Scientific Temperament

বন অগৰা

গোত্ৰ (Family): Malvaceae বৈজ্ঞানিক নাম : Triumfetta rhomboidea Jacq.অসমীয়া নাম : বন অগৰাবিৱৰণ:বন অগৰা বা কণ অগৰা হৈছে হালধীয়া ফুলেৰে ৰম্বছ আকৃতিৰ পাতেৰে সৈতে এজুপি সৰু জোপোহা বহুবৰ্ষী উদ্ভিদ। পৃথিৱীৰ ভিন ভিন ঠাইত এই উদ্ভিদ পোৱা যায়।ব্যৱহাৰ:বনৌষধি হিচাপে এই উদ্ভিদৰ অনেক ব্যৱহাৰ আছে। ইয়াৰ পাত পানীত সিজাই চুৰুহা হিচাপে বনাই খালে খাদ্যনলীৰ ঘা বা গেষ্ট্ৰিক আলচাৰৰ পৰা উপশম পোৱা যায়। ভাতৰ মাৰৰ সৈতে এনে চুৰুহা মিহলি কৰি খালে ডায়েৰীয়া, ডিছেণ্ট্ৰী আদি ৰোগ ভাল হয় বুলি তথ্য পোৱা গৈছে। ফুলবোৰ পিহি লৈ ফোঁহাত সানি দিলে ফোঁহা সোনকালে শুকায় বুলিও তথ্য পোৱা গৈছে। বনৌষধি হিচাপে ইয়াৰ ব্যৱহাৰৰ ওপৰিও ইয়াৰ ছালৰ পৰা আঁহ প্ৰস্তুত কৰা হয়।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!