Scientific Temperament

এক ব্যতিক্ৰমী প্ৰয়াস গহপুৰৰ যুৱতী পৰিনীতা দাসৰ

- মনি বৰা, গহপুৰ, ৮ ডিচেম্বৰ, ২০১৯

অসমীয়া থলুৱা খাদ্য সকলোৱে কিমান ভাল পায়, সেইয়া বিদেশত থকা এজন অসমীয়াত কৈ কোনেও ভালদৰে নুবুজে। যি সময়ত বিহুৱে সকামে পিঠা পনা আৰু আন থলুৱা খাদ্য বনাব নজনা লোকে আমাৰ ৰাজ্য ভৰি আছে, ঠিক তেনে সময়তে তৰুণ দাস আৰু খৰ্গেশ্বৰ দাসৰ জী পৰিনীতা দাসে অসমৰ বিভিন্ন ঠাইৰ প্ৰতিস্থানলৈ হেচাঁ পিঠা, তিলৰ লাৰু, চিৰাৰ লাৰু, খাৰলি, আচাৰ আদিৰ যোগান ধৰি নিজৰ লগতে আন কেইবাগৰাকীকো যুৱতীৰ স্বাৱলম্বীতাৰ বাট মুকলি কৰিছে। কেৱল এয়াই নে? পৰিৱেশ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁলোকক খাদ্যৰ যোগান ধৰিবলৈ নিমন্ত্ৰন কৰা প্ৰতিস্থান সমূহত প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰাৰ সলনি কলপাত, আৰু কলগছৰ দোৰোলা ব্যৱহাৰ কৰে। প্ৰায় ১০০ – ১৫০ মানুহৰ বাবে হোৱা মিটিঙে সবাহে তেখেতে কলপাত আৰু কলগছৰ দোৰোলা ব্যৱহাৰ কৰে। পৰিৱেশ সজাগতাৰ প্ৰতি তেখেতৰ যি এই কষ্ট আৰু দৃঢ়তা, তাৰ পৰা সকলোৱে কিবা এটা শিকা উচিত আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সকলোৱে সজাগ হৈ এই ধৰণৰ সৰু সৰু পদক্ষেপেৰে আগ বঢ়া উচিত।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!