অসমীয়া বিজ্ঞান সাহিত্যলৈ ড° জয়ন্তী চুতীয়াৰ অৱদান

Keep Sharing 🤗

অসমীয়া বিজ্ঞান সাহিত্যলৈ ড° জয়ন্তী চুতীয়াৰ অৱদান

- মানসী গোস্বামী

📚 time to read: 16 minutes

বাৰিষাৰ আকাশ। আকাশৰ আন্ধাৰৰ ক’লা ফালি, মাটিৰ বুকুলৈ নামি অহা বিজুলীৰ ৰেখাডালত প্ৰাকৃতিকভাৱে পদাৰ্থৰ চতুৰ্থ অৱস্থাই থিতাপি লয়, ক্ষণিকৰ বাবে। প্লাজমা সেই চতুৰ্থ অৱস্থাৰ নাম। এই প্লাজমাৰ অন্বেষণেই তেওঁৰ চিনাকি। কিন্তু বিজুলীৰ চিকমিকনিৰ শিল্পই লুকুৱাই ৰখা প্লাজমাৰ বিজ্ঞানৰ দৰেই, তেওঁৰ জীৱনৰ বৈজ্ঞানিক সাধনাতো সন্নিহিত হৈ আছে শৈল্পিক তৃষা। আৰু সেই তৃষাৰেই তেওঁ জীৱন আৰু জগতৰ বৰ্ণিল আকাশত জিজ্ঞাসা আৰু কৃচ্ছ্ৰ-অধ্যয়নৰ কাহিনীবোৰক কথাশিল্পৰ ৰূপ দি তুলি আনিছে আমাৰ সমুখলৈ। বিজ্ঞানৰ হাত ধৰি। জীৱনৰ পঢ়াশালিৰ পাতে পাতে সৰল আৰু স্পষ্ট ভাষাৰে বিজ্ঞানক শিল্পলৈ সলনি কৰি মানুহৰ মনত অনুসন্ধিৎসা, বৈজ্ঞানিক গৱেষণা আৰু নিৰলস অধ্যয়নৰ প্ৰতি আগ্ৰহৰ বিজুলী চমকাবলৈ অহৰহ চেষ্টা চলোৱা, এইগৰাকী কৃতী বক্তিত্বৰ নাম ড০ জয়ন্তী চুতীয়া।  প্লাজমা পদাৰ্থ বিজ্ঞানৰ এইগৰাকী কৃতবিদ্য বিজ্ঞানীয়ে নিজৰ বৰ্ণিল কৰ্মজীৱনত সহচৰ কৰি লৈছে বিজ্ঞানৰ সমান্তৰালকৈ শিল্প আৰু সাহিত্যক আৰু তাৰেই চানেকি তেওঁৰ বিভিন্ন গ্ৰন্থৰাজিৰ পাতে পাতে সিঁচৰতি হৈ আছে।  বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণা ড০ চুতীয়াৰ জীৱনৰ আধাৰ আৰু সেয়েই সাহিত্য চৰ্চাৰ মাজেৰে বিজ্ঞানৰ বাৰ্তা ৰাইজৰ কাষলৈ সহজবোধ্য কৰি কঢ়িয়াই নিবলৈ বিজ্ঞানীগৰাকীয়ে চলাই অহা প্ৰচেষ্টাই ৰূপ লৈছে বোধগম্ভীৰ, অথচ সৰল কথাচয়নৰ ।

এই আপাহতে এটা কথা উল্লেখ কৰিব পাৰি যে, অসমীয়া বিজ্ঞান সাহিত্যৰ ইতিহাস তেনেই চালুকীয়া নহয়। হস্তী বিদাৰ্ণৱৰো পূৰ্বে, তৎকালীন প্ৰেক্ষাপটৰ বিজ্ঞান চৰ্চাৰ কিতাপ অসমীয়া ভাষাত অনুদিত হৈছিল। চাবলৈ গ’লে ডাকৰ বা খনাৰ বচনো আছিল তৎকালীন প্ৰেক্ষাপটত সামাজিকভাৱে গুৰুত্বপূৰ্ণ বুলি স্বীকৃত অনেক বিষয়ৰ বৈজ্ঞানিক ভিত্তিৰ সাহিত্যিক প্ৰতিফলন।  পৰৱৰ্তী কালত অৰুণোদয়, জোনাকী আদি কাকতৰ মাধ্যমেৰে অসমীয়া ভাষাত বিজ্ঞান বিষয়ক চৰ্চাই নতুন গতি লাভ কৰে;  যাক নতুন বাটেৰে আগুৱাই নিয়ে ড০ দীনেশ চন্দ্ৰ গোস্ৱামী, ড০ ক্ষীৰধৰ বৰুৱা – আদি বিজ্ঞানী-সাহিত্যিকৰ কলমে। অসমীয়া বিজ্ঞান সাহিত্যৰ আধুনিক যুগটোত নতুন মাত্ৰা দিয়াত অৰিহণা যোগোৱা  মুষ্টিমেয় সাহিত্যিকৰ মাজত ড০ জয়ন্তী চুতীয়া এক প্ৰণিধানযোগ্য নাম।

বৃটিছ ৰসায়নবিদ তথা ঔপন্যাসিক চি পি স্নোৰ বহু-চৰ্চিত ৰচনা “The Two Cultures and the Scientific Revolution”ত সমসাময়িক বিদ্যায়তনিক সমাজত বিজ্ঞান আৰু কলা – এই দুই বিষয়ৰ চৰ্চাকাৰীসকলৰ মাজত ক্ৰমশঃ বৃদ্ধি পোৱা ব্যৱধানক লৈ কৰা আলোচনাত সমাজৰ উৎকৰ্ষৰ বাবে এই দুই বিষয়ৰ মাজত যোগসূত্ৰ স্থাপনৰ প্ৰয়োজনীয়তাক উল্লেখ কৰা হৈছে। তৎকালীন প্ৰেক্ষাপটত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰা এই ৰচনাখনৰ প্ৰাসংগিকতা তথা অন্যান্য দিশ সম্পৰ্কে হোৱা চৰ্চাৰ আঁত ধৰিয়েই বিজ্ঞান লেখক জন ব্ৰকমেনে তেওঁৰ গ্ৰন্থ ‘The Third Culture: Beyond the Scientific Revolution’ ত সূচনা কৰিছে, ‘তৃতীয় সংস্কৃতি’ৰ ধাৰণাৰ ; য’ত বিজ্ঞানক সৰল-সহজ ভাষাত ৰাইজৰ কাষলৈ লৈ যাবৰ প্ৰয়াস কৰা হৈছে, যাতে বিজ্ঞান আৰু কলা দুই ভিন্ন সংস্কৃতি হৈ নাথাকি, পাৰস্পৰিক মত-বিনিময় আৰু আন্তঃসম্পৰ্কৰে সামাজিক উৎকৰ্ষৰ কামত ব্যৱহৃত হ’ব পাৰে। ড০ জয়ন্তী চুতীয়াৰ বিজ্ঞান সাহিত্যৰাজি এই তৃতীয় সংস্কৃতিৰ দ্বৰ্থ্যহীন প্ৰতিভূ।

ড০ চুতীয়া হ’ল সেইসকল মুষ্টিমেয় মহিলাৰ মাজৰ এগৰাকী, যাৰ জীৱন বিজ্ঞানৰ অধ্যয়নত সমৰ্পিত। আজিকোপতি, বিভিন্ন সামাজিক-সাংস্কৃতিক-পেশাগত কাৰণত, বৈজ্ঞানিক বিষয়সমূহত মহিলাৰ আধিপত্য তেনেই সীমিত। অসম বা ভাৰতৰ দৰে সমাজ-ব্যৱস্থাসমূহতো বাদেই, পাশ্চাত্য জগততো মহিলাৰ বিজ্ঞানচৰ্চাৰ বাট বৰ সুগম নাছিল। অনেক বিষয়ৰ অধ্যয়নৰ বাবে মহিলাক উপযুক্ত বুলি গণ্য নকৰাৰ পৰা, মাহিলী পাৰিতোষিক প্ৰদানত বিষংগতি, গৱেষণাকক্ষত পুৰুষ সহকৰ্মীৰ সমানে প্ৰৱেশৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা তথা অনেক সময়ত প্ৰাপ্য সন্মান আৰু স্বীকৃতিৰ পৰা বঞ্চিত কৰা আদি নানা বৈষম্যৰ হেঙাৰ পাৰ কৰিহে মহিলাসকলে বিজ্ঞান চৰ্চাৰ দুৱাৰডলিত ভৰি দিবলৈ সক্ষম হৈছিল। ভাৰতৰ আগশাৰীৰ বিজ্ঞান প্ৰতিষ্ঠান তথা কেবাজনো প্ৰথিতযশা বিজ্ঞানীৰ মানসিকতাতো এই লিংগবৈষম্যৰ প্ৰাদুৰ্ভাৱ আছিল ব্যাপক। কিন্তু প্ৰত্যাহ্বান আছে মানেই যে তাক নেওচি আগবঢ়াৰ দৃঢ়তাও সমানেই থাকিব – সেয়াই অৱধাৰিত। ড০ জয়ন্তী চুতীয়াও ইয়াৰ ব্যতিক্ৰম নহয়। তেওঁ শিক্ষাগ্ৰহণ কৰা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়খনত গণিতৰ শিক্ষক নথকাৰ পাছতো, ব্যক্তিগত আগ্ৰহ, নেৰানেপেৰা শ্ৰম আৰু পিতৃৰ উৎসাহৰ বলত ড০ চুতীয়াই গণিতক বিষয় হিচাপে লৈ মেট্ৰিক পৰী‌ক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। এক আত্মজৈৱনিক ৰচনাত উল্লেখ কৰা অনুসৰি, শৈশৱ-কৈশোৰত পিতৃৰ মুখত বিশ্ববিশ্ৰুত বিজ্ঞানীসকলৰ জীৱন-কাহিনীৰ কথা শুনোতে, প্ৰথম নোবেল বঁটা বিজয়ী মহিলা বিজ্ঞানী মেৰী কুৰীৰ কথা জানিবলৈ পাই ড০ চুতীয়া আচৰিত হৈছিল, কিয়নো তেতিয়ালৈকে তেওঁৰ ধাৰণা আছিল যে কেৱল পুৰুষেহে ডাঙৰ, সফল বিজ্ঞানী হ’ব পাৰে। এনেকুৱা এক সীমিত পৰিৱেশতে ড০ জয়ন্তী চুতীয়াই ৬০-৭০ৰ দশকতে পদাৰ্থ বিজ্ঞানৰ উচ্চ শিক্ষা গ্ৰহণ কৰি, কেৱল ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰাই নহয়, ১৯৮৩ চনত প’ষ্ট ডক্টৰেট গৱেষনাও সম্পন্ন কৰে প্লাজমা পদাৰ্থবিজ্ঞানৰ দৰে পদাৰ্থ বিজ্ঞানৰ এক  আপাততঃ নতুন বিভাগত। ড০ চুতীয়াৰ বৈজ্ঞানিক মেধা আৰু আত্মনিষ্ঠাৰ ই এক গভীৰ স্বাক্ষৰ হোৱাৰ লগতে, তেওঁৰ সাহিত্যসমূহো এই হেঙাৰ নেওচাৰ অনুপ্ৰেৰণাৰে সমৃদ্ধ। উদাহৰণস্বৰূপে, ‘বিদুষীৰ জগতত’ শীৰ্ষক গ্ৰন্থত পদাৰ্থবিজ্ঞানী লিজ মেইটনাৰৰ বিষয়ে লেখিকাই ৰচনাৰ একেবাৰে শেষৰ দফাত উল্লেখ কৰিছে এইদৰে – “যি সময়ত মহিলাসকলক উচ্চ শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল, সেই সময়ত মেইটনাৰে সকলো প্ৰতিবন্ধকতা নেওচি, পুৰুষসকলৰ ঠাট্টা মস্কৰা সহ্য কৰি বিজ্ঞান জগতলৈ যি সেৱা আগবঢ়াইছিল, সি সঁচায়ে অতুলনীয় আৰু অনবদ্য।” একেখন গ্ৰন্থতে গণিতজ্ঞ এমি নোৱেদাৰৰ জীৱনৰ প্ৰত্যাহ্বানৰ কাহিনী বৰ্ণাই লেখিকাই শেষত কৰা মন্তব্যটি মন কৰিবলগীয়া – “অত্যন্ত মেধা আৰু প্ৰতিভাৰে অলংকৃত হৈও জীৱনত প্ৰতিষ্ঠা লাভৰ বাবে তেওঁ যি কঠোৰ সংগ্ৰাম কৰিব লগা হৈছিল, তাক ভাৱিলে আচৰিত হ’ব লাগে। প্ৰথম কথা হ’ল তেওঁ উনৈশ-কুৰি শতিকাৰ দোমোজাত পালিত হোৱা এগৰাকী মহিলা। দ্বিতীয়তে ইহুদী হৈ জন্ম লোৱাৰ দূৰ্ভাগ্য। হিমালয় সদৃশ এই প্ৰতিৰোধ প্ৰতিহত কৰি তেওঁ গণিত আৰু তাত্বিক পদাৰ্থবিজ্ঞান জগতলৈ যি সৃষ্টিমূলক বৰঙণি আগবঢ়ালে, সি চিৰযুগমীয়া হৈ ৰ’ব। ”

বিশ্ববিদ্যালয় অনুদান আয়োগ তথা বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ ফেল’শ্বিপ লৈ পি এইছ ডি আৰু পষ্ট ডক্টৰেট গৱেষণা সম্পন্ন কৰাৰ পাছত ড০ চুতীয়াই যোগ দিয়ে  গুৱাহাটীস্থ সদ্যপ্ৰতিষ্ঠিত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন চাইন্স এণ্ড টেকন’ল’জীত (IASST)। ইয়াত যোগ দিয়েই তেওঁ প্লাজমা গৱেষণাগাৰ স্থাপনৰ দৰে গুৰুদায়িত্ব কান্ধ পাতি লৈ, একেবাৰে শূণ্যৰ পৰা এই গৱেষণাগাৰক গঢ় দিয়ে। গৱেষণাবিষয়ক উচ্চ প্ৰশিক্ষণৰ বাবে টকিঅ’লৈ গৈ ইনষ্টিটিউট অৱ স্পেছ এণ্ড এষ্ট্ৰ্নাটিকেল চাইন্সত বিজ্ঞানী ৱাই নাকামূৰাৰ অধীনত গৱেষণা আৰম্ভ কৰে আৰু তাৰ পৰা উভতি আহি পুনৰ IASST ত যোগ দিয়ে। বৈজ্ঞানিক গৱেষণা আৰু অধ্যয়নৰ কাম অব্যাহত ৰখা ড০ চুতীয়াই ২০০৫ চনত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজ ইন চাইন্স এণ্ড টেকন’ল’জীৰ সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা এমেৰিটাছ বিজ্ঞানীৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা ড০ চুতীয়াই কাঁহজাতীয় পদাৰ্থ আৰু মুগা সূতাৰ ক্ষত অংশক লৈ কৰা গৱেষণাৰ ভিত্তিত দুটাকৈ পেটেণ্ট লাভ কৰাৰ ওপৰিও বিজ্ঞান গৱেষণাৰ বাবে কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈকো সক্ষম হয়। কৰ্মজীৱনৰ এই পৰিক্ৰমাত ভিন ভিন দেশ ভ্ৰমণ কৰি, তাৰ বৈজ্ঞানিক মহলৰ সতে মত-বিনিময়, প্ৰদৰ্শনী-সংগ্ৰহালয় পৰিদৰ্শন আদিৰ অভিজ্ঞতাৰে পুষ্ট হোৱা বিজ্ঞানীগৰাকীৰ ৰচনাসমূহত এই অভিজ্ঞতা আৰু জ্ঞানসমূহৰ প্ৰভাৱ স্বতঃস্ফূৰ্ত।

বিজ্ঞানক জনপ্ৰিয় কৰি তুলি, মানুহৰ মনত বিজ্ঞানৰ প্ৰতি আগ্ৰহ জগোৱাটো বিজ্ঞান সাহিত্যৰ অন্যতম উদ্দেশ্য। আৰু সেয়েই বিজ্ঞান সাহিত্যৰ ভাষা সদায় সৰল আৰু প্ৰাঞ্জল, নিৰ্মেদ হোৱা বাঞ্চনীয়। বস্তুনিষ্ঠ, দ্বৰ্থ্যহীন প্ৰকাশভংগীয়ে বিজ্ঞানসাহিত্যক ৰসোত্তীৰ্ণ কৰি তুলি মানুহৰ মনত ঠাই লভাত সহায় কৰে। ড০ চুতীয়াৰ বিজ্ঞানবিষয়ক গ্ৰন্থসমূহত এই সকলো বৈশিষ্ট্য লক্ষ্য কৰা যায়। গ্ৰন্থৰ মূলবিষয়ৰ পৰা বিষয়ান্তৰলৈ নগৈ, একেবাৰে পোনপটীয়াকৈ বিষয়বস্তুক উপস্থাপন কৰাৰ কলা লেখিকাই আয়ত্ব কৰিছে আৰু সেয়েই তেওঁৰ ৰচনাৰাজিত বিজ্ঞানৰ পৰিভাষা বিভ্ৰান্ত নহৈ নিজস্ব মহিমাৰে প্ৰোজ্জল। কিন্তু সেইবুলি তেওঁৰ ৰচনাৰাজি নিৰস, সম্পূৰ্ণ বিদ্যায়তনিক গদ্য হৈও ৰৈ যোৱা নাই। শৈশৱৰে পৰা বিজ্ঞান আৰু গণিতৰ সমান্তৰালকৈ সাহিত্যৰ প্ৰতিও আগ্ৰহী ড০ চুতীয়াই গদ্যশিল্পত অৰ্জন কৰা  এই নৈপুণ্য চকুত পৰা।

বিজ্ঞান সাহিত্যক যদি মূলতঃ সৃষ্টিশীল ৰচনা (কল্পবিজ্ঞান, গল্প-কবিতা-উপন্যাস আদি) আৰু প্ৰৱন্ধ আৰু জীৱনীমূলক ৰচনা – এই দুই ভাগত ভাগ কৰিব পাৰি, ড০ জয়ন্তী চুতীয়াৰ ৰচনাসমূহ মূলতঃ দ্বিতীয়টো ভাগৰ অন্তৰ্গত। তেওঁৰ দ্বাৰা অসমীয়া ভাষাত এতিয়ালৈকে প্ৰকাশিত বিজ্ঞানপুথি সমূহ হ’ল – মেডাম কুৰী (১৯৮৭), প্লাজমা (১৯৯৬), কুৰি শতিকাৰ পদাৰ্থ বিজ্ঞান (১৯৯৯), আৱিস্কাৰৰ সাধনা (২০০২), দূৰবীক্ষণ (২০০৫), ছাৰ আইজাক নিউটন (২০০৬), বিজ্ঞানী হোৱাৰ সপক্ষে এশটা যুক্তি (অনুবাদ) (২০০৯), বিদূষীৰ জগতত (২০১৫)।

অন্যহাতে, তেওঁ ৰচনা কৰা ভ্ৰমণ কাহিনী ‘ৰেড ইণ্ডিয়ানৰ দেশত’ শীৰ্ষক গ্ৰন্থখনিত বিভিন্ন স্থান, সংগ্ৰহালয়, গৱেষণা কেন্দ্ৰ আদিৰ ভ্ৰমণৰ সতে ৰজিতা খুৱাই দিয়া বিভিন্ন বৰ্ণনাতো বিশ্বৰ বৈজ্ঞানিক গৱেষনাৰ অনেক সমলৰ বৰ্ণনা সন্নিৱিষ্ট হৈছে।

বিজ্ঞানীৰ জীৱনীভিত্তিক ৰচনা এইগৰাকী লেখিকাৰ সাহিত্যকৰ্মৰ লাইখুটা।  ড০ চুতীয়াৰ বিজ্ঞানভিত্তিক ৰচনাৰাজিৰ এক মুখ্য অংশ মহান বিজ্ঞানীৰ জীৱনকাহিনীয়ে দখল কৰি আছে। তেখেতৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ ‘মেডাম কুৰী’ৰ পৰা আৰম্ভ কৰি ‘ছাৰ আইজাক নিউটন’ৰ জীৱনী তথা একেবাৰে শেহতীয়াকৈ প্ৰকাশিত গ্ৰন্থ ‘বিদূষীৰ জগতত’ – এই কেওখন লেখিকাৰ জীৱনীমূলক ৰচনা। সততে জীৱনীমূলক ৰচনাত লেখকৰ ব্যক্তিগত উৎসাহ আৰু আগ্ৰহৰ ফলত সংশ্লিষ্ট ব্যক্তিজনৰ জীৱনৰ এক ঘঁহি-মাজি নিপোটল কৰা ৰূপ প্ৰকাশৰ যি প্ৰৱণতা, সেই প্ৰৱণতা এইকেইখন জীৱনীত দেখা নাযায়। মূলতঃ এইসকল ব্যক্তিৰ জীৱন-চৰ্যা, সংঘাত-সাধনা, আৱেগ-অনুভূতি – সকলোকে কোনো অলংকাৰ-বিভূষণ অবিহনেই, অথচ পঢ়ুৱৈৰ মনত অনুপ্ৰেৰণা জগাব পৰাকৈ লেখিকাই সফলভাৱে উপস্থাপন কৰিছে। উদাহৰণস্বৰূপে, দুবাৰকৈ নোবেল বঁটাৰ সন্মানিত মেৰি কুৰীৰ কাহিনী আধাৰিত গ্ৰন্থ – ‘মেডাম কুৰী’ত মেৰি কুৰীৰ জীৱনৰ উপন্যাসোপম কাহিনী তেনেই নিভাঁজকৈ উপস্থাপন কৰা হৈছে। অথচ লেখিকাৰ জীৱনত মেৰি কুৰীৰ প্ৰভাৱ আৰু আকৰ্ষণ আছিল অনন্য, যি কথা তেওঁ স্থানান্তৰত উল্লেখ কৰিছে।  মেৰি কুৰী-পিয়েৰ কুৰীৰ জীৱনলৈ অহা নানা প্ৰত্যাহ্বান-সমস্যা-সংকটৰ পাছতো সমাজ আৰু মানুহৰ বাবে আত্মোৎসৰ্গ কৰাৰ মানসিকতাৰে উজ্জীৱিত হৈ থাকি মহানতাৰ পৰিচয় দিয়া এই বিজ্ঞানী দম্পত্তিৰ কাহিনীৰ নিটোল বৰ্ণনাই সহজেই অন্তৰ স্পৰ্শ কৰে।  এইখিনিতে প্ৰসংগক্ৰমে অতি সচেতনভাৱে লেখিকাই পঢ়ুৱৈলৈ এৰি যোৱা বাৰ্তাবোৰৰ কথনভংগীৰ কথা উল্লেখ কৰিব পাৰি। মেৰি কুৰীৰ বিবাহোত্তৰ কালত সন্তান জন্ম দিয়াৰ পাছত সমসাময়িক  অন্য মহিলাৰ দৰে চাকৰি জীৱনৰ পৰা অৱসৰ নলৈ, গৱেষণাৰ কামত মনোনিৱেশ কৰা মেৰী কুৰীৰ মনোবল আৰু দৃঢ়তা সম্পৰ্কে লেখিকাই মন্তব্য কৰিছে এইদৰে – “মেৰীয়ে এনে সমস্যাক সহজে চম্ভালিব পাৰিছিল আৰু তাৰ বাবে গৱেষণাৰ কাম-কাজ বন্ধ কৰা নাছিল। আনকি ‘থেছিছ’ৰ বাবে এটা বিষয় নিৰ্বাচনৰ চিন্তাহে কৰিবলৈ ল’লে। বৈজ্ঞানিক জীৱনত ই এটা গুৰুত্বপূৰ্ণ কথা।” একেবাৰে শেষৰ শাৰীটোৱে বৈজ্ঞানিক গৱেষণাৰ বাবে দৰকাৰী একাগ্ৰতা আৰু দৃঢ়তা সম্পৰ্কে এক প্ৰছন্ন ইংগিত পাঠকলৈ এৰি দিয়ে।

‘বিদূষীৰ জগতত’ – দেশ-বিদেশৰ মুঠ ১৫ গৰাকী বাটকটীয়া মহিলা বিজ্ঞানী তথা চিকিৎসকৰ জীৱনৰ কাহিনীৰে সমৃদ্ধ এই গ্ৰন্থখন ড০ জয়ন্তী চুতীয়াৰ অসমীয়া জীৱনীসাহিত্যলৈ অন্যতম শ্ৰেষ্ঠ সংযোজন। আমি ইতিমধ্যেই উল্লেখ কৰিছো যে নিজে মহিলা হোৱাৰ বাবেই ড০ চুতীয়া বিজ্ঞানৰ জগতখনত থকা লিংগ বৈষম্য তথা নিম্ন প্ৰতিনিধিত্বৰ প্ৰতি সচেতন। আৰু সেয়েই ১৫ গৰাকী বিজ্ঞানৰ নানা ক্ষেত্ৰৰ সতে জড়িত মহিলা বিজ্ঞানীৰ জীৱন-কাহিনীৰ এই সংকলনৰ প্ৰণয়ন কৰি তেওঁ স্পষ্টভাৱেই আশা প্ৰকাশ কৰিছে কৰিছে যে, গ্ৰন্থখনে “নতুনকৈ উঠি অহা ছাত্ৰ, বিশেষকৈ ছাত্ৰীসকলক বিজ্ঞান গৱেষণাৰ পথত খোজ পেলাবলৈ কিঞ্চিৎ হ’লেও অনুপ্ৰেৰণা যোগাব পাৰিব।” মেদহীন, নিৰ্ভেজাল জীৱন-কথনৰ যি স্বাদ এই গ্ৰন্থখনত পোৱা যায়, সেয়া অবিস্মৰণীয়। কেইগৰাকীমান সততে চৰ্চালৈ নহা, অথচ সকলো প্ৰতিবন্ধকতাৰ পাহাৰ লংঘি, অহৰহ জীৱনবোধ আৰু সাধনাৰ বাট দেখুওৱা অসাধাৰণ প্ৰতিভাধৰ মহিলাৰ জীৱন আৰু জগতৰ এই বৰ্ণনা এপিনে যিদৰে লেখিকাৰ সাহিত্যিক পটুতাৰ নিদৰ্শন, আনপিনে তেওঁৰ প্ৰজ্ঞা আৰু বীক্ষাৰ উৎকৃষ্টতম উদাহৰণ।

ভাৰতীয় বিজ্ঞান একাডেমীৰ দ্বাৰা প্ৰকাশিত ‘মাই এক্সপেৰিয়েন্স উইথ ৰিচাৰ্ছ’ শীৰ্ষক স্মৃতিমূলক ৰচনাত ড০ চুতীয়াই উল্লেখ কৰিছে যে, পঢ়াশালিয়া জীৱনত তেওঁ বিজ্ঞান, গণিত আৰু সাহিত্যৰ প্ৰতি সমানে আগ্ৰহী আছিল। তেওঁৰ এই আগ্ৰহৰ প্ৰতিফলন ঘটিছে বিজ্ঞানভিত্তিক গ্ৰন্থসমূহৰ ভাষাৰ সাৱলীলতা, বৰ্ণনাৰ মাধুৰ্য্য আৰু খোকোজাহীন কথনত। এই কেওটা কথাৰে প্ৰমাণ পাব পাৰি তেখেতৰ অনুবাদ গ্ৰন্থ ‘বিজ্ঞানী হোৱাৰ সপক্ষে এশটা যুক্তি’ত। অসমীয়া বিজ্ঞান সাহিত্যৰ ভঁৰাললৈ বিজ্ঞানীগৰাকীৰ ই এক অনবদ্য সংযোজন। গ্ৰন্থখনি হ’ল – ইটালীৰ ট্ৰিয়েষ্টিত থকা আব্দুছ ছালাম আন্তৰ্জাতিক তাত্বিক পদাৰ্থবিজ্ঞান কেন্দ্ৰ (The Abdus Salam International Centre for Theoretical Physics)ৰ দ্ৱাৰা প্ৰকাশিত ‘One Hundred Reasons to be a Scientist’ শীৰ্ষক গ্ৰন্থৰ অনুবাদ। কেন্দ্ৰটিৰ দুকুৰি বছৰীয়া জন্ম বাৰ্ষিকী উপলক্ষে প্ৰকাশিত এই গ্ৰন্থত মুঠ ৯২ জন বিজ্ঞানীৰ ব্যক্তিগত জীৱনৰ নানা কথা, ঘটনা, বিজ্ঞান সম্পৰ্কে তেওঁলোকৰ মনোবৃত্তি, বিজ্ঞানৰ সাধনা, জীৱনৰ আদৰ্শ আৰু অনুপ্ৰেৰণা আদি সন্নিৱিষ্ট কৰা হৈছে । উল্লেখনীয় যে, এই কেওজন বিজ্ঞানীয়েই নিজা নিজা ক্ষেত্ৰত নোবেল পুৰস্কাৰ, আইটিচিপি ডিৰাক মেডেল, ফিল্ডছ মেডেল, ৱল্ফ পুৰস্কাৰ আদি উচ্চ পৰ্য্যায়ৰ স্বীকৃতিৰে সন্মানিত। এনে এখন গ্ৰন্থৰ ৰসাস্বাদন কৰি আপ্লুত হোৱা ড০ চুতীয়া অৱধাৰিতভাৱেই সেই ৰস আৰু আনন্দ অসমীয়া পাঠক, বিশেষকৈ বিজ্ঞানানুৰাগী ছাত্ৰ-ছাত্ৰীৰ মাজলৈ বিয়পাই দিবলৈ আগ্ৰহী আৰু  সেই সূত্ৰেই এই গ্ৰন্থৰ অনুবাদ। অসমীয়া বিজ্ঞান সাহিত্যক চহকী কৰা গ্ৰন্থৰাজিৰ ভিতৰত এইখনি গ্ৰন্থক বিনা দ্বিধাই আগশাৰীত ৰাখিব পাৰি মূলতঃ দুটা কাৰণত – প্ৰথমতে ভিন ভিন কৃতী বিজ্ঞানী তথা গৱেষকৰ মনোজগত, জীৱন-চৰ্যা, সংঘাত, অনুপ্ৰেৰণা আদিৰ সতে অসমীয়া পাঠকক চিনাকি কৰি দি বিজ্ঞানৰ চৰ্চা কৰাৰ এক পৰিৱেশলৈ যোগোৱা অৱদানৰ বাবে আৰু দ্বিতীয়তে, সৰল আৰু সাৱলীল অনুবাদৰ বাবে। একেলগে ইমানকেইজন প্ৰথিতযশা বিজ্ঞানীৰ ব্যক্তিগত জীৱনৰ  সতে মুখামুখি কৰি দিয়াৰ তদনুৰূপ প্ৰচেষ্টা সম্ভৱতঃ অসমীয়া বিজ্ঞান সাহিত্যত দ্বিতীয় এটা পাবলৈ নাই। অনুবাদ এক কঠিন শিল্প। অন্য এক ভাষাত লিখিত কথা এখিনিক এটা বেলেগ ভাষালৈ তৰ্জমা কৰোঁতে ‘ভাষাৰ কালিকা’ বোলা কথাষাৰৰ মৰ্য্যদা বজাই ৰখা আৰু বৰ্ণনাখিনিক ‘পৰৰ ছাঁ’ৰ পৰা মুক্ত কৰাটো অনুবাদৰ আটাইতকৈ প্ৰত্যাহ্বান। কিন্তু ড০ চুতীয়াৰ যাদুকৰী কলমে অনুবাদৰ সেই প্ৰত্যাহ্বানক কাটি কৰি, স্বগুণেৰে জিলিকিবলৈ সক্ষম হৈছে। ভাষাৰ সাৱলীলতা, বৰ্ণনাৰ সৰলতাৰ বাবে গ্ৰন্থখনৰ পঢ়ুৱৈয়ে ক’তো উজুতি খাব লগা নহয়। কেৱল এইখন গ্ৰন্থ বুলিয়েই নহয়, ড০ চুতীয়াৰ সকলো বিজ্ঞানভিত্তিক ৰচনাত বিদেশী শব্দ একোটাকো, ঘৰুৱা ৰূপলৈ অতি স্বাচ্ছন্দ্যৰে সলনি কৰি পেলোৱা হৈছে, যিটো লেখিকাৰ দক্ষ হাতৰ পৰিচায়ক।

এইখিনিতে আমি এটা কথা মনত পেলোৱা উচিত যে বিজ্ঞান কেৱল পঢ়াশালিত অধ্যয়ন কৰিবলগীয়া এটা বিষয় নহয়। আমাৰ চৌপাশৰ পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতিটো কণাতে বিজ্ঞান নিহিত। আনকি সামাজিক পৰিকাঠামো, ৰীতি-সংস্কৃতি আদিৰো অনেকতে বিজ্ঞানৰ বীজ লুকাই থাকে। এই বিজ্ঞানক বিচাৰি চাবৰ বাবে শৈক্ষিক অৰ্হতাতকৈও অধিক জৰুৰী বিষয় হ’ল – বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানসিকতা। অনুসন্ধিৎসা, জিজ্ঞাসা আৰু বিশ্লেষণৰ মাজেৰে কোনো বিষয়, ঘটনা বা কাৰ্য্যৰ আঁৰৰ কাৰণ বিচাৰ – বৈজ্ঞানিক মনৰ এয়াই পৰিচয়। এনেহেন এক বৈজ্ঞানিক যুক্তিবাদী মনৰ উৎকৰ্ষৰ বাবে জনপ্ৰিয় বিজ্ঞান সাহিত্যৰ প্ৰয়োজন অনস্বীকাৰ্য্য। বিজ্ঞান সাহিত্যৰ এই দিশটোৰ প্ৰতি লেখিকা অত্যন্ত সচে‍তন। অসমৰ আগশাৰীৰ বিজ্ঞান আলোচনী ‘বিজ্ঞান জেউতি’ৰ বৰ্ষ ৫২, সংখ্যা ৪ ত প্ৰকাশিত এক জীৱনীমূলক সাক্ষাত্কাৰত তেওঁ এই কথা স্পষ্টভাষাতে উল্লেখ কৰিছে। তেখেতৰ মতে বিজ্ঞানৰ গঠনমূলক গৱেষণাক শিক্ষাৰ্থীৰ মাজত জনপ্ৰিয় কৰিবৰ বাবে যিদৰে বিজ্ঞানীৰ জীৱনী, আৱিস্কাৰৰ কাহিনী আদি আলোচনা কৰাৰ দৰকাৰ আছে, একেদৰে বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰতো বিজ্ঞানভিত্তিক নানা দিশৰ বিষয়ত গ্ৰন্থৰ প্ৰকাশ কৰাটো সমানেই প্ৰয়োজনীয়। ‘কুৰি শতিকাৰ পদাৰ্থ বিজ্ঞান’, ‘দূৰবীক্ষণ’, ‘প্লাজমা’, ‘আৱিস্কাৰৰ সাধনা’ – আদিৰ দৰে ক্ষুদ্ৰকায় গ্ৰন্থকেইখনত জনপ্ৰিয়  বিজ্ঞান সাহিত্যৰ এই ভূমিকাৰ সুস্পষ্ট উদাহৰণ। কেওখন গ্ৰন্থতে সংশ্লিষ্ট বিষয়ৰ ইতিহাস, বিৱৰ্তন, প্ৰয়োগ, নানান বৈশিষ্ট্য আদিক ইমান সৰলভাৱে ফঁহিয়াই বৰ্ণনা কৰা হৈছে যে, কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, বয়স্ক লোকৰ বাবেও এয়া এক তথ্যসমৃদ্ধ অথচ উপাদেয় ৰচনাসম্ভাৰলৈ পৰ্য্যবসিত হৈছে। নিৰলস সাধনা, অধ্যৱসায়, নিষ্ঠা আৰু একাগ্ৰতাৰে ভূমিত উপজা মানুহৰ ভুমামুখী উত্তৰণৰ কাহিনীয়ে জীপাল কৰা এই গ্ৰন্থসমূহে বিজ্ঞানৰ বাটত খোজ দিয়া মানুহক সদায়েই জ্ঞান আৰু প্ৰজ্ঞাৰ জাননী দি থাকিব। উদাহৰণস্বৰূপে, দূৰবীক্ষণ শীৰ্ষক গ্ৰন্থত দূৰবীণৰ বিকাশৰ কাহিনী কোৱাতেই লেখিকাই দায়িত্ব শেষ কৰা নাই, তেওঁৰ গ্ৰন্থখনৰ সমাপ্তি হৈছে নভোবীক্ষণৰ পৰম সম্ভাৱনাময় ভৱিষ্যত পৃথিৱীখনৰ প্ৰসংগৰে, যাতে সেই প্ৰসংগই কোনোবা পঢ়ুৱৈক সেই পাৰাপাৰহীন জগতত বিচৰণ কৰাৰ হাবিয়াসেৰে উদ্বুদ্ধ কৰিব পাৰে – “দূৰবীক্ষণৰ অভূতপূৰ্ব যাত্ৰাই আমাক ক’লৈ লৈ যাব, তাক আজি ঠাৱৰ কৰাটো কঠিন হৈ পৰিছে। হয়তোবা প্ৰথম তৰাৰ সৃষ্টি, ব্ৰক্ষ্মাণ্ডৰ সৃষ্টি, তাৰ অতীত, ভৱিষ্যত, এই সকলো ৰহস্যৰ পথ এটা এটাকৈ এদিন মুকলি হ’ব।” স্বনামধন্য লেখক-সমালোচক হোমেন বৰগোহাঞিদেৱে সেয়েই ‘কুৰি শতিকাৰ পদাৰ্থ বিজ্ঞান’ শীৰ্ষক গ্ৰন্থৰ বিষয়ে উল্লেখ কৰিছে এইদৰে – ‘চি.পি.স্নোই কলা আৰু বিজ্ঞানৰ মাজত যিধৰণৰ সেতু বন্ধন বিছাৰিছিল তাৰ আভাস পোৱা যায় ড০ চুতীয়াৰ ‘কুৰি শতিকাৰ পদাৰ্থ বিজ্ঞান’ নামৰ অকণমানি কিতাপখনত।’ বিজ্ঞানৰ চৰ্চাৰ প্ৰতি লেখিকাৰ আগ্ৰহৰ প্ৰমাণ পোৱা যায় তেওঁৰ ভ্ৰমণ কাহিনী ‘ৰেড ইণ্ডিয়ানৰ দেশত’ শীৰ্ষক গ্ৰন্থত। য’ত আমেৰিকাৰ ৰাজধানী ৱাশ্চিংটনৰ বৰ্ণনা দিবলৈ গৈ লেখিকাই প্ৰসংগক্ৰমে স্মিথছনিয়ান প্ৰতিষ্ঠান তথা জাতীয় বায়ু আৰু মহাকাশ সংগ্ৰহালয়ৰ বিভিন্ন সামগ্ৰীৰ আলমত মহাকাশ বিজ্ঞানৰ উত্তৰণৰ ইতিহাসক তুলি ধৰিছে।

        সচৰাচৰ জীৱনীভিত্তিক ৰচনা, প্ৰৱন্ধ-আলোচনা আদিত ৰচনাকাৰৰ আত্মবৰ্ণনৰ একঘেয়ামীতাই পাঠকক আমনি দিয়ে। লক্ষ্যণীয়ভাৱে, ব্যক্তিগত জীৱনৰ বৰ্ণনা বৰ্জন ড০ চুতীয়াৰ বিজ্ঞানভিত্তিক সমূহ গ্ৰন্থৰে এক যোগাত্মক বৈশিষ্ট্য। অতি সচেতনভাৱে, বৈজ্ঞানিক সাহিত্যৰ বৈশিষ্ট্য বজাই ৰাখি লেখিকাই প্ৰত্যেকেখন গ্ৰন্থত এক নিৰপেক্ষ অৱস্থানৰ পৰা সংশ্লিষ্ট বিষয়ক পঢ়ুৱৈৰ ওচৰত তুলি ধৰিছে আৰু তাৰ অনুধাৱনৰ ভাৰ এৰি দিছে পঢ়ুৱৈৰ নিজৰ হাতত। এনেবোৰ কাৰণতে ড০ চুতীয়াৰ বিজ্ঞানভিত্তিক গ্ৰন্থৰাজিয়ে গ্ৰন্থকাৰৰ ব্যক্তিগত মতামত, পছন্দ-অপছন্দৰ সীমাত আৱদ্ধ হৈ নাথাকি যৌক্তিক চৰ্চা আৰু বিশ্লেষণৰ বাট মুকলি কৰিছে আৰু সেই অৰ্থতেই বৈজ্ঞানিক মানসিকতা আৰু স্বাধীন চিন্তা গঠনত তেওঁৰ সাহিত্যৰ ভূমিকা কালজয়ী।

এগৰাকী পদাৰ্থবিদ ড০ চুতীয়াৰ সাহিত্যিক প্ৰতিভাকো পদাৰ্থবিজ্ঞানৰ বস্তুনিষ্ঠ, যুক্তিনিৰ্ভৰ দৰ্শনে প্ৰভাৱিত কৰিছে। সেইবাবেই, তেওঁৰ ৰচনাৰাজি আৱেগৰ অনিয়ন্ত্ৰিত বিচৰণৰ মেদবহুলতাৰ পৰা মুক্ত। আনহে নেলাগে, কিতাপৰ পাতনিতো বাহুল্য পৰিহাৰ কৰি তেওঁ সুস্পষ্টকৈ মূল কথাখিনিক প্ৰক্ষেপ কৰিছে। এনে সংযমী গদ্যৰীতি বিজ্ঞান সাহিত্যৰ বাবে অতীৱ প্ৰয়োজনীয় দিশ আৰু সেই দিশৰ পৰা ড০ চুতীয়াৰ ৰচনাসম্ভাৰে অসমীয়া বিজ্ঞান সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে। অসমীয়া বিজ্ঞান সাহিত্যৰ ইতিহাসক সমৃদ্ধ কৰি তোলা ড০ চুতীয়াৰ এই অৱদানসমূহৰ স্বীকৃতি হিচাপে তেওঁ  লাভ কৰিছে অসম বিজ্ঞান সমিতিৰ দূলৰ্ভ ডেকা স্মাৰক বঁটা (১৯৯৭) তথা অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা(২০০২) ।

ড০ জয়ন্তী চুতীয়া অসম তথা ভাৰততে বৈজ্ঞানিক প্ৰতিষ্ঠানৰ মূৰব্বী হিচাপে দায়িত্ব পালন কৰা প্ৰথম মহিলাসকলৰ মাজৰ এগৰাকী। কেৱল বিদ্যায়তনিক কুছকাৱাজতে আৱদ্ধ নাথাকি, বিজ্ঞানক জনপ্ৰিয় কৰাৰ স্ব-প্ৰণোদিত দায়িত্বৰে দায়িত্বশীল চুতীয়াৰ বিজ্ঞান-নিষ্ঠ জীৱনেৰে তেওঁৰ সাহিত্যও সমৃদ্ধ। ‘বিজ্ঞানী হোৱাৰ সপক্ষে এশটা যুক্তি’ গ্ৰন্থৰ ‘অনুবাদিকাৰ একাষাৰ’ত উল্লেখ কৰিছে – “বিজ্ঞানীৰূপে, গৱেষকৰূপে কাম কৰাৰ যি আনন্দ, সেই উপলব্ধি কেৱল অভিজ্ঞজনেহে জানে।’ বৈজ্ঞানিক অন্বেষণৰ এই চুম্বকীয় আকৰ্ষণে উদ্বেলিত কৰা ড০ চুতীয়াৰ সাহিত্যৰাজিৰো আঁৰত আছে পঢ়ুৱৈক, বিশেষকৈ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ এই অনিৰ্বচনীয় জগতৰ প্ৰৱেশদ্বাৰৰ সঁচাৰ কাঠিৰ সন্ধান দিয়াৰ হেঁপাহ আৰু আগ্ৰহ। বাহ্যিক ৰং-বৰণ, ভোগ-বিলাসৰ কৃত্ৰিম প্ৰলেপৰ চিকমিকনি এৰি নজনাক জনাৰ যি সুতীব্ৰ আকৰ্ষণ, সেই আকৰ্ষণৰ প্ৰভাৱতেই লেখিকাৰ বিজ্ঞানমূলক ৰচনাৰাজি বাহুল্যবৰ্জিত, পোনপটীয়া, অথচ ছন্দহীনতাৰ দোষৰ পৰা মুক্ত। পাঠকৰ মন-মগজুক উদ্বেলিত কৰিব পৰা চিন্তাৰ ৰেশ যি ৰচনাৰ পাতে পাতে, সেই সাহিত্যৰ বাহ্যিক ৰূপটো কিন্তু তেনেই সাধাৰণ; ঠিক গভীৰ নদীৰ দৰে; ওপৰৰ তৰংগহীন থিৰ পানীৰ অভ্যন্তৰত লুকাই থকা গহন যেন। আৰু এই অভিনৱত্বই ড০ জয়ন্তী চুতীয়াৰ বিজ্ঞান সাহিত্যৰ পৰিচয়। থাওকতে ক’বলৈ গ’লে ড০ চুতীয়াৰ শব্দ-পটুতাই তেওঁৰ বিজ্ঞানব্ৰতী জীৱনকো এক নতুন  অৰ্থ আৰু মাত্ৰা প্ৰদান কৰিছে। বিজ্ঞানৰ পাঠশালাত, এখন ব্লেকবোৰ্ডৰ ক’লাৰ মাজত উদ্ভাসিত হোৱা কলাৰ দৰে তেওঁৰো কলমত সৃষ্ট শব্দশিল্পত উদ্ভাসি উঠিছে জীৱনবোধ, ব্যাপ্তি আৰু প্ৰজ্ঞাৰ পাঠ।  স্ব-মহিমাৰে প্ৰোজ্জ্বল সেই পাঠ অসমীয়া বিজ্ঞান সাহিত্যৰ ইতিহাসৰ এক সোণালী অধ্যায় হৈ ৰ’ব সৰ্বতিকাল।

(এই লেখাত ব্যৱহৃত কিছু তথ্য দি সহায় কৰাৰ বাবে লেখিকা ড০ জয়ন্তী চুতীয়া বাইদেউৰ ওচৰত কৃতজ্ঞ।  )

প্ৰসংগাৱলী:

 

ডক্টৰ জয়ন্তী চুতীয়া
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ২৮ ফেব্ৰুৱাৰী ২০২০ চনত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ফালৰপৰা চুতীয়া ডাঙৰিয়ানীক ‘বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয়’।
‘বিজ্ঞানত মহিলা’ শীৰ্ষক বিষয়ৰ ওপৰত লক্ষ্য ৰাখি এইবাৰ scientifictemperamentৰ ই-আলোচনী অনুৰণনৰ ‘ বিজ্ঞান জগতৰ ৰূপালী মুকুতা’ শিতানত ডক্টৰ জয়ন্তী চুতীয়া ৰ বিষয়ে ডক্টৰ মানসী গোস্বামীয়ে লেখা প্ৰবন্ধ প্ৰকাশ কৰা হ’ল। ডক্টৰ মানসী গোস্বামীৰ এই প্ৰবন্ধ ডক্টৰ অৰবিন্দ ৰাজখোৱাই সম্পাদনা কৰা ‘অসমীয়া বিজ্ঞান সাহিত্য’ গ্ৰন্থৰ পৰা অনুমতি লৈ প্ৰকাশ কৰা হৈছে। – জেচমিন গগৈ, তত্ত্বাৱধায়ক, বিজ্ঞান জগতৰ সোণালী মুকুতা শিতান।

Get Social


Keep Sharing 🤗

Leave a Reply

avatar
  Subscribe  
Notify of
Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish