অসমৰ ৩ যুৱকক বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় উদ্ভাৱনী বঁটা প্ৰদান

Keep Sharing 🤗

অসমৰ ৩ যুৱকক বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় উদ্ভাৱনী বঁটা প্ৰদান

- তেজপুৰ, ৬ জুলাই

📚 time to read: 2 minutes

বহুতৰে প্ৰিয় পানীপুৰি বা ফুচকা। কিন্তু এই পানীপুৰি বা ফুচকা খাবলৈ যাবলৈ গ’লে অপেক্ষা কৰিব লগা হোৱাৰ লগতে ইয়াৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয় টো স্বাস্থ্য সন্মত পদ্ধতিৰে তথ কম সমাৰ ভিতৰতে গ্ৰাহকলৈ কি দৰে আগবঢ়াই দিব পৰা যায় তাৰ কাৰণে অসমৰ তিনি যুৱকে এক যন্ত্ৰ উদ্ভাৱন কৰি লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় বঁটা। গান্ধীয়ান যুৱ প্ৰযুক্তিগত উদ্ভাৱনী বঁটা লাভ কৰা এই তিনিজন যুৱক হৈছে সৌৰভ জ্যোতি শৰ্মা, অভিজিত নাথ অৰু সন্দিপ গগৈ । তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ২০১৮ বৰ্ষত বি টেক ডিগ্ৰী লাভ কৰা এই তিনি যুৱকে আগশাৰীৰ প্ৰতিস্থানত লাভ কৰা চাকৰি বাদ দি সেইটো বৰ্ষতে হাতত তুলি লৈছিল বিজ্ঞান সন্মত ভাবে প্ৰস্তুত কৰাৰ কাৰণে এক যন্ত্ৰ উদ্ভাৱনৰ এক প্ৰচেষ্টা । সেই প্ৰচেষ্টাৰ বলতে অজি উপ ৰাষ্ট্ৰপতি ভেংকয়া নইডুৰ হাতৰ পৰা তেওঁলোকে লাভ কৰে ৰাষ্ট্ৰীয় বঁটা। দিল্লীৰ বিজ্ঞন ভৱনত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ উদ্ভাৱক সকলৰ সৈতে অসমৰ তিনি যুৱকেও গ্ৰহণ কৰে এই উদ্ভৱনী বঁটা । তেঁওলোকে বৰ্তমান যি যন্ত্ৰ উদ্ভৱন কৰি উলিয়ইছে, সেই যন্ত্ৰই এক মিনিটত দহ টাকৈ পানীপুৰি প্ৰস্তুতৰ্কৰিব পাৰে । স্বয়ংক্ৰিয় ভবে কম কৰে বাবে ইয়াৰ লগত পৰিস্কাৰ পৰিচ্ছনতাৰ দিশ টোও সাঙুৰ খাই আছে । বৰ্তমান এই যন্ত্ৰৰ মূল্য ৭০ হেজাৰ টকা যদিও আহিবলগীয়া ছ্মাহৰ ভিতৰত বণিজ্যিক কৰণ কৰিলে এটা যন্ত্ৰৰ দম প্ৰায় ৫০ হেজাৰ বা তাতোতকৈ কম হব । বণিজ্যিক কৰণ দিয়াৰ পিছত এক মিনিটত প্ৰায় ৩০ টাকৈ পানীপুৰি যন্ত্ৰ টোৱে উৎপাদন কৰিব পাৰিব । এই প্ৰকল্প আগুৱাই নিয়াৰ বাবে তেঁওলোকে ইতিমধ্যে ‘তিকহংস’ নামেৰে নিজৰ এটি ষ্টাৰ্টআপ ইতিমধ্যে পঞ্জীয়ন কৰিছে ।

Get Social


Keep Sharing 🤗

Leave a Reply

avatar
  Subscribe  
Notify of
Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish