‘ক্ষীৰধৰ বৰুৱা’- বিজ্ঞান জনপ্রিয়কৰণৰ আন এটা নাম

Keep Sharing 🤗

‘ক্ষীৰধৰ বৰুৱা’- বিজ্ঞান জনপ্রিয়কৰণৰ আন এটা নাম

- ৰিপুঞ্জয় বৰদলৈ সহকাৰী শিক্ষক (অংক), চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়

📚 time to read: 17 minutes

অবিভক্ত শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাঁহবৰীয়া গাঁৱৰ খেতিয়কৰ পৰিয়ালত ১৯৪৭ চনত জন্ম গ্রহণ কৰা বৰুৱাই সৰুৰেপৰা সৃষ্টিশীল বৈজ্ঞানিক মনৰ পৰিচয় দি গাঁওবাসীৰ লগতে শিক্ষাগুৰুসকলক আচৰিত কৰি তুলিছিল। নৈসর্গিক পৰিৱেশ আৰু সেই পৰিৱেশত ঘটা ক্রমবর্ধমান যান্ত্রিকতাৰ সংযােজনে ‘অকণটি’ নামৰ সেই সৰু ল’ৰাটোক (বৰুৱাৰ ঘৰত মতানাম) এক অনুসন্ধিৎসু মনৰ উপহাৰ দিছিল। জন্মস্থানৰপৰা থকা কিছু দূৰৈত থকা পাণপুৰ ঘাটৰ পৰা অহা পানী জাহাজৰ উকিয়ে আকর্ষিত কৰা সেই সৰু ল’ৰাটোৱে ১০ বছৰ বয়সতে জাহাজৰ আৰ্হিৰে কলগছৰ ভুৰত টার্বাইন বা পাতচকৰি লগাই নিজৰ ঘৰৰ সন্মুখৰ পুখুৰীত চলাই গাঁৱৰ ৰাইজক আচৰিত কৰিছিল। সেয়া আছিল যেন তেওঁৰ জীৱনজোৰা বিজ্ঞান-জনপ্রিয়কৰণ সাধনাৰ অভিযানৰ আৰম্ভণি। জাহাজ’ সজাৰ সফলতা লাভ কৰি নতুন উদ্যমেৰে নিজৰ সৃষ্টিশীল মনৰ হাবিয়াস পুৰণ কৰিবলৈ প্ৰৱেশিকা বিজ্ঞান’ (লেখক চন্দ্রমল কাকতি) নামৰ পাঠ্যপুথিত থকা টেলিগ্রাফ যন্ত্র ১২ বছৰ বয়সতে নির্মাণ কৰি শিক্ষাগুৰুৰ ওচৰত প্রদর্শন কৰি ভৱিষ্যতে ‘বিজ্ঞানী হােৱাৰ আশীর্বাদ’ পাইছিল। সেই সময়তে গাঁৱৰ ভাওনা, থিয়েটাৰ আদিৰ বাবে মুখাসজা, ছায়াচিত্র প্রদর্শন কৰা আদি তেওঁৰ নিয়মীয়া কাম আছিল। এবাৰ তেওঁ স্বাধীনতা দিবস উপলক্ষে হােৱা পতাকা উত্তোলনৰ বাবে এটা যান্ত্রিক যতন উদ্ভাৱন কৰি মানুহক আচৰিত কৰিছিল। প্রশ্ন হ’ব পাৰে, ক্ষীৰধৰ বৰুৱাৰ বিজ্ঞান সাহিত্য চর্চাত উপৰিউক্ত ঘটনা বা কথাৰ গুৰুত্ব তথা প্রয়ােজন ক’ত আছে? আমি অনুভৱ কৰোঁ, এজন বিজ্ঞান সাহিত্যৰ লেখক হবলৈ অকল বিজ্ঞানৰ বিষয়সমূহৰ তাত্ত্বিক জ্ঞান থাকিলেইনহ’ব, তেওঁৰ ব্যৱহাৰিক জ্ঞানৰ উপৰিও বৈজ্ঞানিক মানসিকতাৰে পুষ্ট এটা সৃষ্টিশীল আৰু গতিশীল মন নিতান্তই প্রয়ােজনীয়। সেইবাবেই হয়তাে ২০০৩ চনত অনুষ্ঠিত হােৱা নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ অষ্টাদশ অধিৱেশনত ক্ষীৰধৰ বৰুৱাই কৈছিল ।
“মানৱ সমাজক জ্ঞান আৰু গৱেষণাৰ মাজেৰে প্ৰগতিৰ পথেৰে আগবঢ়াই নিয়া বিজ্ঞানৰ প্ৰতিটো আৱিষ্কাৰেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। প্রতিজন বিজ্ঞানীৰ প্রতিটো আৱিষ্কাৰৰ অন্তৰালতে লুকাই থাকে সুন্দৰৰ অনন্ত জিজ্ঞাসা। সেইদৰে ভাৱনা আৰু কল্পনাৰে সুন্দৰৰ সাধনা কৰা এজন কবিৰ কাব্য সৃষ্টিততা লুকাই থাকে সুন্দৰৰ ছবি। সেই বাবেই এজন বিজ্ঞানী আৰু এজন কবিৰ মাজত সাধনাৰ পথ ভিন্ন হলেও দুয়াে সুন্দৰৰেই অভিন্ন পূজাৰী।” | টেলিগ্রাফ যন্ত্র তৈয়াৰ কৰি যিজন শিশু ক্ষীৰধৰ বৰুৱাই সৃষ্টিশীল বৈজ্ঞানিক মনৰ পৰিচয় দিছিল, সেই বৰুৱাই ১২ বছৰ বয়সতে নিজে লিখা আৰু হাতে লিখি প্রকাশ কৰা শলিতা’ নামৰ কিতাপখনেৰে তেতিয়াই নিজৰ সাহিত্যিক প্রতিভাৰ পৰিচয় দিছিল। সেই সাহিত্যচর্চাৰ শলিতাই আজিও পােহৰ বিলাই আছে। বৰুৱাৰ জীৱনৰ প্রথম বিজ্ঞান লেখা বুলি ক’বলৈ গলে বিদ্যালয়ৰ বার্ষিক ছপা আলােচনী অংকুৰ’ত প্রকাশ হােৱা লেখা ‘গণিতজ্ঞ শ্রীনিবাস ৰামানুজনৰ জীৱনী’ আৰু সেই সময়ৰ ৰুছ মহাকাশচাৰী গাগানিটিট’ভৰ মহাকাশ অভিযানৰ সাফল্যৰ আলমত লিখা এটা কবিতা এটি ইচ্ছা’ৰ কথা উল্লেখ কৰিব পৰি। অষ্টম মানৰ ছাত্ৰ বৰুৱাই লেখা আন এখন পুথি আছিল