সদৌ অসম অলৌকিক কাণ্ডৰ কৌশল উদ্ভাৱনকাৰী দল গঠন

Keep Sharing 🤗

সদৌ অসম অলৌকিক কাণ্ডৰ কৌশল উদ্ভাৱনকাৰী দল গঠন

- বিশ্বনাথ চাৰিআলি, ২৯ জুলাই

📚 time to read: 2 minutes

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত অসম বিজ্ঞান সমিতিৰ উদ্যোগত ৰাইজৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত অসমৰ ৯ খন জিলাক সাঙুৰি যোৱা ২২ আৰু ২৩ জুলাইত ‘যাদুৰ আঁৰৰ বিজ্ঞান’ বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ সভানেত্ৰী ডক্টৰ জয়ন্তী চুতীয়া, উপ-সভাপতি ডক্টৰ ধীৰেশ্বৰ কলিতা, বিশিষ্ট বিজ্ঞান কৰ্মী নজিবুদ্দীন আহমেদে যাদুৰ সহায়ৰে ৰাইজৰ মাজত কেনেদৰে বিজ্ঞান জনপ্ৰিয়কৰণ কৰিব পাৰি তাৰ বিশদ বিৱৰণ দাঙি ধৰে। অসম বিজ্ঞান সমিতিয়ে অসমৰ প্ৰতিখন জিলাত অনুষ্ঠিত কৰা ‘গ্ৰাম্য বিজ্ঞান মেলাৰ’ উদ্দেশ্য সফল কৰিবলৈকে এই কৰ্মশালা পৰীক্ষামূলক ভাৱে প্ৰথম পৰ্যায়ত ৯ খন জিলাক সাঙুৰি কৰা হৈছে বুলি অসম বিজ্ঞান সমিতিৰ সম্পাদক ডক্টৰ জয়দীপ বৰুৱাই মন্তব্য আগবঢ়ায়। কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোকে নিজৰ জিলাত একোটাকৈ দল গঠন কৰি বাবাজী, কবিৰাজ, তান্ত্ৰিক আদিৰ ভণ্ডামী ৰাইজৰ আগত উদঙাই দেখুৱাবলৈ কৌশল আহৰণ কৰিবলৈ এইখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে বুলি আদৰণি ভাষণ প্ৰদান কৰে অসম বিজ্ঞান সমিতিৰ বিজ্ঞান জনপ্ৰিয়কৰণ উপসমিতিৰ সম্পাদক বীৰব্ৰত ৰয় চৌধুৰী। কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰা বিশ্বনাথ চাৰিআলি বিজ্ঞান সমিতিৰ যুটীয়া সম্পাদক ৰিপুঞ্জয় বৰদলৈয়ে দুদিনীয়া কৰ্মশালাত অংশগ্ৰহণকাৰী সকলক দৃশ্য-শ্ৰব্য মাধ্যমৰ লগতে হাতে কামে অলৌকিক কাণ্ডৰ কৌশল উদ্ভাৱনৰ প্ৰশিক্ষণ দিয়ে। বৰদলৈয়ে আন এগৰাকী সমল ব্যক্তি ছিপাঝাৰ বিজ্ঞান সমিতিৰ সম্পাদক হিৰণ্য কুমাৰ নাথৰ লগত জুইৰ ওপৰৰে খোজ কঢ়া, হাতত জুই লৈ খেলা কৰা, বালিত পানী ঢালি জুই জ্বলোৱা, হোমৰ জুই তন্ত্ৰৰ সহায়ত জ্বলোৱা, জুইয়ে নুপুৰা মন্ত্ৰপুত কাপোৰ, ডাইনী চিনাক্ত কৰা, অশৰীৰ আত্মা হত্যা কৰা, কমণ্ডলু পৰা অন্তহীন গংগাজল পোৱা, গৰম তেলত খালী হাত ভৰোৱা, মাটি ফুটি ওলাল ত্ৰিশূল আদিৰ দৰে অলৌকিক কাণ্ডৰ কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাৰ অন্তত ‘সদৌ অসম অলৌকিক কাণ্ডৰ কৌশল উদ্ভাৱন কাৰী দল’ গঠন কৰে। এই দলে অসমৰ চুকে-কোণে ঘটি থকা অলৌকিক কাণ্ডৰ বৈজ্ঞানিক ব্যাখ্যা আগবঢ়ায় ৰাইজক সজাগ কৰিবলৈ অহৰহ চেষ্টা চলোৱাৰ উদ্দেশ্য লৈয়ে গঠন কৰা হৈছে বুলি সম্পাদকে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

Get Social


Keep Sharing 🤗

Leave a Reply

avatar
  Subscribe  
Notify of
Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish