Scientific Temperament

বিজ্ঞান জগত

প্ৰশ্ন : কিমান ডিগ্রী ছেণ্টিগ্রেডত সােণ গলাব পাৰি?
উত্তৰ : ১০৬৩°ছেণ্টিগ্রেডত।
প্ৰশ্ন : ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি বাৰু?
উত্তৰ : কেলছিয়াম হাইপ’ক্লৰাইড।
প্ৰশ্ন : ছ’ডা পানীত কি এছিড থাকে?
উত্তৰ : কার্বনিক এছিড।
প্ৰশ্ন : ফেনাইল প্রকৃততে এবিধ এছিড। ই কি এছিড বাৰু?
উত্তৰ : কাৰ্বক্সিলিক এছিড।
প্ৰশ্ন : সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি বাৰু?
উত্তৰ : ছ’ডিয়াম ক্ল’ৰাইড।
প্ৰশ্ন : বিশ্বত আটাইতকৈ গধুৰ মৌলবিধ কি?
উত্তৰ : ইউৰেনিয়াম।
প্ৰশ্ন : ‘ষ্টেইনলেছ ষ্টিল’ অর্থাৎ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয় ?
উত্তৰ : নিকেল, লাে আৰু ক্র’মিয়ামৰ সংমিশ্ৰণত ‘ষ্টেইনলেছ ষ্টিল’ প্রস্তুত হয়।
প্ৰশ্ন : চক পেঞ্চিলৰ ৰাসায়নিক সংকেত কি?
উত্তৰ : কেলচিয়াম কাৰ্বনেট।
প্ৰশ্ন : কাক অধাতু মৌল বুলি কোৱা হয় ?
উত্তৰ : কার্বনক।
প্ৰশ্ন : লাফিং গেছৰ কথা আমি প্রায় আটাইয়ে জানাে এইবিধ গেছৰ ৰাসায়নিক নাম কি?
উত্তৰ : নাইট্রাছ এছিড।
প্ৰশ্ন : দৈ গাখীৰত সৃষ্টি, হােৱা এছিডবিধ কি?
উত্তৰ : লেক্টিক এছিড।
প্ৰশ্ন : আটাইতকৈ পাতল গেছবিধৰ নাম কি ? ইয়াক কোনে, কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰ : হাইড্রজেন গেছ। ইয়াক ইংলেণ্ডৰ বিজ্ঞানী হেনৰি কেভেণ্ডিছে ১৭৬৬ চনত আৱিষ্কাৰ কৰিছিল।
প্ৰশ্ন : বৰণাে নাই, গােন্ধও নাই, অথচ অতি প্রয়ােজনীয় গেছবিধৰ নাম কি ?
উত্তৰ : অক্সিজেন গেছ।
প্ৰশ্ন : কেতিয়া, কোনে নাইট্রজেন গেছ আৱিষ্কাৰ কৰিছিল ?
উত্তৰ : ১৭৭২ চনত ইংলেণ্ডৰ বিজ্ঞানী ডেনিয়েল ৰাদাৰফ’র্ডে।
প্ৰশ্ন : সােণ গলাব পৰা এছিড দুবিধৰ নাম কি?
উত্তৰ : নাইট্রিক এছিড আৰু হাইড্র’ক্লৰিক এছিড।
প্ৰশ্ন : অক্সিজেন গেছৰ আৱিষ্কাৰক কোন?
উত্তৰ : জোছেফ প্রিষ্টলি আৰু কার্ল স্কিলি।
প্ৰশ্ন : পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে?
উত্তৰ : ১০৬ বিধ।
প্ৰশ্ন : কেলছিয়াম আৰু পটাছিয়ামৰ আৱিষ্কাৰকদ্বয় কোন?
উত্তৰ : কেলছিয়াম আৱিষ্কাৰ কৰিছিল ছাৰ হামফ্রে ডেভিয়ে আৰু পটাছিয়ামৰ আৱিষ্কাৰকো তেৱেঁই।
প্ৰশ্ন : অক্সিজেনৰ উতলাংক কিমান?
উত্তৰ : ১৮২.৯৭৬° ছেণ্টিগ্রেড।
প্ৰশ্ন : পিতল কি কি ধাতুৰ সমষ্টি?
উত্তৰ : তাম আৰু দস্তা।
প্ৰশ্ন : ৰূপৰ উতলাংক কিমান?
উত্তৰ : ৯৬০.৫° ছেণ্টিগ্রেড।
প্ৰশ্ন : পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰক কোন?
উত্তৰ : জন ডেল্টন।
প্ৰশ্ন : ফছফৰাছ পুৰিলে ওলােৱা বগা বৰণৰ ধোঁৱাবিধৰ নাম কি বাৰু?
উত্তৰ : ফছফৰাছ পেন্ট’ক্সাইড।
প্ৰশ্ন : বৈজ্ঞানিক গৱেষণাগাৰ এটাত ৰঙা, সেউজীয়া আৰু হালধীয়া, এই তিনিটা ৰঙৰ কোনবিধে বিপদ সংকেত বুজায় ?
উত্তৰ : হালধীয়া।
প্ৰশ্ন : কাঠ পেঞ্চিলৰ ক’লা পদার্থবিধ দৰাচলতে কি?
উত্তৰ : কার্বন আৰু ক্লেৰে সৃষ্ট গ্রেফাইট।
প্ৰশ্ন : খাৰ-বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থবােৰ কি কি বাৰু?
উত্তৰ : পটেছিয়াম নাইট্রেট, এঙাৰ আৰু ছালফাৰ।
প্ৰশ্ন : ব্ৰঞ্জৰ মূৰ্তিৰ কথা প্রায়ে শুনি থাকো। এই ব্রঞ্জনাে কি কি ধাতুৰ মিশ্ৰণ ?
উত্তৰ : টিন আৰু তামৰ মিশ্রণ।
প্ৰশ্ন : মানুহে এবাৰত নিশাহত কিমান পৰিমাণৰ কার্বন-ডাই-অক্সাইড গেছ এৰে?
উত্তৰ : প্রায় ৩.৭ ভাগ।
প্ৰশ্ন : কিমান ডিগ্রী উত্তাপত বায়ুক জলীয় অৱস্থালৈ নিব পাৰি?
উত্তৰ : ২০০° ডিগ্রী ছেণ্টিগ্রেড উত্তাপত।
প্ৰশ্ন : তাম আৰু ৰূপৰ ভিতৰত কোনবিধ ধাতু গধুৰ?
উত্তৰ : ৰূপ।
প্ৰশ্ন : নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোৱাৰ সৃষ্টি হ’ব পাৰে?
উত্তৰ : ৰঙা।
প্ৰশ্ন : তামােল-পাণৰ দোকানৰবাৰত পাণ ৰঙা কাপােৰেৰে ঢাকি ৰাখে কিয়?
উত্তৰ : পাণবােৰ সতেজ কৰি ৰাখিবলৈ। কাৰণ ৰঙা ৰঙৰ ৰাসায়নিক বিক্রিয়া অইন ৰঙতকৈ কম।
প্ৰশ্ন : কাক আধুনিক ৰসায়নৰ পিতৃ বুলি কোৱা হয়?
উত্তৰ : এন্টনি লেভেইচিয়েৰক।
প্ৰশ্ন : সচৰাচৰ বায়ুত শতকৰা কিমান ভাগ অক্সিজেন মিহলি হৈ থাকে ?
উত্তৰ : শতকৰা ২১ ভাগ।
প্ৰশ্ন : কোনবিধ গেছক নিষ্ক্রিয় গেছ বােলা হয় ?
উত্তৰ : আর্গন গেছক।
প্ৰশ্ন : চেতনানাশক ক্ল’ৰ’ফৰ্মৰ আৱিষ্কাৰক কোন?
উত্তৰ : জেমচ চিম্পচন (১৮৪৭ চনত)।
প্ৰশ্ন : কাঁহৰ বাচন-বৰ্তন আমি বহুতেই ব্যৱহাৰ কৰোঁ। কাঁহ দৰাচলতে কি কি ধাতুৰ মিশ্রণ ?
উত্তৰ : তাম আৰু টিনৰ মিশ্রণ।
প্ৰশ্ন : সাধাৰণ কটা-ছিঙাত ব্যৱহাৰ হােৱা ‘টটিংছাৰ অব আয়ােডিন’ কিহৰ দ্বাৰা তৈয়াৰ কৰা হয় ?
উত্তৰ : এলকহলত আয়ােডিনৰ দ্ৰৱ মিহলাই।
প্ৰশ্ন : ব্লিচিং পাউডাৰত থকা মূল দ্রব্যবিধৰ নাম কি?
উত্তৰ : আয়ােডিন।
প্ৰশ্ন : পানী, গাখীৰ, কেৰাচিন তেল, টার্পিন তেল, এইকেইটাৰ ভিতৰত কোনবিধত অ’জন গেছ সহজে দ্ৰৱীভূত হয় ?
উত্তৰ : টার্পিন তেলত।
প্ৰশ্ন : ৰসায়ন শাস্ত্র চর্চাৰ আদি যুগক কি নামেৰে জনা যায় ?
উত্তৰ : এলকেমি নামেৰে।
প্ৰশ্ন : বস্তু পৰিষ্কাৰ কৰিব পৰা ক্লিনিং এজেন্টক ৰসায়ন বিজ্ঞানত কি বুলি কোৱা হয়?
উত্তৰ : ডিটাৰজেন্ট।
প্ৰশ্ন : ডিটাৰজেন্ট অণুৰ মূৰৰ অংশ আৰু নেজৰ অংশ দুটাৰ বিশেষ নাম দুটা কি?
উত্তৰ : ডিটাৰজেন্ট অণু এটাৰ মূৰৰ অংশৰ নাম হাইড্রোফিলিক মূৰ আৰু নেজৰ অংশৰ নাম হাইড্রোফৰিক নেজ।
প্ৰশ্ন : ডিটাৰজেণ্টেৰে কাপােৰ ধােৱাৰ সময়ত এবিধ বিশেষ বিদ্যুৎ শক্তিৰ সৃষ্টি হয়, যাৰ বাবে কাপােৰৰ মলি দূৰ হয়। বিদ্যুৎবিধ কি?
উত্তৰ : স্থিৰ বিদ্যুৎ।
প্ৰশ্ন : কিছুমান কাঁচৰ পাত্ৰত সুন্দৰ ছবি আদি অঁকা থাকে। কাঁচত এনে ছবি আকিবলৈ এবিধ বিশেষ এছিডৰ সহায় ল’ব লগীয়া হয়। এছিডধি কি ?
উত্তৰ : হাইড্রোক্ল’ৰিক এছিড।
প্ৰশ্ন : প্লাষ্টিকৰ মূল ভাগ দুটা কি কি?
উত্তৰ : থার্মো প্লাষ্টিক আৰু থার্মোছেটিং প্লাষ্টিক।
প্ৰশ্ন : কি কি ৰাসায়নিক পদার্থ সংযােগত নাইলন তৈয়াৰ কৰা হয়?
উত্তৰ : পঞ্চাশটা এডিপিক এছিড আৰু পঞ্চাশটা হেক্সামিথিলিন-ডাই-এমিনৰ সংযােগত।
প্ৰশ্ন : টেৰিলিন কাপােৰৰ নাম প্ৰায়েই শুনো। এই টেৰিলিন কিদৰে তৈয়াৰী?
উত্তৰ : গ্লাইকল আৰু টেৰিথ্যালিক এছিডক একোডাল মালাৰ দৰে সজাই টেৰিলিন তৈয়াৰ কৰা হয়।
প্ৰশ্ন : আজিকালি পলিয়েষ্টাৰ শব্দটো প্ৰায়েই শুনা যায়। এই পলিয়েষ্টাৰ দৰাচলতে কি ?
উত্তৰ : এলক’হল আৰু এছিডৰ সংযোগ।
প্ৰশ্ন : আমি ব্যৱহাৰ কৰা কৰ্পূৰ এবিধ গছৰ পৰা পােৱা যায়। কৰ্পূৰ গছৰ কোন অংশৰ পৰা তৈয়াৰ কৰা হয়?
উত্তৰ : কৰ্পূৰ গছৰ যিকোনাে অংশৰ পৰাই তৈয়াৰ কৰা হয়।
প্ৰশ্ন : ছিন্থেথিক ডিটাৰজেন্ট কিহৰ পৰা তৈয়াৰ কৰা হয়?
উত্তৰ : এলকিন বেনজিনৰ পৰা।
প্ৰশ্ন : বতাহত কৰ্পূৰ উৰি যায়। কিন্তু তাপ পালে কৰ্পূৰে কি ৰূপ পায়?
উত্তৰ : তাপ পালেও কপূৰ উৰি যায়।
প্ৰশ্ন : কফি গছে কিমান বছৰলৈ ফল দিয়ে?
উত্তৰ : তিনি বছৰলৈ।
প্ৰশ্ন : কফি গছৰ ফল পকিবলৈ কিমান সময় লাগে ?
উত্তৰ : ৭-৮ মাহ।
প্ৰশ্ন : থার্মোমিটাৰৰ নলীডাল কি কাচেৰে সজা হয় বাৰু?
উত্তৰ : বােৰাে ছিলিকেট কাঁচেৰে।
প্ৰশ্ন : স্বচ্ছ কাঁচক বেঙুনীয়া ৰঙৰ কৰিবলৈ কি মিহলােৱা হয়?
উত্তৰ : মেংগানিজ অক্সাইড।
প্ৰশ্ন : স্বচ্ছ কাঁচক সেউজীয়া বৰণৰ কৰিবলৈ কি মিহলােৱা হয় ?
উত্তৰ : কপাৰ অক্সাইড।
প্ৰশ্ন : কি কি উপাদানৰ পৰা কাচ তৈয়াৰ কৰা হয় ?
উত্তৰ : বালি, চূণ আৰু চোডা মিহলাই।
প্ৰশ্ন : জীৱৰ শৰীৰৰ বাবে বিপজ্জনক সূৰ্যৰ অতিবেগুনী ৰশ্মি কি কাচৰ মাজে পাৰ হৈ যাব নােৱাৰে?
উত্তৰ : Crook কাঁচৰ মাজেৰে অতিবেগুনী ৰশ্মি পাৰ হৈ যাব নােৱাৰে।
প্ৰশ্ন : মুখ চাবলৈ ব্যৱহাৰ কৰা দাপােণৰ পিছপিনে এটা প্রলেপ দিয়া থাগে প্রলেপ কিহেৰে দিয়া হয়?
উত্তৰ : ৰেড লেড নামৰ ৰাসায়নিক পদার্থ এবিধৰ প্রলেপ।
প্ৰশ্ন : চিমেন্টত কিমান ভাগ চূণ থাকে ?
উত্তৰ : শতকৰা ৬২.০ ভাগ।
প্ৰশ্ন : চেলুলয়েড় কিদৰে তৈয়াৰ কৰা হয় ?
উত্তৰ : নাইট্রোচেলুলজ আৰু কৰ্পূৰ মিহলাই চেলুলয়েড তৈয়াৰ কৰা হয়।
প্ৰশ্ন : চিমেন্টত থকা বিভিন্ন পদার্থসমূহ কি কি?
উত্তৰ : চিমেণ্টত ছিলিকা ২২ শতাংশ, আইৰন অক্সাইড ২.৫ শতাংশ, এলুমিনা ২.৫ শতাংশ আৰু চুণ ৬২.০ শতাংশ থাকে।
প্ৰশ্ন : চেনি দৰাচলতে কি?
উত্তৰ : চেনি এক ধৰণৰ কাৰ্ব’হাইড্রেট।
প্ৰশ্ন : চেনি কিদৰে তৈয়াৰ কৰা হয়?
উত্তৰ : বাৰটা কার্বন পৰমাণু, এঘাৰটা অক্সিজেন পৰমাণু মিহলাই চেনি তৈয়াৰ কৰিব পাৰি।
প্ৰশ্ন : মেথিলেটেড স্পিৰিট দৰাচলতে কি?
উত্তৰ : ইথাইল এলকহল আৰু মিথাইল এলকহলৰ মিশ্রণ।
প্ৰশ্ন : প্রাকৃতিক ৰবৰ কি গছৰ আঠাৰ পৰা প্ৰস্তুত কৰা হয়?
উত্তৰ : হিভিয়া নামৰ গছৰ আঠাৰ পৰা।
প্ৰশ্ন : ভালকানাইজড ৰাবাৰ কি ?
উত্তৰ : ৰবৰ গছৰ আঠাৰ লগত ছালফাৰ মিহলাই প্রস্তুত কৰা ৰবৰ।
প্ৰশ্ন : ছিন্থেটিক ৰবৰত কি থাকে?
উত্তৰ : পলিমাৰ বুটাডাইন আৰু ষ্টাইৰিন।
প্ৰশ্ন : আদা জলা লাগে কিয়?
উত্তৰ : আদাত Gingerol নামৰ ৰাসায়নিক পদার্থ থাকে বাবে আদা জলা লাগে।
প্ৰশ্ন : চাগু দানা এবিধ গছৰ পৰা পােৱা যায়। গছজোপাৰ নাম কি ?
উত্তৰ : ট্যাপিওকা গছৰ শিপা অংশৰ পৰা চাগু দানা তৈয়াৰ কৰা হয়।
প্ৰশ্ন : কি ৰাসায়নিক পদার্থ থকাবাবে গােলাপ ফুল ইমান সুগন্ধি?
উত্তৰ : গােলাপ ফুলৰ পাপৰিত ফিনাইল ইথাইল এলক’হল নামৰ ৰাসায়নিক পদার্থ থকা বাবে গােলাপ ফুল সুগন্ধি হয়। ‘
প্ৰশ্ন : হালধিৰ ৰং হালধীয়া কিয়?
উত্তৰ : হালধিত Curcumin নামৰ ৰাসায়নিক পদার্থ থকা বাবে হালধি হালধীয়া।
প্ৰশ্ন : অতি উজ্জ্বল হােৱা সত্ত্বেও হীৰাক ধাতু নুবুলি অধাতু বােলা হয় কিয়?
উত্তৰ : হীৰাই কেতিয়াও ইলেক্ট্রন বর্জন কৰি আয়নৰ সৃষ্টি নকৰে বাবে।
প্ৰশ্ন : হীৰাৰ দৰেই অইন এবিধ অধাতু কি?
উত্তৰ : আয়ােডিন।
প্ৰশ্ন : ধাতুৰ জগতত ‘কিং মেটেল’ বুলি কাক কোৱা হয়?
উত্তৰ : সােণ, পাৰা আৰু প্লেটিনামক।
প্ৰশ্ন : গন্ধক কিহত দ্রবীভূত হয়?
উত্তৰ : কার্বন ডাই ছালফাইডত।
প্ৰশ্ন : গেলি-পচি যােবা মাছ আৰু কণীৰ পৰা বেয়া গােন্ধ ওলায় কিয়?
উত্তৰ : পচনৰ ফলত মাছ আৰু কণীত ছালফাৰ H2S উৎপন্ন হয় বাবেই বেয়া গােন্ধায়।
প্ৰশ্ন : কার্বন-ডাই-অক্সাইড গেছৰ আৱিষ্কাৰক কোন?
উত্তৰ : ভন হেলমোঁ।
প্ৰশ্ন : এমােনিয়া গেছৰ নামকৰণ কৰা বিজ্ঞানীগৰাকী কোন?
উত্তৰ : প্রিষ্টলী।
প্ৰশ্ন : তৰল অক্সিজেনৰ ৰং কেনে?
উত্তৰ : ঈষৎ নীলা।
প্ৰশ্ন : এছিড আৰু পাৰাৰ বিক্রিয়াত কি সৃষ্টি হয় ?
উত্তৰ : পানী আৰু নিমখ সৃষ্টি হয়।
প্ৰশ্ন : ৰেফ্রিজাৰেটৰৰ কম্প্ৰেছাৰত ব্যৱহাৰ কৰা তৰলবিধৰ নাম কি ?
উত্তৰ : ফ্রিওন।
প্ৰশ্ন : সৌন্দর্য চর্চাৰ বাবে ব্যৱহাৰ কৰা পাউডাৰত কি থাকে?
উত্তৰ : মেগনেছিয়াম ছিলিকেট।
প্ৰশ্ন : দিয়াশলাই কাঠিৰ মূৰত থকা ৰাসায়নিক পদার্থ কিহৰ সমষ্টি?
উত্তৰ : গন্ধক আৰু পটাছিয়ম ক্ল’ৰেটৰ মিশ্রণ।
প্ৰশ্ন : দিয়াশলাইৰ বাকচৰ দুয়ােপিনে থকা প্রলেপ কিহেৰে প্রস্তুত ?
উত্তৰ : ৰঙা ফছফৰাছ আৰু এন্টিমনি-ছালফাইডৰ প্রলেপ।
প্ৰশ্ন : ভিনেগাৰ দৰাচলতে কি?
উত্তৰ : এছিটিক এছিডৰ জলীয় দ্ৰৱণ।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!