ব্যংগাত্মক কবিতাৰ সংকলন ‘কোৱাভাতুৰী’। এই ৰচনাতেই তেওঁ পাছৰ জীৱনৰ কার্টুন-শিল্পীৰ মনটোৰ অংকুৰণ ঘটিছিল। ‘শলিতা’নামৰ হাতে লিখা পুথিখন পঢ়ি মই আচৰিত নহৈ নােৱাৰিলোঁ। সেইখন গল্পৰ পুথি। সৰু সৰু কাহিনীবােৰ পঢ়ি মই এক প্রকাৰ স্তম্ভিত হ’লোঁ। সেইখন বৰুৱাৰ সৃষ্টিশীল মনৰেই পৰিচায়ক। মই আগ্ৰহেৰে সুধিলোঁ— তেখেতে কল্পবিজ্ঞান নিলিখে কিয় ? তেখেতে কলে যে তেখেতে তিনিটা কল্পবিজ্ঞান লিখিছিল ১৯৭০চনৰ দশকত। সেয়া ‘বিস্ময়’ আলােচনীত প্ৰকাশ হৈছিল । কিছু বছৰৰ আগতে ‘সাতসৰী’আলােচনীতাে এটা কল্পবিজ্ঞান লিখিছিল। যােৱা বছৰ সাদিন’কাকততাে তেখেতৰ এটা কল্পবিজ্ঞান প্রকাশ পাইছিল। বহুতাে পড়ুৱৈয়ে বৰুৱাৰ কল্পবিজ্ঞান পঢ়ি আৰু লিখিবলৈ অনুৰােধ কৰিছিল। তেখেতৰ অন্তৰংগ সহপাঠী বন্ধু ড°দীনেশ চন্দ্র গােস্বামীয়েও তেখেতক হেনাে ইতিমধ্যে প্রকাশ পােৱা কল্পবিজ্ঞানকেইটা ঘূপাই প্রকাশ কৰিবলৈ পৰামর্শ দিছে। তেখেতে এনে ধৰণৰ (অর্থাৎ প্রকাশ কৰাৰ দৰে) কামবােৰ পিছুৱাই থৈ কাম কৰিহে যায়। তেখেতৰ পৰিকল্পনা আছে, ব্রিটিছৰ দিনত নৱপ্রস্তৰ যুগৰ আহিলা আৱিষ্কাৰ হােৱা এই বিশ্বনাথ অঞ্চলক লৈ এখন প্রত্নতাত্ত্বিক কল্পবিজ্ঞান উপন্যাস ৰচনা কৰাৰ। আনকো পাৰিলে এই কামটো কৰিবলৈ পৰামর্শ দিছে।

 উত্তৰ-পূৰ্বাঞ্চলৰ প্রথম বিজ্ঞান সাংবাদিক। সম্প্রতি, বয়সৰ জোখেৰে ৭৩ বছৰত ভৰি দিয়া ক্ষীৰধৰ বৰুৱাই বর্তমান ডেকা ল’ৰাৰ দৰে তীব্ৰ গতিত কম্পিউটাৰৰ কিবৰ্ডৰ সহায়তহে লিখা-মেলা কৰে; কাগজ কলম ব্যৱহাৰ নকৰে। আনকি, কিতাপৰ ছেটিং, ডিজাইন, কভাৰ আদিও এজন পেছাদাৰী ডিটিপি অপাৰেটৰৰ দৰে কৰিব পাৰে। বৰুৱাই নিজা ঘৰতে কম্পিউটাৰ স্থাপন কৰি নিজে কলা-কৌশল আয়ত্ত কৰি লােৱাৰ বাবেই বিশ্বকোষৰ বিজ্ঞানৰ খণ্ড তিনিটা নির্দিষ্ট সময়ৰ আগতেই (মাত্র ১৮ মাহতে) প্রকাশ কৰিব পৰা গৈছিল। এইক্ষেত্ৰত মুখ্য সম্পাদক ড দীনেশ চন্দ্র গােস্বমী আৰু আন এগৰাকী সহযােগী সম্পাদক ড° সােণেশ্বৰ শৰ্মাৰ দিনে ৰাতিয়ে কৰা কষ্টকো স্বীকাৰ কৰিবই লাগিব।
উল্লেখযােগ্য যে ক্ষীৰধৰ বৰুৱাই নৱম মানত পঢ়ি থাকোঁতে ৰবৰৰ ইংৰাজী আখৰ কলকতাৰ পৰা মগাই আনি ঘৰতে টাইপ ৰাইটাৰ এটা নির্মাণ কৰি উলিয়াইছিল। কিন্তু আখৰবােৰ ৰবৰৰ হােৱা বাবে লিখাবােৰ ধাতুৰ আখৰৰ দৰে স্পষ্ট হােৱা নাছিল। তাতােকৈ আচৰিত কথা হ’ল, নৱম মানত থাকেঁতে (১৯৬১ চনত) বৰুৱাই ‘অসম বাণী’ বাতৰি কাকতৰ আৰ্হিত ছাত্র বন্ধু’ নামৰ ছয় পৃষ্ঠাৰ সাদিনীয়া বাতৰি কাকত এখন একক প্রচেষ্টাৰে সম্পাদনা কৰি উলিয়াইছিল। বৰুৱাই ‘ছাত্র বন্ধু’ৰ তিনিটা কার্বন-কপি উলিয়াইছিল, তাৰে একপি শিক্ষকৰ জিৰণিকোঠালৈ, একপি ছাত্ৰ-ছাত্ৰীসকললৈ পঠিয়াই একপি নিজৰ হাতত ৰাখিছিল। কি নাছিল ছাত্র বন্ধু’ত – ছপাকৰা বাতৰি কাকতৰ দৰে বাকছৰ ভিতৰত মহৎ লােকৰ বাণী, জননী, বিজ্ঞাপন, স্থানীয় বাতৰিৰ উপৰিও বিশেষ কিছুমান বিষয়ৰ সুন্দৰ নিবন্ধ প্রকাশ পাইছিল। বর্তমানেও বৰুৱাৰ হাতত ছাত্র বন্ধুৰ কপিসমূহ অক্ষত অৱস্থাত সংৰক্ষিত হৈ আছে। বৰুৱাই ছাত্রবন্ধুত সম্পাদকলৈ লিখা চিঠি’ৰ শিতানত বিদ্যালয়ৰ খােৱা পানীৰ সমস্যাৰ ওপৰত লিখা চিঠি প্রকাশ কৰাৰ বাবে প্রধান শিক্ষকৰ চেকনিৰ পিটন খাব লগা হৈছিল।
‘ছাত্র-বন্ধু’য়েই বৰুৱাৰ জীৱনৰ বিজ্ঞান-সাংবাদিক’জনৰাে জন্মদাতা যেন লাগে। নহ’লেনাে অসমীয়া প্রতিদিন বাতৰিকাকতৰ প্রথমগৰাকী সম্পাদক, ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট সাংবাদিক, বুদ্ধিজীৱী হাইদৰ হুছেইনে ক্ষীৰধৰ বৰুৱাক ‘উত্তৰ-পূৰ্বাঞ্চলৰ প্রথম গৰাকী বিজ্ঞান-সাংবাদিক’বুলি কয়নে? অকল সেয়েই নহয়, অসম বাণী, সাদিন, নতুন অসমীয়া, দৈনিক অসম, আমাৰ অসম, দৈনিক জনমভূমি আদি কাকতত ১৯৭০চনৰ দশকৰ আগৰেপৰা বিজ্ঞানৰ বিভিন্ন নিত্য নতুন বা-বাতৰি, বিজ্ঞান জগতত সংঘটিত সমসাময়িক ঘটনাৱলী প্রকাশ কৰি আহিছে। বিভিন্ন সময়ত বিশিষ্ট সাংবাদিক ৰাধিকা মােহন ভাগৱতী, কীর্তিনাথ হাজৰিকা, আৰু তিলক হাজৰিকাই বৰুৱাক বিজ্ঞানৰ প্রবন্ধ আৰু লগতে একোটা কার্টুন সন্নিৱিষ্ট কৰিবলৈ পৰামর্শ দিছিল। ২০০৭ চনত গুৱাহাটীৰ প্ৰেছ ক্লাবত ক্ষীৰধৰ বৰুৱাৰ সম্বর্ধনাৰ্থে আয়ােজিত সাংবাদিকতাত বিজ্ঞান’ শীর্ষক এখন সভাত তেওঁ কৈছিল ? “ বিজ্ঞান সাংবাদিক এজনে যিকোনাে সংবাদ, বিশেষকৈ অন্ধবিশ্বাস জড়িত থকা সংবাদসমূহ কেৱল চাঞ্চল্য সৃষ্টিৰ উদ্দেশ্যে প্রচাৰ কৰিব নালাগে। সংবাদটোৰ ওপৰত নিজৰ যুক্তি আৰু শুদ্ধতা পৰ্য্যৱেক্ষণ কৰি ৰাইজক শুদ্ধ বাতৰি পৰিৱেশন কৰিব পাৰিলেহে তেওঁক প্রকৃত বিজ্ঞান সাংবাদিক বুলি ক’ব পাৰি।” উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞানকার্টুনৰ (ছায়েন্টুন) বাটকটীয়া ক্ষীৰধৰ বৰুৱাই বিজ্ঞান জনপ্রিয়কৰণৰ আহিলা হিচাপে ৰচনা কৰা সাহিত্যৰ লগত চিত্ৰ আৰু কার্টুন সংযােজন কৰাটো তেওঁৰ লেখনীৰ অন্যতম বৈশিষ্ট্য। ১৯৬৩ চনত অবিভক্ত অসমৰ ভিতৰত প্ৰৱেশিকা পৰীক্ষাত সপ্তদশ স্থান লাভ কৰি কটন কলেজৰ বিজ্ঞান শাখাত নামভর্তি কৰে। কটন কলেজত বৰুৱাই ঘাইকৈ কলমৰ সলনি তুলিকা হাতত তুলি লৈছিল। সেই সময়ত বৰুৱাক কার্টুনৰ প্রতি আকর্ষিত কৰােৱা ব্যক্তিজন আছিল অসমৰ বিশিষ্ট অভিনেতা ভােলা কটকী। ভােলা কটকীয়ে ক্ষীৰধৰ বৰুৱাক কটন কলেজৰ হােষ্টেলৰপৰা লগত লৈ সেই সময়ৰ অসমৰ বিশিষ্ট কার্টুন-শিল্পী ত্রৈলােক্য দত্ত আৰু চিত্রশিল্পী প্রসেনজিৎ দুৱৰাৰ লগত পৰিচয় কৰাইছিল। ত্রৈলােক্য দত্তৰ পৰাই ক্ষীৰধৰ বৰুৱাই কার্টুনৰ আদিপাঠ শিকিছিল। বৰুৱাই আজৰি সময়ৰ বেছিখিনি জিলা পুথিভঁৰাল আৰু আমেৰিকান বুক ছেণ্টাৰত পাৰ কৰিছিল। সেইসময়তে বৰুৱা কার্টুনৰ পিতৃ উইলিয়াম হাের্থ, টমাছ ব্ৰউলেনছনৰ কার্টুনে বৰকৈ আকর্ষিত কৰিছিল। তদুপৰি, ফৰাছী কার্টুনিষ্ট ড’মিয়েৰ অন’ৰি, পুলক গগৈ, আৰ কে লক্ষ্মণ, মেৰিঅ’ আদিৰ দৰে বিখ্যাত কার্টুনিষ্টসকলৰ কার্টুনৰ প্ৰেমত পৰিবলৈ ধৰে। বৰুৱাই কটন কলেজত অনুষ্ঠিত কৰা বার্ষিক কলেজ সপ্তাহৰ প্রদর্শনীসমূহত প্রতি বছৰে কার্টুনত বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। বৰুৱাৰ বিজ্ঞানৰ মডেল সজাটো আছিল বিজ্ঞান আৰু কলাৰ সংগমৰ অন্যতম নিদর্শন। তেওঁ স্নাতক শ্রেণীত পঢ়ি থাকোঁতে ‘পাৰমাণৱিক শক্তিকেন্দ্র’ৰ এটা আৰ্হি প্রস্তুত কৰি কলেজ সপ্তাহৰ প্রদর্শনীত দেখুৱাইছিল। সেই সময়ৰ অসমৰ তদানীন্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহাই বৰুৱাৰ এই মডেলৰ ভূয়সী প্রশংসা কৰিছিল।
১৯৬৭ চনত অসম বিজ্ঞান সমিতিৰ ‘বিজ্ঞান জেউতি’ আলােচনীখনৰ সম্পাদক অধ্যাপক শ্যামপ্রসাদ শর্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ হৈ থকা ক্ষীৰধৰ বৰুৱাৰ হােষ্টেললৈ এখন চিঠি দি বিজ্ঞান জেউতিৰ বাবে ৰসায়নৰ কেইটামান প্রবন্ধ আৰু বিজ্ঞান কার্টুন বিচাৰিছিল। বৰুৱাই কাঁচ’, কার্বন জগত’আৰু কৃত্রিম সূতা’নামৰ তিনিটা প্রবন্ধ লিখি একেলগে সম্পাদক হাতত দি আহিছিল। শ্যামপ্রসাদ শর্মাই বৰুৱাৰ কার্টুনৰদ্বাৰা প্ৰভাৱিত হৈ তেওঁক বিজ্ঞান জেউতিৰ চিত্র সম্পাদকৰ দায়িত্বভাৰ অৰ্পণ কৰি প্ৰবন্ধৰ লগত সংগতি থকা ছবিবােৰ অঁকাইছিল। বিজ্ঞান জেউতিত আৰম্ভ কৰা যাত্ৰাৰ পৰা ক্ষীৰধৰ বৰুৱাই আৰু পিছলৈ ঘূৰি চাবলগীয়া হােৱা নাই৷ নিৰন্তৰ গতিত তেখেতে কার্টুন আঁকাৰ চৰ্চা অব্যাহত ৰাখিলে। ১৯৬৭ চনত ব্যংগ-গীতিকাৰ-গায়ক দোস্ত হবিবুৰ ৰহমানে বিজ্ঞান জেউতিত মানুহৰ চন্দ্র অভিযান সম্বন্ধে দুখন কার্টুন আঁকিছিল। তাৰ পাছত কেইবাবছৰ ধৰি বিজ্ঞান জেউতিত বৰুৱাৰ বিজ্ঞান কার্টুন প্রকাশ পাইছিল। বৰুৱাই ১৯৬৮ চনৰ পৰা ২০০৩ চনলৈকে বিভিন্ন বাতৰিকাকত আৰু আলােচনীত প্রকাশ কৰা ৮০টা বিজ্ঞান কার্টুনৰ এটা সংকলন (বিজ্ঞান কার্টুন, ২০০৩) গ্রন্থাকাৰে প্ৰকাশ পাইছিল। বিজ্ঞান জনপ্রিয়কৰণৰ সুদক্ষ সংগঠক ক্ষীৰধৰ বৰুৱাক বিজ্ঞান-জনপ্ৰিয়কৰণৰ ক্ষেত্ৰখনত এজন সুদক্ষ সংগঠক হিচাপেও আমি পাই আহিছোঁ। তেখেতে কেইবাটাও বিজ্ঞান অনুষ্ঠানৰ নিষ্ঠাবান মুৰব্বীৰ দায়িত্ব পালন কৰি সেই অনুষ্ঠানসমূহে নিজ নিজ লক্ষ্যত উপনীত হােৱাত অৰিহণা যােগাইছে।

উদাহৰণস্বৰূপে, ১৯৯৯ চনত প্রতিষ্ঠা হােৱা অসম বিজ্ঞান লেখক সংস্থাৰ দ্বিতীয় দ্বিবর্ষৰ সভাপতিৰ দায়িত্ব ২০০২ ৰ পৰা ২০০৪ চনলৈকে পালন কৰিছিল। এইদুটা বছৰতে বৰুৱাৰ নেতৃত্বত অসমৰ বিভিন্ন বিজ্ঞান লেখকৰ লেখা সন্নিৱিষ্ট কৰি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ১৩ খন পুস্তিকা প্রকাশ কৰা হৈছিল। সেইসমূহ হ’ল ‘জিন’ম’, ‘বিজ্ঞানে পৰশে জীৱন’, ‘জ্যোতিষবিদ্যাৰ বৈজ্ঞানিক ভিত্তি আছেনে?’, জীৱ-জন্তু সম্পর্কে কিছুমান অন্ধবিশ্বাস’, জুই আৰু জুয়ে পােৰা’, ‘ভাঙনি’, ‘অন্ধবিশ্বাস আৰু বিজ্ঞান’, ‘বৈজ্ঞানিক মানসিকতা কিয় লাগে?’, ‘পৰিপুষ্টিৰ কথা’, ‘পৰিৱেশ, স্বাস্থ্য আৰু অনাময়’, ‘আমাৰ স্বাস্থ্যৰ কথা’, ‘ভাল খেতি-বাতিৰ কথা’আৰু ‘কোৱাণ্টাম’ । ইয়াৰ উপৰিও ২০০৪ চনত ৰাজ্যিক ভিত্তিক বিজ্ঞান-সাহিত্যৰ অনুবাদ কর্মশালা’ আৰু ২০০৫ চনত পুতলা নাচৰ জৰিয়তে বিজ্ঞান জনপ্রিয়কৰণ কর্মশালা আয়ােজিত কৰি সমাজত বিজ্ঞান প্রচাৰৰ এক নতুন জোৱাৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
ঠিক সেইদৰে ১৯৯৯ চনৰ পৰা ২০০১ চনলৈকে ‘বিজ্ঞান জেউতিৰ’সম্পাদকৰ দায়িত্বত থাকোঁতে বৰুৱাই অসমৰ একমাত্র বিজ্ঞানৰ আলােচনীখনত ন-ন বিষয়ৰ সংযােজন কৰি আলােচনীখনক অধিক জনপ্রিয় কৰি তুলিছিল। সেই বিষয়সমূহৰ ভিতৰত আছিল। ‘মােৰ দৃষ্টিত বিজ্ঞান’, ‘কিৰিষণা’, ‘ঘৰুৱা বিজ্ঞান, বিজ্ঞান কার্টুন ইত্যাদি। সেই সময়ত বিজ্ঞান জেউতিৰ জনপ্রিয়তা বাঢ়িছিল বুলি সকলােৱে মত প্রকাশ কৰিছিল।
 সেই কালছােৱাতে ক্ষীৰধৰ বৰুৱাই অসমীয়া বিজ্ঞান সাহিত্যৰ জগতখনলৈ এটা নতুন সংবাদ কঢ়িয়াই আনিছিল। তেখেতে জামুগুৰিহাটৰ অতি প্রাচীন বীণাপাণি পুথিভঁৰালৰ পুথিসমূহৰ মাজৰপৰা কেইখনমান পুৰণি আলােচনী উদ্ধাৰ কৰিলে। ১৯২৫-১৯৫১ চনৰ কালছােৱাত প্রকাশিত সেই সৰু আলােচনীখনৰ নাম ‘পশুপালন’ সম্পাদক ডা°কনক চন্দ্র শর্মা। সেইখনেই আছিল প্রথম অসমীয়া বিজ্ঞান আলােচনী।
১৯৭০ চনত বিশ্বনাথ মহাবিদ্যালয়ত ৰসায়নবিজ্ঞান বিভাগত অধ্যাপক হিচাপে দায়িত্ব লােৱাৰ পিছৰপৰাই তেখেতে বিশ্বনাথ চাৰিআলিৰ আঞ্চলিক মইনা পাৰিজাত আৰু অসম বিজ্ঞান সমিতিৰ বিভিন্ন শাখাৰ সহযােগত গ্রীষ্মকালীন বিজ্ঞান কর্মশালা, আলােচনাচক্র, বিজ্ঞান-বিষয়ৰ মনােৰঞ্জন কাৰ্যসূচী, বিজ্ঞানৰ কুইজ আদি কাৰ্য্যসূচীত নেতৃত্ব দি ছাত্রছাত্রীসকলৰ বিজ্ঞান শিক্ষা তথা বৈজ্ঞানিক মনস্কতাৰ বিকাশত অৰিহণা যােগাইছিল।
১৯৭৬-৮০ চনৰ কালছােৱাত ড°পৱিত্ৰ কুমাৰ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ কৰা ৰসায়ন শিক্ষা সমাজ’ৰ বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক হিচাপে মহাবিদ্যালয় আৰু বিদ্যালয়সমূহত ৰসায়নবিজ্ঞানৰ জনপ্ৰিয়কৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। সেই সমাজৰ মুখপত্র ৰসায়ন শিক্ষা’ত ক্ষীৰধৰ বৰুৱাই জনপ্রিয় প্রবন্ধ আৰু কার্টুন প্রকাশ কৰিছিল।
১৯৮১ চনত অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি শাখাৰ উদ্যোগত অসমত প্রথম বাৰৰ বাবে ‘ছাত্র বিজ্ঞান শিবিৰ’ অনুষ্ঠিত কৰা হৈছিল। সেই কাৰ্যসূচীৰ অন্যতম প্রধান হােতা আছিল ক্ষীৰধৰ বৰুৱা। তেওঁ ১৯৮৪-১৯৮৭ চনৰ কালছােৱাত বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক হিচাপে বিভিন্ন কাৰ্য্যসূচীৰে বিজ্ঞানক ৰাইজৰ মাজলৈ নিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।।
ক্ষীৰধৰ বৰুৱা জ্যোতির্বিজ্ঞান চর্চাৰ এগৰাকী স্ব-শিক্ষিত অপেছাদাৰী ব্যক্তি। তেখেতে জ্যোতির্বিজ্ঞান আৰু মহাকাশ অভিযানৰ বিষয়ে ভালেমান জনপ্রিয় প্রবন্ধ ৰচনা কৰিছে। তেখেতে ‘জ্যোতির্বিজ্ঞান আৰু মহাকাশ অভিযানৰ অভিধান’ এখনাে প্রণয়ন কৰি আছে। ১৯৮০ চনৰ ১৬ ফেব্ৰুৱাৰিত ঘটা পূর্ণগ্রাস সূর্যগ্ৰহণৰ আলােকচিত্র তেখেতে এটা সৰু কেমেৰাৰে গ্ৰহণ কৰিছিল। সেই ছবি পৰৱৰ্তী কালত নতুন দিল্লীৰ নেহৰু প্লেনেটেৰিয়ামে সংগ্রহ কৰি নিছিল। সেইদৰে, ১৯৮৬-৮৭ চনত হেলিৰ ধূমকেতুৰ আৱির্ভাব হােৱাৰ সময়ত তেখেতে উত্তৰ-পূর্বাঞ্চলৰ আকাশত প্রথমে সেই ধূমকেতু চিনাক্ত কৰি বিশেষ পদ্ধতিৰে আলােকচিত্র গ্রহণ কৰিছিল। সেই বাতৰি আৰু ছবি বিভিন্ন বাতৰিকাকতত প্ৰকাশ পাইছিল। তেখেতৰ নেতৃত্বত তিনি মাহ কাল স্থানীয় ৰাইজে দূৰবীনৰ সহায়ত হেলিৰ ধুমকেতু নিৰীক্ষণ কৰিছিল। তাৰ পাছৰ কালতাে বৰুৱাই সুৰ্য্যগ্রহণ, চন্দ্রগ্রহণ, শুক্ৰৰ অতিক্ৰমণ আদি পৰিঘটনাৰ সময়ত ৰাজহুৱা বক্তৃতা আৰু প্ৰদৰ্শনৰ আয়ােজন কৰি আৰু সময়ে সময়ে আকাশ নিৰীক্ষণৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰি জ্যোতির্বিজ্ঞানৰ জ্ঞান বিলােৱাত আগভাগ লৈ আছে।
১৯৯৭ চনত ক্ষীৰধৰ বৰুৱাক হাইস্কুলৰ বিজ্ঞান শিক্ষাৰ উপযােগী হােৱাকৈ ৰসায়নৰ সঁজুলি-বাকছ প্রস্তুত কৰিবলৈ অসম বিজ্ঞান সমিতিৰ ফালৰ পৰা দায়িত্ব অর্পণ কৰিছিল। সেই অনুসৰি তেখেতে কম খৰছী সহজলভ্য সামগ্ৰীৰে ৰসায়নৰ ত্রিছটাৰাে অধিক পৰীক্ষা কৰিব পৰা এটা সঁজুলি বাকছ উদ্ভাৱন কৰে। সেই পৰীক্ষাসমূহৰ সৰস বর্ণনা সম্বলিত ৰসায়নৰ ৰসাল পৰীক্ষা’ নামৰ এখন পুথি অসম বিজ্ঞান সমিতিয়ে প্রকাশ কৰে। তেখেতৰ ৰসায়নবিজ্ঞানৰ আন এখন জনপ্রিয় পুথি হ’ল ৰসায়নৰ নানা ৰং’।
সমাজৰপৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতাৰ বিকাশ তথা বিস্তাৰৰ ক্ষেত্ৰত ক্ষীৰধৰ বৰুৱাই সততে আগভাগ লৈছিল। তেখেতৰ তেনে প্রচেষ্টাৰ এটা উদাহৰণ দিলেই বােধহয় যথেষ্ট হ’ব। ১৯৯৭ চনত যেতিয়া দেশত ‘গণেশে গাখীৰ খােৱা বুলি প্রচাৰ কৰি জনসাধাৰণৰ মাজত অন্ধবিশ্বাস প্রতিষ্ঠা কৰাৰ অপচেষ্টা চলিছিল, তেতিয়া ক্ষীৰধৰ বৰুৱাই গাঁৱে-নগৰে গৈ গণেশৰ মূর্তি দাঙি ধৰি গাখীৰ খােৱাটো অমূলক বুলি প্রমাণ কৰিছিল। কলেজৰ শ্রেণী-কোঠাত ছাত্রছাত্রীৰ আগত প্রদর্শন কৰিছিল, গণেশে গাখীৰ পান কৰা’ আপাত ঘটনাটো জুলীয়া পদাৰ্থৰ কৈশিক ক্রিয়া আৰু পৃষ্ঠটান নামৰ ধৰ্মৰ বাবে সম্ভৱ হ’ব পাৰে। | বিজ্ঞান জনপ্রিয়কৰণ আৰু বিজ্ঞান সাহিত্যৰ বিকাশত ক্ষীৰধৰ বৰুৱাৰ জীৱনৰ অন্যতম অৱদান হ’ল ২০০১ চনত তেখেতে বিশ্বনাথ চাৰিআলিত প্রতিষ্ঠা কৰা ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান আৰু ‘আকাশ প্রকাশন’। আকাশ শিশু বিজ্ঞান অনুষ্ঠান’ৰে অংগ ‘আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষা কেন্দ্র’ৰ জৰিয়তে নিয়মীয়াকৈ শিশুক আনন্দময় পদ্ধতিৰে সাধাৰণ বিজ্ঞানৰ লগতে পৰিৱেশবিজ্ঞান, গণিত আৰু জ্যোতির্বিজ্ঞানৰ পাঠদান কৰি থকা হৈছে। আকাশ প্রকাশনৰপৰা তিনিখন জনপ্রিয় বিজ্ঞানৰ গ্রন্থ প্রকাশ কৰা হৈছে। সেয়া হ’ল বার্ট’ল্ট ব্রেখটৰ ‘গেলিলিঅ’ গেলিলি’ (অনুবাদ ও ক্ষীৰধৰ বৰুৱা), মই কৈছোঁ – ৰসিকতাৰে বিজ্ঞান’ (ৰাণা হাজৰিকা), আৰু ‘প্রকৃতি, বিজ্ঞান আৰু মানুহ’ (ৰিপুঞ্জয় বৰদলৈ)। ক্ষীৰধৰ বৰুৱাৰদ্বাৰা প্রণীত নতুন অসমীয়া পৰিভাষা কোষ’, ‘পৰিৱেশবিজ্ঞান ও অৰপৰা ক্ষ-লৈ’, ‘সহস্রাধিক বিখ্যাত বিজ্ঞানী’আৰু জ্যোতির্বিজ্ঞান অভিধান’, আৰু ৰিপুঞ্জয় বৰদলৈৰ বিজ্ঞানৰূপক সংকলন ‘নেম’
নিচ্ছ’ প্রকাশিত হৈ ওলাইছে।
২০০৬ চনত ক্ষীৰধৰ বৰুৱাই নিজৰ জন্মঠাই জামুগুৰিহাটত এখন ‘বিজ্ঞান-গ্রাম’ স্থাপন কৰাৰ উদ্দেশ্যে গ্রাম্য জন বিজ্ঞান মঞ্চনামৰ এটা সংগঠনৰ জন্ম ছিল। নিজা চিন্তা আৰু পৰিকল্পনাৰে বিজ্ঞান-গ্রাম’ক জামুগুৰিহাটৰ ৰাইজ আৰু বিশিষ্ট সাংবাদিক ৰাধিকা মােহন ভাগৱতী, গণেশ পাঠক, ধর্মেশ্বৰ হাজৰিকা, চেনাৰাম হাজৰিকা আদি ব্যক্তিৰ প্রত্যক্ষ সহযােগত স্থাপন কৰিবলৈ প্রচেষ্টা চলােৱা হৈছিল। এছিয়াৰ ভিতৰতে এক অগতানুগতিক পৰিকল্পনা হিচাপে চিহ্নিত হােৱা বিজ্ঞান-গ্রাম’ৰ প্রতিষ্ঠা কৰিবলৈ ওলােৱা বাতৰি ৰাষ্ট্ৰীয় বাতৰিকাকতত গুৰুত্বসহকাৰে প্রথম পৃষ্ঠাতে প্রকাশ হৈছিল। কিন্তু দুখৰ বিষয় যে বিজ্ঞান-গ্রাম’ স্থাপনৰ সকলাে প্রস্তুতি হৈ উঠাৰ পাছতাে ৰাজনৈতিক পাকচক্ৰৰ বাবে সেই প্রকল্প কাৰ্য্যত পৰিণত হােৱা নাছিল।
১৯৬০ চনৰ দশকৰপৰা বিজ্ঞান সাহিত্য চর্চা কৰা ক্ষীৰধৰ বৰুৱাই বিজ্ঞান সাহিত্য চর্চাৰ ক্ষেত্ৰখনত তিনিকুৰি বছৰত ভৰি দিলে। বর্তমানলৈকে ক্ষীৰধৰ বৰুৱাই ২০খনৰাে অধিক বিজ্ঞান গ্রন্থ আৰু ৯খন ৰসায়নবিজ্ঞান আৰু পৰিৱেশবিজ্ঞানৰ পাঠ্যপুথি ৰচনা কৰিছে। একেদৰে সমসাময়িক বাতৰি কাকত আৰু আলােচনী – অসম বাণী, সাদিন, আমাৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি, প্রান্তিক, বিজ্ঞান জেউতি, প্রকাশ, গৰিয়সী, সাতসৰী, সঁফুৰা, মৌচাক, নতুন আৱিষ্কাৰ, নন্দিনী, বিস্ময় আদিত বৰ্তমানলৈকে দুহাজাৰৰাে অধিক বিজ্ঞান বিষয়ক বিভিন্ন লেখা প্রকাশ পাইছে। অনাতাঁৰ মাধ্যম যােগে তেখেতৰ ৮০খন বিজ্ঞানভিত্তিক ৰূপক আৰু কথিকা প্রচাৰিত হৈছে। ক্ষীৰধৰ বৰুৱাক ‘গণমাধ্যমৰ (লেখনী, ছায়েন্টুন আৰু বিজ্ঞান-সঁজুলি বাকছ) জৰিয়তে উত্তৰ-পূর্বাঞ্চলত বিজ্ঞানক জনমুখী কৰি তােলাৰ নিৰলস প্রচেষ্টাৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগে ২০০৪ চনত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। তেখেতে ১৯৯৯ চনত ৰাজ্যিক ভিত্তিত প্রদান কৰা ঘনশ্যাম গােস্বামী বিজ্ঞান জনপ্রিয়কৰণ বঁটা’ আৰু ২০১৬ চনত মুম্বাইস্থিত সর্বভাৰতীয় অনুষ্ঠান ৰসায়ন বিজ্ঞান শিক্ষক সংস্থাই ৰসায়ন শিক্ষাৰ বিকাশলৈ সর্বোত্তম অৱদান আগবঢ়োৱাৰ বাবে প্ৰদান কৰা ‘পি আৰ সিং বঁটা লাভ কৰে। ১৯৯৯ চনত সাহিত্য একাডেমিয়ে প্রকাশ কৰা ‘হুজ হু অৱ ইণ্ডিয়ান ৰাইটার্ড’ গ্রন্থত ক্ষীৰধৰ বৰুৱাৰ নাম অসম সাহিত্য সভাই বৰুৱাক বিজ্ঞান প্রচাৰৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে ‘অনিল চন্দ্র সোঁৱৰণী বিজ্ঞান সাহিত্য বঁটা’ প্রদান কৰে। প্ৰচাৰবিমুখ, নিষ্ঠাবান, অক্লান্ত বিজ্ঞানীকর্মী ক্ষীৰধৰ বৰুৱাই ২০০৪ চনত বিজ্ঞান জনপ্রিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা পােৱাৰ সময়ত সাংবাদিকে সােধা প্রশ্নৰ উত্তৰত কৈছিল । “আমি কোনাে বটা-বাহনৰ বাবে কাম কৰা নাছিলোঁ। বিজ্ঞানক জনপ্রিয় কৰা, অন্ধবিশ্বাস, কুসংস্কাৰ আদি আঁতৰাই বিজ্ঞানক জনমুখী ৰূপদান কৰা, আৰু জনসাধাৰণৰ মাজলৈ নিবলৈ কৰা চেষ্টা অব্যাহত ৰাখিছোঁ। এই বটাপ্রাপ্তিয়ে মােক আৰু বিজ্ঞানক গণমাধ্যমৰ আহিলাৰূপে কাম কৰাসকলক উৎসাহিত কৰিব। মই এই বটাৰ পৰা পােৱা এক লাখ টকা শিশুৰ বিজ্ঞান বিকাশৰ বাবে প্ৰকল্পিত ‘আকাশ’নামৰ শিশুৰ অনুষ্ঠানটিৰ বাবে খৰচ কৰিম।”
ক্ষীৰধৰ বৰুৱাৰ চমু জীৱন কৃতি জন্ম : ১৯৪৭ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে বৰ্তমানৰ শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাঁহৰীয়া গাঁৱত জন্ম হয়। পিতৃ-মাতৃ : প্রয়াত কমলাকান্ত বৰুৱা আৰু প্রয়াত নিৰা বৰুৱা। শিক্ষা : (১) জামুগুৰি হাইস্কুলৰ পৰা ১৯৬৩ চনত সাধাৰণ গণিত, অতিৰিক্ত গণিত আৰু সংস্কৃত বিষয়ত লেটাৰ নম্বৰ সহ অবিভক্ত অসমৰ ভিতৰত সপ্তদশ স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ। (২) ১৯৬৪ চনত কটন কলেজৰপৰা প্রাকবিশ্ববিদ্যালয় পাঠ্যক্ৰমত ৰসায়নবিজ্ঞানত সর্বোচ্চ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ। ১৯৬৭ চনত কটন কলেজৰপৰা তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমত ৰসায়নবিজ্ঞানত অনাছসহ দ্বিতীয় শ্রেণী লাভ কৰি উত্তীর্ণ। (৩) ১৯৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়নবিজ্ঞান বিভাগত দ্বিতীয় শ্ৰেণীৰ স্নাতকোত্তৰ উপাধি লাভ। (৪) ১৯৮৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা পৰিৱেশবিজ্ঞান বিষয়ত এম. ফিল. উপাধি লাভ। অধ্যয়নৰ বিষয় : ‘বােকাজান ছিমেন্ট উদ্যোগৰ পাৰিৱেশিক প্রভাৱ বিশ্লেষণ আৰু মূল্যায়ন। কর্মজীৱন : ১৯৭০ চনত বিশ্বনাথ মহাবিদ্যালয়ত নতুনকৈ খােলা বিজ্ঞান শাখাৰ ৰসায়নবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যােগদান কৰি ২০০৬ চনৰ নৱেম্বৰত অৱসৰ গ্রহণ। পাৰিবাৰিক জীৱন : ১৯৭৭ চনত শিক্ষয়িত্রী লেখা বৰদলৈৰ লগত বিবাহ। দুটা সন্তান ও সুমন্ত বৰুৱা (১৯৭৯) আৰু বন্যা বৰুৱা (১৯৮৪)। প্রকাশিত গ্রন্থসমূহ : (ক) আকাশীযানৰ কথা (১৯৭২), সাগৰৰ কথা (১৯৭৫), বিশ্ববিখ্যাত মহিলা বিজ্ঞানী (১৯৮৩),বিজ্ঞানৰ ৰেঙণি (১৯৯০), বিজ্ঞানৰৰ’দালি (১৯৯৬), অকণিৰ বিশ্ববিখ্যাত মহিলা বিজ্ঞানী (১৯৯৫), বিজ্ঞানৰ সৰু-বৰ কথা (১৯৯৭), ৰসায়নৰ ৰসাল পৰীক্ষা (১৯৯৮), পানীয়েই জীৱন (১৯৯৭), ৰসায়নৰ পঞ্চৰত্ন (১৯৯৮), অসমীয়া বিজ্ঞানী (১৯৯৯), সাগৰৰ গৰ্ভত মানুহ (অনূদিত; ২০০০), ৰসায়নৰ নানা ৰং (২০০৩), বিজ্ঞান কার্টুন (২০০৩), জুই আৰু জুয়ে পােৰা (২০০৪), প্রকৃতি (সহ-লেখক, ২০০৪), সময় যন্ত্র (অনূদিত; ২০০৪), একুৰি বিজ্ঞানীৰ ল’ৰালিৰ ৰেঙণি (২০০৫), প্লাষ্টিক: মানৱ জাতিৰ প্ৰতি ভাবুকি (অনূদিত, ২০০৬) , বিজ্ঞানৰ নতুন দিগন্ত (২০০৭), পৰিৱেশ বিজ্ঞান অভিধান (২০০৯), গেলিলিঅ’ গেলিলি (অনুবাদ, ২০১১), লুই পেষ্টৰ (২০১৪), অসম বিজ্ঞান সমিতি: বিজ্ঞান প্রচাৰৰ সেৱাত ৬৫ বছৰ (সহ-প্রণেতা, ২0১৮)। (খ) ভৌত ৰসায়ন (প্ৰথম আৰু দ্বিতীয় খণ্ড), ঔদ্যোগিক ৰসায়ন, বৈশ্লেষিক ৰসায়ন, বিজ্ঞান পৰিচয় (অষ্টম মানৰ বিজ্ঞানৰ পাঠ্যপুথি), উচ্চতৰ মাধ্যমিক ৰসায়ন (প্রথম আৰু দ্বিতীয় খণ্ড), নতুন ব্যৱহাৰিক ৰসায়ন, পৰিৱেশ বীথিকা। বিজ্ঞান-লেখনী প্রকাশৰ বিভিন্ন মাধ্যম : (১) ১৯৬৯-১৯৮০ চনৰ কালছােৱাত ‘দৈনিক অসম’ কাকতৰ শিক্ষা আৰু বিজ্ঞান’ শিতানত প্রবন্ধ প্রকাশ। (২) ১৯৮১ চনৰ পৰা ১২ বছৰ কাল অসম বাণী কাকতত বিজ্ঞান বিচিত্রা’ শিতানত লেখা আৰু কার্টুন প্রকাশ। (৩) ১৯৯০ ৰ দশকত সাদিন নামৰ সাপ্তাহিক বাতৰি কাকতত ‘ঘৰে ঘৰে বিজ্ঞান’আৰু পৰৱৰ্তী কালত বিজ্ঞান-প্রসংগ’ শিতানত ১০ বছৰ প্রবন্ধ আৰু কার্টুন প্রকাশ। (৪) ১৯৮৩ চনৰপৰা প্রান্তিকত লেখা আৰম্ভ কৰে, আৰু ২০০৬ চনৰ পৰা ‘বিজ্ঞান বর্ণালী’ নামৰ শিতান প্রকাশ। (৫) ১৯৬৭ চনৰপৰা বৰ্তমানলৈকে বিজ্ঞান জেউতিত প্রবন্ধ প্রকাশ। (৬) ১৯৭৮-২০০৪ চনৰ কালছােৱাত আকাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্রযােগে জনপ্রিয় বিজ্ঞানৰ ৮০ টাৰাে অধিক কথিকা আৰু ৰূপক সম্প্রচাৰিত হৈছিল। (৭) অসম প্ৰকাশন পৰিষদৰ অসমীয়া বিশ্বকোষ’, অসম সাহিত্য সভাৰ ‘শিশু জ্ঞান কোষ’, অসম বিজ্ঞান সমিতিৰ ‘বিজ্ঞান অভিধান (প্রথম খণ্ড), ‘বিশ্বকোষ (বিজ্ঞান খণ্ড), আৰু অশােক প্রকাশনৰ বিজ্ঞান অভিধান’ত ভালেমান প্রৱিষ্টি ৰচনা কৰিছে। (৮) অসম বিজ্ঞান পৰিৱেশ আৰু প্রযুক্তি প্রতিষ্ঠানে (এছটেক) ২০০৯ চনত ক্ষীৰধৰ বৰুৱাৰদ্বাৰা প্ৰণীত পৰিৱেশবিজ্ঞান অভিধান প্রকাশ কৰিছে। পৰিৱেশবিজ্ঞানৰ অভিধান প্রকাশ কৰাটো ভাৰতীয় আঞ্চলিক ভাষাত এয়ে প্রথম। সম্পাদিত ৰচনাসমূহ : (১) ১৯৯০ চনত অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ স্মৃতিগ্রন্থ ‘বিশ্বনাথ দীপিকা’ৰ সম্পাদনা। সেই গ্রন্থত অসমীয়া সাহিত্য সম্পর্কে বৰুৱাৰ এটা দীঘল নিবন্ধ প্রকাশ। (২) ১৯৯৯-২০০১ চনত ‘বিজ্ঞান জেউতিৰ সম্পাদনা।। (৩) ২০০১ চনত অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ সম্পাদনা। (৪) ২০০১-২০০২ চনত অসম সাহিত্য সভাই প্রকাশ কৰা ‘বিশ্বকোষ (বিজ্ঞান খণ্ড)’ৰ সহযােগী সম্পাদকৰ দায়িত্ব পালন। (৫) ২০০৪, ২০০৫ চনত অসম বিজ্ঞান লেখক সংস্থাৰ ৬খন জনপ্রিয় বিজ্ঞান গ্রন্থমালা, আৰু জিনম আৰু কোৱান্টাম নামৰ দুখন
স্মৃতিগ্ৰন্থৰ সম্পাদনা। (৬) ২০০৫ চনত অসম বিজ্ঞান সমিতিৰ অসমীয়া বিজ্ঞান সাহিত্য ও অতীতৰপৰা বৰ্তমানলৈ’ গ্রন্থৰ সংকলন আৰু সম্পাদনা। (৭) আকাশ শিশু বিজ্ঞান অনুষ্ঠান’ৰ প্ৰকাশন ‘আকাশ বিজ্ঞান-বার্তা’ৰ সম্পাদনা। (৮) ২০১৫ চনৰপৰা অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ মুখপত্র ‘পৰিৱেশ-বাতৰিৰ অতিথি সম্পাদকৰ দায়িত্ব পালন। (৯) ২০১৫ চনৰপৰা শৰাইঘাট ইয়াৰবুক’ৰ বিজ্ঞান অংশৰ সম্পাদনাৰ দায়িত্ব পালন। বিজ্ঞানৰ সংগঠনৰ দায়িত্বভাৰ, প্রতিষ্ঠা, অংশগ্রহণ আদি : (১) ১৯৮৪-১৯৮৭ চনলৈকে অসম বিজ্ঞান সমিতিৰ বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক। (২) ৰাজ্যৰ বিভিন্ন ঠাইত অসম বিজ্ঞান সমিতি, চৰকাৰী বিজ্ঞান-প্রযুক্তি বিভাগ, অসম সাহিত্য সভা আদিৰদ্বাৰা আয়ােজিত সভা, আলােচনাচক্র, কর্মশালা আদিত অংশ গ্রহণ। (৩) ১৯৮৭-২০০২ চনৰ কালছােৱাত মহীশুৰ, নতুন দিল্লী, কলকতা, মণিপুৰ আদি ৰাজ্যৰ বাহিৰৰ ঠাইত কর্মশালা, আলােচনাচক্র আদিত সমল ব্যক্তি বা আলােচক হিচাপে অংশ গ্রহণ। (৪) ২০০১ চনৰপৰা ‘আকাশ শিশু বিজ্ঞান অনুষ্ঠান’ৰ প্ৰতিষ্ঠাপক সভাপতি। (৫) ২০০২-২০০৪ চনৰ কালছােৱাত অসম বিজ্ঞান লেখক সংস্থাৰ সভাপতি। (৬) ২০০৬ চনৰপৰা ‘গ্রাম্য জনবিজ্ঞান মঞ্চ’ৰ প্ৰতিষ্ঠাপক সভাপতি। (৭) ১৯৯৩ চনৰপৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্রেছৰ কাৰ্যসূচীৰ সৈতে জড়িত। (৮) ২০১৮ চনত অসম বিজ্ঞান সমিতিৰ বিস্তৃত কর্মসূচীৰ অন্তৰ্গত আর্কাইভ উপসমিতিৰ সভাপতিৰ দায়িত্ব গ্রহণ।
 

Get Social


Keep Sharing 🤗

Leave a Reply

avatar
  Subscribe  
Notify of
Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish