৮) প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?
উত্তৰ : মাজুলী।
২৯) প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?
উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।
৩০) প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৬৫ চনত।
৩১) প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?
উত্তৰ : প্ৰমত্ত সিংহই।
৩২) প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটীত।
৩৩) প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?
উত্তৰ : ডিগবৈ।
৩৪) প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?
উত্তৰ : তেজপুৰ।
৩৫) প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?
উত্তৰ : ১৭৫২ চনত।
৩৬) প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?
উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।
৩৭) প্ৰশ্ন : সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?
উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।
৩৮) প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম জন অসমীয়া কোন?
উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।
৩৯) প্ৰশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ড° তিলোত্তমা গগৈ।
৪০) প্ৰশ্ন : যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট।
তেখেত কোন বাৰু?
উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।
৪১) প্ৰশ্ন : শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?
উত্তৰ : শিৱ দ’ল।
৪২) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?
উত্তৰ : চিত্ৰাচল।
৪৩) প্ৰশ্ন : শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?
উত্তৰ : শিৱসাগৰ।
৪৪) প্ৰশ্ন : প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৬৯৪ চনত।
৪৫) প্ৰশ্ন : ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?
উত্তৰ : উমানন্দ।
৪৬) প্ৰশ্ন : কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?
উত্তৰ : ১৬৬৫ চনত।
৪৭) প্ৰশ্ন : অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ : উত্তৰ গুৱাহাটী।
৪৮) প্ৰশ্ন : হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়।
এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?
উত্তৰ : গোৱালপাৰা।
৪৯) প্ৰশ্ন : কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?
উত্তৰ : নীলাচল পাহাৰত।
৫০) প্ৰশ্ন: কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?
উত্তৰ : সৌভাগ্য কুণ্ড।
৫১) প্ৰশ্ন : অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?
উত্তৰ : পোৱা মক্কা (হাজো)।
৫২) প্ৰশ্ন : পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?
উত্তৰ : ধুবুৰী।
৫৩) প্ৰশ্ন : গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?
উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।
৫৪) প্ৰশ্ন : গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত।
ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা।
পঞ্চম খন তীৰ্থ কি?
উত্তৰ : অশ্বক্লান্ত।
৫৫) প্ৰশ্ন : বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?
উত্তৰ : বেলশৰ (নলবাৰী)।
৫৬) প্ৰশ্ন : গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?
উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।
৫৭) প্ৰশ্ন : মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?
উত্তৰ : তেজপুৰত।
৫৮) প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৭৫২ চনত।
৫৯) প্ৰশ্ন : শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?
উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।
৬০) প্ৰশ্ন : মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?
উত্তৰ : ৩৪ কিঃ মিঃ।

সাহিত্য জগত:-

1. প্ৰশ্ন: অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি ?
উত্তৰ : আছাম ট্ৰিবিউন।
2. প্ৰশ্ন : বড়োভাষাৰ প্ৰথমখন দৈনিক বাতৰি কাকতখনৰ নাম কি ?
উত্তৰ : স্বানচেয়াৰী বড়োলেণ্ড ইংগং।
3. প্ৰশ্ন : অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি ?
উত্তৰ : দৈনিক বাতৰি(১৯৩৫-৩৬) সঃ নীলমণি ফুকন।
4. প্ৰশ্ন : অসমৰ প্ৰথম সংবাদপত্ৰখনৰ নাম কি ?
উত্তৰ : অৰুনোদই।
5 . প্ৰশ্ন : চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি ?
উত্তৰ : প্ৰেম অমৃতৰ নদী।
6. প্ৰশ্ন : ‘সাহিত্য অকাডেমী’ বটাপ্ৰাপ্ত হীৰেন ভট্টাচাৰ্য্যৰ প্ৰথম কবিতা পুথিখন কি ?
উত্তৰ : সুগন্ধি পখিলা।
7. প্ৰশ্ন : ‘ৰং মিলিৰ হাঁহি’ উপন্যাসখন কোনে লিখিছিল ?
উত্তৰ : ৰং বং টেৰাঙে।
8. প্ৰশ্ন : ‘পৃথিৱীৰ অসুখ’ নামৰ গল্প পুথিখন কাৰ ?
উত্তৰ : যোগেশ দাসৰ।
9. প্ৰশ্ন : ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন ?
উত্তৰ : ৰঞ্জিত বৰপূজাৰী(১৯৬০চনৰ ৪জুলাই)।
10. প্ৰশ্ন : ড° ভূপেন হাজৰিকাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি ?
উত্তৰ : নিউ ইণ্ডিয়া।
11. প্ৰশ্ন : ‘চামেলি মেমচাব’ কিতা‍পখনৰ লেখক কোন ?
উত্তৰ : নিৰোদ চৌধুৰী।
12. প্ৰশ্ন : অনাতাঁৰ যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰ : বীণ-বৰ‍াগী।
13. প্ৰশ্ন : ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্ৰণেতা কোন ?
উত্তৰ : ছাৰ এডৱাৰ্ড গেইট।
14. প্ৰশ্ন : ‘কপলিং ছিগা ৰে’ল’ কোনগৰাকী সাহিত্যিকৰ গ্ৰন্হ ?
উত্তৰ : ড° লীলা গগৈৰ।
15. প্ৰশ্ন : অসম কেশৰী বুলি কাক জনা যায় ?
উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰীক।
16. প্ৰশ্ন : অসমীয়া জনপ্ৰিয় তথা প্ৰসিদ্ধ কবিতা ‘মমতাৰ চিঠি’ কবিতাটো কাৰ ?
উত্তৰ : হেম বৰুৱাৰ।
17. প্ৰশ্ন : ‘সেউজীপাতৰ কাহিনী’ গ্ৰন্হখনৰ ৰচক কোন ?
উত্তৰ : ৰাস্না বৰুৱা।
18. প্ৰশ্ন : ‘পবিত্ৰ অসম’ গ্ৰন্হখনৰ লেখক কোন ?
উত্তৰ : ড° মহেশ্বৰ নেওগ।
‘আচুঁফুল’ নামৰ গ্ৰন্হখনৰ লেখক কোন ?
উত্তৰ : হেম বৰুৱা।
19. প্ৰশ্ন : অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন ?
উত্তৰ : হেমচন্দ্ৰ বৰুৱা।
20. প্ৰশ্ন : প্ৰথম অসম উপত্যকা সাহিত্য বটাঁ বিজয়ী ব্যক্তিগৰাকী কোন ?
উত্তৰ : ভবেন্দ্ৰনাথ শইকীয়া (১৯৯০চন)।
21. প্ৰশ্ন : অসমত আৰৱী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে ?
উত্তৰ : ৰঙিয়াত।
22. প্ৰশ্ন : বিদেশৰ কোনখন বিশ্ববিদ্যালয়ত অসমৰ সত্ৰীয়া নৃত্যক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে ?
উত্তৰ : অক্সফোৰ্ড বিশ্ববিদ্যালয়।
23. প্ৰশ্ন : প্ৰথম অসমীয়া বিমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগৰাকী কোন ?
উত্তৰ : মহানন্দ দাস।
24. প্ৰশ্ন : অসমৰ প্ৰথমগৰাকী মহিলা এ .চি .এছ(A.C.S) লাভ কৰোঁতা কোন ?
উত্তৰ : শুচিব্ৰতা ৰায়চৌধুৰী।
25. প্ৰশ্ন : অসমৰ প্ৰথমগৰাকী আই .এ .এছ(I.A.S) লাভ কৰোঁতা কোন ?
উত্তৰ : পাৰুল দাস (১৯৭৪চন)।
26. প্ৰশ্ন : অসমৰ প্ৰথম মহিলা ডক্টৰেট পি এইচ ডি লাভ কৰোঁতা কোন ?
উত্তৰ : ডাঃ কমলা ৰায় , তিলোত্তমা গগৈ।
27. প্ৰশ্ন : অসমৰ প্ৰথম ডক্টৰেট পি এইচ ডি লাভ কৰোঁতা কোন ?
উত্তৰ : ময়িদুল ইছলাম বৰা।
28. প্ৰশ্ন : অসমৰ প্ৰথম ভাষাতত্ত্বৰ ডক্টৰেট কোন ?
উত্তৰ : ড° বাণীকান্ত কাকতি।
29. প্ৰশ্ন : অসমৰ প্ৰথমগৰাকী স্নাতক ডিগ্ৰীধাৰী ব্যক্তি কোন আছিল ?
উত্তৰ : অমলপ্ৰভা দাস।
30. প্ৰশ্ন : অসমৰ প্ৰথম মহিলা স্নাতক কোন ?
উত্তৰ : সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।
31. প্ৰশ্ন : অসমৰ প্ৰথমগৰাকী আই . চি . এছ(I.C.S)পাছ কৰা ব্যক্তি কোন ?
উত্তৰ : আনন্দৰাম বৰুৱা।
32. প্ৰশ্ন : প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন ?
উত্তৰ : আনন্দৰাম বৰুৱা।
33. প্ৰশ্ন : কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যগৰাকীৰ নাম কি ?
উত্তৰ : ড° ধ্ৰুৱজ্যোতি শইকীয়া।
34. প্ৰশ্ন : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল ?
উত্তৰ : ড° ভোজৰাজ শেঠ।
35. প্ৰশ্ন : সদ্য স্হাপিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন ?
উত্তৰ : ড° মোহনলাল ব্ৰহ্ম।
36. প্ৰশ্ন : অসমৰ প্ৰথম উপাচাৰ্য গৰাকী কোন আছিল ?
উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ।
37. প্ৰশ্ন : অসমত মাধ্যমিক শিক্ষাৰ সূচনা কৰা প্ৰথমখন বিদ্যালয়ৰ স্হাপনকৰ্তাজন কোন ?
উত্তৰ : জেনকিনছ চাহাব।
38. প্ৰশ্ন : অসমত প্ৰথমখন বিদ্যালয়(ইংৰাজী মাধ্যমৰ) কেতিয়া স্হাপিত হয় ?
উত্তৰ : ১৮৩৪চনত(গুৱাহাটীত)।
39. প্ৰশ্ন : প্ৰথম বড়ো সাহিত্য সভা কোন চনত হৈছিল আৰু ইয়াৰ সভাপতি কোন আছিল ?
উত্তৰ : জয়ভদ্ৰ হাগজেৰ(১৯৫২-১৯৬৬চন)।
40. প্ৰশ্ন : ২০১৭-১৮চনত হৈ যোৱা ৭৪তম শিৱসাগৰ অধিবেশন অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি কোন আছিল ?
উত্তৰ : প্ৰহ্লাদ কুমাৰ তাচা।
41. প্ৰশ্ন : নিৰঞ্জন ফুকন কাৰ ছদ্মনাম ?
উত্তৰ : ড° হীৰেণ গোহাঁইৰ।
42. প্ৰশ্ন : মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি ?
উত্তৰ : ড° ইন্দিৰা গোস্বামী।
43. প্ৰশ্ন : লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি ?
উত্তৰ : কৃপাবৰ বৰবৰুৱা।
44. প্ৰশ্ন : ‘জ্ঞানমালিনীৰ’ কবি বুলি কোনজন কবিক কোৱা হয় ?
উত্তৰ : মফিজুদ্দিন আহমদ হাজৰিকাক।
45. প্ৰশ্ন : কোনজন সাহিত্যিকক ‘ত্যাগবীৰ’ বুলি জনা যায় ?
উত্তৰ : হেমচন্দ্ৰ বৰুৱাক।
46. প্ৰশ্ন : কবি নীলিম কুমাৰৰ প্ৰকৃত নাম কি ?
উত্তৰ : হেমেন কুমাৰ শৰ্মা।
47. প্ৰশ্ন : অসমীয়া ৰহস্য কাহিনীৰ সম্ৰাট ৰূপে খ্যাত ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি ?
উত্তৰ : কুমুদ হাজৰিকা।
48. প্ৰশ্ন : ‘কুম্ভকৰ্ণ আৰু ঈশান দত্ত’ কোনজন সাহিত্যিকৰ ছদ্মনাম ?
উত্তৰ : ইমৰান শ্বাহৰ।
49. প্ৰশ্ন : শীলভদ্ৰ কাৰ ছদ্মনাম ?
উত্তৰ : শ্ৰীৰেৱতী মোহন দত্ত চৌধুৰীৰ।
50. প্ৰশ্ন : অসমীয়া সাহিত্যত ‘ভাঙনি কোৱৰ’ নামে কোন জনাজাত ?
উত্তৰ : আনন্দ চন্দ্ৰ আগৰৱালা।
51. প্ৰশ্ন : কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে খ্যাত ?
উত্তৰ : নবীন চন্দ্ৰ বৰদলৈ।
52. প্ৰশ্ন : অসমৰ প্ৰথম সংবাদপত্ৰ ‘অৰুনোদই’ৰ সম্পাদক কোন আছিল ?
উত্তৰ : ডঃ নাথান ব্ৰাউন।
53. প্ৰশ্ন : ৰামধেনুৰ সম্পাদক কোন আছিল ?
উত্তৰ : ইন্দ্ৰকমল বেজবৰুৱা।
54. প্ৰশ্ন : আৱাহনৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰ : দীননাথ শৰ্মা।
55. প্ৰশ্ন : অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম সাপ্তাহিক আলোচনীখনৰ নাম কি ?
উত্তৰ : ‘নৱযুগ’।
56. প্ৰশ্ন : অসমৰ প্ৰথম মহিলা আলোচনীখন কি ?
উত্তৰ : ‘ঘৰ জেউতি'(১৯২৭চন)।
57. প্ৰশ্ন : অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি ?
উত্তৰ : ল’ৰা বন্ধু(১৮৮৮)।
58. প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰথম বিজ্ঞান আলোচনীখনৰ নাম কি ?
উত্তৰ : ডা° কনক চন্দ্ৰ শৰ্মাৰ ‘পশুপালন’।
59. প্ৰশ্ন : ‘সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখন কি ?
উত্তৰ : সৌৰভ চলিহাৰ ‘গোলাম’।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!