Scientific Temperament

ৰাজনীতি

প্ৰশ্ন : ভাৰতীয় সংবিধানখন কেতিয়া প্রথমে গ্ৰহণ কৰা হয় ?
উত্তৰ : ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।
প্রশ্ন : ভাৰতীয় সংবিধান সভা প্রথম কেতিয়া অনুষ্ঠিত হয় ?
উত্তৰ : ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।
প্রশ্ন : ভাৰতীয় সংবিধানখন কেতিয়াৰপৰা কাৰ্যকৰী কৰা হয় ?
উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।
প্রশ্ন : ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কোন নিযুক্ত হৈছিল ?
উত্তৰ : ড° ৰাজেন্দ্র প্রসাদ।
প্রশ্ন : ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন ?
উত্তৰ : বাবাচাহেব ড’ ভীমৰাও আম্বেদকাৰ।
প্রশ্ন : সংবিধানখনৰ বিভিন্ন দিশ চালিজাৰি চাবলৈ সংবিধান সভাই কিমানখন কমিটি গঠন কৰি দিয়ে ?
উত্তৰ : ১৩ খন।
প্রশ্ন : সংবিধান সভাই সংবিধানখনৰ খচৰা প্ৰস্তুত কৰোতে কিমান দিন লাগিছিল ?
উত্তৰ : ২ বছৰ ১১ মাহ আৰু ১৮ দিন।
প্রশ্ন : সংবিধানত ভাৰতক কেনেকুৱা ৰাষ্ট্ৰ বুলি ঘোষণা কৰা হৈছে ?
উত্তৰ : ‘সার্বভৌম সমাজবাদী ধর্ম নিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য’ বুলি।
প্রশ্ন : ভাৰতীয় সংবিধানৰ লক্ষ্য কি ?
উত্তৰ : ভাৰতত এখন কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র প্রতিষ্ঠা কৰা।
প্রশ্ন : ভাৰতব সংবিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল ?
উত্তৰ : সচ্চিদানন্দ সিনহা (১১ ডিচেম্বৰ ১৯৪৬ – ১৯ ডিচেম্বৰ ১৯৪৬)।
প্রশ্ন : ভাৰতীয় সংবিধানখন আন কোন কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে ?
উত্তৰ : বৃটিছ সংবিধান , আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান , কানাডাৰ সংবিধান আৰু আয়াৰলেণ্ডৰ সংবিধান।
প্রশ্ন : ভাৰতীয় সংবিধানৰ মুঠ ধাৰা কিমান ?
উত্তৰ : মূল সংবিধানখনত ৩৯৫ টা অনুচ্ছেদ ৯ টা অনুসুচী আৰু ২২ টা অধ্যায় আছিল।
প্রশ্ন : ভাৰতীয় সংবিধানখনৰ বর্তমান অনুসূচী কিমান ?
উত্তৰ : ১২ টা।
প্রশ্ন : সংবিধান সভাৰ মহিলা সদস্যা দুগৰাকীৰ নাম কি আছিল ?
উত্তৰ : সৰোজিনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত।
প্রশ্ন : সংবিধান খচৰা কমিটিত থকা অসমৰ সদস্যজন কোন আছিল ?
উত্তৰ : চৈয়দ মহম্মদ চাদুল্লা।
প্রশ্ন : ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কোনটো বাক্যৰে আৰম্ভ কৰা হৈছে ?
উত্তৰ : ‘আমি ভাৰতীয় জনসাধাৰণে’ (we the people of India) বুলি।
প্রশ্ন : ভাৰতৰ সংবিধানৰ কোনখন অনুসূচীত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যসমূহৰ চৰকাৰৰ মাজত ক্ষমতা বিতৰণৰ উল্লেখ আছে ?
উত্তৰ : সপ্তম অনুসূচীত।
প্রশ্ন : কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিতৰণৰ কেইখন সূচী ভাৰতীয় সংবিধানত আছে আৰু কি কি ?
উত্তৰ : তিনিখন – (ক) কেন্দ্রীয় সূচী(৯৭ টা), (খ) ৰাজ্যিক সূচী(৬৬ টা) আৰু (গ) সমৱৰ্তী সূচী(৫২ টা)।
প্রশ্ন : মূল সংবিধানত থকা সাতটা মৌলিক অধিকাৰৰ কোনটো অধিকাৰ কেতিয়া বিলোপ কৰা হয় ?
উত্তৰ : সম্পত্তিৰ অধিকাৰটো ৪৪ তম সংশোধনীৰ জৰিয়তে বিলোপ কৰা হয়।
প্রশ্ন : সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ : ৩ নং অধ্যায়ৰ ১৪ ৰ পৰা ৩২ ধাৰালৈ।
প্রশ্ন : ভাৰতৰ জাতীয় পতাকা সর্বপ্রথম কেতিয়া উত্তোলন কৰা হয় ?
উত্তৰ : ১৯০৭ চনত।
প্রশ্ন : ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ‘জনগনমন’প্রথম কেতিয়া আনুষ্ঠানিকভাৱে পৰিবেশন কৰা হৈছিল ?
উত্তৰ : ১৯১১ চনৰ ২৭ ডিচেম্বৰত।
প্ৰশ্ন : ‘জন-গন-মন’ প্রথম ক’ত আনুষ্ঠানিকভাৱে পৰিবেশন কৰিছিল ?
উত্তৰ : ভাৰতৰ জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত (১৯১১ চনত)।
প্রশ্ন : ‘জনগন-মন’ ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়াৰ পৰা গ্ৰহণ কৰা হয় ?
উত্তৰ : ১৯৫০ চনৰ ২৪ জানুৱাৰীত।
প্রশ্ন : ‘বন্দেমাতৰম’ গীতটো প্রথম কেতিয়া গোৱা হৈছিল ?
উত্তৰ : ১৮৯৬ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত।
প্রশ্ন : ভাৰতীয় সংবিধানৰ মৌলিক কর্তব্যসমূহ প্রথম কেতিয়া সংশোধন কৰা হয় ?
উত্তৰ : ১৯৭৬ চনৰ ৪২ তম সংশোধনীত।
প্রশ্ন : মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰিবৰ বাবে কোনে চূড়ান্ত সিদ্ধান্ত লৈছিল ?
উত্তৰ : চৰ্দাৰ বল্লভভাই পেটেলে।
প্রশ্ন : কেন্দ্রীয় শাসিত ৰাজ্যৰ পৰা লোকসভালৈ কিমানজন সদস্য নির্বাচিত হয় ?
উত্তৰ : ২০ জন।
প্রশ্ন : নির্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমান ধাৰাত অন্তর্ভুক্ত কৰা হৈছে ?
উত্তৰ : ধাৰা ৩৬ ৰ পৰা ৫১ লৈ।
প্রশ্ন : ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমানতম সংশোধনীত মৌলিক অধিকাৰ সমূহৰ ওপৰত গৃহীত কৰা হৈছে ?
উত্তৰ : ৪২ তম সংশোধনীত।
প্রশ্ন : ৰাজ্য গঠনৰ নির্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অংশত ধৰা হৈছে ?
উত্তৰ : পঞ্চম অধ্যাযত়।
প্রশ্ন : মৌলিক অধিকাৰত অন্তর্নিহিত থকা স্বাধীনতা অধিকাৰ ৬ এটা কিমান নম্বৰ ধাৰাত পৰে ?
উত্তৰ : ধাৰা ১৯ ৰ পৰা ২২ লৈ।
প্রশ্ন : ভাৰতৰ ৰাষ্ট্র ভাষা কি ?
উত্তৰ : হিন্দী।
পাশ : ভাৰতীয় সংবিধানত ৰাজ্যভিত্তিকভাৱে তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কিমান ?
উত্তৰ : ৭০৫টা।
প্রশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে ?
উত্তৰ : জম্মু আৰু কাশ্মীৰৰ।
প্রশ্ন : মৌলিক অধিকাৰসমূহ নিৰীক্ষণ কৰিবলৈ কেইজনীয়া কমিটি গঠন কৰা হৈছিল ?
উত্তৰ : ছজনীয়া কমিটি।
প্রশ্ন : ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক প্রথম কেতিয়া সংশোধন কৰা হয় ?
উত্তৰ : ১৯৭৬ চনৰ ৪২ তম সংশোধনীৰ জৰিয়তে।
প্রশ্ন : ভাৰতীয় সংবিধানৰ অধীনত কেতিয়া ভাৰতত প্রথম সাধাৰণ নির্বাচন (লোকসভা নির্বাচন) অনুষ্ঠিত হয় ?
উত্তৰ : ১৯৫২ চনত।
প্রশ্ন : সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে ?
উত্তৰ : লোকসভাৰ অধ্যক্ষই।
প্রশ্ন : ৰাজ্যসভা আৰু লোকসভাৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে।
প্রশ্ন : এখন বিত্ত বিল ক’ত উত্থাপন কৰিব পাৰে ?
উত্তৰ : লোকসভাত।
প্রশ্ন : বিত্ত বিল এখন ৰাজ্যসভাই কিমান দিনৰ ভিতৰত অনুমোদন কৰিব লাগে ?
উত্তৰ : ১৪ দিনৰ ভিতৰত।
প্রশ্ন :সংসদৰ যুটীয়া অধিৱেশন হলে তাত সভাপতিত্ব কোনে কৰে ?
উত্তৰ : লোকসভাৰ অধ্যক্ষই।
প্রশ্ন : পঞ্চায়তীৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?
উত্তৰ : গাঁও , ব্লক আৰু জিলা ভিত্তিক ১৯৫৯ চনৰ পৰা।
প্রশ্ন : বিত্তীয় সংস্কাৰ কিমান দিনৰ মূৰত বহে ?
উত্তৰ : ৫ বছৰ।
প্রশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰণে কেইজন সদস্য মনোনীত নিয়োগ কৰিব পাৰে ?
উত্তৰ : দুজন।
প্রশ্ন : ভাৰতৰ কোনখন ৰাজ্যত সর্বপ্রথম পঞ্চায়তীৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ?
উত্তৰ : ৰাজস্থান আৰু অন্ধ্রপ্রদেশত।
প্রশ্ন : ভাৰতৰ কেন্দ্রীয় কার্যপালিকা বুলিলে কি বুজা ?
উত্তৰ : ভাৰতৰ ৰাষ্ট্রপতি , উপ-ৰাষ্ট্রপতি আৰু প্রধানমন্ত্ৰীৰ সৈতে কেন্দ্রীয় মন্ত্রী পৰিষদক কেন্দ্রীয় কার্যপালিকা বোলে।
প্রশ্ন : চৰকাৰীয়া আয়োগ কি কাৰণে বহিছিল ?
উত্তৰ : কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পর্ক পুনৰ নিৰীক্ষণৰ বাবে।
প্রশ্ন : ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিয়ে কিমান বছৰ বয়সত অৱসৰ লয় ?
উত্তৰ : ৬২ বছৰ বয়সত।
প্রশ্ন : ভাৰতৰ এটর্নী জেনেৰেলজনক কোনে নিযুক্তি দিয়ে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে।
প্রশ্ন : ভাৰতীয় সংসদত কিমানজন এংলো-ইণ্ডিয়ান প্রতিনিধি থাকে ?
উত্তৰ : দুজন।
প্রশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে কমিউনিষ্ট চৰকাৰ গঠন হৈছিল ?
উত্তৰ : কেৰালাত , ১৯৫৭ চনত।
প্রশ্ন : ভাৰতীয় প্রশাসন ব্যৱস্থাত কি কি স্তৰ আছে ?
উত্তৰ : ভাৰতীয় প্রশাসন ব্যৱস্থাত ‘কেন্দ্রীয় চৰকাৰ’, ‘ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ’—এই তিনিটা স্তৰ আছে।
প্রশ্ন : বর্তমান ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ বিধানসভাৰ সৰ্বমুঠ নির্বাচিত আসন কিমানখন ?
উত্তৰ : ৪১২০ খন।
প্রশ্ন : ভাৰতীয় সংবিধান অনুযায়ী সংসদৰ নিম্ন সদন লোকসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান ?
উত্তৰ :৫৫২ জন।
প্ৰশ্ন : ৰাষ্ট্রপতিৰ পদ খালী হোৱাৰ কিমান দিনৰ ভিতৰত ৰাষ্ট্রপতি পদৰ বাবে নতুনকৈ নির্বাচন অনুষ্ঠিত কৰিব লাগে ?
উত্তৰ : ছয়মাহৰ ভিতৰত।
প্রশ্ন : সংবিধানৰ ৬১ নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ অপসাৰণ পদ্ধতিৰ বিষয়ে উল্লেখ আছে।
ভাৰতৰ ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰা পদ্ধতিটোক কি বুলি জনা যায় ?
উত্তৰ : মহাভিযোগ।
প্রশ্ন : বিশ্বৰ কোনখন দেশৰ সংবিধান অনুসৰণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত সংবিধান প্রণেতাসকলে ‘ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ’ সন্নিবিষ্ট কৰিছে ?
উত্তৰ : জার্মানীৰ ওৱেইমাৰ সংবিধান অনুসৰণ কৰি।
প্রশ্ন : ভাৰতীয় সংবিধানে কেন্দ্রীয় শাসিত অঞ্চলবোৰৰ শাসনৰ দায়িত্ব কাৰ হাতত ন্যস্ত কৰিছে ?
উত্তৰ : ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত।
প্রশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সংখ্যক সদস্য নির্বাচিত হয় ?
উত্তৰ : উত্তৰ প্ৰদেশ (৮০ খন আসন)।
প্রশ্ন : ৰাষ্ট্রপতি নির্বাচিত প্রার্থী হিচাপে কেইজন সদস্য মনোনীত হব পাৰে ?
উত্তৰ : ১২ জন।
প্রশ্ন : ভাৰতৰ সংসদত কেইখন সদন আছে আৰু কি কি ?
উত্তৰ : দুখন সদন আছে।
উচ্চসদন ৰাজ্যসভা আৰু নিম্নসদন লোকসভা।
প্রশ্ন : সংসদৰ কোনখন সদনক জনসাধাৰণৰ সদন বুলি জনা যায় ?
উত্তৰ : লোকসভাক।
প্রশ্ন : লোকসভাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রার্থী এজনৰ বয়স কিমান হ’ব লাগিব ?
উত্তৰ :২৫ বছৰ।
প্রশ্ন : ৰাজ্যসভাৰ সদস্য এজনৰ নিম্নতম বয়স কিমান ?
উত্তৰ : ৩০ বছৰ।
প্রশ্ন : সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে।
প্রশ্ন : সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে ?
উত্তৰ : লোকসভাৰ অধ্যক্ষই।
প্রশ্ন : ভাৰতৰ বর্তমান লোকসভাৰ আসন কেইখন ?
উত্তৰ : মুঠ ৫৪৭ খন (ইয়াৰে ৫৪২ খন নির্বাচিত)।
প্রশ্ন : ভাৰতীয় সংবিধান অনুযায়ী সংসদৰ উচচ সদন ৰাজ্যসভাৰ সর্বোচ্চ সদস্য সংখ্যা কিমান ?
উত্তৰ : ২৫০ জন।
প্রশ্ন : ভাৰতৰ বর্তমান ৰাজ্যসভাৰ সদস্য কিমান ?
উত্তৰ : মুঠ ২২৬ জন।
প্রশ্ন : ৰাষ্ট্রপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে ?
উত্তৰ : ১২ জন।
প্রশ্ন : ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ বিধানসভা , লোকসভা আৰু ৰাজ্যসভাত সর্বাধিক আসন আছে ?
উত্তৰ : উত্তৰ প্ৰদেশৰ (বিধানসভাৰ ৪০৩ , লোকসভাত ৮০ আৰু ৰাজ্যসভাত ৩১খন)।
প্রশ্ন : “Protection of woman from Domestic Violence Bill” খন কেতিয়া পাছ হৈছিল ?
উত্তৰ : ২০০৫ চনৰ ৩ জুনত।
প্রশ্ন : “মহিলাৰ বাবে ৰাষ্ট্ৰীয় যথানুপাত আঁচনি” কেতিয়া গঠন কৰা হয় ?
উত্তৰ : ১৯৮৮ চনত।
প্রশ্ন : ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচন আয়ুক্ত কোন আছিল ?
উত্তৰ : সুকুমাৰ সেন।
প্রশ্ন : ভাৰতৰ নির্বাচন আয়োগৰ সদস্য সংখ্যা কিমান ?
উত্তৰ : ৩ জন।
প্রশ্ন : কিমান চনত ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কৰা হয় ?
উত্তৰ : ১৯৫১ চনত।
প্রশ্ন : ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কোন সম্প্রদায়ৰ পৰা দুজন সদস্য মনোনীত কৰিব পাৰে ?
উত্তৰঃ ইংগো-ভাৰতীয়।
প্রশ্ন : ভাৰতৰ ৰাষ্ট্রপতিক নির্বাচন কৰা পদ্ধতিটোক কি বোলে ?
উত্তৰ : সামানুপাতিক প্রতিনিধিত্বৰ একক হস্তান্তৰযোগ্য ভোটদান।
প্রশ্ন : ভাৰতৰ প্রথম নাগৰিক ৰাষ্টপতি পদৰ প্রার্থী হ’বলৈ ব্যক্তিজনৰ নিম্নতম বয়স কিমান হব লাগিব ?
উত্তৰ : ৩৫ বছৰ।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কোনে নির্ধাৰণ কৰে ?
উত্তৰ : সংসদে।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দৰমহা কোনে নির্ধাৰণ কৰে ?
উত্তৰ : সংসদে।
প্রশ্ন : ৰাষ্ট্রপতিয়ে আইন সংক্রান্ত কিবা জানিব লাগিলে কাৰপৰা পৰামৰ্শ বিচাৰিব পাৰে ?
উত্তৰ : উচ্চতম ন্যায়ালয়ৰপৰা।
প্রশ্ন : ৰাজ্যৰ বিচাৰ বিভাগৰ আটাইতকৈ উচ্চ শিখৰত অৱস্থিত ন্যায়ালয়খনৰ নাম কি ?
উত্তৰ : উচ্চ ন্যায়ালয়।
প্রশ্ন : বর্তমান ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে ?
উত্তৰ : ২৪ খন।
প্রশ্ন : উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কোনে নির্ধাৰণ কৰি দিয়ে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে।
প্রশ্ন : উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে।
প্রশ্ন : উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কাৰ ওচৰত শপত গ্ৰহণ কৰে ?
উত্তৰ : ৰাজ্যপালৰ ওচৰত।
প্রশ্ন : উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ পূর্ণ হলে অৱসৰ গ্ৰহণ কৰে ?
উত্তৰ : ৬২ বছৰ।
প্রশ্ন : উচ্চ ন্যায়ালয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে লেখ জাৰি কৰিব পাৰে ?
উত্তৰ : ২২৬ নং অনুচ্ছেদ।
প্রশ্ন : উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ?
উত্তৰ : ৬৫ বছৰ।
প্রশ্ন : কিমান চনত ভাৰতত পোন প্রথমে স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰ : ১৮৮২ চনত।
প্রশ্ন : ভাৰতৰ প্ৰথমটো চৰকাৰী নিগমৰ নাম কি আৰু এইটো কোন চনত গঠিত হৈছিল ?
উত্তৰ : দামোদৰ ভেলি ক’ৰপোৰেচন আৰু এইটো ১৯৪৮ চনত গঠিত হৈছিল।
প্রশ্ন : কোন চনত চাৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল ?
উত্তৰ :১৯৮৩ চনত।
প্রশ্ন : চাৰকাৰীয়া আয়োগ কিয় গঠন কৰা হৈছিল ?
উত্তৰ : কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত থকা সম্পর্ক আৰু ক্ষমতাসমূহ পর্যালোচনা কৰিবৰ কাৰণে।
প্রশ্ন : ভাৰতীয় সংবিধানখন যুক্তৰাষ্ট্রও নহয় একাত্মকো নহয় , কিন্তু ই দুয়োটাৰে এটা সংমিশ্রণ।
কোনে কৈছিল ?
উত্তৰ : দুর্গাদাস বসুৱে।
প্রশ্ন : ভাৰতীয় জনতা পাৰ্টীৰ কেতিয়া জন্ম হয় ?
উত্তৰ : ১৮৮০ চনত।
প্রশ্ন : এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ নাম কি ?
উত্তৰ : ভাৰতীয় জাতীয় কংগ্রেছ।
প্রশ্ন : ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ কেতিয়া জন্ম হৈছিল ?
উত্তৰ : ১৮৮৫ চনত।
প্রশ্ন : কাক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পিতৃ বুলি কোৱা হয় ?
উত্তৰ : এলান অক্টোভিয়ান হিউমক।
প্রশ্ন : ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো কেতিয়া বিভাজন হয়?
উত্তৰ : ১৯৬৯ চনত কংগ্ৰেছ দলটো কংগ্রেছ (O) আৰু কংগ্রেছ (R) নামেৰে দুটা দলত বিভক্ত হয়।
প্রশ্ন : ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কেতিয়া গঠিত হৈছিল ?
উত্তৰ : মুছলীম লীগ , ১৯০৬ চনত গঠিত হৈছিল।
প্রশ্ন : ভাৰতৰ সাম্যবাদী দলৰ কেতিয়া জন্ম হৈছিল ?
উত্তৰ : ১৯২৫ চনত।
প্রশ্ন : ভাৰতৰ সাম্যবাদী দল (মার্ক্সবাদ-লেনিনবাদ) CPI(ML) কেতিয়া জন্ম হয় ?
উত্তৰ : ১৯৬৯ চনত।
প্রশ্ন : ভাৰতীয় জনসংঘ দলৰ জন্ম কেতিয়া হয় ?
উত্তৰ : ১৯৫১ চনত।
প্রশ্ন : কাৰ নেতৃত্বত ১৯৮০ চনত ভাৰতীয় জনতা পার্টিৰ জন্ম হয় ?
উত্তৰ : অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত।
প্রশ্ন : ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্রধানমন্ত্রীজনৰ নাম কি ?
উত্তৰ : মৌৰাৰাজী দেশাই।
প্রশ্ন : স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্রপতি কোন আছিল ?
উত্তৰ : ড° ৰাজেন্দ্র প্রসাদ (১৯৫০-৬২ চন)।
প্রশ্ন : স্বাধীন ভাৰতৰ প্ৰথমজন প্রধানমন্ত্ৰীৰ নাম কি ?
উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰু (১৯৪৭-৬৪ চন)।
প্রশ্ন : ভাৰতবৰ্ষৰ প্ৰথমজন উপৰাষ্ট্ৰপতিৰ নাম কি আছিল ?
উত্তৰ : ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৯৫২-৬২ চন)।
প্রশ্ন : ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্রপতি কোন ?
উত্তৰ : প্রতিভা দেৱীসিং পাটিল।
প্রশ্ন : ভাৰতবৰ্ষৰ প্ৰথম আৰু একমাত্র মহিলা প্রধানমন্ত্রী গৰাকী কোন ?
উত্তৰ : ইন্দিৰা গান্ধী (১৯৬৬-৭৭ আৰু ১৯৮০-৮৪ চন)।
প্রশ্ন : ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল কোন ?
উত্তৰ : সৰোজিনী নাইডু।
প্রশ্ন : স্বাধীন ভাৰতৰ প্রথম মহিলা মুখ্যমন্ত্রী কোন ?
উত্তৰ : সুচেতা কৃপালনী।
প্রশ্ন : স্বাধীন ভাৰতৰ প্রথম উপ-প্রধানমন্ত্রীগৰাকী কোন ?
উত্তৰ : “ভাৰতৰ লৌহ মানৱ”চৰ্দাৰ বল্লভ ভাই পেটেল।
প্রশ্ন : স্বাধীন ভাৰতৰ প্রথম শিক্ষামন্ত্রীগৰাকী কোন ?
উত্তৰ : মৌলানা আবুল কালাম আজাদ।
প্রশ্ন : ভাৰতৰ প্ৰথমজন নির্বাচন আয়ুক্তৰ নাম কি ?
উত্তৰ : সুকুমাৰ সেন (১৯৫০-৫৮ চন)।
প্রশ্ন : ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল ?
উত্তৰ : হৰিলাল জে. কানিয়া (১৯৫০-৫১ চন)।
প্রশ্ন : ভাৰতৰ লোকসভাৰ সর্বপ্রথম অধ্যক্ষ গৰাকী কোন আছিল ?
উত্তৰ : জি ভি মবলঙ্কৰ।
প্রশ্ন : স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষ গভর্ণৰ জেনেৰেলজন কোন ?
উত্তৰ : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।
প্রশ্ন : জনতা দল কেতিয়া গঠন হয় ?
উত্তৰ : ১৯৭৭ চনত ভাৰতীয় লোকদল , সাংগঠনিক কংগ্ৰেছ , ভাৰতীয় জনসংঘ আৰু সমাজবাদী দলৰ নেতৃবৃন্দই একত্ৰিত হৈ জনতা দল গঠন কৰে।
প্রশ্ন : ১৯৭৭ চনত কাৰ নেতৃত্বত জনতা দলে নির্বাচনত অৱতীৰ্ণ হয় ?
উত্তৰ : জয় প্রকাশ নাৰায়ণৰ নেতৃত্বত।
প্রশ্ন : ৰাষ্ট্ৰীয় জনতা দল কেতিয়া আৰু কাৰ নেতৃত্বত জন্ম হয় ?
উত্তৰ :১৯৯৭ চনত , বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালু প্রসাদ যাদৱৰ নেতৃত্বত।
প্রশ্ন : তেলুগু দেশম পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন ?
উত্তৰ : এন টি ৰামাৰাওৱে ১৯৮২ চনত তেলুগু দেশম পার্টি গঠন কৰে।
প্রশ্ন : ভাৰতীয় জনসংঘ কিমান চনত গঠন কৰা হৈছিল ?
উত্তৰ : ১৯৫১ চনত।
প্রশ্ন : উপজাতি যুৱ সমিতি নামৰ আঞ্চলিক ৰাজনৈতিক দলটো কোনখন ৰাজ্যৰ ?
উত্তৰ : ত্ৰিপুৰাৰ।
প্রশ্ন : কোন চনত আকালী দলৰ জন্ম হৈছিল ?
উত্তৰ : ১৯২০ চনত।
প্রশ্ন : দ্রাবিড় কাজাগম কেতিয়া আৰু কাৰ নেতৃত্বত গঠিত হৈছিল ?
উত্তৰ : ১৯৪৪ চনত ই ভি ৰামস্বামী নেইকাৰৰ নেতৃত্বত।
প্রশ্ন : কোন চনত আন্না দ্রাবিড় মুনেত্রা কাজাগম দলৰ সৃষ্টি হৈছিল ?
উত্তৰ : ১৯৭২ চনত।
প্রশ্ন : জম্মু কাশ্মীৰৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি ?
উত্তৰ : জাতীয় মহাসভা (নেচনেল কনফাৰেঞ্চ)।
প্রশ্ন : ভাৰতত দলত্যাগবিৰোধী আইন কোন চনত গ্ৰহণ কৰা হয় ?
উত্তৰ : ১৯৮৫ চনত।
প্ৰশ্ন : কোন চনত কলিকতা , মাদ্রাজ আৰু বোম্বেত একোখনকৈ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল ?
উত্তৰ : কলিকতা , মাদ্রাজ আৰু বোম্বেত একোখনকৈ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল ১৮৬১ চনত।
প্রশ্ন : কোন চনত আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ জন্ম হৈছিল ?
উত্তৰ : ১৯৮৫ চনত।
প্রশ্ন : পিপলচ পার্টি (Peoples Party) নামৰ আঞ্চলিক ৰাজনৈতিক দলটো কোনখন ৰাজ্যৰ ?
উত্তৰ : অৰুণাচল প্রদেশৰ।
প্রশ্ন : সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে ঝাড়খণ্ড , ছটিছগড় আৰু উত্তৰাঞ্চল নামে তিনিখন ৰাজ্য গঠন কৰা হৈছে ?
উত্তৰ : ২০০০ চনৰ ৮৪ তম সংশোধনীৰ জৰিয়তে।
প্রশ্ন : ভাৰতবর্ষ কিমান চনত ৰাষ্ট্ৰসংঘৰ সদস্য পদত অন্তর্ভুক্ত হয় ?
উত্তৰ : ১৯৪৫ চনত।
প্রশ্ন : ৰাষ্ট্ৰসংঘৰ জন্মতে বিশ্বৰ মুঠ ৫০ খন দেশ একত্ৰিত হৈছিল আৰু ভাৰত আছিল তাৰে এখন।
ভাৰতক প্রতিনিধিত্ব কৰি যিজন ব্যক্তিয়ে স্বাক্ষৰ কৰিছিল ,তেওঁ কোন আছিল ?
উত্তৰ : পণ্ডিত জৱাহৰলাল নেহৰু।
প্রশ্ন : ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্রথম মহিলা সভানেত্ৰীগৰাকী কোন ?
উত্তৰ : বিজয়লক্ষ্মী পণ্ডিত (তেওঁ প্রথম ভাৰতীয় মহিলা মন্ত্রী)।
প্রশ্ন : কেতিয়াৰপৰা ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰৰ ন্যূনতম বয়স ১৮ বছৰ কৰে ?
উত্তৰ : ১৯৮৯ চনৰ ৬১তম সংবিধান সংশোধনী মতে।
প্রশ্ন : ভাৰতীয় সংবিধানখন ২০১৫ চনলৈ কিমানবাৰ সংশোধন ঘটোৱা হৈছে ?
উত্তৰ : ১০০ বাৰ।
প্রশ্ন : “মহিলা সংৰক্ষণ বিল” অনুসৰি লোকসভা আৰু ৰাজ্যসভাত সংৰক্ষিত মহিলাৰ আসন সংখ্যা কিমান ?
উত্তৰ : ৩৩%।
প্রশ্ন : ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি কেতিয়া গ্ৰহণ কৰে ?
উত্তৰ : ২০০১ চনত।
প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায় ?
উত্তৰ : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে।
প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন সংক্ৰান্তীয় বিবাদ কোনে নিষ্পত্তি কৰিব পাৰে ?
উত্তৰ : ভাৰতৰ উচ্চতম ন্যায়ালয়ে।
প্ৰশ্ন : ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি পদত্যাগ কৰিব পাৰে ?
উত্তৰ : ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ হাতত।
প্ৰশ্ন : ভাৰতৰ প্ৰথম নাগৰিক বুলি ক’লে কাক জনা যায় ?
উত্তৰ : ভাৰতৰ ৰাষ্ট্ৰপতিক।
প্ৰশ্ন : ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনক কমেও কিমানজন নিৰ্বাচকে প্ৰস্তাৱ আৰু কিমানজনে সমৰ্থন কৰিব লাগে ?
উত্তৰ : কমেও ৫০ জন নিৰ্বাচকে প্ৰস্তাৱ আৰু ৫০ জনে সমৰ্থন জনাব লাগে।
প্রশ্ন : কোনে সংসদৰ অধিবেশন আহ্বান , স্থগিত বা ভংগ কৰিব পাৰে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে ।
প্রশ্ন : সংবিধানৰ কোনটো অনুচ্ছেদত প্রতিখন ৰাজ্যৰ বাবে ৰাজ্যৰ মুৰব্বী একোজনকৈ ৰাজ্যপাল নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে ?
উত্তৰ : ১৫৩ নং অনুচ্ছেদত।
প্রশ্ন : ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ?
উত্তৰ : ৰাষ্ট্রপতিয়ে।
প্রশ্ন : ৰাজ্যপালে কাৰ ওচৰত শপত গ্ৰহণ কৰে ?
উত্তৰ : সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত।
প্রশ্ন : বৃটিছ শাসিত ভাৰতবৰ্ষত কেতিয়া পোন প্রথমে যুক্তৰাষ্ট্ৰীয় আদালত গঠন কৰা হৈছিল ?
উত্তৰ : ১৯৩৫ চনৰ ভাৰত শাসন আইনৰ অধীনত।
প্রশ্ন : ভাৰতৰ বিচাৰ ব্যৱস্থা তথা ন্যায়িক ব্যৱস্থাৰ শিখৰত থকা অনুষ্ঠানটোৰ নাম কি ?
উত্তৰ : উচ্চতম ন্যায়ালয়।
প্রশ্ন : ভাৰতীয় সংবিধানৰ ৰক্ষক কাক বোলা হয় ?
উত্তৰ : উচ্চতম ন্যায়ালয়ক।
প্রশ্ন : ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ গঠন সম্পর্কে উল্লেখ আছে ?
উত্তৰ : ১২৪ (১) নং অনুচ্ছেদত।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে ?
উত্তৰ : ভাৰতৰ ৰাষ্ট্রপতিয়ে।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ?
উত্তৰ : ৬৫ বছৰ বয়সত।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’বৰ বাবে উচ্চ ন্যায়ালয়ত একেলেথাৰিয়ে কিমান বছৰ অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব ?
উত্তৰ : ১০ বছৰ।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কাৰ ওচৰত কার্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰে ?
উত্তৰ : ৰাষ্ট্ৰপতিৰ ওচৰত।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে অপসাৰিত কৰিব পাৰে ?
উত্তৰ : ৰাষ্ট্ৰপতিয়ে।
প্রশ্ন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে সংসদত উত্থাপিত প্রস্তাৱটো কিমান সংখ্যক সদস্যৰ দ্বাৰা সমর্থিত হ’ব লাগে ?
উত্তৰ : উপস্থিত থকা সদস্যৰ দুই-তৃতীয়াংশ আৰু মুঠ সদস্যৰ আধাতকৈ বেছি।
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!