অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি

Keep Sharing 🤗

অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি আৰম্ভ

-১৩ জুলাই, বিশ্বনাথ চাৰিআলি

📚 time to read: 2 minutes

১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সুশীল গোস্বামীৰ প্ৰচেষ্টাত বিশ্বনাথ মহাবিদ্যালয়ৰ গণিতৰ অধ্যাপক প্ৰয়াত বিনন্দী কলিতা আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ চিদা ডাগৱতীক সভাপতি আৰু সম্পাদকৰ দায়িত্ব দি গঠন কৰা অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাই ২০১৯ চনত পঞ্চাশ বছৰত ভৰি দিয়ে। সেই উপলক্ষে আজি শাখাৰ সভাপতি ডক্টৰ প্ৰদীপ কুমাৰ মহন্তৰ সভাপতিত্বত এখনি জৰুৰী সভা নীলপুৰস্থিত বিজ্ঞান ভৱনত অনুষ্ঠিত কৰা হয়। অহা ডিচেম্বৰ মাহৰ ভিতৰত সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰাৰ আলোচনা কৰা হয়। অতিশীঘ্ৰে এখন ৰাজহুৱা সভা পাতি সোণালী জয়ন্তীৰ দিন নিৰ্ধাৰণ কৰিবলৈ সভাই সম্পাদকদ্বয়ক দায়িত্ব অৰ্পণ কৰে। যুটীয়া সম্পাদক ডক্টৰ সঞ্জীৱ উপাধ্যায়ে আত ধৰা সভাখনত ওদালগুৰি জিলাৰ কলাই গাঁৱৰ ঘটনাৰ গৰিহণা অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ পৰা দিয়া হয়। শাখাৰ আজীৱন সদস্য বিজয় গোস্বামী, উপ-সভাপতি ৰাণা প্ৰসাদ হাজৰিকা আৰু ধনেশ্বৰ বৰাৰ প্ৰস্তাৱ অনুসৰি অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ যুটীয়া সম্পাদক ৰিপুঞ্জয় বৰদলৈক ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ উদ্দেশ্যে আগবঢ়োৱা কৰ্মৰাজিৰ বাবে শাখাৰ ফালৰ পৰা শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। সভাত উপস্থিত থকা অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক ডক্টৰ চিদা ভাগৱতী, অসম মইনা পাৰিজাতৰ সূৰ্য বৰা, ইলোৰা বিজ্ঞান মঞ্চৰ ডক্টৰ ভক্ট প্ৰসাদ গৌতম, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিশ্বনাথ জিলা সমিতিৰ সমন্বয়ক ৰিদুল দাস, হেমাঙ্গ হাজৰিকা, অমৰজ্যোতি বৰঠাকুৰ, ডক্টৰ মনোজ কুমাৰ শৰ্মা, ভবেন বৰুৱা, মণ্টু বৰাল, প্ৰীতি বৰুৱা, ডক্টৰ প্ৰশান্ত নেওগ আদিয়ে শাখাৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।

Get Social


Keep Sharing 🤗

Leave a Reply

avatar
  Subscribe  
Notify of
Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish