Horitmala

হৰিৎমালা

হৰিৎমালা (HORITMALA) -The digital catalog for Flora found in the state of ASSAM

আমাৰ চাৰিওদিশে দৈনন্দিন হিচাপত কিমান যে গছ গছনি. তৰু লতা,ঘাবি বন দেখো, তাৰ কোনো সীমা সংখ্যা নাই । অথচ, আমি তাৰে কেইজোপাৰ নো নাম – ধৰ্ম জানো সেইয়া ভাবিব লগীয়া । এটি ভাল কথা হ’ল বিভিন্ন ঠাইত, অথবা বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় ত উপলব্ধ হোৱা এই উদ্ভিদ সমূহৰ বিষয়ে তাৰ স্থানীয় নাম আৰু বৈজ্ঞানিক নামৰ সৈতে ফলক গছ জোপাতেই আঁৰি থোৱা দেখা পাও । আমি বহুতেই পঢ়ো, পিছলৈ পাহৰিও যাও । ScientificTemperament ৰ উদ্যোগত অসমৰ বিভিন্ন অঞ্চলত উপলব্ধ হোৱা এই উদ্ভিদ সমূহৰ বিষয়ে অংকীয় (digital) ৰূপত অসমীয়া ভাষাত প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে । এই শিতানত আপোনালোকে পাব সেই উদ্ভিদ সমূহৰ বিষয়ে য’ত থাকিব উদ্ভিদ জোপাৰ অসমীয়া নাম, বৈজ্ঞানিক নাম, গোত্ৰ, বিৱৰণ আৰু ব্যৱহাৰ । 

আহক, আমাৰ চৌপাশৰ এই জনা নজনা উদ্ভিদ সমূহৰ বিষয়ে নিজেও শিকো আৰু আনকো শিকাও।

যদি আপুনি আপোনাৰ চৌপাশে থকা কোনো উদ্ভিদৰ বিষয়ে জানিব বিচাৰে, তেন্তে সেইবিষয়ে ফটো সহ [email protected] মেইলত প্ৰেৰণ কৰিব পাৰে অথবা তলত দিয়া ফেচবুক লিংক টোৰ জৰিয়তে  “অনামী (Anamee) – অসমৰ নাম নজনা উদ্ভিদ ” গ্ৰুপ টিতো পোষ্ট কৰিব পাৰে ।

 

উদ্ভিদৰ নাম সমূহ (নামটিত ক্লিক কৰিলেই উদ্ভিদ জোপাৰ বিষয়ে পঢ়িবলৈ পাব):-

Get Social

Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish