How to choose Your Career

Welcome to the premise of Scientific Temperament where you can build your confidence for choosing your desirable career based on complete practical analysis of today’s society. In today’s society, it’s hard to keep pace with ever-growing different fields as a career option. So, here you will learn how to choose the perfect career that suits yourself. So, sit back, relax, listen to yourself and choose your dream career. 

for any query reach us at – [email protected]

 So, here is the thing.There are two ways through which you can proceed towards the end. One is either you can watch our video series to know how to begin the marvelous journey for choosing career and then come back here and proceed further to know about the various career options you can have for your future. Or you can continue to scroll and explore the same path by continous reading.

If you are reading this, then you must have decided to explore by reading – 

                            ছাত্ৰ জীৱনত আমি আটাইতকৈ বেছি শুনা বাক্য বোৰৰ ভিতৰত হয়তো – ‘এইয়া ক্লাছ ৰোম নে মাছৰ বজাৰ’ টোৱেই আহি পৰে! আৰু তাৰ পিছতেই হয়তো – ‘তুমি ডাঙৰ হৈ কি হব বিচাৰা’ পৰিব । সেই সময়ত প্ৰথম প্ৰশ্নৰ উত্তৰ আমি নিমাতে দিছিলো যদিও দ্বিতীয় প্ৰশ্ন টোৰ উত্তৰত, মুখতেই থকা উত্তৰ বোৰৰ ভিতৰত বেছি ভাগ আছিল ডাক্টৰ আৰু ইঞ্জিনিয়াৰ । কিছু সংখ্যকে পাইলট, শিক্ষক আৰু খেতিয়ক বুলিও নোকোৱাকৈ থকা নাছিল বাৰু । এতিয়াও ডাক্টৰ, ইঞ্জিনিয়াৰ বুলি কোৱা বিদ্যাৰ্থীৰ সংখ্যাই আগ স্থান লৈ আছে যদিও বহুত কম সংখ্যকে বিজ্ঞানী, গায়ক, ফটোগ্ৰাফাৰ বুলিও কবলৈ লৈছে । কিন্তু মূল সমস্যা এতিয়াও একেতাই।

আমাৰ সমাজত ৯৯% যুৱ প্ৰজন্মই মূলত নিম্নলিখিত ধৰণেই কেৰিয়াৰ নিৰ্বাচন কৰে ।

·         একাংশ সেই ধৰণৰ শিক্ষাৰ্থী, যি সকলক মাক দেউতাকে কয় কি হব পিছলৈ ,আৰু মাক দেউতাকে সেইটো হবলৈ কোৱাৰ আৰতে তিনিতা কাৰণেই লুকাই থাকে –

1.  সেইটো কেৰিয়াৰত পইচা বেছি ।

2.  সেইটো হবলৈ মাকৰ বা দেউতাকৰ কোনোবা এজনৰ মন আছিল, যি টো তেওঁ হব নোৱাৰিলে , যাৰ বাবে তেওঁৰ সন্তানৰ যোগেদি সেই সপোন পূৰণ কৰিব বিচাৰিছে ।

3.  পৰিয়ালত ‘অমূক’ আৰু ‘তমূক‘ বহুত আছে, কিন্তু ‘হেৰি’ এজনো নাই, সেইবাবে তেওঁৰ সন্তান ‘হেৰি’ হব ।  

 

·         একাংশ সেই ধৰণৰ শিক্ষাৰ্থী, যি সকলক ঘৰৰ মানুহে বৰ বেছি কে নকয় অমূক হব লাগিব বুলি, কিন্তু তেওঁলোকে সৰুৰে পৰা দেখি আহিছে সমাজৰ বেছি সংখ্যকেই অমূক কেৰিয়াৰ লৈছে, আৰু পইচাও ভাল, গতিকে মইও সেইটোৱেই হম । বৰ্তমানৰ পৰিপেক্ষিতত ডাক্টৰ, ইঞ্জিনীয়েৰ আৰু অইলৰ চাকৰি সেই ভাগত পৰিব ।

·         একাংশ সেই ধৰণৰ শিক্ষাৰ্থী, যি সকলে কি হম বুলি সম্পূৰ্ণ ৰূপে নাভাবে, নম্বৰ আৰু পৰীক্ষাৰ ৰিজাল্ট চাই সেইমতে নম্বৰ বেছি পোৱাটোতে পিছলৈ পঢ়িব বুলি ভাবি লয় ।

·         একাংশ সেই ধৰণৰ শিক্ষাৰ্থী, যি সকলে স্নাতকোত্তৰ লৈকে পঢ়ে, আৰু কোনোবা স্কুল বা কলেজত সোমায় ।এইবাবে নহয় যে শিক্ষকতা কৰি বহুত ভাল পায়, কিন্তু এইবাবেই যে প্ৰফেচৰ এজন হব পাৰিলে কষ্টও বেছি নহয়, পইচাও ভাল আৰু লগত সন্মানটোও আছে ।

·         ওপৰৰ একাংশটোৰ দৰেই একে ধৰণৰ আৰু একাংশ আছে, যি সকলে ডিগ্ৰী লৈকে পঢ়ে, আৰু পাৰিলে মাষ্টাৰ্চ ও কৰে । তাৰ পিছত যি পায়, সেইটোকে কৰ্ম জীৱন হিচাপে বাছি লয় । এই একাংশৰ অধিক সংখ্যক ছোৱালীয়েই পঢ়াৰ পিছতে বিয়াত বহে ।  

·         একাংশ সেই ধৰণৰ শিক্ষাৰ্থী, যি সকলে একো নাভাবে, যেনে তেনে পাৰিলে ডিগ্ৰী লৈকে পঢ়িলে, নোৱাৰিলে নাই, আৰু তাৰ পিছতেই কিবা নহয় কিবা এটা কামত সোমায় । 

·         আৰু হয়তো ওপৰৰ এটাও ভাগত নপৰাকৈ ক’ৰবাত এজন দুজন চুকে কোণে থাকে, যিয়ে সৰুৰে পৰাই যি বিষয় ভাল পায় সেইটোৱেই কেৰিয়াৰ হিচাপে লব বুলি ঠিক কৰি থয়।

এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা টো হ’ল, ওপৰত কৈ অহা প্ৰত্যেক ভাগ শিক্ষাৰ্থীয়েই ( একেবাৰে তলৰ ভাগ টোক বাদ দি) ডাঙৰ হৈ সেইমতে হোৱাৰ পিছত জীৱনৰ কোনো নহয় কোনো অংশত এইটো ভাবিবলৈ বাধ্য হয় মই যদি সেই এটা কাম অলপ বেলেগ কৈ কৰিলো হয়, তেন্তে হয়তো আজি জীৱন টোত আৰু অলপ সুখী হলো হেতেন । বহুত পইচা ঘটি থকা জনেও এটি সময়ত বুজি উঠে যে ইমান পইচা থকা সত্বেও মনৰ কোনোবা এটি কোণত কিবা এটা হেতেন এতিয়াও কঢ়িয়াই ফুৰিছে । এই হেতেন টোৱেই লাহে লাহে মনত হতাশা আৰু বিষাদৰ সৃষ্টি কৰে ।  

তেন্তে মনলৈ প্ৰশ্ন আহে, আমি কি দৰে কেৰিয়াৰ নিৰ্বাচন কৰিলে এই হেতেন টোৰ সন্মূখীন জীৱনত হব লগা নহব ? অৰ্থাৎ আমি কি দৰে এক সুস্থ সবল কিন্তু একে সময়তে সুখী কেৰিয়াৰ নিৰ্বাচন কৰিম? কি দৰে আমাৰ পিছৰ কৰ্ম জীৱন টোৰ বিষয় ঠিক কৰিম যে আমি জীৱনৰ কোনো মূহুৰ্ততে হতাশাত ভূগিব লগা নহয় । যিহেতু ইমান হাজাৰ টা কেৰিয়াৰৰ বিষয়ে একে লেখাত কব নোৱাৰি, আৰু সেই তথ্য ইন্টাৰনেটতৰ পৰা ধৰি সকলোতে উপলদ্ধ, গতিকে ইয়াত আমি সেই বিষয়ে নাপাতো । আমি ইয়াত সেই মৌলিক কথা কেইটিমানৰ বিষয়ে পাতিম , যি কেইটা কথা মানি যদি আমি আগ বাঢ়ো, তেন্তে আমাৰ মনলৈ সেই হেতেন ভাব টো কেতিয়াও নাহিব । আমাৰ কৰ্ম জীৱন টোক লৈ পিছলে কেতিয়াও এবাৰৰ বাবে হলেও অনুশোচনাত ভূগিব লগা নহব। আমিও এক সুস্থ সবল আৰু সুখী কৰ্ম জীৱনৰ গৰাকী হব পাৰিম ।

কেৰিয়াৰ সম্বন্ধে এজন SEBA শিক্ষাৰ্থীয়ে জীৱনৰ প্ৰথম টো সিদ্ধান্ত লব লগা হয় নৱম শ্ৰেণী পাওতে । CBSE সকলৰ ক্ষেত্ৰত এই প্ৰশ্নটো অন্য সকলো বৰ্ডৰ সৈতে একাদশ শ্ৰেণীৰ পৰা হে আহে । SEBA ৰ শিক্ষাৰ্থী সকলে যেতিয়া নৱম ত ঐচ্ছিক বিষয় বাছিব লগা হয়, তেতিয়া শিক্ষাৰ্থী সকল ইমান সৰু বুলি ভাবি লোৱা হয় যে প্ৰায় ভাগৰ ক্ষেত্ৰতে এই সিদ্ধান্ত টো ঘৰৰ মানুহে আৰু বিদ্যালয়ে হে লয় । এনেকুৱা বহু বিদ্যালয়ো আছে, য’ত কেৱল ধৰক হিন্দী টো হে আছে, সেইটো সমস্যা সমাধান কৰাৰ শক্তি মোৰ হাতত নাই বৰ্তমান । গতিকে সেই বিষয়ে কিবা কোৱাৰ পৰা বিৰত থাকিম । কিন্তু আকৌ এনেকুৱা শিক্ষাৰ্থীও দেখিছো, যিয়ে Adv. maths লোৱাৰ এক মাত্ৰ কাৰণ এইটোৱেই যে দেউতাক অংকৰ বা বিজ্ঞানৰ শিক্ষক, গতিকে লৰা টো বা ছোৱালী জনীয়ে কিয় বেলেগ বিষয় লব । কথা বোৰ এনেকৈ ভবা হয় বাবেই পিছলৈ খেলিমেলি হয় ।  একাদশ পাওতেও এনেকুৱা ধৰণৰ কথাই শিক্ষাৰ্থী জনৰ জীৱন ইমান ওলট পালট কৰি দিয়ে যে পিছলৈ উপাই বিহীন হৈ কান্দি মেলি যি পাইছো, তাতে সন্তুষ্ট থাকো অৱস্থা হৈ পৰে ।

এনেবোৰ সমস্যাৰ পৰা মুক্ত হবলৈ আমি সৰুৰে পৰা নিজক সাজু কৰিব লাগে ।  আৰু এনে ধৰণৰ ফান্দত পৰি নিজৰ কেৰিয়াৰ টো বেলেগৰ বাবে বা পইচাৰ বাবে দৌৰি পিছত অনুতাপত দগ্দ্ধ হোৱাৰ পৰা বাছিবলৈ আমি কোনো ৰকেট বিজ্ঞান শিকাৰ প্ৰয়োজন নাই । প্ৰয়োজন আছে যদি কেৱল সোধাৰ – নিজক পাঁচটা প্ৰশ্ন –

·         মই কি হব বিচাৰো ?

·         মই সেইজন কিয় হব বিচাৰো ?

·         যি হব বিচাৰো, সেইয়া হবলৈ আজি মই কি কৰিলো ?

·         মোৰ আটাইতকৈ ডাঙৰ শক্তি কিহত ?

·         মোৰ আটাইতকৈ ডাঙৰ দূৰ্বলতা কিহত ?

সৰুৰে পৰা আমি নিজক এই প্ৰশ্নকেইটা সোধাৰ অভ্যাস কৰিব লাগে । কিয় বুলি টো মনলৈ আহিছেই নিশ্চয় । আহিবই লাগে । বহুত ডাঙৰ ডাঙৰ মানুহে বহুত কথা কয়, বিভিন্ন কাম কৰিবলৈ কয় – কৰ্ম জীৱনত সফল হবলৈ, সুখী হবলৈ। তেনে ক্ষেত্ৰত এই প্ৰশ্ন কেইটাত এনেকুৱা কি আছে, যে এই প্ৰশ্ন কেইটাৰ মাজত আমাৰ সমস্যাৰ সমাধান আছে বুলি এজনে দাবী কৰিব পাৰিছে । সেই কিয় টোৰ উত্তৰ এইটোৱেই যে ব্যক্তি এজনৰ কেৰিয়াৰ গঠনৰ আঁৰত থকা এইকেইটাই আটাইতকৈ মৌলিক প্ৰশ্ন । ইয়াৰ তলত একো নাই  আৰু আমি জানোৱেই যে সঠিক প্ৰশ্ন অবিহনে সঠিক উত্তৰ পোৱা টো সম্ভৱ নহয় । সেয়েহে এই প্ৰশ্ন অবিহনেও সঠিক দিশ নিৰ্ণয় কৰা বহুত কঠিন হৈ পৰে ।

পিছে এতিয়া কথা হ’ল এই প্ৰশ্ন কেইটাক আমি বুজি পাইছোনে বাৰু সচাঁকৈ ? আহক চোন প্ৰশ্ন কেইটাক ভালদৰে বুজি লও প্ৰথমে । ভূল কৈ বুজিলে উত্তৰো যে ভূলকৈ পাম ।

আমাৰ প্ৰথম প্ৰশ্ন টো আছিল –

 আমি কি হব বিচাৰো?

কি হব বিচাৰো বুলিলে আমাৰ বিভিন্ন সময়ত বেলেগ বেলেগ উত্তৰ আহিব পাৰে । তেন্তে আমি কি দৰে জানিম কোনটো উত্তৰ আমাৰ বাবে সচাঁ? সেই উত্তৰ পাবলৈ হ’লে আমি আজি লৈকে কৰা সকলো কাম, পঢ়া সকলো বিষয় মনত পেলাব লাগিব । এটি এটি কৈ যেতিয়া আমি সকলো খিনি মনত পেলাম, তেতিয়া আমি বিচাৰি পাম এনেকুৱা এটি বিষয় বা এনেকুৱা এটি কাম, যি টো কাম আমি ঘণ্টাৰ পিছত ঘণ্টা বহি সময়ৰ কথা পাহৰি কৰি থাকিব পাৰো, যিটো বিষয় আমি ঘন্টাৰ পিছত ঘন্টা বহি শিকি থাকিব পাৰো। আমাৰ আচৰিত ধৰণে সেই সময়ত ভোকো নালাগে, বেলেগ কথা একো মনতো নপৰে । আমাৰ সকলোৰে বাবে এনেকুৱা কিবা নহয় কিবা এটা থাকেই । অ, হয়তো আপোনাৰ মনলৈ আহিব পাৰে, মই চোন মোবাইলটো হে এনেকৈ চলাব পাৰ, অথবা টিভি টো হে চাব পাৰো, অথবা মই শুই হে থাকিব পাৰো চোন, তাৰ বাদে এনে একো কাম নাই যিটো মই এনেকৈ কৰি থাকিব পাৰো । যদি সেইটো ভাব আহিছেই আপোনাৰ মনলৈ তেন্তে তাৰ অৰ্থ হ’ল আপুনি সকলো ধৰণৰ কাম বা সকলো ধৰণৰ বিষয় কৰি বা পঢ়ি চোৱা নাই, যিটো আপুনি ভাল পায় । আৰু আচৰিত নহব, ইতিহাস এনে উদাহৰণেৰে ভৰি পৰি আছে, যি সকলে নিজে ভাল পোৱা কাম টো বিচাৰি পোৱালৈ জীৱনটোৰ বহু খিনি সময় পাৰ হৈ গৈছিল । ইয়াৰ আটাইতকৈ ভাল উদাহৰণ হ’ল McDonald,  Coco Cola  আৰু KFC । McDonald অৰ আৰম্ভনী কৰা সময়ত Ray Kroc  ৰ বয়স হৈছিল 52 বছৰ, Coco Cola ৰ উদ্ভাৱনৰ সময়ত John Pemberton ৰ বয়স হৈছিল 55 বছৰ আৰু Harland Sanders ৰ টো বয়স 65 বছৰ হৈছিল KFC  আৰম্ভ কৰালৈ ।  ভাবক চোন, তেওঁলোকে তেতিয়া লৈকে নিজে কি ভাল পায়, সেইটোৱেই গম পোৱা নাছিল । যদি গম নোপোৱাকৈয়ে তেওঁলোকে যি কৰি আছে তেনেকৈয়ে থাকিলে হেতেন, তেন্তে আজি যি তিনিটা বস্তুৰ এটা নোহোৱাকৈ এসপ্তাহ জীয়াই থকা আমাৰ বাবে কঠিন, সেইয়া পালো হেতেন নে? হাজাৰ টা উদাহৰণৰ এইয়া মাথো এচামুচ পানী হে  ।  সেয়েহে কও এতিয়াও সময় আছে, ভাবক আৰু বিচাৰি উলিয়াওক, কি ভাল পায় – কি কৰি, কি পঢ়ি । যদি বিচাৰি পোৱা নাই,  তেন্তে আন হাজাৰ টা কামৰ বিষয়ে জানক, বুজক, কৰি চাওঁক । আমাৰ মন টো ইমান শক্তিশালী যে আপুনি এবাৰ সেইটো বিচাৰি পোৱাৰ লগে লগে নিজে নিজেই গম পাই যাব, লাগিলে যিমান কম সময়ৰ বাবেই আপুনি সেই কাম টোৰ সংস্পৰ্শলৈ নাহক কিয়! ইমানেই শক্তিশালী আমাৰ অৱচেতন মন ।

এই খিনিতে কও যে যদিহে ওপৰত কৈ অহা প্ৰশ্ন কেইটা আপুনি সচাঁকৈ নিজক সুধি তাৰ পৰা লাভাম্বিত হব বিচাৰিছে, তেন্তে এই লেখা টো একেবাৰতে নপঢ়ি প্ৰতিটো প্ৰশ্ন বুজি লৈ তাৰ উত্তৰ পোৱাৰ পিছত হে আগ বঢ়া উচিত । নহলে পিছলৈ জট লগাৰ সম্ভাৱনা বেছি ।

প্ৰথম প্ৰশ্ন টো ইমান সময়ে বুজি উত্তৰ বিচাৰি পালে বুলি ভাবিছো । উত্তৰ এটাতকৈ বেছি ওলাইছে যদিও কোনো কথা নাই । জমা কৰি থৈ আহক এতিয়া আগ বাঢ়ো আমাৰ দ্বিতীয় প্ৰশ্ন লৈ –

আমি সেইয়া কিয় হব বিচাৰো ?

কিয় হব বিচাৰো?  সেইটো কেৰিয়াৰ সহজ? পইচা বেছি? বহুতে লৈছে? ঘৰৰ মানুহে কৈছে? ভাল পায়? সুধি চাওক চোন নিজক । যদি হে ভাল পায় বুলি উত্তৰ টো আহিছে, তেন্তে এতিয়া লৈকে আপুনি সঠিক পথত আহি আছে । আৰু যদি বেলেগ উত্তৰ আহিছে, তেন্তে আকৌ এক নম্বৰ প্ৰশ্ন টোলৈ উভতি যোৱাই শ্ৰেয় ।

ৰব, ভাল পায় বুলি উত্তৰ টো পালে যদি আমি দ্বিতীয় প্ৰশ্নৰ আধা বাট হে আহিছো । ধৰি ললো, মই জীৱ বিজ্ঞান বহুত ভাল পাও । কিন্তু মই একেবাৰেই কথা বোৰ মনত ৰাখিব নোৱাৰো । বুজি পোৱা কথা বোৰ মনত থাকে । কিন্তু যিহেতু জীৱ বিজ্ঞানত পঢ়োতে লাখ লাখ নাম মনত ৰাখিব লাগে, আৰু সেইটো মোৰ দ্বাৰা কোনো পধ্যেই সম্ভৱ নহয় বুলি জানো, তেনে ক্ষেত্ৰত মই জীৱ বিজ্ঞানকেই যদি কেৰিয়াৰ হিচাপে লও, তেন্তে পিছলৈ সমস্যা বঢ়াৰ সম্ভাৱনা টো বহুত বেছি , আৰু সফল হোৱাৰ সম্ভাৱনা বহুত কম । তেনে ক্ষেত্ৰত আমি কি কৰা উচিত ? তেনে ক্ষেত্ৰত আমি এক মধ্যমীয়া উপায় অৱলম্বন কৰা উচিত । এই উদাহৰণ টোকেই সাৰথি কৰি কও এই ক্ষেত্ৰত মই জীৱ বিজ্ঞানক যদি মেজৰ লৈ  ডিগ্ৰী কৰিব পাৰো বুলি ভাবো, তেন্তে সেইটোৱেই কৰিম, আৰু যদি নোৱাৰো বুলি ভাবো, তেন্তে জীৱ বিজ্ঞানৰ পিছতেই ভাল পোৱা বিষয় টোক মেজৰ লৈ ডিগ্ৰী কৰিম । এতিয়া এই যে ভাবিম টো আহিল, সেই ভাবিম টো কেনেকৈ জানিম – আমাৰ আজি লৈকে জীৱ বিজ্ঞানত অহা নম্বৰ ওপৰত নিৰ্ভৰ কৰি । ভাল পাইও যদি বহুত কম নম্বৰ পাই আছো, তেন্তে আমি সেই বিষয়ক মেজৰ হিচাপে নোলোৱাটোৱেই আমাৰ বাবে মংগল হব, আৰু যদি নম্বৰ খিনিয়ে আমাক সাহস দি কৈছে যে ডিগ্ৰীটো আমি জীৱ বিজ্ঞানক মেজৰ হিচাপে লৈ পাৰিম পঢ়িব, তেন্তে আমি সেইটোৱেই কৰিম । সেইমতে ডিগ্ৰী কৰিলো, কিন্তু এতিয়া কি? এতিয়া টো মই নিশ্চিত যে মই জীৱ বিজ্ঞান আৰু আগলৈ পঢ়িব নোৱাৰো । উদাহৰণটোতে ধৰি ললো মোৰ পদাৰ্থ বিজ্ঞানত নম্বৰো ভাল, বুজিও পাও আনহাতে  ইমান মনত ৰাখিব লগীয়াও নহয়, নিজৰ বুজাৰ ওপৰত হে কথা  লগতে বিষয়টো বৰ এটা বেয়াও নাপাও, তেন্তে মধ্যমীয়া উপায় হিচাপে মই কি কৰিব পাৰো? M. Sc.  মই  Biophysics, Biooptics বা Astrobiology ত কৰিব পাৰো । ভালপোৱা বিষয় টোও হ’ল আৰু নম্বৰো ভাল থাকিল । এইটো এটি সৰু উদাহৰণ মাত্ৰ । ওপৰত যে জমা কৰি থৈ দিবলৈ কোৱা হৈছিল এটাতকৈ বেছি হ’লে, এতিয়া আমি তাক আমাৰ সুবিধা মতে ব্যৱহাৰ কৰিব পৰা হ’লো । এনে দৰে সকলো ক্ষেত্ৰতে ৰাষ্টা থাকে । প্ৰয়োজন মাথো তাক বিচাৰি ওলিওৱাৰ ।

দ্বিতীয় প্ৰশ্নটোৰো উত্তৰ ইমান সময়ে আপুনি বিচাৰি পালে বুলি ভাবি লৈছো । যদি সমস্যা হৈছে, তেন্তে অলপ সময় ধৈয্যৰে সম্ভাৱনা বোৰ বিশ্লেষণ কৰিলে, বাহিৰৰ সহায় ললে উত্তৰ পোৱাত একো অসুবিধা নহব ।

আহক আমি এতিয়া আমি তৃতীয় প্ৰশ্ন টোলৈ আগবাঢ়ো ।

 যি হব বিচাৰো, সেইয়া হবলৈ আজি মই কি কৰিলো ?

আজি কি কৰিলো কথাটোৱে আমাৰ কেৰিয়াৰত সাংঘাতিক ভাবে প্ৰভাৱ পেলায় । গড় হিচাপত মানুহ বিভিন্ন ক্ষেত্ৰত আটাইতকৈ বেছি বিফল হয় এই কথা টোৰ বাবেই । আমি কি কৰো, ভুকুতে কল পকাব বিচাৰো। সৰু পাহাৰ এখন বগাব নজনাকৈ একেবাৰে এভাৰেষ্ট বগাবলৈ গলে বিফল হোৱাৰ সম্ভাৱনা যেনেকুৱা, এই প্ৰশ্নটোৰ উত্তৰ নিবিচাৰি কেৰিয়াৰত আগ বাঢ়িলে বিফল হোৱাৰ সম্ভাৱনাও তেনেকুৱাই ।

আহক চোন বুজো প্ৰশ্ন টোৱে বুজাইছে নো কি? এই কথা An Astronaut’s Guide to Life on Earth ৰ লিখক Chris Hadfield তকৈ ভাল দৰে কোনেও বুজাব নোৱাৰিব । মহাকাশত খোজ কঢ়া বিশ্বৰ প্ৰথম Canadian ব্যক্তি জনে কিতাপ খনত লিখিছে তেওঁ সৰুৰে পৰা মহাকাশচাৰী হোৱাৰ সপোন দেখিছিল, মহাকাশত থকা এজন মহাকাশচাৰীৰ অনুভব টো মনেৰে ঢুকি পাবলৈ চেষ্টা কৰি তেওঁৰ বয়সত এজন মহাকাশচাৰীয়ে কি কৰিলে হেতেন, সেই মতেই সদাই নিজক সাজু কৰিছিল । তেতিয়াৰ দিনত মহাকাশচাৰী হবৰ বাবে আজিৰ দৰে কোনো ট্ৰেইনিং প্ৰগ্ৰেম নাছিল, নাছিল ইন্টাৰনেট । কিন্তু তথাপিও সেই বয়সত তেওঁৰ মনেৰে যি বুজি ঢুকি পাইছিল সেইয়াই কৰিছিল । প্ৰতিদিনে নিজক এজন মহাকাশচাৰীৰ ৰূপত কল্পনা কৰি তেওঁ শিকি গৈছিল । আৰু আমিও সেইটোৱেই কৰা উচিত । আজি আমাৰ হাতত তেওঁলোকৰ দিনত নোপোৱা সকলো খিনি আছে । তেন্তে আমি জানো আমাৰ সময় সুবিধা মিলাই একো পৰিকল্পনা কৰিব নোৱাৰো ? উদাহৰণ স্বৰূপে মই ঠিক কৰিলো যে মই এজন চিত্ৰশিল্পী হব বিচাৰো । সেই হিচাপে মই আজিৰ পৰা অহা দুমাহৰ বাবে এক পৰিকল্পনা তৈয়াৰ কৰিলো যে প্ৰথমে মই ছবিৰ ইতিহাস খিনি জানি লোৱাটো ভাল হব ।  ছবিৰ ইতিহাস জানিলে মই  সেই সকলো চিত্ৰশিল্পীৰ ইতিহাস গম পাম, তেওঁলোকৰ বৈশিষ্ট্যতা সমূহ গম পাম, ছবিৰ ভাগ সমূহ আৰু ভালদৰে গম পাম । আৰু এই কাৰ্য্য স

ম্পূৰ্ণ কৰিবলৈ হলে মই দৈনিক এঘন্টা এই কাম টোক দিব লাগিব । সেই হিচাপে দুমাহত মোৰ এই কামটো সম্পূৰ্ণ হব । দুমাহ গ’ল, এইটো কাম হ’ল। তেনেদৰে আমি আকৌ পিছৰ পৰিকল্পনা কৰি এই 

দৰে আগবাঢ়ি গলো । দুমাহ বা তিনি মাহ বুলি কথা নাই, আমি নিজৰ সুবিধা মতে সেইটো পৰিকল্পনা কৰা উচিত । এই ক্ষেত্ৰত আমি কিন্তু এক গুৰুত্বপূৰ্ণ সাবধানতা অবলম্বন কৰিব লাগে । নহলে ভাল হোৱাতকৈ বেয়া হে বেছি হব। আমি পৰিকল্পনা কৰোতে খোজ বোৰ যাতে সৰু সৰু হয়, সেইটো মনত ৰখা উচিত ।  ওপৰৰ কামটোৱেই যদি মই দুমাহৰ ঠাইত তিনি সপ্তাহত শেষ কৰিম ভাবি লও, তেন্তে মই দৈনিক এঘন্টাৰ সলনি প্ৰায় তিনি ঘন্টা কৈ দিব লাগিব । পৰিকল্পনা টো কৰিলো ইমান সময় দিব লাগিব বুলি, কিন্তু, যিহেতু সময় বেছি হৈ গ’ল আমি সেইমতে দিব নোৱাৰিবও পাৰো,  এদিন নোৱাৰা মানেই মনলৈ হতাশা , এলাহ একেলগে অলপ অলপ কৈ আহিবলৈ আৰম্ভ কৰিব আৰু তিনি সপ্তাহৰ শেষত কামটো হোৱাৰ সলনি সমস্যাত হে পাম নিজক । হতাশা, এলাহ, অনুশোচনাৰে ভৰি পৰিব । তাৰ সলনি খোজ টো অলপ অলপ কৈ ললে আমি কামটো হোৱাৰ ফুৰ্তি কন পামেই, লগতে কাম টো কৰি উঠাৰ পিছত মনলৈ যি এক boost আহিব, ই আমাক ইমান শক্তি দিব যে আমি আগতকৈও বেছি ভালদৰে আৰু বেছি উৎসাহেৰে আগ বাঢ়িব পাৰিম । গতিকে যিমান পাৰি সৰু সৰু ভাগত কাম বোৰ ভগাই সদাই এখোজ এখোজ কৈ আমাৰ লক্ষ্যৰ পিনে আগ বাঢ়িলেই আমাৰ এই তৃতীয় প্ৰশ্নটোও সমাধান হব ।

এইক্ষেত্ৰত সুবিধা হোৱাকৈ কথা এটি কৈ থব বিচাৰো, বহুতে জানেই যদিও – ইন্টাৰনেটত Kiwix বুলি software  এটি আছে, যিটো ডাউনলোদ কৰিব পাৰি । এই software টো windows, ubuntu, android সকলোতে উপলদ্ধ । ইয়াৰ সুবিধা এইটোৱেই যে আপুনি গোটেই Wikipedia খন ইয়াৰ যোগেদি ডাউনলোদ কৰি থব পাৰে । ছবি সমূহৰ সৈতে file টো 60 GB ৰ ওচৰা ওচৰি আৰু ছবি খিনি নোহোৱাকৈ file টো 25 GBৰ ওচৰা ওচৰি । Data  ৰ দাম যিহেতু Jio ই একাপ কফিৰ সমান কৰি পেলালে, গতিকে সেইয়া ডাউনলোদ কৰাটো একো সমস্যা নহয় বুলি ভাবিছো । এবাৰ ডাউনলোদ কৰাৰ পিছত পৃথিৱীৰ সমষ্ট জ্ঞানৰ ভাণ্ডাৰ আপোনাৰ চকুৰ সন্মুখত, যেতিয়াই মন তেতিয়াই সেইয়া ওলিয়াই যি কোনো কথা জানিব পাৰি । ইয়াত এই কথা কোৱাৰ মতলব টো এইটোৱেই যে পৰিকল্পনা কৰা পিছত আমি সেই মতে বিভিন্ন নতুন কথা সদাই জানিব লগা হব পাৰে । আৰু জানিবলৈ এবাৰ ইন্টাৰনেট খুলিলেই আমি সহজে কি বিচাৰি আহিছিলো সেইটো পাহৰি যোৱা যায়, গতিকে সময় আৰু শক্তি দুইটা বচাবলৈ ই এক ভাল উপায় লগতে যেতিয়াই যি বিচাৰে সেইটো পোৱাটো আছেই।

এতিয়া আহক আমি আগ বাঢ়ো আমাৰ শেষৰ প্ৰশ্ন দুটালৈ –

 মোৰ আটাইতকৈ ডাঙৰ শক্তি কিহত ?

                   আৰু

মোৰ আটাইতকৈ ডাঙৰ দূৰ্বলতা কিহত ?

হয়তো আপুনি ভাবিছে এই প্ৰশ্ন দুটাৰ কেৰিয়াৰৰ লগত সম্পৰ্ক কি ? সম্পৰ্ক বুজিবলৈ হ’লে আমি প্ৰথমে প্ৰশ্ন দুটিক ভালদৰে বুজিব লাগিব। আটাইতকৈ ডাঙৰ শক্তি আৰু দুৰ্বলতাই কিবা কামৰ কথা নাইবুজোৱা। বুজাইছে আমাৰ আটাইকৈ সবল আৰু দূৰ্বল গুন কেইটাক । আমি ডাঙৰ হোৱা পৰিবেশ টো, আমাৰ মাজত সৰুৰে পৰা গঢ় লোৱা অভ্যাস বোৰ, কৰ্ম ৰাজী বোৰে আমি নজনাকৈয়ে আমাৰ এই সবল আৰু দূৰ্বল গুন কেইটা বনাই থাকে । প্ৰয়োজন আছে যদি আমি মাথো সেইয়া চিনি ওলিওৱা । কিন্তু এতিয়া আমি বিচাৰিম কি দৰে ? অতি সহজ – নিজকে পৰ্য্যবেক্ষন কৰি । সহজ জানো নিজক জনাটো ইমান? সহজ হৈ পৰিব যদিহে আমি নিজক পৰ্য্যবেক্ষন কৰিবলৈ লগা সঠিক স্কেল পাত বিচাৰি ওলিয়াব পাৰো । একক বোৰ জানিলে আমাৰ কাম সহজ হৈ পৰে । এই বাবেই মনোবিজ্ঞানী সকলে অশেষ পৰীক্ষা নিৰীক্ষা কৰি এবিধ স্কেল এই বিশেষ কামৰ বাবেই বনাইছে।

মূল ভাবে 6 টা ভাগ আৰু সৰ্বমুঠ 24 টা ভাগত সুবিভক্ত এই গুন বোৰ হ’ল –

1.       বুদ্ধিমত্তা আৰু জ্ঞান (Wisdom and knowledge) –

এই ভাগৰ অন্তৰ্ভূক্ত গুন কেইটি হ’ল –

·          সৃজনীশীলতা আৰু কল্পনা (Creativity & Imagination) – নতুন চিন্তাৰে ন ন বস্তু আৰু কামৰ কথা সহজে ভাবিব পৰা ।

·         অনুসন্ধিৎসা (Curosity)  – যি কোনো কথা , কাম নিজৰ বাবে শিকিব বিচৰা ।

·         মুক্ত মনোভাৱাপন্ন (Open – mindedness ) –যি কোনো কথা সকলো ফালৰ পৰা জুকিয়াই চাব জনা ।

·         জ্ঞানাৰ্জন কৰি ভালপোৱা (Love of Learning) – নতুন কথা,  অৰ্হতা, কাম শিকি ব হাল পোৱা, নিজৰ বাবেই হওক বা শিকিব লাগে বাবেই শিকা নহওক কিয় ।

·         শুদ্ধ সিদ্ধান্তকাৰী (Holistic Perspective ) – আনক শুদ্ধ জ্ঞান দিব পৰা, সমস্যাত থকা জনক শুদ্ধ পৰামৰ্শ দিব জনা।

 

2.       সাহসিকতা (Courage) –

এই ভাগৰ অন্তৰ্ভূক্ত গুন কেইটা ক্ৰমে –

·         নিৰ্ভীকতা (Bravery) – কষ্ট, প্ৰত্যাহ্বান, ভাবুকি এইবোৰৰ প্ৰতি ভয় নোহোৱা ।

·         অধ্যৱসায়ী (Perseverance) – একেৰাহে এটি কামত একেলেথাৰিয়ে লাগি থাকিব পৰা ।

·         প্ৰকৃত (Integrity, authenticity, honesty) – নিজক সচাঁ, প্ৰকৃত ৰূপত স্থান, কাল, পাত্ৰ ভেদে উপস্থাপন কৰিব পৰা ।

·         উৎসাহী (Vitality, enthusiasm, energy) – জীৱনক লৈ সদাই আশাবাদী, সদা ধনাত্মক শক্তিৰে ভৰপূৰ ।

 

3.       মানবীয়তা (Humanity) –

এই ভাগৰ অন্তৰ্ভূক্ত গুন কেইটা হ’ল –

·         ভালপোৱা আৰু সহানুভূতিশীলতা (Love & Compassion) – আনক সদাই ভালপোৱা, সম্বন্ধ বোৰক গুৰুত্ব দিয়া, বিশেষকৈ তেতিয়াও যেতিয়া সন্মূখৰ জনে একো দিব পৰা অৱস্থাত নাথাকে ।

·         উদাৰতা (Kindness, generosity) – একো আশা নকৰাকৈ বেলেগৰ বাবে ভাল কাম কৰা ।

·         সামাজিক বুদ্ধিমত্তা (Social intelligence – emotional + personal intelligence) – নিজৰ লগতে সমাজত থকা লোক সকলৰ মোন আৰু অভিপ্ৰায় বোৰ বুজি পোৱা ।

4.       বিচাৰৰ ক্ষমতা (Justice)–

এই ভাগৰ অন্তৰ্ভূক্ত গুন কেইটা ক্ৰমে –

·         সামাজিক দায়বদ্ধতা (Social responsibity, loyality, teamwork) – দলীয় কামত ভালদৰে কাম কৰিব পৰা আৰু দলৰ লগত সদাই বিশ্বস্ত হৈ থকা ।

·         সমানতা (Fairness) – সকলো মানুহক সমানে ব্যৱহাৰ কৰা, ব্যক্তিগত অনুভূতিক চেৰাই গৈ সকলো সমান বুলি ভাবিব পৰা ।

·         নেতৃত্বতা (Leadership) – নিজৰ দলক উৎসাহ দি সদাই আগবঢ়াই লৈ যোৱা আৰু এজন সুনেতা হব পৰা ।

5.       সংযম (Temperance) –

এই ভাগৰ অন্তৰ্ভূক্ত গুন কেইটা হ’ল –

 

·         ক্ষমাশীলতা (Forgiveness & mercy) – ভূল কৰা জনক ক্ষমা কৰিব পৰা, মানুহক দুনাই সুবিধা দিয়া ।

·         নম্ৰতা (Humility / modesty) – জহাই নুফুৰা, আৰু্ নিজক আনতকৈ বেছি গুৰুত্বপূৰ্ণও বুলি নভবা ।

·         বিবেক (Prudence) – নিজক ইমান বিপদাপন্ন নকৰা যে ঘূৰিও আহিব নোৱাৰি তাৰ পৰা, এনেকুৱা একো নুকোৱা বা নকৰা যাৰ বাবে পিছলৈ অনুতাপ কৰিব লগা হয় ।

·         আত্ম সংযম ( Self – regulation ) – নিজৰ আৱেগ বোৰক সংযম কৰিব পৰা, নিয়মানুবৰ্তিতা হব পৰা, আৱেগৰ বশবৰ্তী হৈ একো ভূল নকৰা।

 

6.       শ্ৰেষ্ঠতা (Transcedence) –

এই ভাগৰ অন্তৰ্ভূক্ত গুন কেইটা ক্ৰমে –

·         আনক প্ৰশংসা কৰিব পৰা (Appriciation of beauty and excellence) – তোষামোদ নকৰাকৈ সচাঁ জ্ঞান আৰু ভাল কামক প্ৰশংসা কৰিব পৰা ।

·         কৃতজ্ঞতা (Gratitude) – আনে কৰা ভাল কাম বোৰক মনত ৰখা। ধন্যবাদ কবলৈ শিকা ।

·         আশাবাদী (Hope, opstimism, future – mindedness) – সদাই ভাল হব বুলি ভাবিব পৰা, সমস্যাত ভাঙি নপৰি হাতে কামে কৰি এক সু ভবিষ্যতৰ দিশে আগ বাঢ়ি যাবলৈ সদা সাজু থকা ।

·         ৰসিকতা (Humour) – নিজৰ লগতে আনৰ মুখলৈ হাঁহি আৰু মনলৈ আনন্দ আনিব পৰা ।

·         আধ্যাত্মিকতা (Spirituality) – জীৱনৰ মহত্বতা আৰু উদ্দেশ্য বুজি পোৱা, জীয়াই থকাৰ কাৰণ বিচাৰি পোৱা ।

উক্ত 24 টা গুনৰ বিষয়ে জানি উঠাৰ পিছত এতিয়া আমাৰ নিজক বিশ্লেষণ কৰিবলৈ টান নহব । নিজক ফাকি নিদিয়াকৈ প্ৰতি টো গুন আমাৰ মাজত কিমান পৰিমানে আছে, আৰু কোনবোৰ গুন একেবাৰেই নাই, তাৰ উলোটা টো হে আছে সেই টো এটি এটি কৈ সুধি আমি নিজে জানিব পাৰিম ।

যিহেতু এই 24 টা গুন সকলোৰে মাজত এক নহলে অন্য ৰূপত বিৰাজমান, আৰু আমি যেতিয়া নিজৰ মাজত কোনটো কিমান পৰিমানে আছে বিচাৰি ওলিওৱাত সফল হম, তেতিয়া আমি আমাৰ কেৱল কৰ্মজীৱনতে নহয়, দৈনন্দিন জীৱনতো লগ পোৱা সকলোৰে মাজত থকা এই গুন বোৰ সহজে বিচাৰি পাবলৈ শিকিম । তেতিয়া আমাৰ বহু খিনি সমস্যা যে নিজে নাইকিয়া হৈ যাব, সেইটো কবলগীয়া কথা নহয় । তদুপৰি আমাৰ কৰ্ম জীৱনত আমাৰ সবল গুন বোৰক আৰু ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকিম আকৌ একেবাৰে দুৰ্বল গুন কেইটাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিবলৈ শিকিম ।  ইয়াৰ ফলত কৰ্ম জীৱনত, আমাৰ দৈনন্দিন জীৱনত নিজেও দুপদ দোপে উন্নতিৰ জখলাত বগাব পাৰিম, লগতে আমাৰ কাষৰ মানুহখিনিৰো জীৱন টোত এক বা অন্য প্ৰকাৰে সুখ আৰু সফলতা আনিবলৈ সামৰ্থ্য হম, লগতে ইয়াৰ পৰা যি আত্ম সন্তুষ্টি লাভ কৰিব পাৰিম সেইয়া কোনো গুনে অমৃততকৈ কম নহয় ।

আশা কৰো, গোটেইকেইটা প্ৰশ্ন আমি ভালদৰে বুজি পালো আৰু সেই মতে উত্তৰ কেইটা বিচাৰি কেৰিয়াৰটো গঢ় দিয়াত সফল হম । 

Now, as you have come to the position to choose the perfect career that fits yourself, here are the major career profiles that you should be interested on –

Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish