Corona Virus 101

Corona Virus - 101

(ক’ৰ’ণা ভাইৰাচৰ বিষয়ে উপলব্ধ অসমীয়া ডিজিটেল উৎস)

Corona Virus – 101! ইয়াত ক’ৰ’ণা ভাইৰাচ সম্পৰ্কীয়  অসমীয়া ভাষাত প্ৰকাশিত সকলোখিনি তথ্য উপলব্ধ। গতিকে আহক, দেৰি নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰো। 

SARS-CoV-2 একবিংশ শতিকাৰ জৈৱিক সন্ত্ৰাস

“Pneumonia of unknown etiology” – এই নামেৰেই নামকৰণ কৰা হৈছিল বৰ্তমানৰ বিধ্বংশী কৰ’না (অসমীয়াত কৰ’না/ক’ৰ’ণা/কৰ’ণা/ক’ৰোনা ইত্যাদি বহু ধৰণে বহুজনে লিখি আছে, গতিকে বিনম্ৰ অনুৰোধ শুদ্ধ বানানটি ভাষাবিদ সকলে আগবঢ়াই দিয়ে যেন!) ভাইৰাছৰ দ্বাৰা একেবাৰে প্ৰথমে হোৱা আক্ৰান্ত হোৱা ব্যক্তি সকলৰ বিষয়ে। পিছে কৰ’না ভাইৰাচ এইবাৰেই প্ৰথম বাৰৰ বাবে পৃথিৱীত নিজৰ পৰিচয় ডাঙি ধৰাহি নাই। যোৱা বিছ বছৰে এই এতিয়া সন্ত্ৰাস সৃষ্টি কৰি থকা কৰ’না ভাইৰাচ টিৰ ওপৰিও আন দুটাকৈ কৰ’না ভাইৰাচে প্ৰায় ১০,৫০০ মানুহক আক্ৰান্ত কৰিছিল।
এই ভাইৰাচে আক্ৰান্ত কৰিলে কি কৰিব লাগে, কি কৰিব নালাগে তাৰ বিষয়ে সকলোৱে সজাগতাৰ সৃষ্টি কৰি অহাত অৰিহনা যোগাই আহিছে। কিন্তু এই খিনিতে কও, ইয়াৰ পৰা বাচিবলৈ গো মোত্ৰ ব্যৱহাৰ জাতীয় মূৰ্খামি বোৰ যদি আপুনি বিশ্বাস কৰিছে, তেন্তে এই অভাজনৰ লেখা নপঢ়িব! বিশ্বাস নহয়, বিশ্লেষন কৰক – তাৰ পিছত হে গ্ৰহন কৰক। এতিয়া আহো, আমাৰ সকলোৰে মুখে মুখে, আনকি ফোন কৰিলেও বাজি উঠা এই কৰ’না ভাইৰাচৰ বিষয়ে –
CoV {(HCoV) অথবা (Human Coronavirus)} নামেৰে অলংকৃত মানুহক আক্ৰান্ত কৰিব পৰা এই কৰ’না ভাইৰাচ মুঠতে ৭ প্ৰকাৰৰ। ইয়াৰে এক সংখ্যক ১৯৬০ চনৰ আশে পাশে আৱিষ্কৃত হৈছিল, আৰু বাকী খিনি যোৱাকেইটা দশকত হে আৱিষ্কৃত হৈছে। ভাইৰাচ সমূহ সাধাৰণতে DNA (Deoxyribose Nucleic Acid) অথবা RNA (Ribose Nucleic Acid) ৰে গঠিত হয়। এতিয়া, এই DNA বা RNA সমূহ নো কি? এইবোৰ আন একো নহয়, মাত্ৰ আমাৰ সমষ্ট জীৱনৰ তথ্য ভাণ্ডাৰ! হয়, ভয় খাব লগীয়াকৈ এই DNA আৰু RNA সমূহ সকলোৰে জীৱনত প্ৰয়োজনীয়। DNA অথবা RNA সমূহত আমি কিমান ওখ হম, আমাৰ নাক, কাণ, চুলি, মাত, মুঠৰ ওপৰত আমাৰ শৰীৰটোৰ সকলোখিনি তথ্য কোড হিচাপে থাকে বুলি ভাবি লব পাৰি। যি দৰে মোবাইলটোত এটা চুইচ টিপিয়েই আমি ফেচবুকটো খুলিব পাৰো, ঠিক তেনেকৈয়ে এই DNA অথবা RNA সমূহৰো এটা চুইচ অন অফ কৰিয়েই অথবা সাল সলনি কৰিয়েই আমি আমাৰ শৰীৰটোৰো সাল সলনি কৰিব পাৰো। আচ্ছা, আমাৰ যে এই কৰ’না ভাইৰাচটো, ই আকৌ RNA ৰে গঠিত। এতিয়া, এই RNA সমূহৰো আকৌ কেইবাধৰণৰো ভাগ আছে। তাৰ ভিতৰত আমাৰ এই CoV পৰে Positive-sense single-stranded RNA viruses (+ssRNA) খিনিৰ লগত। শুনিবলৈ টান লগা এই শব্দকেইটা বুজিবলৈ তেনেই সহজ। এনেদৰে ভাৱক, DNA আৰু RNA সমূহ হ’ল তথ্যৰ লগত জৰিত। এতিয়া, এই তথ্য ভাণ্ডাৰ সমূহৰ গঠন প্ৰয়োজন মতে বেলেগ বেলেগ হব। Single-stranded RNA সমূহৰো গঠন বেলেগ। RNA সমূহ সাধাৰণতে single-stranded অথবা Double-stranded থাকে। Double-stranded RNA Virus ৰ উদাহৰণ বুলিলে আমি ৰ’টা ভাইৰাচ (Rotavirus) ৰ নাম লব পাৰো – শিশু সকলৰ পেটচলা সাধাৰণতে এই ভাইৰাচটিৰ বাবেই হয়। এতিয়া আহিল ‘positive-sense’ – এই ভাগত পৰা ভাইৰাচ সমূহৰ বংশ বৃদ্ধি কৰা অতি সহজ। কিয়নো, +ssRNA ভাইৰাচ সমূহ শৰীৰত প্ৰৱেশ কৰাৰ পিছত আন একোৰে সহায় নলোৱাকৈ বংশবৃদ্ধি কৰিব পাৰে। আনহাতে Negative-sense single-stranded RNA viruses (–ssRNA) সমূহ শৰীৰত প্ৰৱেশ কৰিলেও প্ৰথমেই বংশবৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে প্ৰথমেই ভাইৰাচটোৰ লগত RNA polymerase থকাটো প্ৰয়োজনীয়। এই RNA polymerase খিনিয়ে প্ৰথমে –ssRNA খিনিক +ssRNA লৈ ৰূপান্তৰ কৰে, আৰু তাৰ পিছত হে ভাইৰাচটোৱে প্ৰটিন উৎপন্ন কৰি সেই শৰীৰটোত বংশবৃদ্ধি কৰিবলৈ সক্ষম হয়। তেন্তে এই RNA polymerase নো কি? ইহত হ’ল একো একোধৰণৰ উৎসেচক (enzyme) যিয়ে শৰীৰটোত থকা Double-stranded DNA সমূহক ব্যৱহাৰ কৰি ভাইৰাচটোক +ssRNA উৎপন্ন হোৱাত সহায় কৰে। –ssRNA থকা ভাইৰাচৰ উদাহৰণ হ’ল – ইণ্ফ্লুৱেঞ্জা ভাইৰাচ (influenza virus)। জীৱবিজ্ঞানৰ ফালৰ পৰা কৰ’না ভাইৰাচৰ –
Order – Nidovirales
Family – Coronaviridae
Subfamily – Orthocoronavirinae
Genera (চাৰি প্ৰকাৰৰ) –
i. Alphacoronavirus (alphaCoV)
ii. Betacoronavirus (betaCoV)
iii. Deltacoronavirus (deltaCoV)
iv. Gammacoronavirus (gammaCoV)
alphaCoV আৰু betaCoV সমূহৰ জিনীয় উৎপত্তি বুলিলে সাধাৰণতে বাদুলী আৰু এন্দুৰ (rodent) ক ধৰা হয়, আৰু deltaCoV আৰু gammaCoV সমূহৰ জিনীয় উৎপত্তি বুলিলে সাধাৰণতে চৰাই সমূহক ধৰা হয়। আমাক বৰ্তমানে ধ্বংসৰ গৰাহলৈ থেলি দিয়া কৰ’না ভাইৰাচ বিধ betaCoV বিভাগত পৰে। ওপৰত কৈ অহা বিশ্বত আতংকৰ সৃষ্টি কৰা আন দুবিধ কৰ’না ভাইৰাচ ক্ৰমে severe acute respiratory syndrome coronavirus (SARS-CoV) আৰু Middle East respiratory syndrome coronavirus (MERS-CoV)। SARS-CoV এ ২০০২ ৰ পৰা ২০০৩ লৈকে ৮০০০ জন মানুহক বেমাৰত পেলাইছিল আৰু প্ৰায় ৮০০ মানুহ মৃত্যু মুখত পৰিছিল। আনহাতে MERS-CoV এ ২৫০০ মানুহক আক্ৰান্ত কৰিছিল আৰু প্ৰায় ৮০০ মানুহ মৃত্যুমুখত পৰিছিল। বৰ্তমানে সন্ত্ৰাসৰ সৃষ্টি কৰা এই কৰ’না ভাইৰাচ বিধৰ নাম হ’ল – coronavirus disease 2019 (CoVID-19)। প্ৰথমে CoVID-19 ৰ বৈজ্ঞানিক নাম 2019-nCoV দিয়া হৈছিল যদিও ইয়াৰ SARS-CoV ৰ লগত ইয়াৰ বহু খিনি মিল থকা বাবে ইয়াৰ নাম সলাই SARS-CoV-2 ৰখা হয়। এইখিনিতে এটা কথা উল্লেখনীয় যে আমি সকলোৱে এই বেমাৰৰ আৰম্ভনী আৰু উৎপত্তি একমাত্ৰ চীন দেশতে হৈছিল বুলি জানো, কিন্তু যোৱা ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে আমেৰিকাত প্ৰথম বাৰৰ বাবে SARS-CoV-2 ৰে আক্ৰান্ত ৰোগীৰ সম্ভেদ পোৱা যায়। ইমানদিনে যি বেমাৰ কেৱল আন এখন দেশৰ পৰাই সংক্ৰমিত হৈ আছিল বুলি ভবা হৈছিল, আন এখন দেশতো একেই বেমাৰৰ নিজা উৎপত্তিয়ে সচাঁকৈয়ে সকলোকে বহু কথা ভবাই তুলিবলৈ বাধ্য কৰাইছে। ৩ মাৰ্চৰ ৰাতিপুৱা ১০ বজালৈকে WHO Health Emergency Dashboard ৰ মতে এতিয়ালৈকে সৰ্বমুঠ ৮৭,১৩৭ জন SARS-CoV-2 ৰে আক্ৰান্ত হিচাপে চিহ্নিত হৈছে। কিন্তু মৃত্যুৰ হাৰ ১% ৰপৰা ২% ৰ ভিতৰতে দেখা পোৱা গৈছে। মৃত্যু হোৱা লোক সকলৰ ভিতৰত ৫০ বছৰ বয়সতকৈ উৰ্দ্ধৰ ব্যক্তিৰে সংখ্যা বেছি।
এতিয়া আহিল আন এক গুৰুত্বপূৰ্ণ কথা। এতিয়ালৈকে হোৱা গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি SARS-CoV-2 ভাইৰাচ বিধ শৰীৰত ৩ ৰ পৰা ৭ দিনলৈকে থাকে, এতিয়ালৈকে পোৱা তথ্যৰ পৰা ভাইৰাচৰ সংক্ৰমণৰ পৰা লক্ষণ দেখা দিয়ালৈকে আটাইতকৈ বেছি ১২.৫ দিন লাগিছিল। আনহাতে গড় হিচাপত এজন SARS-CoV-2 ৰে আক্ৰান্ত ৰোগীৰ পৰা ২.২ {Reproduction Number (R0- R naught)} জন ব্যক্তি এই বেমাৰটি লাভ কৰে। এই সংখ্যা যেতিয়ালৈকে ১.০ ত কৈ তললৈ নাহে, তেতিয়ালৈকে ই এক মহামাৰী হিচাপেই পৰিগণিত হৈ থাকিব। উল্লেখযোগ্য যে SARS-CoV-2 ৰ দ্বাৰা আক্ৰান্ত হোৱা প্ৰথমজন ৰোগীৰ লিখিত তথ্য ৩১ ডিচেম্বৰ, ২০১৯ চনতেহে পোৱা গৈছে।
আনহাতে, আমাৰ ৰাইজক বহুতে যি ধৰণে ঠগিবলৈ লৈছে, এনেকুৱা লাগিছে যেন এই বেমাৰে সঁচাকৈয়ে বহুত মানুহ মাৰিছে, কিন্তু সঁচা অৰ্থত এই বেমাৰৰ পৰা আক্ৰান্ত হোৱা সকলৰ ভিতৰত –
• ৮১% ৰোগীৰ কমৰ পৰা মধ্যমীয়া নিমোনিয়া (pneumonia) হোৱা দেখা গৈছে।
• ১৪% ৰোগীৰ ক্ষেত্ৰত উশাহ চুটি হৈ অহা (dyspnea), হাইপ’ক্সিয়া (hypoxia) ৰ দৰে ডাঙৰ বেমাৰ ধৰা পৰিছে।
• অন্য ৫% ৰোগীৰ ক্ষেত্ৰতহে একেবাৰএ উশাহ লব নোৱাৰা, অথবা শৰীৰৰ অংগই কাম নকৰাৰ দৰে মৃত্যুমুখী বেমাৰ হোৱা পৰিলক্ষিত হৈছে।

তথ্য মতে বেমাৰ ওপৰত কোৱা ধৰণে হে সংক্ৰমিত হৈছে। সেয়েহে এইখিনিতে সকলোকে বিনা কাৰণত ভয় কৰি ভুল নকৰিবলৈ আহ্বান জনোৱা হ’ল।
আহক, এতিয়া আকৈ আমি ঘূৰি যাও SARS-CoV-2 ৰ ওচৰলৈ। ভাইৰাচটিৰ বিষয়ে ইতিমধ্যে আপোনালোকে গম পাইছে। ইয়াৰ মুকুট(crown)ৰ দৰে এক গঠন আছে, যি এক প্ৰকাৰৰ প্ৰটিনেৰে (glycoproteins) গঠিত। গৱেষণাৰ পৰা পোৱা তথ্য মতে এই ভাইৰাচটিৰ ব্যাস ৬০ নে”মিটাৰৰ পৰা ১৪০ নেন’মিটাৰ লৈকে থাকে। আন ৬ টা ভাগৰ দৰেই এই বিধ CoV ও অতিবেঙুনী ৰশ্মি বা তাপ পালে নিষ্ক্ৰিয় হৈ পৰে। ইয়াৰ লগতে ইথাৰ(৭৫%), ইথান’ল, পেৰাঅ’ক্সি এচিটিক এচিড (ether (75%), ethanol, peroxyacetic acid ) ৰ দৰে ৰাসায়নিক দ্ৰৱ্য দিও ইয়াক নিষ্ক্ৰিয় কৰিব পাৰি। শেহতীয়াকৈ এই ৩ মাৰ্চত প্ৰকাশ পোৱা এক গৱেষণা পত্ৰৰ যোগেদি ‘remdesivir’ নামৰ এক প্ৰতিষেধক, যি প্ৰথমে ইব’লা ভাইৰাচৰ (Ebola virus) পৰা হোৱা বেমাৰ ভাল কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু পাছলৈ ইয়াক নিপাহ ভাইৰাচ (Nipah Virus), জুনিন ভাইৰাচ (junin virus), কলা জ্বৰৰ ভাইৰাচ (Lassa fever virus), আনকি CoV ৰে MERS আৰু SARS ৰ প্ৰতিষেধক হিচাপেও ব্যৱহৃত হৈছিল। এতিয়া প্ৰথম বাৰৰ বাবে SARS-CoV-2 ভাইৰাচৰ বাবেও এই ‘remdesivir’ প্ৰতিষেধক বিধ ব্যৱহাৰ কৰি ঔষধ প্ৰস্তুত কৰিব পাৰি নেকি তাৰ বাবে গৱেষণা কৰি আছে। আমেৰিকাত এজন ৰোগীৰ ওপৰত ব্যৱহাৰ কৰাৰ পিছতে এতিয়া remdesivir প্ৰতিষেধক বিধক চীন দেশলৈও পৰীক্ষা কৰি চাবৰ বাবে পঠিওৱা হৈছে। উক্ত প্ৰতিষেধক বিধে সাধাৰণতে CoV ত থকা RNA ৰ লগত বিক্ৰিয়া কৰি ভাইৰাচৰ বংশ বৃদ্ধিৰ ক্ষমতা লুপ্ত কৰি পেলায় বুলি এতিয়ালৈকে জানিবলৈ পৰা গৈছে। গতিকে আশা কৰিব পাৰি যে হয়তো অতি সোনকালেই SARS-CoV-2 ও প্ৰতিষেধক উপলব্ধ হব।

যেতিয়াই পৃথিৱীত মহামাৰীৰ প্ৰকোপ হৈছে, তেতিয়াই সকলোপিনে কেৱল দুখ, কষ্ট আৰু সন্ত্ৰাসৰ সৃষ্টি হৈছে। গতিকে আশা কৰো এই SARS-CoV-2 ৰো উত্তৰ বিজ্ঞানে সোনকালে দিবলৈ সক্ষম হব। তেতিয়ালৈকে মাত্ৰ এটাই অনুৰোধ, বহুতে বহু কথা কব এই বেমাৰক লৈ, বিজ্ঞানসন্মত ভাবে মানিব লগা কথা খিনিহে মানি চলি যাতে সমাজত এই বেমাৰৰ সংক্ৰমণ ৰোধ হোৱাত সহায় কৰে আৰু অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বশবৰ্তী হৈ শিক্ষিত সমাজ খনলৈ যাতে কোনোধৰণৰ কলংক চপাই নানে। বিজ্ঞানৰ জয় হওক, এখন অন্ধবিশ্বাস মুক্ত সমাজৰ জন্ম হওক …

(মূল লেখা ইয়াত পাব)

উপৰোক্ত কথা খিনি পঢ়ি এই ক’ৰ’ণা ভাইৰাচৰ বিষয়ে হয়তো আপোনালোকৰ এক সম্যক ধাৰণা হৈছে। CoVID-19 ৰ বিষয়ে আমাৰ মাতৃভাষাত উপলব্ধ নিৰ্ভৰযোগ্য তথ্যসমূহ তলত দিয়া হ’ল – 

ক’ৰ’ণা ভাইৰাচ সম্পৰ্কীয় তথ্য সমূহ

আগকথা –
আজিৰ জেট যুগত বিশ্ব যিকোনো ঠাইলৈ কম সময়তে যাত্ৰা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ঠাইৰ দূৰত্বসমূহ যেন সংকুচিত হৈ আহিছে৷ এনে সুবিধাৰ বিপৰীতে এঠাইত আৰম্ভ হোৱা মহামাৰী আন এঠাইলৈ অনায়াসে বিয়পিব পাৰে৷ চীন দেশত কেইসপ্তাহমান আগতে আৰম্ভ হৈছিল কৰোনা ভাইৰাচে কৰা ৰোগ৷ সেই ৰোগ আজি জাপান,দক্ষিণ কোৰিয়া,চিংগাপুৰ,ভিয়েটনাম,থাইলেণ্ড, নেপাল, ফ্ৰান্স,অষ্ট্ৰেলিয়া, টাইৱান,মালেয়শিয়া, আমেৰিকা,শ্ৰীলংকা আৰু ইংলেণ্ডক ধৰি বিশ্বৰ ১৭খন দেশলৈ বিয়পিছে৷ চৌডি আৰব,কাটাৰ আৰু সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশেও কৰোনা ভাইৰাচৰ পৰা বাচিবলৈ অত্যধিক সতৰ্কতা লোৱা পৰিলক্ষিত হৈছে৷ চীনদেশ যাত্ৰা কৰি অহা লোকসকলৰ তন্নতন্নকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ জানিবলৈ পোৱামতে বৰ্তমান ভাৰতবৰ্ষৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰ বিলাকতো সতৰ্কতামূলক নিৰীক্ষণ ব্যৱস্থা আৰম্ভ হৈছে৷ ৰুচ দেশে চীনৰ সীমান্তই দি সকলো প্ৰবেশ বন্ধ কৰি দিছে৷ আমাৰ দেশ ভাৰতবৰ্ষটো চীনৰ পৰা অহা কেইজনমান সন্দেহজনক লোকক ৰাজস্থান,কেৰেলা,বিহাৰ আৰু দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিতেলত সুক্ষ্ম নিৰীক্ষণত আৰু Isolation wardত ৰখা হৈছে৷ চীনদেশৰ বিভিন্ন শিক্ষানুস্থানত ভাৰতৰ আৰু লগতে আমাৰ অসমৰো কেইবাশ বিদ্যাৰ্থীয়ে অধ্যয়ণ কৰি আছে৷ ৱুহানত ইঞ্জিনিয়াৰিং পঢ়ি থকা অসমৰ এজন ছাত্ৰ গৌৰৱ নাথে ২৮জানুৱাৰীত এক সংবাদ সংস্থা (NNI News Agency)ক নিজৰ খাদ্য সংকট আৰু আন আন সকলো দুৰৱস্থা কথা ফোনযোগে জনাই সোনকালে ভাৰতীয় ছাত্ৰসকলক উদ্ধাৰ কৰাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনাইছে৷ ইতিমধ্যে ৱুহানৰ পৰা ঘৰলৈ অহা কেৰেলাৰ মেডিকেল ছাত্ৰী এগৰাকীৰ দেহত কৰোনা ভাইৰাচৰা উপস্থিতি ধৰা পৰিছে৷ কোৱা হৈছে আমাৰ দেশত প্ৰবেশ কৰা এইজনা প্ৰথম ৰোগী৷ ৩০জানুৱাৰীৰ অসমৰ সংবাদ পত্ৰত প্ৰকাশিত বাতৰিমতে হংকঙৰ পৰা মণিপুৰত প্ৰবেশ কৰা এগৰাকী মহিলাৰ দেহত কৰোনা ভাইৰাচৰ উপস্থিতি ধৰা পৰিছে৷ আকৌ মালেয়শিয়াৰ হোটেলত কাম কৰা ত্ৰিপুৰাৰ এজন যুৱকৰ সেই দেশতে এই ৰোগত মৃত্যু হোৱাৰ খবৰ জনা গৈছে৷ গতিকেই অসমৰ ৰাইজ এতিয়া ক্ষিপ্ৰভাবে সংক্ৰমিত হোৱা এই ভয়ংকৰ মহামাৰীৰ বিৰুদ্ধে সতৰ্ক হোৱাৰ অতীব প্ৰয়োজন৷
কৰোনা ভাইৰাচনো কি ?
পোনপ্ৰথম ১৯৩৭চনত এই ভাইৰাচ চিনাক্ত হৈছিল এজনী ব্ৰংকাইটিচত আক্ৰান্ত পোহনীয়া চৰাইৰ দেহত,যাৰ দ্বাৰা মূৰ্গী ফাৰ্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ'ল যে কৰোনা ভাইৰাচে আক্ৰান্ত কৰিব পৰা আন আন প্ৰাণীসমূহ হ'ল- এন্দুৰ,নিগনি,কুকুৰ,মেকুৰী,গৰু, গাহৰি,উট,ঘোঁৰা,গাধ,টাৰ্কী,বাদুলি,সৰীসৃপ আদি৷ কৰোনা নামৰ উৎপত্তি হয় লেটিন শব্দ Crownৰ পৰা৷ ইলেকট্ৰন মাইক্ৰস্কোপত ভাইৰাচৰ আকৃতি মুকুটৰ দৰে দেখাৰ বাবেই এই নামাকৰণ৷ গতিকে কৰোনা ভাইৰাচ হ'ল মূলতে এবিধ পশুৰ ৰোগ (Zoonotic disease)৷ পশুৰ পৰা মানৱ দেহলৈ ৰোগ বিয়পে আৰু ৰোগাক্ৰান্ত লোকৰ পৰা আন মানুহলৈ জীৱাণু যায়৷
২০০২চনৰ নভেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং (Guangdong) প্ৰদেশত কৰোনা ভাইৰাচে মহামাৰী সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া (SARS-CoV) বিয়পি পৰে৷ এইবিধ কৰোনা ভাইৰাচে শ্বাসতন্ত্ৰৰ ওপৰিও পাক প্ৰণালী,লিভাৰ,কিডনি, হৃদযন্ত্ৰ আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩চনলৈকে বিশ্বজুৰি চলা এই মহামাৰীত ৮০৯৮জন ৰোগাক্ৰান্তৰ বিপৰীতে ৭৭৪জনৰ প্ৰাণহানি ঘটিছিল৷
আকৌ ২০১৫ চনত মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি অহা এজন যাত্ৰীয়ে কঢ়িয়াই অনা কৰোনা ভাইৰাচৰ সংক্ৰমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্ৰান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷
মানুহক আক্ৰান্ত কৰা কৰোনা ভাইৰাচৰ প্ৰকাৰ –
৬প্ৰকাৰৰ কৰোনা ভাইৰাচে মানুহক আক্ৰান্ত কৰিব পাৰে৷ সেই কেইবিধৰ নাম হ'ল- 229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV(Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome .এই ভাইৰাচ সমূহৰ বিশেষত্ব হ'ল যে ইহঁতক লেবৰেটৰীত উৎপন্ন কৰিব নোৱাৰি, সঘনে ইহঁতে স্বভাৱ সলনি কৰিব পাৰে (Mutation), এন্টিবডিৰে ভেকচিন বনোৱা নাযায় ৷
কেনেকৈ ৰোগ মানুহলৈ বিয়পে ? - চীনদেশত বৰ্তমান আৰম্ভ হোৱা কৰোনা ভাইৰাচৰ মহামাৰী ৱুহান চহৰৰ (Wuhan হ'ল Hubei প্ৰদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰ (Non-veg market পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানী সকলে মত পোষন কৰিছে৷ সেইখন বজাৰত সাপ,বেং,বাদুলি,সাগৰীয় মাছ, কুকুৰ,মেকুৰি,এন্দুৰ,নিগনি, পোক পতংগ সকলো বিক্ৰী হয়৷ ৱুহান বজাৰৰ ৰেষ্টৰেন্টত বাদুলীৰ চুপ,সাপৰ মাংস আদি সহজলব্ধ জনপ্ৰিয় খাদ্য৷ এনে দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই মানৱ দেহলৈ কৰোনা ভাইৰাচৰ আগমন ঘটিল৷ বিগত বছৰৰ ৩১ডিচেম্বৰত ৱুহানত ধৰা পৰে এই অসুখত আক্ৰান্ত প্ৰথমজন ৰোগী৷ বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰে নৱেল কৰোনা ভাইৰাচ(“2019-nCoV.” ) বুলি৷
ইয়াৰ ওপৰিও আৰু মন কৰিবলগীয়া কথা কেইটিমান হ'ল : -
- ড্ৰপলেট ইনফেকচন- অৰ্থাৎ ভাইৰাচৰ কণিকা প্ৰদূষিত বায়ুমণ্ডলৰ মাধ্যমেৰে৷ ৰোগীয়ে কাহ মাৰিলে,হাঁচিয়ালে,হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিবেশ ভাইৰাচেৰে দূষিত হয়৷
- হাতেৰে ৰোগীক স্পৰ্শ কৰিলে,কৰমৰ্দন,চুম্বন আদিৰ যোগেদি৷
- ৰোগীৰ সংস্পৰ্শত অহা যি কোনো সামগ্ৰী (যেনে টাৱেল,ৰুমাল,অন্যান্য কাপোৰ,চচমা,কলম,বাচন আদি)ৰোগীৰ নাক মুখৰ জুলীয়া পদাৰ্থৰ দ্বাৰা দূষিতহৈ থাকিব পাৰে৷ তেনে সামগ্ৰীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্ৰী স্পৰ্শ কৰি কেতিয়াও নিজৰ চকু,মুখ,নাক নুচুব৷
- ৰোগীৰ মল-মূত্ৰয়ো ৰোগ বিয়পাব পাৰে৷
• • ৩০জানুৱাৰীত প্ৰকাশিত তথ্যমতে এই পৰ্য্যন্ত দেশখনত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল ৭৭১১জন আৰু তাৰে ১৭০জন মৃত্যুমুখত পৰিছে৷
ৱুহানৰ ওপৰিও আন কেইখনমান ৰোগাক্ৰান্ত চহৰ হ'ল- হুৱাংগাং,ঝিজিয়াংগ,কিয়ানজিয়াংগ আৰু ইঝোও৷ এই ৫খন চহৰৰ সৈতে দেশখন সকলোধৰণৰ যোগাযোগ (পথ পৰিবহন, জলপথ, ৰেলপথ,আকাশীপথ) বিচ্ছিন্ন কৰি দিয়া হৈছে৷ সকলো নাগৰিক হৈ পৰিছে গৃহবন্দী৷ বৰ্তমান এই চহৰ সমূহৰ ব্যৱসায়-বাণিজ্য, চিনেমা-থিয়েটাৰ,মল-পাৰ্ক,স্কুল-কলেজ-অফিচ সকলো বন্ধ,জনশূণ্য৷ এই মহামাৰীৰ ফলত চীনদেশৰ অৰ্থনীতিৰ যি ভীষণ ক্ষতি হব তাৰ আংকলন সময়েহে কৰিব৷ এই মহামাৰীয়ে উৎপন্ন কৰা ভয়ংকৰ পৰিস্থিতিৰ বাবেই এই সময়ত পালন কৰা চীনা নৱবৰ্ষ উৎসৱ বাতিল কৰা হ'ল৷ ইতিমধ্যে ব্ৰিটিছ এয়াৰৱেজে চীনদেশলৈ চলাচল কৰা সকলো বিমান বাতিল কৰিছে৷ আন আন দেশৰ বিমান যাত্ৰাও অতিকৈ হ্ৰাস পাইছে৷
ৰোগৰ লক্ষণসমূহ কি কি ? - শৰীৰত ৰোগৰ জীৱাণু প্ৰবেশৰ পৰা অসুখৰ লক্ষণ ফুটি উঠালৈকে এই সময় চোৱাক Incubation period বুলে৷ কৰোনা ভাইৰাচৰ Incubation period ৫ৰ পৰা ১৫দিনলৈকে হব পাৰে৷ সন্দেহজনক ৰোগীক ২৮দিনলৈ পৃথকে ৰখাৰ(quarantine) পৰামৰ্শ দিয়া হয়৷
সাধাৰণ পানীলগা,জ্বৰ-চৰ্দিৰ দৰে নাইবা কাহ,গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা অৰ্থাৎ নিউমোনিয়া সদৃশ ৰোগৰ লক্ষণ সমূহ ৷ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷
ৰোগৰ চিনাক্তকৰণ - উপযুক্ত লেবৰটৰীত ভাইৰাচ চিনাক্তকৰণ, পিচিআৰ চেইন ৰিয়েকচন, এন্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ ভাইৰাচ চিনাক্ত কৰা ভাইৰোলজী লেবৰেটৰী আছে ভাৰতৰ পুণে চহৰত৷ ৪সপ্তাহলৈকে তেজত এন্টিবডি দেখা নাপালে ব্যক্তিজন ৰোগমুক্ত বুলি গণ্য কৰা হয়৷ ৰোগ চিনাক্ত কৰিবলৈ লওতে ৰোগীৰ 'ভ্ৰমণৰ হিষ্ট্ৰী' লোৱাটো চিকিৎসকৰ বাবে এক অনিবাৰ্য্য বিষয়৷
সতৰ্কতামূলক ব্যৱস্থা – চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷ কাহ জ্বৰ আদিত ভোগালোকক পৰিচৰ্য্যা কৰোতে বিশেষ সতৰ্কতা লব৷ সঠিক মাস্ক ব্যৱহাৰ কৰিব৷ কেঁচা বা আধা সিজা মাংস,সাগৰীয় খাদ্য সমূলি পৰিহাৰ কৰিব৷ পৰাপক্ষত নিৰামিষ খাদ্য গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ ডিঙি শুকাই থাকিলে ভাইৰাচ সহজে বিয়পিব পাৰে বুলি অনুমান কৰা হৈছে ৷ আইচক্ৰিম আৰু শীতল পানীয় গ্ৰহণ নকৰিব৷ এনে শীতল বাতাবৰণত ভাইৰাচে সহজে আক্ৰমণ কৰিব পাৰে৷ উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি সতৰ্ক হব৷ টেঙা ফল আৰু ভিটামিন-চিয়ে ভাইৰাচৰ পৰা কিছু সুৰক্ষা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ,উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ ) বন্ধ নকৰিব৷ ৰোগাক্ৰান্ত অঞ্চললৈ ভ্ৰমণৰ আঁচনি নলব৷ ৰোগাক্ৰান্ত দেশ ভ্ৰমণ কৰি অহা লোকৰ লগত ততালিকে মিলমিচা নকৰিব৷ আনৰ সৈতে হাতমিলাই কৰমৰ্দন কৰাৰ সলনি হাতযোৰ কৰি সম্ভাষণ জনোৱাটো সৰ্বথা নিৰাপদজনক৷ ভীৰ হোৱা ঠাই যেনে চিনেমাহল,বজাৰ পৰাপক্ষত এৰাই চলিব৷
চিকিৎসা কিদৰে প্ৰদান কৰা হয় ?
কৰোনা ভাইৰচৰ কোনো ভেকচিন নাই আৰু কোনো নিৰ্দিষ্ট দৰব নাই৷ লক্ষণ হিচাবে যতনলৈ চিকিৎসা কৰিলে ৰোগ সময়ত আৰোগ্য হয়৷ তথাপিও প্ৰায় ১০শতাংশ মৃত্যুৰ হাৰ আতংকজনক৷ গুৰুতৰভাবে আক্ৰান্তজনক আইচিইউত জৰুৰীকালীন চিকিৎসা দিবলগীয়া হব পাৰে৷
মোখনিত দুটামান দৰকাৰী কথা : -
- ৭০০জনৰো অধিক ভাৰতীয় ছাত্ৰই ৱুহানত ডাক্তৰী শিক্ষা গ্ৰহণ কৰি আছে৷ ভাৰত চৰকাৰে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে৷
- বিবিচি,চিএনএন,অলজৰীয়া আদি চেনেলসমূহে এই জ্বলন্ত বিষয়টোৰ ওপৰত দৈনিক আলোকপাত কৰি আছে৷
- আমেৰিকাই নিজৰ নাগৰিকসকলক চীন দেশৰ পৰা সুকলমে উভটাই আনিবলৈ ব্যৱস্থা লৈছে৷
- চীনা চৰকাৰে সকলো নাগৰিকৰ বিদেশ ভ্ৰমণ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বাতিল কৰিছে৷
- শেহতীয়া বাতৰি অনুসৰি ২৬জানুৱাৰীত চীনা প্ৰশাসনে কৰা ঘোষণা অনুসৰি সকলো ধৰণৰ বনৰীয়া জীৱ জন্তুৰ বিক্ৰী বা অইন ঠাইলৈ অনা-নিয়া এই মহামাৰী সম্পূৰ্ণ নিৰাময় নোহোৱালৈকে বন্ধ থাকিব৷
- চীনা চৰকাৰে দুজন ব্যক্তিৰ মাজত হোৱা কৰমৰ্দন সাম্প্ৰতিক পৰিস্থিতিৰ বাবে নিষিদ্ধ ঘোষণা কৰিছে৷

 

(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

অদ্যপৰিমিত বিশ্বৰ ১৯৬ খন দেশলৈ বিয়পি পৰা ক'ৰোনা ভাইৰাচে কৰা মহামাৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যাই প্ৰায় চাৰে চাৰি লাখৰ সংখ্যা স্পৰ্শ কৰিছে আৰু ঘোষিত মৃতকৰ সংখ্যা হ'ল চাৰে ১৯ হেজাৰৰ অধিক৷ আমাৰ ভাৰতবৰ্ষত এই লেখা যুগুত কৰালৈ ৬০৬ জন আক্ৰান্ত হৈছে আৰু তাৰে ১১ জনৰ প্ৰাণহানি হৈছে৷ ২৪মাৰ্চৰ পৰা আমাৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশখনতে তিনিসপ্তাহ অৰ্থাৎ১৪ এপ্ৰিললৈকে তলাবন্ধ ঘোষণা কৰিছে যাক কোৱা হৈছে সম্পূৰ্ণ 'লক ডাউন'৷ ইয়াৰ আগতে ২২ মাৰ্চৰ দিনাখন দেশজুৰি ১৪ ঘন্টাৰ জনতা সান্ধ্য আইন জাৰী কৰা হৈছিল যাতে দেশখনত ক'ৰোনাৰ অশ্বমেধ ঘোঁৰাৰ গতি কিছু হলেও থমাব পৰা যায়৷
সৌভাগ্যক্ৰমে আমাৰ অসমত এতিয়ালৈকে এজনো ক'ৰোনা ৰোগী চিনাক্ত হোৱা নাই৷ লাহোৱালস্থিত ভাৰতীয় আঞ্চলিক গবেষণা কেন্দ্ৰলৈ (ICMR) প্ৰেৰণ কৰা অসমৰ ২০০ৰো অধিক সন্দেহজনক লোকৰ তেজৰ নমুনা এতিয়ালৈকে নিগেটিভ পোৱা গৈছে৷ পিছে যোৱা দুদিনত উত্তৰ পূৰ্বাঞ্চলৰে ৰাজ্য মণিপুৰত এজন আৰু মিজোৰামত এজনকৈ ক'ৰোনা ৰোগী চিনাক্ত হোৱাটোৱে অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ দুয়োগৰাকী ৰোগীয়েই বিদেশ ভ্ৰমণৰ দ্বাৰা এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হয়৷ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ৪টা, বিহাৰত ২টা,উৰিষ্যাত ২টা কেচ চিনাক্ত হৈছে৷আন কেইখনমান ৰাজ্যৰ ছবি এনেকুৱা- মহাৰাষ্ট্ৰ ১২২, কেৰেলা ১০৫,গুজৰাট ৩৮, দিল্লী ৩৫, টেলেংগানা ৩৯, ৰাজস্থান ৩২,মধ্যপ্ৰদেশ ১৪৷ ভাৰতত প্ৰাণহানি হোৱা সকলৰ অধিকাংশৰে বিদেশ যাত্ৰা আৰু আনুসংগিক ৰোগ (ডায়েবেটিজ, উচ্চ ৰক্তচাপ,বাৰ্ধক্য আদি) দেখা গৈছে৷ ইয়াৰ ওপৰিও দিল্লীত এজন ক'ৰোনা ৰোগীয়ে হস্পিতালৰ ওপৰ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল৷ চুবুৰীয়া দেশ বাংলাদেশত ৩৯ জন আক্ৰান্তৰ ৬ জনৰ মৃত্যু ঘটিছে৷ পাকিস্তানত ১০২২জন আক্ৰান্তৰ ৯ জনৰ মৃত্যু হৈছে৷
গতিকে আমাৰ দুৱাৰত ক'ৰোনাই টোকৰ মাৰি আছে যিকোনো মুহূৰ্ততে প্ৰবেশৰ সম্ভাৱনা লৈ৷ অসমৰ বহু সংখ্যক লোকে ভাৰতৰ ভিন্ন ভিন্ন চহৰত কৰ্ম সূত্ৰে বসবাস কৰে৷ ৰোগত আক্ৰান্ত হোৱাৰ ভয়তে কেৰেলা,বাংগালোৰ,চেন্নাই, মুম্বাই, দিল্লী,হায়দৰাবাদ,জয়পুৰ আদি ঠাইৰ পৰা তাৰে বহু সংখ্যকে ঘৰলৈ ঢাপলি মেলিছে৷ তেনে লোকসকলে নিজৰ অজ্ঞাতে ভাইৰাচ কঢ়িয়াই আনি গৃহভূমিত মেলি দিবহি পাৰে৷ পুনৰ বিশ্বৰ পৰিসংখ্যালৈ আহোঁ৷ বিশ্বত পোন প্ৰথম চীনদেশত আৰম্ভ হোৱা এই মহামাৰীত মৃতকৰ তালিকাখনত চকু ফুৰাওক : - ইটালিত ৬৮২০ জন, ইৰাণত ২২২০ জন,স্পেইনত ৩৮৭৭ জন, আমেৰিকা যুক্তৰাষ্ট্ৰত ৭৯০ জন, ইংলেণ্ডত ৪৪৪ জন,নেডাৰলেণ্ডত ২৭৬জন,দক্ষিণ কোৰিয়াত ১৩২ জন,জাৰ্মানীত ১৮৯ জন, বেলজিয়ামত ২৩৪ জন,ইণ্ডোনেচিয়াত ৩৮ জন, জাপানত ৪৩ জন, টাৰ্কিত ২১ জন, কানাডাত ২৬ জন, ব্ৰাজিলত ১৮ জন,ইৰাকত ১৭ জন, আলজেৰিয়াত ১৬জন, মালেয়শিয়াত ১০ জন,ইজিপ্তত ১০ জন,পেৰুত ৬ জন, হাংগেৰীত ৪ জন, হাংগেৰিত ৪ জন,আৰ্জেন্টিনাত ৪ জন, হংকংত ৪ জন, বুলগেৰিয়াত ৩ জন,মৰক্কোত ৩ জন, সংযুক্ত আৰব আমীৰাটত ২ জন,চিংগাপুৰত ২ জন,ৰাচিয়াত ১ জন (তালিকাত আৰু আছে)৷ চীনে জনোৱামতে তেওঁলোকৰ দেশত মৃতকৰ সংখ্যা এতিয়ালৈ ৩২৮৫জন৷
এতিয়া আহোঁ ৰোগ আৰু ভাইৰাচ বিধৰ বিষয়ৰ আলোচনালৈ৷
ক'ৰোনা ভাইৰাচনো কি ?
পোনপ্ৰথম ১৯৩৭চনত এই ভাইৰাচ চিনাক্ত হৈছিল এজনী ব্ৰংকাইটিচত আক্ৰান্ত পোহনীয়া চৰাইৰ দেহত,যাৰ দ্বাৰা মূৰ্গী ফাৰ্মখনৰ বৃহৎ ক্ষতি হৈছিল৷ তাৰ পিছত বিগত ৮টা দশকত বিজ্ঞানীসকল অৱগত হ'ল যে ক'ৰোনা ভাইৰাচে আক্ৰান্ত কৰিব পৰা আন আন প্ৰাণীসমূহ হ'ল- এন্দুৰ,নিগনি,কুকুৰ,মেকুৰী,গৰু,গাহৰি,উট, ঘোঁৰা,গাধ,টাৰ্কী,বাদুলি,সৰীসৃপ আদি৷ ক'ৰোনা নামৰ উৎপত্তি হয় লেটিন শব্দ Crownৰ পৰা৷ ইলেকট্ৰন মাইক্ৰস্কোপত ভাইৰাচৰ আকৃতি মুকুটৰ দৰে দেখাৰ বাবেই এই নামাকৰণ৷ গতিকে ক'ৰোনা ভাইৰাচ হ'ল মূলতে এবিধ পশুৰ ৰোগ (Zoonotic disease)৷ পশুৰ পৰা মানৱ দেহলৈ ৰোগ বিয়পে আৰু ৰোগাক্ৰান্ত লোকৰ পৰা আন মানুহলৈ জীৱাণু যায়৷
২০০২চনৰ নভেম্বৰ মাহত দক্ষিণ চীনৰ গুৱাংডং (Guangdong) প্ৰদেশত ক’ৰোনা ভাইৰাচে মহামাৰী সৃষ্টি কৰে৷ তাৰ পৰা হংকং আৰু বিশ্বৰ ৩৭খন দেশলৈ এই জীৱন সংকটকাৰী নিউমোনিয়া (SARS-CoV) বিয়পি পৰে৷ এইবিধ ক'ৰোনা ভাইৰাচে শ্বাসতন্ত্ৰৰ ওপৰিও পাক প্ৰণালী,লিভাৰ,কিডনি, হৃদযন্ত্ৰ আদি অংগৰ ক্ষতিসাধন কৰিছিল৷ জুলাই ২০০৩চনলৈকে বিশ্বজুৰি চলা এই মহামাৰীত ৮০৯৮জন ৰোগাক্ৰান্তৰ বিপৰীতে ৭৭৪জনৰ প্ৰাণহানি ঘটিছিল৷
আকৌ ২০১৫ চনত মধ্যপ্ৰাচ্য ভ্ৰমণ কৰি অহা এজন যাত্ৰীয়ে কঢ়িয়াই অনা ক’ৰোনা ভাইৰাচৰ সংক্ৰমণৰ ফলত দক্ষিণ কোৰিয়াত ১৮৬জন লোক ৰোগাক্ৰান্ত হয় আৰু তাৰে ৩৬জন মৃত্যুমুখত পৰে৷
মানুহক আক্ৰান্ত কৰা ক'ৰোনা ভাইৰাচৰ প্ৰকাৰ : –
৬প্ৰকাৰৰ ক'ৰোনা ভাইৰাচে মানুহক আক্ৰান্ত কৰিব পাৰে৷ সেই কেইবিধৰ নাম হ'ল- 229E (alpha corona virus), NL63 (alpha corona virus), OC43 (beta corona virus), HKU1 (beta corona virus), MERS-CoV(Middle East Respiratory Syndrome), (SARS-CoV) Severe Acute Respiratory Syndrome . এই ভাইৰাচ সমূহৰ বিশেষত্ব হ'ল যে ইহঁতক লেবৰেটৰীত উৎপন্ন কৰিব নোৱাৰি,সঘনে ইহঁতে স্বভাৱ সলনি কৰিব পাৰে (Mutation), এন্টিবডিৰে ভেকচিন বনোৱা নাযায় ৷ বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ক'ৰোনা ভাইৰাচৰ নতুন নামাকৰণ কৰিলে COVID-19 বুলি৷
কেনেকৈ ৰোগ মানুহলৈ বিয়পিল ? - চীনদেশত বৰ্তমান আৰম্ভ হোৱা ক’ৰোনা ভাইৰাচৰ মহামাৰী ৱুহান চহৰৰ (Wuhan হ'ল Hubei প্ৰদেশৰ ৰাজধানী) মাংসৰ বজাৰখনৰ (Non-veg market পৰাই বিয়পিব ধৰে বুলি সেই দেশৰ বিজ্ঞানী সকলে মত পোষন কৰিছে৷ সেইখন বজাৰত বাদুলি,সাপ,বেং, সাগৰীয় মাছ,কুকুৰ,মেকুৰি,এন্দুৰ,নিগনি, পোক পতংগ সকলো বিক্ৰী হয়৷ ৱুহান বজাৰৰ ৰেষ্টৰেন্টত বাদুলীৰ চুপ,সাপৰ মাংস আদি সহজলব্ধ জনপ্ৰিয় খাদ্য৷ এনে দূষিত খাদ্য গ্ৰহণ কৰাৰ ফলতেই মানৱ দেহলৈ ক;ৰোনা ভাইৰাচৰ আগমন ঘটিল৷ বিগত বছৰৰ ৩১ডিচেম্বৰত ৱুহানত ধৰা পৰে এই অসুখত আক্ৰান্ত প্ৰথমজন ৰোগী৷ বিশ্ব স্বাস্থ্য সংস্থাই নামাকৰণ কৰে নৱেল কৰোনা ভাইৰাচ (“2019-nCoV.” ) বুলি৷
ইয়াৰ ওপৰিও আৰু মন কৰিবলগীয়া কথা কেইটিমান হ'ল : -
- ড্ৰপলেট ইনফেকচন- অৰ্থাৎ ভাইৰাচৰ কণিকা প্ৰদূষিত বায়ুমণ্ডলৰ মাধ্যমেৰে৷ ৰোগীয়ে কাহ মাৰিলে,হাঁচিয়ালে,হামিয়ালে, জোৰেৰে হাঁহিলে ওচৰৰ পৰিবেশ ভাইৰাচেৰে দূষিত হয়৷
- হাতেৰে ৰোগীক স্পৰ্শ কৰিলে,কৰমৰ্দন,চুম্বন, আলিংগন আদিৰ যোগেদি৷
- ৰোগীৰ সংস্পৰ্শত অহা যি কোনো সামগ্ৰী (যেনে টাৱেল,ৰুমাল,অন্যান্য কাপোৰ,চচমা,কলম,বাচন আদি) ৰোগীৰ নাক মুখৰ জুলীয়া পদাৰ্থৰ দ্বাৰা দূষিতহৈ থাকিব পাৰে৷ তেনে সামগ্ৰীয়ে অসুখ বিয়পাব পাৰে৷ গতিকে তেনে সামগ্ৰী স্পৰ্শ কৰি কেতিয়াও নিজৰ চকু,মুখ,নাক নুচুব৷
- ৰোগীৰ মল-মূত্ৰয়ো ৰোগ বিয়পাব পাৰে৷
• ইজৰাইলৰ চৰকাৰী চোৰাংচোৱা সংস্থাই সন্দেহ ব্যক্ত কৰিছে যে ৱুহানত থকা ভাইৰেল লেবৰেটৰীত জৈৱিক মৰণাস্ত্ৰ (Biological weapons) নিৰ্মানৰ প্ৰয়োগ কৰোতে অঘটনহৈ ৱুহানৰ বাদুলি,সাপ আদিৰ শৰীৰলৈ ভাইৰাচ বিধ বিয়পে৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থাই এই মতত সমৰ্থন জনাইছে৷
ৰোগৰ লক্ষণসমূহ কি কি ? - শৰীৰত ৰোগৰ জীৱাণু প্ৰবেশৰ পৰা অসুখৰ লক্ষণ ফুটি উঠালৈকে এই সময় চোৱাক Incubation period বুলে ৷ কৰোনা ভাইৰাচৰ Incubation period ৫ৰ পৰা ১৫দিন বা তাৰ অধিক দিনো হব পাৰে হব পাৰে৷ সেয়ে সন্দেহজনক ৰোগীক ২৷৩সপ্তাহলৈ পৃথকে ৰখাৰ (Quarantine) পৰামৰ্শ দিয়া হয়৷ বিপদজনক কথাটো হ'ল এজন ইনকুবেশ্বন পিৰিয়ডত থকা লোকেও আনৰ দেহলৈ ভাইৰাচৰ সংক্ৰমণ ঘটাব পাৰে ৷
- সাধাৰণ পানীলগা,জ্বৰ-চৰ্দিৰ দৰে নাইবা কাহ,গাৰ বিষ, বুকুৰ বিষ, ভাগৰ লগা, হাপানীৰ দৰে উশাহত কষ্ট হোৱা অৰ্থাৎ নিউমোনিয়া সদৃশ ৰোগৰ লক্ষণ সমূহ ৷ কেতিয়াবা ডায়েৰিয়াও হব পাৰে৷ আন অসুখত ভোগী থকা লোকসকল যেনে ডায়েবেটিজ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা সকলৰ ভাইৰাচত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে৷
ৰোগৰ চিনাক্তকৰণ - উপযুক্ত লেবৰটৰীত ভাইৰাচ চিনাক্তকৰণ, পিচিআৰ চেইন ৰিয়েকচন, এন্টিবডি চিনাক্তকৰণৰ দ্বাৰা ৰোগ নিশ্চিত কৰা হয়৷ ৪সপ্তাহলৈকে তেজত এন্টিবডি দেখা নাপালে ব্যক্তিজন ৰোগমুক্ত বুলি গণ্য কৰা হয়৷ ৰোগ চিনাক্ত কৰিবলৈ লওতে ৰোগীৰ 'ভ্ৰমণৰ হিষ্ট্ৰী' লোৱাটো চিকিৎসকৰ বাবে এক অনিবাৰ্য্য বিষয়৷ ভাৰতৰ আটাইটকৈ বৃহৎ আৰু পুৰণি ভাইৰাচ পৰীক্ষা কৰা লেবৰেটৰী পুণেত অৱস্থিত৷ তদুপৰি আজিকালি দেশৰ প্ৰায়বিলাক মেডিকেল কলেজৰ লেবৰেটৰীতেই এই ভাইৰাচ চিনাক্তকৰণৰ সুবিধা আছে৷
সতৰ্কতামূলক ব্যৱস্থা – চাবুনৰে ভালদৰে ঘঁহি পিহি হাত ধুব৷ ডেটল, চেভলন,স্পিৰিট বা চেনিটাইজাৰৰে সময়ে সময়ে হাত পৰিষ্কাৰ কৰি থাকিব৷ কাহ, জ্বৰ আদিত ভোগালোকক পৰিচৰ্য্যা কৰোতে বিশেষ সতৰ্কতা লব৷ মুখ ঢকা মাস্ক ব্যৱহাৰ কৰিব৷ এই ভাইৰাচ প্ৰতিৰোধ কৰিবলৈ যি কোনো বস্ত্ৰৰে মুখ আৱৰিলেই হব৷ কেঁচা বা আধা সিজা মাংস,সাগৰীয় খাদ্য সমূলি পৰিহাৰ কৰিব৷ পৰাপক্ষত নিৰামিষ খাদ্য গ্ৰহণ কৰিব৷ পানী বেচিকৈ খাব৷ ডিঙি শুকাই থাকিলে ভাইৰাচ সহজে বিয়পিব পাৰে বুলি অনুমান কৰা হৈছে ৷ আইচক্ৰিম আৰু শীতল পানীয় গ্ৰহণ নকৰিব৷ এনে শীতল বাতাবৰণত ভাইৰাচে সহজে আক্ৰমণ কৰিব পাৰে৷ উপযুক্ত বিশ্ৰাম লব আৰু টোপনি ক্ষতি নকৰিব৷ উটৰ মাংস আৰু উটৰ গাখীৰত কৰোনা ভাইৰাচ থাকিব পাৰে৷ গতিকে তাৰ প্ৰতি সতৰ্ক হব৷ টেঙা ফল আৰু ভিটামিন-চিয়ে ভাইৰাচৰ পৰা কিছু সুৰক্ষা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ চৰ্দি জাতীয় অসুখত আক্ৰান্ত হলেও নিয়মীয়া অসুখৰ দৰব (যেনে ডায়েবেটিজ, উচ্চ ৰক্তচাপ, হৃদৰোগ আদিৰ ) বন্ধ নকৰিব৷ ৰোগাক্ৰান্ত অঞ্চললৈ ভ্ৰমণৰ আঁচনি নলব৷ ৰোগাক্ৰান্ত দেশ ভ্ৰমণ কৰি অহা লোকৰ লগত ততালিকে মিলমিচা নকৰিব৷ আনৰ সৈতে হাতমিলাই কৰমৰ্দন কৰাৰ সলনি হাতযোৰ কৰি সম্ভাষণ জনোৱাটো সৰ্বথা নিৰাপদজনক৷ ভীৰ হোৱা ঠাই যেনে চিনেমাহল,বজাৰ পৰাপক্ষত এৰাই চলিব৷ যাত্ৰা কৰোতে বা বজাৰ সমাৰত আন ব্যক্তিৰ পৰা সম্ভৱপৰ দূৰত্ব বজাই ৰাখিব৷ আমাৰ সহজলব্ধ নহৰু,আদা,তুলসী,মহানিম, এলোভেৰা আদিৰ ব্যৱহাৰে শৰীৰৰ ইমিউনিটি বঢ়ায়৷ গতিকে এই সময়ত তাৰ সদোপ্ৰয়োগ বাঞ্চনীয়৷
চিকিৎসা কিদৰে প্ৰদান কৰা হয় ?
ক’ৰোনা ভাইৰচৰ কোনো ভেকচিন নাই আৰু কোনো নিৰ্দিষ্ট দৰব নাই৷ লক্ষণ হিচাবে যতনলৈ চিকিৎসা কৰিলে ৰোগ সময়ত আৰোগ্য হয়৷ তথাপিও প্ৰায় ১.৫ শতাংশ মৃত্যুৰ হাৰ আতংকজনক৷ গুৰুতৰভাবে আক্ৰান্তজনক আইচিইউত জৰুৰীকালীন চিকিৎসা দিবলগীয়া হব পাৰে৷ আটাইতকৈ বিপদজনক কথাটো হ'ল এই ভাইৰাচে অতি ক্ষিপ্ৰতাৰে বহু সংখ্যক লোকক আক্ৰান্ত কৰে৷
ল'পিনাভিৰ,ৰিটনাভিৰ নামৰ এইচআইভিৰ চিকিৎসাত ব্যৱহৃত এন্টিভাইৰেল ড্ৰাগ, চোৱাইন ফ্লুত ব্যৱহৃত টেমিফ্লু আৰু মেলেৰিয়াৰ দৰব ক্লৰ'কুইন একেলগে প্ৰয়োগ কৰি জয়পুৰৰ মেডিকেল কলেজৰ চিকিৎসকে সুফল পোৱা বুলি দাবী কৰিছে৷ এয়া নিশ্চয় আশাৰ বতৰা৷ আনহাতে আমেৰিকা আৰু ইজৰাইলে ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত সাফল্যৰ দাবী কৰিছে৷ সময়ে ইয়াৰ সত্যতা প্ৰমাণ কৰিব৷
ক'ৰোনা ৰোগৰ প্ৰসাৰৰ ক্ষেত্ৰত চাৰিটা খলপ (Stage) এনে ধৰণৰ : -
(১) Sporadic or Imported- ক'ৰোনা পজিটিভ দেশ ভ্ৰমণ কৰি যদি কোনো লোকে ৰোগ আয়ত্ব কৰে৷
(২) Local transmission- স্থানীয় ভাবে ৰোগ বিয়পা অৱস্থা৷ ৰোগী বা আত্মীয়ৰ ৰোগাক্ৰান্ত দেশ ভ্ৰমণৰ কথা জনা যায়৷ আমাৰ দেশ এতিয়া এই পৰ্য্যায়ত আছে৷ অত্যন্ত সতৰ্কতা অৱলম্বন নকৰিলে দেশে তৃতীয় পৰ্য্যায়লৈ গতি কৰিলে ভয়ংকৰ সংকটে দেখা দিব৷
(৩) Community transmission- তৃতীয় পৰ্য্যায়ত সমাজত ক্ষিপ্ৰভাবে ৰোগ বিয়পিব ধৰে৷ নিৰ্দিষ্ট কাৰক চিনি ওলিওৱা কঠিন হৈ পৰে৷ দ্বিতীয় পৰ্য্যায়ত সতৰ্ক নহলে ৰোগে এই অৱস্থা পায়৷ ইটালি আৰু স্পেইন ইয়াৰ উদাহৰণ৷
(৪) Epidemic stage - সমাজ বা দেশখনত যেতিয়া ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰে৷
উপসংহাৰ: আজিৰ জেট যুগত বিশ্ব যিকোনো ঠাইলৈ কম সময়তে যাত্ৰা কৰাটো সম্ভৱপৰ হৈ উঠিছে৷ ঠাইৰ দূৰত্বসমূহ যেন সংকুচিত হৈ আহিছে৷ এনে সুবিধাৰ বিপৰীতে এঠাইত আৰম্ভ হোৱা মহামাৰী আন এঠাইলৈ অনায়াসে বিয়পিব পাৰে৷ চীন দেশত কেইসপ্তাহমান আগতে আৰম্ভ হৈছিল কৰোনা ভাইৰাচে কৰা ৰোগ৷ সেই ৰোগ আজি বিশ্বব্যাপী বিয়পি মহামাৰীৰ ৰূপ লৈছে৷ কি ধনী,কি দুখীয়া কাকোৱেই ক'ৰোনাই ৰেহাই দিয়া নাই৷ মই দুমাহ আগলৈকে কৰ্মৰত থকা উন্নত আৰু চহকী দেশ কাটাৰত এতিয়ালৈ ৫২৬টা পজিটিভ কেচ চিনাক্ত হৈছে৷ অৱশ্যে কাৰো মৃত্যু এতিয়ালৈ হোৱা নাই৷ অৱশ্যে কাটাৰৰ পৰা স্বদেশলৈ অহা এজন ৩৫বছৰীয়া লোকৰ পাটনাৰ এইমচত অলপতে মৃত্যু হৈছে ৷ দেশখনলৈ সকলো পথেৰে বিদেশীৰ অহা-যোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে ৷ একে সতৰ্কতামূলক ব্যৱস্থা আমাৰ দেশেও গ্ৰহণ কৰিছে৷ এই কভিড-১৯ ৰোগে ধনী দুখীয়া কাকোৱেই ৰেহাই নিদিয়ে৷ শেহতীয়াকৈ আক্ৰান্ত হৈছে ইংলেণ্ডৰ যুৱৰাজ প্ৰিন্স চাৰ্লচ, কানাডাৰ প্ৰধান মন্ত্ৰীৰ পত্নী,কেইবাজনো বিদেশৰ ৰাজনেতা,বিখ্যাত খেলুৱৈ আৰু ছবি জগতৰ লোক৷ শেহতীয়া বাতৰিমতে এই বছৰ অনুষ্ঠিত হবলগীয়া টোকিঅ' অলিম্পিক সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপেক্ষিতত কমেও এবছৰলৈ পিছুৱাই দিয়া হৈছে৷
এই মহামাৰীয়ে উৎপন্ন কৰা পৰিস্থিতিৰ বাবে প্ৰায়বোৰ দেশৰে সকলো ধৰণৰ যোগাযোগ (পথ পৰিবহন, জলপথ, ৰেলপথ,আকাশীপথ) বিচ্ছিন্ন কৰি দিয়া হৈছে৷ সকলো নাগৰিক হৈ পৰিছে গৃহবন্দী৷ বৰ্তমান চহৰ সমূহৰ ব্যৱসায়-বাণিজ্য, চিনেমা-থিয়েটাৰ,মল-পাৰ্ক,স্কুল-কলেজ-অফিচ সকলো বন্ধ,জনশূণ্য৷ এই মহামাৰীৰ ফলত বিশ্বব্যাপী অৰ্থনীতিৰ যি ভীষণ ক্ষতি হব তাৰ আংকলন সময়েহে কৰিব৷ এই মহামাৰীয়ে উৎপন্ন কৰা ভয়ংকৰ পৰিস্থিতিৰ বাবেই এই সময়ত পালন কৰা চীনা নৱবৰ্ষ উৎসৱ বাতিল কৰা হ'ল৷ আমাৰ অসমীয়াৰ ৰঙালী বিহুও মাত্ৰ পতাকা উত্তোলনতে সীমিত থাকিব বুলি জনা গৈছে৷ এই দু:সময় যেন আৰু দীঘলীয়া নহয় সেই কামনাৰে এতিয়ালৈ সামৰিলোঁ৷
কোনোবা অচিনা বন্ধুৰ ভাষাৰে ময়ো কওঁ~
আহিবনে সোনকালে সেই দিনটো যিদিনা ৰাতিপুৱা শুই উঠি শুনিবলৈ পাম ?
ক'ৰোনা আৰু নাই,আমি সুৰক্ষিত,চলা-ফিৰা কৰিব পাৰোঁ মুকলি মনেৰে !!

(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

আপুনি জানেনে যে আমাৰ সাধাৰণতে হৈ থকা "common cold" বা পানি লগা জ্বৰৰে ঔষধ নাই৷ ঔষধটো দুৰৈৰে কথা এই ৰোগ সৃষ্টিকাৰি ভাইৰাছ Rhino virus ৰ ভেকচিন সৃষ্টি কৰাটোও একপ্ৰকাৰ অসম্ভৱেই৷ প্ৰথমেই জনাই থও জ্বৰ কোনো ৰোগ নহয় কোনো এবিধ ৰোগৰ এক উপসৰ্গ হে৷ অত্যাধিক বিষতো জ্বৰ উঠে৷ অৰ্থাৎ জ্বৰ উঠা মানে আপোনাৰ দেহে কোনো বেমাৰ বা ইনফেকচনৰ বিৰুদ্ধে যুঁজিহে আছে ৷ ধৰি লোৱা হ'ল Rhino virus আপোনাৰ দেহত সোমাল৷ জ্বৰ হ'ব অৰ্থাৎ আপোনাৰ দেহে সেই ভাইৰাছ বিধৰ বিৰুদ্ধে যুঁজ দিওতে জ্বৰ উঠিব৷ ৰোগ হৈছে ৰাইন'ভাইৰাছে কৰা বেমাৰবিধ যত জ্বৰ উপসৰ্গ৷ ডাক্তৰে জ্বৰ কমাবলৈ পেৰাচিটামল দিব লগতে কিবা এন্টিবায়টিক৷ মনত ৰাখক এন্টি বায়টিক য'ত এন্টি মানে হৈছে against বা বিৰুদ্ধে আৰু বায়টিক মানে হৈছে জীৱিত জীৱ৷ এতিয়া কথা হ'ল যে ভাইৰাছটো জীৱ নহয়৷ গতিকে এন্টিবায়টিকে ভাইৰাছ মাৰিব নোৱাৰে কিন্তু ডাক্টৰে এন্টিবায়টিক এইবাবে দিয়ে যাতে চেকণ্ডাৰি ইনফেকচন নহয়৷ অৰ্থাৎ আপোনাৰ দেহত ভাইৰাছৰ বাবে এনেও দেহা দুৰ্বল হৈ আছে গতিকে সেইসময়ত বেক্টেৰীয়াৰ দৰে অনুজীৱ প্ৰবেশ কৰি ট্ৰিটমেন্ট চলি থকা সময়ত বা পিচত যাতে আপোনাক আৰু ক্ষতি যাতে নকৰে তাৰ বাবেহে এন্টিবায়টিক দিয়া হয়৷ অৰ্থাৎ common cold যে আপোনাৰ ঠিক হ'ল আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Imunity) ৰ বাবে ঠিক হ'ল৷
সাধাৰণ পানী লগা জ্বৰৰ ভাইৰাছটো মাৰিবলৈকে আজিলৈকে ঔষধ ওলোৱা নাই আৰু non-curable ৰোগৰ তালিকাত এতিয়াও আছে৷ তাৰ উপৰিও আন ভাইৰাছ সমুহে কৰা ৰোগ যেনে ডেংগু, হেপাটাটিচ B, হাৰপেছ চিম্প্লেক্স, HIV/ AIDS, নৰ' ভাইৰাছ, পলিঅ', ৰেবিছ (Once the patient becomes symptomatic, treatment is almost never effective and mortality is over 99%.), SARS, আদি ৰোগ সৃষ্টিকাৰি ভাইৰাছ সমূহক মৰা ঔষধ ওলোৱা নাই৷
কাৰণ কি?
একদম সহজ উত্তৰ যে ভাইৰাছ সমূহ জীৱ নহয়৷ ইহতে জীৱদেহৰ বাহিৰত ধুলি বালিৰ দৰে জড় পদাৰ্থ সমূহৰ দৰে থাকে৷ ইহঁতে জীৱদেহত প্ৰবেশ কৰা পিছত জীৱদেহৰ প্ৰবেশ কৰা কোষটোৰ সকলো কাৰ্য্যকলাপ নিজৰ অধিনলৈ আনি কোষটোক ভাইৰাছটোৰ দেহৰ প্ৰটিন, ডিএনএ বা আৰ এনএ সমূহ সৃষ্টি কৰিবলৈ খটুৱাই আৰু যেতিয়া ভাইৰাছ দেহ গঠনকাৰি সকলো কোষটোত তৈয়াৰ হৈ যায় ভাইৰাছৰ দেহৰ সকলো পদাৰ্থসমূহ একলগ হৈ নতুন ভাইৰাছ পাৰ্টিকল সৃষ্টি হৈ কোষটো ভাঙি (lysis) কৰি ওলাই যায়৷
সহজকৈ কৈছো৷ ধৰি লওঁক এজন ব্যক্তিৰ দেহত এটা বেক্টেৰিয়া সোমাইছে৷ বেক্টেৰিয়াই নিজে প্ৰজনন কৰি বা কোষ বিভাজনৰ দ্বাৰা দুটা বেক্টেৰিয়া সৃষ্টি কৰিব৷ কিন্তু ভাইৰাছে নিজে প্ৰজনন নকৰে, ই কি কৰিব যে আপোনাৰ কোষটোক নিজৰ বস্তুবোৰ বনাবলৈ দিব৷ এই পইন্টটোতে সকলো দিগদাৰ হৈ যায়৷
কিয়?
কাৰণ যিটো ঔষধ বনোৱা হ'ব সি আপোনাৰ দেহৰ কোষবোৰৰ কোনো ক্ষতি নকৰাকৈ ভাইৰাছটোক টাৰ্গেট কৰাটো অসুবিধা হৈ পৰে৷ বেক্টেৰিয়াৰ ক্ষেত্ৰত ভাল কাৰণ এন্টিবায়টিক দিলে, এন্টিবায়টিকৰ বাবে আপোনাৰ কোষৰ কোনো ক্ষতি নোহোৱাকৈ বেক্টেৰিয়াটোৰ কোষবেৰ ভাঙি পেলোৱা হ'ল গতিকে বেক্টেৰিয়াটোৱে প্ৰজনন কৰি দুটা বেক্টেৰিয়া কৰাৰ আগতেই কোষবেৰ ভাঙি মৰি গ'ল কিন্তু ভাইৰাছৰ না কোষবেৰ আছে, না কোষ আছে৷ টেকনিকেলি ভাইৰাছবোৰ জীৱিত জীৱই নহয় কাৰণ জীৱ হবলৈ নুন্যতম এটা কোষ লাগিব কিন্তু ভাইৰাছৰ কোষেই নাই৷ .
প্ৰায়ভাগ এন্টিবায়টিকে প্ৰটজোৱা বা বেক্টেৰিয়া কেনেকৈ মাৰে যে হয় কোষবেৰ ভাঙি কোষটো মাৰিব বা কোষত থকা 70S ৰাইবজমটো ভাঙি দিব যাতে সি প্ৰটিন সংশ্লেষণ কৰিব নোৱাৰা হৈ মৰি যায়৷
বহু এন্টিভাইৰেল ঔষধো আছে কিন্তু সিহতো এন্টিবায়টিকৰ দৰে টাৰ্গেট বীজানুটো মাৰিব নোৱাৰে মাত্ৰ সিহঁতৰ বিকাশত বাধাহে দিয়ে৷
আৰু এটা অসুবিধা হ'ল যে যি বেক্টেৰিয়াই নহওক প্ৰায় বেক্টেৰিয়াৰে চৰিত্ৰবোৰ একে৷ গতিকে ব্ৰড্ স্পেক্ট্ৰাম এন্টিবায়টিক দিলে মৰি যায় বা কেতিয়াবা এবিধ বেক্টেৰিয়া মৰা নিদিষ্ট এন্টিবায়টিকটো দিও মাৰিব পৰা যায় কিন্তু ভাইৰাছ সমূহৰ চৰিত্ৰ এটাৰ লগত আনটো নিমিলে আৰু ইহঁতৰ সহজতে মিউটেচন হয়৷ কাৰোবাৰ RNA থাকে, কাৰোবাৰ DNA, কোনোবাটোৰ বাহিৰত প্ৰটিনৰ কেপচিড থাকে,কোনোবাটোৰ লিপিডৰ এনভেলপ৷ গতিকে ব্ৰডস্পেকট্ৰাম এন্টিবায়টিকে বেক্টেৰিয়া হল বুলিলেই মাৰি পেলাব পৰা ক্ষমতা এন্টিভাইৰেলৰ নাই৷
প্ৰথম এন্টিভাইৰেল ড্ৰাগছ 1960 চনত হাৰপেছ ভাইৰাছৰ বিৰুদ্ধে পৰিক্ষা কৰা হৈছিল৷
আৰু এইটা trial and error প্ৰকৃয়া দ্বাৰা বহু সময় খৰছ কৰা এক hit-or-miss পদ্ধতি আছিল৷ 1980ৰ পৰা যেতিয়া ভাইৰাছৰ জীনৰ গঠন অধ্যয়ন কৰিব পৰা সুবিধা হ'ল তেতিয়া পৰাহে ভাইৰাছে কি দৰে কোষত কাম কৰে জানিব পৰা হ'ল আৰু গৱেষণা আৰম্ভ হ'ল৷
কিন্তু ভাইৰাছৰ বিৰুদ্ধে এন্টিভাইৰেল ড্ৰাগছ আবিস্কাৰ কৰাটো এটা বৰ খৰছি কাৰবাৰ৷
উদাহৰণ স্বৰূপে hepatitis C virus ৰ infection ৰ ক্ষেত্ৰত sofosbuvir-velpatasvir (Epclusa) আৰু ledipasvir-sofosbuvir (Harvoni) ব্যৱহাৰ কৰা হয়৷ মাত্ৰ ১২ সপ্তাহৰ বাবে দিয়া এই দুটা ঔষধৰ খৰছ $113,400 আৰু $89,712 হয়৷ এই দুটাক জেনেৰিকেলি বনাব গলেও কমেও ১২ সপ্তাহৰ বাবে খাব দিলে $100 - $250 খৰছ পৰে৷ ফাৰ্মাচিউটিকেল কম্পেনী বোৰে গৱেষণা আৰু ঔষধ সৃষ্টিত বহু টকা খৰছ কৰিব লগা হয়৷ তাৰ ওপৰিও ঔষধ সৃষ্টিত বহু ক্ষেত্ৰত Intellectual property laws, anti-importation policies,আৰু FDA review ৰ লেহেমিয়া গতি বাবেও বহু পলম হয়৷
ৰোগ হোৱাৰ পিছত দেহত প্ৰবেশ কৰা ভাইৰাছটোক মৰা ঔষধ টান যদিও ভেকচিন কিন্তু বহু ভাইৰাছজনিত ৰোগৰ ওলাইছে৷ পলিঅ',
measles, mumps, rubella (MMR), varicella (chickenpox), hepatitis B, rotavirus ইত্যাদিৰ ভেকচিন পোৱা যায়৷
আশা কৰো অদুৰ ভৱিষ্যতে বৰ্তমানলৈ আবিস্কৃত নোহোৱা ভাইৰাছজনিত ৰোগ সমূহৰো এন্টিভাইৰেল ড্ৰাগছ ওলাব৷ কৰণাৰো ভেকচিন তথা এন্টিভাইৰেল ড্ৰাগছ বজাৰত উপলব্ধ হবগৈ৷ কিন্তু কিমানদিন লাগিব সময়ে ক'ব৷ কাৰণ বৰ্তমান চৰ্চিত হ'লেও কৰণা ভাইৰাছ 1960 চনতে আবিস্কাৰ হৈছিল৷ কভিড 19 টো কৰণাৰে উৎপৰিবৰ্তন হৈ নতুনকৈ সৃষ্টি হোৱা ৰোগ যি কৰণা নভেল ভাইৰাছৰ বাবে হয়৷

(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

মই ইতিমধ্যে আগৰ আলোচনাত লিখিছো যে বহু ভাইৰাছৰ এতিয়ালৈকে এন্টিভাইৰেল মেডিচিন ওলোৱা নাই৷ আপোনালোকে যদি লক্ষ্য কৰে দেখিব যে পানী লগা জ্বৰ, আই (Pox) ওলালে বা মাম্পচ্ আদি হ'লে ঔষধ খালেও বা নাখালেও লাহে লাহে ৰোগবিধ ভাল হয়৷ তাৰ কাৰণ হ'ল দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি দেহে নিজে সেই ভাইৰাছ বিধৰ বিৰুদ্ধে যুঁজ দি ৰোগবিধ নিৰাময় কৰে৷ শ্বেতৰক্ত কনিকাত থকা লিম্ফচাইট সমূহে দেহৰ মূল ৰোগ প্ৰতিৰোধক৷ লিম্ফচাইট দুবিধ ক্ৰমে B লিম্ফচাইট আৰু T লিম্ফচাইট যাক সাধাৰণতে B cells আৰু T cells বুলিও কোৱা হয়৷ দুয়োবিধে দেহৰ হাড়ৰ মজ্জা বা
bone marrowৰ ষ্টেম চেল (Stem Cell) পৰা সৃষ্টি হৈ আমাৰ দেহৰ থাইমাছ গ্ৰন্থিলৈ গৈ T cells হয় আৰু যিখিনি ব'ন মেৰুতে থাকি যায় B cells হয়গৈ৷
B cells ৰ কাম হ'ল এন্টিবডি সৃষ্টি কৰা৷ মনত ৰাখিব যদি দেহৰ বাহিৰৰ কিবা প্ৰটিন (ধৰি লোৱা হওক এবিধ বেক্টেৰিয়া বা ভাইৰাছৰ প্ৰটিন) আপোনাৰ দেহত সোমাইছে তাক এন্টিজেন (antigen) বোলা হয় আৰু সেই এন্টিজেনৰ বিৰুদ্ধে আপোনাৰ দেহৰ B cell য়ে ভাঙিবলৈ যিবিধ প্ৰটিন সৃষ্টি কৰিব তাক এন্টিবডি (antibody) বোলা হয়৷ লোহাক লোহাই কটা দৰে প্ৰটিনেহে প্ৰটিনক ভাঙে৷
প্ৰতিটো B cell য়ে এবিধ নিদিষ্ট এন্টিবডি সৃষ্টি কৰে যিয়ে এবিধ নিদিৰ্ষ্ট এন্টিজেনক ভাঙিব পাৰে৷ ঠিক এটা তলা তাৰ নিদিষ্ট চাবিটোৱে খোলাৰ দৰে৷
T cells ৰ কাম হ'ল আকৌ কেঞ্চাৰ কোষ ধংস কৰা তথা দেহত সোমোৱা যিকোনো বাহিৰা বস্তু (foreign substances যেনে ভাইৰাছ আদি) ধংস কৰা৷
তৃতিয় এবিধ লিম্ফচাইটো আছে যাক natural killer বা NK cell বোলা হয়, সিও B আৰু T কোষ সৃষ্টিহোৱাৰ দৰেই হয় কিন্তু ক্ষিপ্ৰতাৰে তাৎক্ষনিকভাবে foreign substances বোৰ ভাঙে আৰু সিহঁত কেঞ্চাৰ কোষ আৰু ভাইৰাছ আক্ৰান্ত কোষ ধংস কৰাত খুৱ ক্ষিপ্ৰ৷
এই B Cell বোৰৰে এটা ভাগ হ'ল Memory B কোষ যি দেহত কিবা এটা সোমালেই প্ৰথমে এটেক কৰে আৰু দেহত বহু বছৰলৈ থাকি যায় গতিকে পিছত একেটা বস্তু সোমালে ৰোগ সৃষ্টি কৰাৰ আগতেই তাক মাৰি পেলাই৷ সেয়ে মানুহে যে কয় এবাৰ বসন্ত হ'লে আৰু নহয় এই মেমৰি B কোষ বোৰৰ বাবেই৷ অৰ্থাৎ এবাৰ শত্ৰুএবিধ সোমালে তাক কেনেকৈ মাৰিব লাগে গম পোৱা পিছত পিছৰবাৰ সোমালে তাক কিদৰে মাৰিব লাগিব যিহেতু আগতেই গম পাই গতিকে শত্ৰুৱে আক্ৰমন কৰাৰ আগতেই মেমৰি বি কোষ তাক ধংশ কৰি পেলাই৷
ইয়াৰ উপৰিও killer বা cytotoxic T cell থাকে যিয়ে দেহৰ কোষবোৰ পৰিক্ষা কৰি থাকে যে কোষবোৰ কিবা বিজানুৱে আক্ৰমন কৰিছে নেকি বা কেঞ্চাৰ কোষলৈ ৰূপান্তৰিত হৈচে নেকি৷ যদি হোৱা যেন দেখে নিজেই সেই কোষটোক মাৰি পেলাই সেয়ে তাক কিলাৰ কোষ কোৱা হয়৷ ইয়াৰ বাহিৰে আন এবিধ হ'ল Helper T cells যিয় আন অসংক্ৰমতাক "help” বা সহায় কৰে যাতে foreign substances বোৰক মাৰিব পাৰে৷ বহু প্ৰকাৰৰ সহায়কাৰী T কোষ আছ যেনে Th1 cell যিয়ে কোষৰ ভিতৰত কৰা বেক্টেৰিয়া বা ভাইৰাছৰ আক্ৰমন কন্ট্ৰল কৰে৷ Th2 cellয়ে কোষৰ বাহিৰত হোৱা ইনফেকচন প্ৰতিৰোধ কৰে৷
এইবোৰৰ বাহিৰেও Regulatory T cell বা Tregs
আছে যাৰ ভাল বেয়া দুয়োবিধেই কাৰ্য্য আছে৷ ইহঁতে বীজানুৰ আক্ৰমন সহ্য কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে, জ্বলন পোৰন (inflammatory diseases) আদি কমাই কিন্তু কিছুমান ক্ষেত্ৰত যেনে বিশেষ কিছুমান এন্টিজেন বা টিউমাৰ সৃষ্টিহোৱা বন্ধ কৰাৰ পৰিবৰ্তে আকৌ ৰোগপ্ৰতিৰোধ ক্ষমতাটোকে কমাই পেলাই৷
B cell বোৰৰ দৰে T cell ৰো Memory T cells আৰু Killer T cell থাকে যাৰ কাৰ্য্য আগতে কৈ অহাৰ দৰে প্ৰায় একেই৷
এতিয়া কথা হ'ল যে বহুতে কৈ আছে যে ইটো খালে সিটো খালে অসংক্ৰামতা বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ হয়, আমাৰ খাদ্যবস্তুতে প্ৰকৃতিয় সকলো দিছে৷ কিন্তু এইটো নহয় যে এদিন তুলসিপাত খালে আৰু আপোনাৰ অসংক্ৰামতা এনেদৰে বৃদ্ধি হৈ গ'লে যে কৰণা কি আন ভাইৰাছকো মাৰিব পৰা হৈ গ'ল৷ তেনে নহয়৷ এই Immunity booster সমূহ নিয়মিত পৰিমানে সদায় খোৱাৰ অভ্যাস কৰি কৰি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমি ঠিকে ৰাখিব লাগিব৷
গাঁৱৰ বাৰিখনতে সকলো ঔষধ আছিল এটা সময়ত৷ মানুহ প্ৰকৃতিৰ পৰা আতৰি গৈ যিমানে যান্ত্ৰিক আৰু ৰসায়নিক ঔষধ বা পদাৰ্থৰ সংস্পৰ্ষলৈ আহিল সিমানে দেহাটোৰো ৰোগপ্ৰতিৰোধ ক্ষমতা কমি আহিবলৈ ল'লে৷ এটা কথা আমি সকলোৱে মনত ৰখা উচিত যে আমি জীৱ সমূহ প্ৰকৃতিৰ লগত মিলি থাকিহে জীয়াই থাকিব লাগিব৷ প্ৰকৃতিৰ পৰা যিমানে আতৰিম সিমানে দেহটোও ৰোগৰ এটা ভড়াল হৈ পৰিব তথা বিভিন্ন বীজানুৱেও আক্ৰমন কৰিব৷
অসংক্ৰামতা বয়সভেদে আৰু স্বাস্থ্যভেদে সকলোৰে বেলেগ হয়৷ গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি এইকেইদিন অন্তত সেউজীয়া শাক পাছলি লগতে আন ঔষধী সমূহো নিয়মিত মাত্ৰাত গ্ৰহন কৰি থাকক৷
এইখিনিতে কালি ভাইটি এজনে সোধা প্ৰশ্ন এটাৰ উত্তৰ দিব ওলাইছো৷ তেওঁ এটা ৱাটচএপত বাৰ্তা পালে যে চাহত মিথাইলজেন্থিন, থিঅ'ব্ৰমাইন আৰু থিঅ'পাইলাইন নামৰ জৈৱৰসায়নিক পদাৰ্থ থাকে যিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে তথা কৰণা ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷
বিভিন্ন নিৰ্ভৰযোগ্য গৱেষণাপত্ৰ তথা literature review কৰি পোৱা কথা কেইটা জনাব লৈছো৷
নিউট্ৰিয়েন্ট নামৰ জাৰ্নেলত পোৱা (Nutrients. 2013 Oct; 5(10): 4159–4173) তথ্য মতে চাহ, কোকা কফি চকলেট আদিত মিথাইলজেন্থিন থাকে যিয়ে শ্বসননলীকাৰ (Respiratory tract disease) লগত জড়িত ৰোগৰ বাবে ভাল৷
Usmani (2005) তথা তেখেতৰ সহযোগী সকলে গিনিপিগ আৰু মানুহৰ ক্ষেত্ৰত পৰীক্ষাৰ দ্বাৰা পোৱা তথ্য মতে কফজনিত ৰোগত থিঅ'ব্ৰমিনে যথেষ্ট কাম দিয়ে৷ সেয়ে কফ বা ব্ৰংকাইটিছত বহুতে কুহুমিয়া গৰম পানীত চাহপাত দি কুলকুলি কৰিও হয়তো আৰাম পোৱা পৰিলক্ষিত হয়৷মিথাইলজেন্থিনে হাওফাওৰ পেশী সমূহৰ কায্য তথা উশাহলোৱাৰ লগত জড়িত ৰোগৰ ক্ষেত্ৰত ফলপ্ৰসু৷ যিহেতু কৰণা এবিধ স্বাসপ্ৰস্বাস জনিত ৰোগ গতিকে কোনোবাই হয়তো এই বিষয়টো সাঙুৰি দিলে৷ কিন্তু এই পদাৰ্থকেইটাই ভাইৰাছ মৰাৰ ক্ষেত্ৰত বা কভিদ19 ৰোগ নিৰাময়ৰ লগত জড়িত নহয়৷

(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

 
বহুতে মোক এই বিষয়ে লিখিবলৈ কৈ আছিল। অতি সাধাৰণ ভাষাত তলত কথাখিনি দিবলৈ প্ৰয়াস কৰিলো।
ভাইৰাছ (ইংৰাজী: Virus) এটি লেটিন শব্দ যাৰ অৰ্থ হ'ল 'বিষ' বা 'জুলীয়া পদাৰ্থ'৷ নিউক্লিয় প্ৰটিনৰদ্বাৰা গঠিত অকোষীয়,ৰোগসৃষ্টিকাৰী,অবিকল্পী পৰজীৱী,অণু-আণুবীক্ষণিক (sub-microscopic) বস্তু,যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে,কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে৷
বিজ্ঞানী সকলে ভাইৰাছৰ বিষয়ে তলত দিয়া ধৰনে বিৱৰণ দিছে:
- ভাইৰাছ কোষীয় সংগঠনবিহীন অকোষীয় (non-cellular) বস্তু৷
- জীৱদেহৰ কোষৰ ভিতৰত এইবিলাক সজীৱ থাকে আৰু বংশবিস্তাৰ কৰিব পাৰে৷
- জীৱদেহৰ বাহিৰত এইবিলাকৰ প্ৰকৃতি জড় পদাৰ্থৰ দৰে আচৰণ কৰে৷
- ভাইৰাছ অতি সূক্ষ্ম,যিয়ে মাইক্ৰ'ফিল্টাৰৰ মাজেৰে সহজে পাৰ হৈ যাব পাৰে৷
- এইবিলাকৰ দেহটো প্ৰ'টিন আৰু DNA অথবা RNA ৰে গঠিত৷
- ভাইৰাছৰ নিজস্ব কোনো বিপাক ক্ৰিয়া কৰাৰ ক্ষমতা আৰু চলনক্ষমতা নাই৷
- প্ৰতিজৈৱিক (antibiotic) ৰ দ্বাৰা ভাইৰাছ ধ্বংস নহয়৷
- আটাইতকৈ ডাঙৰ কথাটো হ'ল, ই প্ৰজনন আৰু উৎপৰিৱৰ্তন (mutation) অতি সহজে কৰিব পাৰে৷ যি বিভিন্ন পৰিৱেশ ত নিজকে খাপ খুৱাব পাৰে।
এই ভাইৰাছ, মানৱ দেহত অতি সহজে চকু, মুখ, নাকেৰে প্ৰৱেশ কৰিব পাৰে। যিহেতু ইয়াৰ নিজস্ব চলন ক্ষমতা নাই, ই অন্য মাধ্যমেৰে আনৰ দেহলৈ বিয়পে।
বৰ্তমান বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ভাইৰাছ বিধৰ নাম হ'ল
SARS- Cov-2 (Severe acute respiratory syndrome coronavirus 2) বা nCoV19 (Noval Corona Virus 19, যিহেতু এইটো নতুনকৈ আবিষ্কৃত)। আৰু ইয়াৰ দ্বাৰা হোৱা ৰোগক COVID - 19 অৰ্থাৎ Corona Virus Disease 19 বোলে। ইয়াৰ দেহটো এদলীয়া RNA ৰে গঠিত। কৰ'না ভাইৰাছ বহু ধৰনৰ আছে। সাধাৰণতে যিবোৰ মানৱ দেহত পোৱা নগৈছিল। বৰ্তমানৰ এই ভাইৰাছ বিধ বাদুলিৰ দেহত পোৱা কৰ'ণা ভাইৰাছ ৰ লগত যথেষ্ট সাদৃশ্য থকা। সেয়েহে ইয়াক বাদুলিৰ দেহৰ পৰা অহা বুলি অনুমান কৰিছে।
যিহেতু ই নিজে চলাচল কৰিব নোৱাৰে সেয়ে আমি দূৰত্ব বজাই ৰখা উচিত, যাতে ই এজনৰ পৰা আনলৈ সংক্ৰামিত হব নোৱাৰে। লগতে সঘনাই হাত ধোৱক, কাৰন চাবোন আৰু এলকোহলে (৭০% ত কম হব নোৱাৰিব) ইয়াক ধংশ কৰে। কিন্তু, কেনেবাকৈ কাৰোবাৰ দেহত প্ৰৱেশ কৰিলে ই নিজেই অগনীত সংখ্যা লৈ অতি কম সময়ত বংশ বৃদ্ধি কৰিব পাৰে। আৰু দুৰ্বল দেহত নিজৰ অধিপত্য বিস্তাৰ কৰিব পাৰে। যিটো অতি ভয়ানক।
আহক সচেতন হৈ নিজৰ লগতে আনৰ জীৱন বচাওঁ।
ড০ জিন্টু শৰ্মা

(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

ভাইৰাছটোৰ সম্পূৰ্ণ নাম: SARS-CoV-19 (Severe Acute Respiratory Syndrome Corona Virus 19) বা nCoV19 (Novel Corona Virus 19)
ইয়াৰ পৰা হোৱা বেমাটোৰ নাম: COVID 19 (Corona Virus Disease 19)
। সৰ্বাধিক প্ৰভাৱ পৰিছে চীন, ইটালী, স্পেইন, আমেৰিকা, ইংলেণ্ড, ইৰাণ, ফ্ৰান্স, নেডাৰলেণ্ড, জাৰ্মানী আদি দেশত।
ভাৰতত এই লেখা লিখি থকা সময়লৈকে  প্ৰায় ২০,৭০৭ লোকৰ পৰীক্ষা কৰা হৈছে। কেৰালাত ইয়াৰ প্ৰভাৱ সৰ্বাধিক। তাৰ পিছত মহাৰাষ্ট্ৰ। অসমত এই পৰ্যন্ত এজনো মানুহক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি ঘোষনা কৰা হোৱা নাই। কিন্তু আমি মুঠেই শংকা মুক্ত নহয়। যিহেতু এই ভাইৰাছ অতি সংক্ৰামক।
ভাৰতত বৰ্তমান এদিনত ৮ হেজাৰ পৰীক্ষা হে সম্ভৱ, ৯২ টা পৰীক্ষা কেন্দ্ৰত। ভাৰতত বৰ্তমান সৰ্বমুঠ প্ৰায় ৭০,০০০ খন মান ICU সুবিধা যুক্ত বিচনা আছে। অসমত প্ৰায় ৪৬০ খন। অসমত ভেন্টিলেচন যুক্ত বিচনা প্ৰায় ৬০ খন।
বৰ্তমানলৈকে ইয়াৰ কোনো নিৰ্দিষ্ট ঔষধ ওলোৱা নাই। তথাপি ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থা চমুকৈ ICMR এ মেলেৰিয়া ৰ মূখ্য দৰৱ হাইড্ৰোক্সিক্লোৰোকুইন (Hydroxychloroquine) ক ইয়াৰ নিৰাময় ৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে।
ৰাষ্ট্ৰীয় সহায়ক ফোন সেৱা নং: +91-11-23978046 | 1800112545 | 1075
অসমৰ বাবে: 6913347770
বৰ্তমান অসমত ক'ত ক'ত ইয়াৰ পৰীক্ষা হয়।
১) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
২) যোৰহাট চিকিৎসা মহাবিদ্যালয়
৩) শিলচৰ চিকিৎসা মহাবিদ্যালয়
৪) আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ (RMRC), ডিব্ৰুগড়

কৰ'ণাৰ লক্ষণ কি কি?
 
Covid 19 বা কৰ'ণা ভাইৰাছ ৰ লক্ষণ সমূহ নো কি কি? যদি আপুনি কৰ'ণাৰ দ্বাৰা সংক্ৰামিত হৈছে তেন্তে আপোনাৰ দেহত তলৰ লক্ষণ সমূহ দেখা দিব পাৰে।
বিভিন্ন গৱেষণাৰ পিচত গম পোৱা গৈছে যে এই ভাইৰাছৰ বংশ বৃদ্ধি কৰি ৰোগ কৰাৰ সময় (incubation period) হ'ল ২-১৪ দিন।
এই ভাইৰাছ মানুহৰ দেহত প্ৰৱেশৰ পিচত :
১-২য় দিন: সাধাৰণ চৰ্দি, জ্বৰ, দিঙিৰ বিষ।
৩-৪ ৰ্থ দিন: মুৰৰ বিষ, জ্বৰ, কাহ।
৫ম দিন: হাগনি, বমি, অতিপাত গাৰ বিষ, অতিপাত জ্বৰ।
৬-৭ ম দিন: দিঙি, গাৰ অত্যাধিক বিষ, অতিপাত জ্বৰ, হাগনি, বমি আদি।
অতি জৰুৰী ৮-৯ ম দিন: হাগনি, জ্বৰ, গাৰ বিষ যঠেষ্ট কমিব। তেতিয়া বুজিব যে আপোনাৰ দেহত ইতিমধ্যে ইয়াৰ বিৰুদ্ধে যুজাৰ বাবে প্ৰতিৰোধ ক্ষমতা গঢ়লৈ উঠিছে।
কিন্তু, এতিয়া সাধাৰণ জ্বৰ, চৰ্দি হলেই আতংকিত নহব। যদিহে আপুনি কৰ'ণাৰ সংক্ৰামিত ঠাই ভ্ৰমণ কৰি আহিছে, আৰু উক্ত লক্ষণ সমূহ দেখিছে তেতিয়া হে অনতিপলমে ডক্টৰৰ পৰামৰ্শ লওক।
এটা কথা সকলোৱে জনাৰ দৰকাৰ যে ইয়াৰ টেষ্ট মন গলেই যতে ততে কৰিব নোৱাৰি। গোটেই ভাৰতত এদিনত মাত্ৰ ১০,০০০ মান টেষ্ট হে আজিৰ তাৰিখত সম্ভৱ। আৰু কিচুমান চৰকাৰী হাস্পতাল ত হে কৰা হয়। ই বোৰ ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা চমুকৈ ICMR এ ঠিক কৰে।

চেনিটাইজাৰ প্ৰস্তুত পদ্ধতি:

বজাৰত বৰ্তমান চেনিটাইজাৰ নাই। সকলোৱে হাবাথুৰি খাইছে। অনলাইন ত ইয়াৰ অত্যন্ত দৰ, পাবলৈ নাই। চিন্তা নকৰিব। আপোনালোকে ঘৰতে চেনিটাইজাৰ তৈয়াৰ কৰিব পাৰিব। প্ৰনালীটো তলত দিলো।
১) চেনিটাইজাৰ ৰ মূখ্য উপাদান হ'ল আইচোপ্ৰপাইল এলকোহল। ই বজাৰত উপলব্ধ। ইয়াৰ ৯৯% ৰ এটা বতল কিনি লওক।
২) ২য় উপাদান হ'ল এলোভেৰা জেল।
৩) ৩য় উপাদান হল গ্লিচাৰিন।
এতিয়া ৩ ভাগ আইচোপ্ৰপাইল এলকোহল ৰ লগত ১ ভাগ গ্লিচাৰিন আৰু ১/২ ভাগ এলোভেৰা জেল ৰ এটা মিশ্ৰণ তৈয়াৰ কৰক। এইটোৱেই আপোনাৰ ঘৰতে তৈয়াৰ কৰা চেনিটাইজাৰ।
সৰু সৰু বতলত থৈ দিয়ক। কৰবালৈ জৰুৰী কামত ওলাই গলে লগতে লৈ যাওক। মাজে মাজে ব্যবহাৰ কৰি থাকিব। কিবা খালে, চকু, মুখ চুলে ব্যবহাৰ কৰক। কাকো কৰমৰ্দন নকৰিব।
মনত ৰাখিব, একমাত্ৰ সতৰ্কতাইহে সকলোকে বচাব।
কৰ'ণা হৈছে অত্যন্ত সংক্ৰামক ৰোক। ই বিয়পিবলৈ খুবেই কম সময়ৰ প্ৰয়োজন। যিহেতু আমি ইয়াক চকুৰে নেদেখো, সেয়ে সাৱধানতাৰ গত্যন্তৰ নাই। অকল নিজে বাচিলেই নহব, আপোনাৰ ওচৰৰ সকলোৱে থিকে থাকিলেহে আপুনি থিকে থাকিব।
সকলো কুশলে থাকক।

(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

দ্বিতীয় বিশ্বযুদ্ধৰ দৰে সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ বা কভিদ-১৯ য়ে ক্ষীপ্ৰতাৰে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰি গৈ আছে৷ প্ৰথম বিশ্ব, দ্বিতীয় বিশ্বৰ দেশ বুলি নিজকে গৌৰান্বিত কৰা সকলো উন্নত দেশ ক’ৰ’নাৰ আক্ৰমণত ধাৰাশায় হৈছে৷ বিশ্বৰ উন্নয়শীল আৰু দুখীয়া দেশসমূহে বিশ্বৰ আগশাৰীৰৰ দেশসমূহত ক’ৰ’নাই সৃষ্টি কৰা ধ্বংসলীলাত ভীতি গ্ৰস্ত হৈ কি কৰোঁ কি নকৰোঁ হৈ পৰিছে৷ চীন, ইটালী, ইৰাণ, ইংলেণ্ড, জাপান, জাৰ্মানী, আমেৰিকা, ফ্ৰান্স, কানাডা আদিৰ দৰে দেশত মৰিশালিৰ দৰে নিস্তবদ্ধতা৷ ক’ৰ’নাৰ ভয়ত আৰু সকলো গৃহবন্দী৷ কি ৰাষ্ট্ৰপতি, কি প্ৰধানমন্ত্ৰী, কি অভিনেতা বিশ্বৰ ধনীক শ্ৰেণীৰ পৰা নিম্নবৰ্গলৈকে কোনো সাৰি যাব পৰা নাই ক’ৰ’নাৰ সংক্ৰমণৰ পৰা৷ সমগ্ৰ বিশ্বই স্তব্ধ হৈ পৰিছে মূলত বাদুলি, বনৰৌৰ পৰা সৃষ্টি হোৱা এই ভাইৰাছৰ আক্ৰমণত৷ মানুহৰ খাদ্যভ্যাসেই হৈ পৰিছে এই ভাইৰাছৰ সংক্ৰমণ মানৱ দেহলৈ অহাৰ মূল কাৰণ৷ বিশ্বৰ আটাইতকৈ জনবহুল চীনৰ য়ুহান চহৰৰত জন্ম হোৱা এই ভাইৰাছে জীৱ শ্ৰেষ্ঠ বুলি নিজকে পৰিচয় দিয়া মানৱ জাতিক কম্পিত কৰি তুলিছে৷ বৰ্তমানে ১৯২ খন দেশলৈ বিয়পি পৰা আৰু লক্ষাধিক লোক আক্ৰান্ত আৰু সহস্ৰাধিক লোক মৃতু্যমুখত পৰা এই ভাইৰাছে সমগ্ৰ বিশ্বক ‘লক ডাউন’ পৰিৱেশলৈ ঠেলি নিলে৷
‘‘জান হে তৌ জাহান হে’’ এই কথাষাৰীৰ উধৃতি দি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ সম্পূৰ্ণ ‘লক ডাউন’ ঘোষণা কৰিলে৷ অৰ্থাৎ বিশ্বৰ প্ৰথম জনবহুল দেশ চীনৰ দুৰৱস্থাৰ পিছতে দ্বিতীয় জনবহুল দেশ ভাৰতো স্তব্ধ হৈ পৰিল ক’ৰ’না সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ৷ মোৰ এই লিখনিত ক’ৰ’না ভাইৰাছৰ বিষয়ে লেখিবলৈ বিচৰা নাই৷ মই লিখিব বিচাৰিছোঁ, ক’ৰ’নাতংকৰ প্ৰভাৱত পৃথিৱী নামৰ গ্ৰহটোৱে লাভ শান্তিৰ কথা৷ আজি পৃথিৱী সম্পূৰ্ণ সন্তুলিত হৈ স্ফূতিৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে৷ কাৰণ আপোনালোকে হয়তো অনুভৱ কৰিব পৰা নাই এই লক ডাউনে পৃথিৱীৰ বাতাৱৰণত কিমান ধনাত্মক প্ৰভাৱ পেলাইছে৷ জাপানৰ টকিঅ’ চহৰৰ ক’লা ধোৱাৰে আৱৰা আকাশ নীলা হৈ পৰিছে৷ দৈনিক উৰাজাহাজত লাখ লাখ মানুহ কঢ়িওৱা চীনৰ য়ুহান চহৰৰ আকাশত এতিয়া চৰাই-চিৰিকতিয়ে আনন্দ মনৰে উৰি ফুৰাৰ দৃশ্য দেখা গৈছে৷ নাছাৰ কৃত্ৰিম উপগ্ৰহে চীনৰ আকাশৰ ফটো তুলি আচৰিত হৈ পৰিছে৷ অনাগত পঞ্চাশ দশকত যি সম্ভৱ নহ’লহেতেন সেইতো সম্ভৱ হ’ল কেৱল ক’ৰ’নাতংকৰ কাৰণে৷ চীনৰ আকাশৰ পৰা নাইট্ৰাছ অক্সাইডৰ প্ৰদূষণ জানুৱাৰী মাহৰ পৰা দ্ৰুতগতিত নাইকীয়া হৈ বৰ্তমানে আকাশৰ ৰং নীলা আৰু বায়ু প্ৰদূষণ মুক্ত হোৱা দেখা গৈছে৷ জাপানৰ নৰা নামৰ চহৰৰ ৰাজপথত শতাধিক হৰিণ শুই থকা ফটোঁখন নি(য় আপোনালোকেও দেখিছে৷ নাছাৰ বতৰ আৰু জলবায়ু বিজ্ঞানী ফাউ লিউৱে এই সন্দৰ্ভত কৈছে, ‘‘ সম্ভৱত এই ভাইৰাছৰ বাবে কেতিয়াও নহ’বলগীয়া এটা পৰিঘটনা চীনত ঘটিল, যিয়ে চীনৰ বায়ুমণ্ডল নিৰ্মল কৰি তুলিলে৷’’
আজি ক’ৰ’না ভাইৰাছৰ সহায়ত প্ৰকৃতিয়ে যেন নিজকে পুনৰ উজ্জ্বীবিত কৰিবলৈ সুবিধা পাইছে৷ তীব্ৰগতিত ধাৱমান হৈ থকা মানুহ নামৰ প্ৰাণীটোক স্তব্ধ কৰিবলৈ ক’ৰ’নাৰ দৰে বেলেগ ভাইৰাছে পৰা নাছিল৷ বিশ্বৰ সকলো দেশৰ উদ্যোগ স্তব্ধ, যাতায়তৰ সকলো ব্যৱস্থা বাতিল, শিক্ষানুষ্ঠান,অফিচ-কাছাৰী বন্ধ, খাদ্য সামগ্ৰী, চিকিৎসা সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো দোকান বন্ধ৷ নিজৰ ঘৰত নিজকে গৃহবন্দী কৰি ৰাখিছে মানুহে৷ হ’ব পাৰে মানুহ নামৰ প্ৰাণীৰ বাবে আতংকৰ নাম ক’ৰ’না কিন্তু প্ৰকৃতিৰ কাৰণে ক’ৰ’নাই প্ৰকৃত সন্তান যিয়ে নেকি পৰিৱেশ সন্তুলন কৰাত সহায় কৰিছে৷ বিশ্বৰ সকলো উদ্যোগ বন্ধ হৈ যোৱাৰ লগে লগে বিষাক্ত গেছৰ নিৰ্গমণ বন্ধ হৈ পৰিল, বায়ু নিৰ্মল হ’বলৈ ধৰিছে৷ কল-কাৰখানা সমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত পানীয়ে নদ-নদী, খেতি পথাৰ বিষাক্ত কৰি তুলিছিল৷ জানুৱাৰী মাহৰ পৰা চীনৰ দৰে বিশ্বত অধিক কাৰ্বন নিৰ্গত কৰা দেশৰ চহৰবোৰত লক ডাউন ঘোষণা কৰাৰ লগে লগে যেন প্ৰকৃতি আইৰ মুখৰ পৰা ক’লা ছাই কোনোবাই মচি দিলে৷ কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা ফঁটোত ক’ৰ’না আতংকৰ আগত চীনৰ আকাশৰ ৰঙ ধোৱাবৰণীয়া হোৱাৰ লগতে আকাশখন উৰাজাহাজৰে চানি আছিল৷ ক’ৰ’না আতংকৰ পিছত চীনৰ আকাশৰ দৃশ্য দেখা গৈছে নীলা আৰু চৰাইৰ জাক উৰি ফুৰা দেখা গৈছে৷ গতিকে ক’ৰ’নাৰ ভাইৰাছৰ জৰিয়তে প্ৰকৃতিয়ে নিজকে পৰিষ্কাৰ কৰিবলৈ সুবিধা পালে৷ এনে লাগিছে যেন প্ৰকৃতিয়ে চীনৰ দৰে অধিক কাৰ্বন নিৰ্গত কৰা দেশবোৰক শাস্তিহে প্ৰদান কৰিছে৷
যাতায়ত আৰু যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত খনিজজাত ইন্ধনৰ দহন বন্ধ হৈ পৰিল৷ প্ৰকৃতিৰ কাৰ্বন চক্ৰত কাৰ্বনৰ অৰিহণা যোগোবলৈ কাৰ্বন দহন ৰোধ হৈ পৰাৰ লগে লগে বায়ু প্ৰদূষণ হ্ৰাস পাবলৈ ধৰিছে৷ বৰ্তমান বিশ্বত কাৰ্বন-ডাই -অক্সাইড, কাৰ্বন-মন-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড আদিৰ দৰে বিষাক্ত গেছ নিৰ্গত কৰা ৮০ শতাংশ উদ্যোগ বন্ধ হৈ পৰিছে৷ কেৱল চিকিৎসা, খাদ্য, শক্তি উৎপাদন আদিৰ লগত জড়িত অনুষ্ঠান, উদ্যোগ আৰু পৰীক্ষাগাৰসমূহে দিনে ৰাতিয়ে মানৱ সেৱাত ব্ৰতী হৈ আছে৷ ক’ৰ’নাই আমাৰ পাৰিপাশ্বিৰ্ক অৱস্থাক শিল্প বিপ্লৱৰ আৰম্ভ হোৱাৰ আগলৈকে ঠেলি পঠালে৷
শিক্ষানুষ্ঠান, অফিচ-কাছাৰী, চিনেমা উদ্যোগ আদি বন্ধ হোৱাৰ লগে লগে শক্তিৰ ব্যৱহাৰ হ্ৰাস পাবলৈ ধৰিলে, তলি উদং হ’বলৈ ধৰা খনিজজাত ইন্ধনৰ ব্যৱহাৰ কমি গ’ল, পেট্ৰ’লজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বহুখিনি হ্ৰাস পালে, খোৱা পানীৰ অপচয় ৫০ শতাংশ কমি গ’ল৷ পেট্ৰ’লজাতীয় সামগ্ৰীৰ ব্যৱহাৰ কমি যোৱাৰ কাৰণ হ’ল আমি ঘৰৰ পৰা বাহিৰত ওলালে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ বৰ্তমান ঘৰৰ ভিতৰত ব্যৱহাৰ নকৰো৷ তাৰোপৰি অফিচ. শিক্ষানুষ্ঠান আদিত পৰিষ্কাৰকৰণৰ নামত, প্ৰস্ৰাৱগাৰৰ নামত আৰু উপযুক্ত মেৰামতিৰ অভাৱত প্ৰতিদিনে যথেষ্ট খোৱাপানী অপচয় হয়৷ লগতে অজ’ন স্তৰ ধ্বংসকাৰী ক্ল’ৰ’ ফ্ল’ৰ’ কাৰ্বনৰ নিৰ্গমণ দ্ৰুত গতিত হ্ৰাস পালে৷ কাৰণ উপৰোক্ত অনুষ্ঠানসমূহত দিনে-নিশাই শীতলকৰণ যন্ত্ৰ ব্যৱহাৰ হৈ আছিল বুলি ক’লেও ভুল কোৱা নহ’ব৷ ঘৰত আবদ্ধ হৈ পৰাৰ ফলত মানুহৰ এই বস্তুবোৰৰ ব্যৱহাৰ সীমাবদ্ধ হৈ পৰিল৷
এই ক’ৰ’নাতংকৰ ফলতে হোটেল,ৰেস্তোৰা বন্ধ হৈ পৰাৰ লগতে খাদ্য অপচয়ো ৰোধ হ’ল৷ কাৰণ নিজ চকুৰে দেখি আছো মানুহে খাদ্য খোৱাৰ নামত খোৱাতকৈ কিমান অপচয় কৰে৷ চীনৰ য়ুহান চহৰৰ সেই বিখ্যাত বজাৰখনত এটা জীৱ হত্যা কৰে তাৰ কোনো এক বিশেষ অংগ খোৱাৰ বাবদ৷ ক’ৰ’নাই জীৱ হত্যা ১০০ শতাংশ হ্ৰাস কৰিলে বুলি ক’লেও ভুল নহ’ব৷ কাৰণ লক ডাউনৰ এই সময়চোৱাত খাদ্যৰ বাবে কোনেও জীৱ হত্যা কৰিবলৈ সুবিধা পোৱা নাই৷ খাদ্যৰ নামত নদীৰ মাছ-কাছ, চৰাই-চিৰিকতি, জন্তুৰ হত্যা বন্ধ হৈ পৰিছে৷ চীনৰ দৰে দেশবোৰৰ এই দুৰৱস্থাই অভয়াৰণ্যসমূহৰ দুষ্পাপ্য প্ৰজাতিৰ জীৱবোৰকো সাময়িকভাৱে সুৰক্ষিত কৰিলে৷ কাৰণ আমাৰ অসমৰ গঁড়ৰ খৰ্গ, গুইসাপ, হাতীৰ দাঁত, নলগাহৰি, দেওঁহাঁহ আদিৰ বজাৰখনো চীনে নিয়ন্ত্ৰণ কৰিছিল৷
ক’ৰ’নাই সমগ্ৰ বিশ্বৰ পৰিৱেশৰ লগতে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পেলাইছে৷ আপোনালোকে হয়তো আচৰিত হৈছে নহয়নে? এবাৰ ভাবি চাওকচোন, ক’ৰ’নাতংকৰ ফলত আপুনি ঘৰৰ ভিতৰত পৰিয়ালৰ লগত থাকি জাংক ফুড, ফাষ্ট ফুড আদি খাবলৈ বাদ দিছে৷ পৰিয়ালৰ আটায়ে একেলগে পুৰণি সুখৰ দিনবোৰৰ দৰে ঘৰতে বনোৱা খাদ্য খাইছে, সুখ-দুখৰ কথা পাতিছে৷ ৰাজনীতি, কূটনীতি, সীমাৰ সমস্যা, বিদেশী সমস্যা, অৰ্থনৈতিক দুৰৱস্থা, ব্যৱসায়, বাণিজ্য, কেৰিয়াৰ, চাকৰি, পৰীক্ষা আদি কোনো বিষয়ে আলোচনাৰ আৰু চিন্তাৰ বিষয় হৈ থকা নাই৷ ৰজাৰ পৰা প্ৰজালৈকে সকলোৱে কেৱল এটাই কথা জানে ঘৰতে থাকি বাচি থাকিব লাগে৷ কিমান পৰিয়ালে চাগে িকমান বছৰৰ মূৰত একেলগে এসাজ খাবলৈ পাইছে৷ আপোনাক হীন্যমন্যতা, বিষাদগ্ৰস্ততাই অশান্তি দিব পৰা বিষয় নোহোৱা হৈ পৰিল৷ উচ্চাকাংক্ষাৰে পৰিপূৰ্ণ মানুহৰ মনবোৰত ক’ৰ’নাই কিছু হ’লেও যতি পেলাইছে৷ সুখৰ নিদ্ৰাত আঘাট হানিবলৈ ক’ৰ’নাৰ বাহিৰে অন্য কোনো বিষয় নোহোৱা হৈ পৰিল৷ কেৱল খাব লাগে আৰু শুৱ লাগে৷ কিতাপ পঢ়িবলৈ সময় নোপোৱা মানুহে কিতাপ পঢ়িবলৈ সময় পালে৷ কোনোবাই মনৰ ভিতৰতে কবিতা, গল্প, উপন্যাসৰ কিতাপ লিখিম বুলি ভাবিছিল যদি এইয়াই সুন্দৰ সময় এই কাম কৰাৰ৷ সন্তানৰ বদ-অভ্যাস দূৰ কৰিবলৈও এইয়াই হ’ল উত্তম সময়৷ সন্তানক আপুনি সম্পূৰ্ণ সময়দি তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰাও এইকন বৰ উপযুক্ত সময়৷ কাৰণ জীৱনযুদ্ধত দৌৰ দি থাকোতে আপুনি এইবোৰ কৰিবলৈ সময় পোৱা নাছিল৷
সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা মৃত্যুৰ কিৰিলি মৰা ক’ৰ’নাৰ ভাইৰাছে সৃষ্টি কৰা বিপৰ্যয়ৰ সময়ত মোৰ লিখনিটো কিমান যুক্তিসম্পন্ন সেইটো পাঠক সমাজলৈ এৰি দিলোঁ৷ কিন্তু এইটো ঠিক যে জন্মৰে পৰা দৌৰিবলৈ শিকা মানুহবোৰৰ গতি ৰুদ্ধ কৰি ক’ৰ’নাই জীৱনটোক উপভোগ কৰিবলৈ এক নিৰিবিলি পৰিৱেশ দিলে৷ যিসকলে এই ৰোগত আক্ৰান্ত হৈছে তেওঁলোকলৈ সমবেদনা থাকিল৷ মানুহৰ কৃতকৰ্মই কিমান ভয়ানক ৰূপ ল’ব পাৰে তাৰ এটা ক্ষুদ্ৰ আভাসহে ক’ৰ’না ভাইৰাছ৷ প্ৰকৃতিৰ বিৰুদ্ধে .যুজি কোনো জয়ী হ’ব নোৱাৰে৷ সেইবাবে ক’ৰ’নাক পৰিৱেশ বন্ধু বুলি ক’বলৈ মই দ্বিধাবোধ কৰা নাই৷ শেষত, লক ডাউনৰ এই সময়চোৱাত সকলো ঘৰৰ ভিতৰতে থাকক, সুৰক্ষিত হৈ থাকক তাৰে কামনা কৰিলোঁ৷

ভিদিঅ’ টি চাবলৈ ইয়াত ক্লিক কৰক

ভিদিঅ’ টি চাবলৈ ইয়াত ক্লিক কৰক

ক’ৰ’ণা ভাইৰাচ সম্পৰ্কীয় অন্ধবিশ্বাস আৰু সেই সমূহৰ যুক্তি খণ্ডন

পৰামৰ্শ বুলি ভুল নুবুজিব, সাম্প্ৰতিক প্ৰসংগত কেইটামান মনলৈ অহা কথা ব্যক্ত কৰিব বিচাৰিছোঁ। সকলোৰ বাবে নহয় ব্যক্তিগত ভাবে চিনাকি মোৰ প্ৰাক্তন ছাত্র-ছাত্ৰী সকলোক উদ্দেশ্য কৰিহে লিখিছো। ( মোৰ ভুল হ'লে তেওঁলোকে মোক ক্ষমা কৰি দিব বুলি মোৰ বিশ্বাস আছে)
বৰ্তমানে মোৰ পৰ্যবেক্ষণ মতে ভাৰতবৰ্ষত যদি #এন- ক'ভিড ,১৯ তৃতীয় পৰ্যায়লৈ বিয়পি পৰে তাৰ বাবে মূলতেই জগৰীয়া হ'ব শিক্ষিত বেপৰোৱা তথাকথিত self Immuned ডেকা-গাভৰু আৰু বেপৰোৱা অতি শিক্ষিত ব্যক্তি, উচ্চ পদাধিকাৰী, তথাকথিত অতি উৎসাহী সমাজসেৱী , ৰাজনৈতিক নেতা ,ধৰ্মীয় নেতা, সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা ৰাজনৈতিক দল সমূহৰ IT cellৰ মগজু বিহীন IT বিশেষজ্ঞ সকল আৰু সেইবোৰ আগলৈ ফৰৱাৰ্ড কৰি থকা তেওঁলোকৰ সৈন্যবাহিনী সকল । একান্তমনে কামনা কৰোঁ, তেনে নহওক কিন্তু যদি (আশংকা নাই বুলি নাভাবিব) ভাৰতবৰ্ষত এই ভাইৰাছ তৃতীয় পৰ্যায়লৈ বিয়পে তেন্তে মোৰ ষষ্ঠ ইন্দ্ৰীয়ৰ বাৰ্তা অনুসৰি আশংকা , মৃতদেহৰ তালিকাখনত থাকিব উপৰোক্ত শ্ৰেণীৰ ব্যক্তি সকল , মই ও থাকিব পাৰোঁ , আপুনিও থাকিব পাৰে। বৰ্তমানে যি কেইজনৰ খবৰ আমি পাইছোঁ ( তাৰে এজন অতি আতংকিত হৈ suicide কৰা বুলি গম পাইছে), তেওঁলোকৰ বেকগ্ৰাউন্ড চাই হে আশংকা কৰিছোঁ। #সমগ্ৰ ইউৰোপৰ দেশসমূহৰ বৰ্তমানৰ অৱস্থাৰ নমুনা আমি প্ৰত্যক্ষ কৰি আছোঁ, বিতংকৈ কোৱাৰ প্ৰয়োজন নাই।একো একোখন উন্নত দেশ, জনসংখ্যা আমাৰ দেশতকৈ কম, বিভিন্ন দিশত আন্তঃগাথনি সবল বুলিহে জানো, জনসাধাৰন সচেতন বুলিহে শুনিছোঁ কিন্তু কি হ'ল? জনসাধাৰণ সময়ত সাবধান আৰু সজাগ আৰু তেওঁলোকৰ প্ৰশাসন কঠোৰ হ'লে এনে পৰিস্থিতিৰ সন্মুখীন হ'ল হেতেন নে? পঢ়ি- শুনি যিখিনি বুজিছো প্ৰশাসনৰ নিষেধাজ্ঞা সত্বেও প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত শিক্ষিত সকলোৰ মাজতহে আছিল এক বেপৰোৱা আৰু উদাসীন ভাব।
ভাৰতবৰ্ষত প্ৰথম পৰ্যায়ত আমি সামাজিক মাধ্যমত ধেমালি , মিমিক্ৰী কৰিলোঁ। দ্বিতীয় পৰ্যায়ৰ আৰম্ভণিতো আমি সজাগ নহ'লো, Conspiracy theory ৰ আলোচনাত এচাম বিজ্ঞই গধুৰ মত বিনিময়ত ব্যস্থ হৈ থকা দেখা গ'ল, সেই একেই Fake news বিয়পাই দিয়াত এচাম Immuned ডেকা ব্যস্থ হৈ পৰিল ( হয়তো আমি অৰ্ধবুঢ়া এচামেও সহযোগ কৰিলোঁ)। এচামে দুখন কল্প উপন্যাসৰ বিশেষ পৃষ্টা ভাইৰেল কৰাত অতিব্যস্ত হৈ পৰিল যেন পৃথিৱীৰ কোনো মানুহে এই উপন্যাস দুখন পঢ়া নাই আৰু সেই পৃষ্টাটোহে সঁচা। গোমুত্ৰৰ বিতৰ্কলৈ নাযাওঁ বাৰু এতিয়া বিতৰ্ক কৰাৰ সময় নহয় কিন্তু এতিয়াও প্ৰত্যক্ষ কৰি আছোঁ সজাগ বুলি কৈছে যদিও এক বেপৰোৱা ভাব, থাকক তেনেকৈ। প্ৰশাসনে স্কুল-কলেজ- বিশ্ববিদ্যালয় বন্ধ দিলে লগতে ছাত্ৰাৱাস ,ছাত্ৰীৱাস নিশাটোৰ ভিতৰতে খালি কৰিব দিলে গতিকে যোগাযোগ ব্যৱস্থা তেতিয়ালৈকে সাধাৰণ ভাবেই চলি থাকিব লাগিব।ৰাজহুৱা সভা , সমদল, এঠাইত বেছি মানুহ সমৱেত নোহোৱা, ধৰ্মীয় উপাসনাৰ স্থান সমূহত মানুহৰ সমাগম যাতে কম হয় ইত্যাদিৰ বাবে নিষেধাজ্ঞা দিলে , হোলীৰ উৎসৱো পালন কৰিলোঁ। কিন্তু যোগাযোগ ব্যৱস্থা তেতিয়ালৈকে সাধাৰণ ভাবেই চলি আছিল। শিক্ষানুষ্ঠান সমুহ বন্ধ হোৱাৰ লগে লগে কিছু ছাত্ৰ-ছাত্ৰী ঘৰত সোমাই থাকিলেও বেছিৰ ভাগ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগৰ বন্ধুৰ সৈতে খেলাধূলা , মিলামিচা অব্যাহত থাকিল.. টিউচন, ক'চিং চলি থাকিল।সকলো বেপৰোৱা। আমিও কেইজনমানে কোনোধৰণৰ সাৱধানতা অৱলম্বন নকৰাকৈ প্ৰশিক্ষণ অৱিহনে হাত ধোৱা প্ৰশিক্ষণ দিয়াত অধিক উৎসাহৰে লাগি গ'লো, বহুতো বেনাৰ , গ্ৰুপ ফটো তুলিলো, কাৰণ documentation । আমিবোৰেই যে ভাইৰাছটোৰ দ্বাৰা আক্ৰান্ত হৈ বিয়পাই দিয়াত অৰিহনা যোগোৱা নাই Guarantee দি ক'ব নোৱাৰো। Yes I mean it.। হাতধোৱা , ছেনিটাইজাৰৰ সজাগতাৰ কাম হ'ল কিন্তু কায়িক দুৰত্ব বজাই ৰাখিব পৰা নগ'ল । চিকিৎসক আৰু প্ৰশিক্ষণ প্ৰাপ্ত স্বাস্থ্য কৰ্মীসকলে কামটো কৰি আছিলেই ,তেওঁলোকৰ হে অসুবিধা সৃষ্ঠি কৰা হ'ল । কেইখনমান মহাবিদ্যালয় -বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ শিক্ষক-ছাত্ৰই লগ লাগি ছেনিটাইজাৰ প্ৰস্তুত কৰি কিছু সংখ্যক লোকৰ মাজত বিতৰন কৰাটো সঁচাকৈয়ে ভাল কাম হৈছে বুলি ক'ব পাৰি।
আমি এটা কথাই বুজি পাওঁ যে দেশৰ চৰকাৰৰ প্ৰতিটো নিৰ্দেশ কাৰো ব্যক্তিগত নহয়।অভিজ্ঞ চিকিৎসক ,স্বাস্থ্য বিষয়া , স্বাস্থ্য কৰ্মী সকল লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ মতেই দেশৰ চৰকাৰে কাম কৰি আছে আৰু কৰিব লাগিব দেশৰ বাবে। কিছু দিশত হয়তো পলম হৈছে, কিন্তু এতিয়াও উপায় আছে , আমাৰ দায়িত্ব সেইদৰেই আগবঢ়া , নিজৰ লগতে আনকো সাৱধান ,সজাগ কৰা সেইটোহে কথা। চিকিৎসক ,স্বাস্থ্য বিষয়া , স্বাস্থ্য কৰ্মী , প্ৰশাসনিক বিষয়া -কৰ্মচাৰী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰী, আৰক্ষী বিষয়া, নিৰাপত্তা ৰক্ষী, ঔষধৰ দোকানী, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰোতা সকল যাতে আমাৰ( আমি কোনেও নাজানো আমাৰ শৰীৰত ভাইৰাছ আছে নে নাই,) পৰা কিছু দূৰত্বত থাকিব পাৰে নিজেই নিজকে যিমান পাৰি গৃহবন্দী কৰি ৰখাৰ উদ্দেশ্য বোধকৰোঁ সেইখিনি। ঘৰত সোমাই থকাৰ কথা কোৱা হৈছে কিন্তু যিহেতু কথাষাৰ চিকিৎসক- চিকিৎসা কৰ্মী সকলে কৈছে গতিকে বাদ দিয়া হে মনোভাৱৰ বেপোৰোৱামী, কাম থাকক -না থাকক ওলামেই। মনত ৰাখিব চিকিৎসক- চিকিৎসা কৰ্মীৰ পৰামৰ্শ লৈ এচামৰ এই বেপৰোৱা মনোভাৱৰ বাবেই চাগৈ ২২ তাৰিখটো এটা আৱেদন হে , বৰ বিশেষ বৈজ্ঞানিক কাৰন বিচাৰি নাথাকিব ইয়াৰ পিছত প্ৰশাসনে আৱেদন নকৰে, বিশেষ কাম নথকা সকলৰ বাবে বাহিৰ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব আৰু প্ৰয়োজন বোধে কঠোৰ হ'ব আৰু হোৱাটো প্ৰয়োজন। মই স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ মুৰব্বী সকলোক এই লিখনিৰ যোগেদি অনুৰোধ কৰিব বিচাৰোঁ যে চিকিৎসকৰ পৰামৰ্শ সাপেক্ষে যদি প্ৰয়োজন অনুভৱ কৰে তেন্তে আৱেদন নহয় জৰুৰীকালীন ২ দিনৰ বাবে হ'লেও কাৰফু জাৰি কৰক আৰু অৱমাননা কৰা সকলোক কঠোৰ ভাবে নিয়ন্ত্ৰণ কৰক কাৰণ আজিও মানুহৰ মুখে মুখে প্ৰশ্ন- পৰহিলৈ বন্ধ নে খোলা?
এদিনীয়া ভাবে নিজেই নিজকে গৃহবন্দী কৰাৰ পৰামৰ্শৰ আঁৰত কিছু অপ্ৰয়োজনীয় ,অবিজ্ঞানসন্মত ব্যাখ্যা মুহূৰ্ততে অডিও আৰু টেক্স্ট্ বাৰ্তা হিচাপে প্ৰস্তুত কৰা হৈছে আৰু সামাজিক মাধ্যমৰ যোগেদি বিয়পাই দিয়া হ'ল লগতে ফৰোৱাৰ্ড কৰিবলৈ এক প্ৰকাৰৰ হুংকাৰ দিয়াও হ'ল..হওক কথা নাই কিন্তু তাৰ বিপৰীতে সেই যুক্তি প্ৰতিহত কৰাৰ বাবেও এচাম সচেষ্ঠ হ'ল,তেওঁলোকলৈ এটাই অনুৰোধ, বাচি থাকিলে সকলো কথাৰ প্ৰত্যুত্তৰ দিব পৰা যাব, এতিয়া বিতৰ্ক বঢ়াই লাভ নাই ( মন কৰিছোঁ কেইজনমানক কটু বাক্যৰেও অপদস্থ কৰা হৈছে)সদ্যহতে তেনে ব্যক্তি নাইবা গ্ৰুপৰ পৰা আতৰি থকা, ব্লক কৰা নাইবা ৰিপ'ৰ্ট কৰাই শ্ৰেয়। মনৰ কথাটো মনে মিলা লোকৰ সৈতে শ্বেয়াৰ কৰিলেই হ'ল।
ৰাজনৈতিক দলৰ নেতা, কৰ্মী সকলেও দোষাৰোপ কৰাৰ খেলখন (Blame Game) সামৰক। শত্ৰু- মিত্ৰ দুয়োপক্ষ লগতে আমিবোৰ সুস্থ হৈ থাকিলেহে আপোনালোকৰ যুক্তি-যুঁঁজ, ৰাজনৈতিক যুঁঁজ প্ৰত্যক্ষ কৰিব পাৰিম। ফেকুয়া ভাইবন্ধু সকলোলৈকেও অনুৰোধ সদ্যহতে ফেকুৱামী বন্ধ কৰক, ঘৰতে থাকক, বিশেষ কাম নাই যদি টিভি চাওক, ফেচবুক আৰু হোৱাট্ছএপানি বন্ধ কৰক, সামান্য কেইশ টকাৰ বাবে এই দুৰ্যোগৰ সময়ত ফেকুৱামী নকৰিব, পাপে চুব আপোনালোকক, ঘৰৰ মানুহক দিহা পৰামৰ্শ দিয়ক ,ভাল কথা চিন্তা কৰাৰ সমল যোগাৰ কৰাৰ চেষ্টা কৰকচোন।
চৰকাৰৰ আৰু আমাৰ দায়িত্ব এই মুহূৰ্তত কম- বেছিৰ কথা নাই। বহুতো কৰিবলগীয়াত পলম হ'ল ঠিকেই কিন্তু সেইবোৰক লৈ এই মুহূৰ্তটো সমালোচনা- প্ৰত্যালোচনাৰ সময় নহয়। ঘৰত বহি যদি চৰকাৰী কাম কৰিব পাৰি , মুৰব্বীৰ অনুমতি সাপেক্ষে কৰিবলৈ চৰকাৰে কৰিব দিছে, বিশেষ জৰুৰীকাম নাথাকিলে কি প্ৰয়োজন ওলাই যোৱাৰ।ম'ৰ্নিং আৰু ইভিনিং ৱাকাৰ সকল , বাদ দিয়ক এইবোৰ লাভ নাই বেমাৰে যদি শৰীৰত বাহ লৈছে তেতিয়া ম'ৰ্নিং -ইভিনিং ৱাক কৰক কথা নাই কিন্তু এইকেইদিন মাফ কৰক, আপোনাৰ নিজৰ স্বাস্থ্যৰ কথাটো বাদ দিয়ক দেশৰ নাগৰিকৰ সেৱাত নিয়োজিত সকলক বাচিবলৈ দিয়ক। জনজীৱন স্তব্ধ কৰি দিয়া কাৰ্য্য দেখোন বেচৰকাৰী ভাবে চলিয়ে থাকে, ক্ষুদ্র ব্যৱসায়ী সকলে মাধ মাৰ খাই আছেই দেখোন, গতিকে সেই কাৰ্য্য টোৱেই এক্সটেন্ডেড হওক, যদি এই দুৰ্যোগৰ সময়ত চৰকাৰক সহায় কৰিব লাগে কৰিব লাগিব। বিশ্ব স্বাস্থ্য সংস্থা, চিকিৎসক , চিকিৎসা কৰ্মী সকলোৰ ধাৰণা মতে যদি মানুহ কেইদিনমানৰ বাবে ঘৰত সোমাই থাকিলেহে ভাইৰাছ সংক্ৰমণৰ শৃংখল ভাঙিব পৰাটো সম্ভৱ হ'ব তেন্তে আমি সহযোগিতা কৰা উচিত। বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিছেফ ৱেৱ ছাইট ফ'লো কৰক, কেইদিনমানৰ কাৰনে হ'লেও নিজকে আক্ৰান্ত বুলি কল্পনা কৰি ( মাথোঁ আতংকিত নহ'ব) নিজকে গৃহবন্দী কৰি ৰাখক , প্ৰয়োজনীয় ঔষধ যোগাৰ ৰাখক। চিকিৎসক ,স্বাস্থ্য বিষয়া , স্বাস্থ্য কৰ্মী , প্ৰশাসনিক বিষয়া -কৰ্মচাৰী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰ্মচাৰী, আৰক্ষী বিষয়া, নিৰাপত্তা ৰক্ষী, ঔষধৰ দোকানী, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰোতা সকলোৰ বাবে প্ৰাৰ্থনা কৰক তেওঁলোকে যেন সুস্থশৰীৰে দেশবাসীক কৰা সেৱাত সফল হয়। বাকী আমাৰ কাম কায়িক দূৰত্ব বজাই ৰখা - হাতধোৱা। পৰিয়ালৰ মানুহ বন্ধূ বান্ধৱী সকলৰ ভ্ৰাম্যভাষ যোগে খা-খবৰ ৰখা। ফেকুয়া সকলৰ ফেকুৱামীত মুঠেও সহযোগ নকৰিব। কঠিন সময়ৰ বাবে মানসিক ভাবে প্ৰস্তুত হৈ থাকক, কিন্ত্ত আতংকিত নহ'ব ভাৰতবৰ্ষ এতিয়াও ২য় পৰ্যায়ত আছে। Prepare for the worst is the best preparation বুলি কথাষাৰ এই ক্ষেত্ৰতো প্ৰযোজ্য বুলি ভাবি লৈ বাক বিতন্ডা এৰি সাম্প্ৰতিক দুৰ্যোগৰ ফলত অনাগত দিনবোৰৰ ভয়াৱহতা উপলব্ধি কৰি চৰকাৰ- চিকিৎসকৰ পৰামৰ্শ মতে আমি সকলোৱে নিজৰ পৰিসৰত থাকি আগবাঢ়িলেহে আমাৰ সকলোৰে মংগল অন্যথাই ক'ব নোৱাৰিছো। পাৰিলে পজিটিভ বাৰ্তা বোৰ শ্বেয়াৰ কৰক। ভুল নুবুজিব, সহমত নহ'লেও পিছত যুক্তি-তৰ্ক কৰিব যদিহে বাচি থাকো। ব্যক্তিগত ভাবে মইও নিজে সজাগ হোৱাত পলম কৰিছো চাগৈ কিন্তু অদৰকাৰী কথাবোৰ বিয়পোৱা নাই। আতংক নহয় সাৱধান আৰু সজাগতা ,কায়িক দূৰত্ব ।(বৰ্ণশুদ্ধি নিজে নিজে ই কৰি ল'ব)

(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

ভিদিঅ’টি চাবলৈ ইয়াত ক্লিক কৰক

‘‘ পেৰাচিটেমল খা, ক’ৰ’ণা নহয় ”
“ তুলসী, মানিমুনি খা, ক’ৰ’ণা নহয় ”
“ সন্ধিয়া সময়ত সদাই চাকি জ্বলাই কাহী বাতি বজালে তাৰ পৰা ওলোৱা কম্পনান্কই ভাইৰাচটোক মাৰি পেলাব”
“ গো মোত্ৰ সেৱন কৰ, ক’ৰ’ণা কেতিয়াও নহয়”
আজি সন্ধিয়া ৮ টা বজাত নলবাৰীত এক দেৱ শিশুৰ জন্ম হব, যিয়ে জন্ম হৈয়ে কথা কব আৰু খোজ কাঢ়িব পাৰিব ”
উস, ক’ৰ’ণাৰ বৌদ্ধিক সত্বা থকা হলে অসমৰ মানুহৰ গাত লম্ভিলে সন্মানত লাগিব বুলি নিশ্চয় কৈ অসমত নোসোমালে হেতেন! এফালে মানুহে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজি পাৰ পোৱা নাই, আনফালে বঙাইগাৱত ক’ৰ’ণা যাবলৈ ঘৰে ঘৰে হুচৰি গাই পইচা তুলি ভোজ ভাত খাইছে। কেতিয়াবা মনলৈ হতাশা আহে, মনলৈ আহে হবলৈ দে যাৰ যি হয়, কি হব এই দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজি, যদি সেইখিনি মানুহেই এই জানোৱাৰৰ দৰে কাম সমূহ কৰি থাকে। সঁচাকৈয়ে কেতিয়াবা ভাগৰ লাগে, কেৱল মোৰ – আপোনাৰ বুলি নহয়, অক্লান্ত ভাবে নিঃস্বাৰ্থ ভাবে আনৰ হকে, সমাজৰ বাবে কাম কৰি যোৱা প্ৰত্যেক জন মানুহৰ মনলৈয়ে এই ভাব আহে, কিন্তু পিছ মূহুৰ্ততে দুগুন উৎসাহেৰে আমি সকলোৱেই কামত লাগি যাও, কিয় জানেনে? কিয়নো ই আমাৰ বাবে এক নিচা। কাম কৰাৰ যি এই নিচা, সমাজ খনত বৈজ্ঞানিক মানসিকতাক গঢ় দিয়া, বৈজ্ঞানিক চিন্তা ধাৰাৰে নিজৰ লগতে আন দহোজনক আগুৱাই লৈ যোৱাৰ যি এই প্ৰচেষ্টা, সেইয়া কেৱল মাত্ৰ এক দায়িত্ব নহয়, হৈ পৰে আমাৰ সকলোৰে বাবে জীৱনদায়িনী এক ক্ষুধা, যাক দূৰ কৰাৰ একমাত্ৰ পথ হ’ল সমাজৰ পৰা এই অপসংস্কৃতি সমূহক বিদাই দিয়া। দূৰলৈ নাযাও, দৈনিক অসমৰে এই বিজ্ঞান পৃষ্টাটোৰে সম্পাদনাৰ দায়িত্বত থকা ভৃগু পাঠক ডাঙৰীয়াৰ কথাকে ভাবকচোন। ইমান বছৰে এই কামটোৰ দায়িত্বত আছে, যদিহে তেওঁ মনৰ পৰা অন্ধবিশ্বাসৰ বলি হ’ল হেতেন, তেন্তে ইমান সূচাৰুৰূপে এই দায়িত্ব কোনো ধৰণৰ অন্ধবিশ্বাসৰ বশবৰ্তী নোহোৱাকৈ কৰিব পাৰিলে হেতেন নে? কোনোকালেই নোৱাৰিলেহেতেন। কিন্তু তেওঁ এইখিনি কাম কৰিব পাৰিছে, কিয়নো তেওঁ মনৰ পৰা বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰ প্ৰতি এক টান অনুভৱ কৰে, যি আন এশ জন ব্যক্তিয়ে অনুভৱ নকৰে। আৰু হাজাৰ জন মানুহৰ মাজত এনেকৈ দহ জন ব্যক্তিয়ে কাম কৰি আছে বুলিয়েই সমাজত অধিকাংশই অন্ধবিশ্বাস বুলিও যে এটা শব্দ আছে, সেই কথা বুজি পাইছে। সেই বাবেই হয়তো, আজিৰ পৰা ১০-১৫ বছৰ আগত এই CoVID-19 বেমাৰ হোৱা হলে আজি আমি যিমান খিনি অন্ধবিশ্বাস প্ৰচলিত হোৱা দেখিছো, তাতকৈ হাজাৰ গুণ হয়তো বেছি দেখিলো হেতেন।
হয়, নিশ্চিত ৰূপে আমি বৰ্তমান এক মহামাৰীৰ গ্ৰাসত। লাখত মানুহ মৰা নাই, কিন্তু ই এক মহামাৰী, কিয়নো চাৰিজনীয়া এখন ঘৰত এই ক’ৰ’ণা ভাইৰাচে চাৰিজনকেই আক্ৰান্ত কৰিছে। ২১ দিনীয়া বন্ধ সফল হব নে নহয় আমি আজিৰ পৰা ১০ দিনৰ পিছত হে হয়তো কিঞ্চিত ৰূপে গম পাম। যদিও এই মূহুৰ্ত লৈকে ক’ৰ’ণাৰ দ্বাৰা আক্ৰান্ত এজনো ৰোগী অসমত দেখা দিয়া নাই, এই ভাইৰাচটো যে অসমত প্ৰৱেশ কৰা নাই, সেই কথা ডাঠি কবলৈ টান। তেন্তে আমি ভয় খোৱাটো প্ৰয়োজনীয় নে? নিশ্চিত ৰূপে প্ৰয়োজনীয়, কিন্তু তাৰ লগতে কেইটামান কথাও জানি লোৱাটো প্ৰয়োজনীয়। এই যে ভাইৰাচবোৰ, ইহতে নো আমাক কিয় আক্ৰমণ কৰে? আচলতেন অতীজৰে পৰা হাজাৰ ৰকমৰ নানান টা ভাইৰাচ আমাৰ শৰীৰৰ ভিতৰত বসবাস কৰি আহিছে আৰু কৰি থাকিবই। কথাটো হ’ল সময় পাৰ হোৱাৰ লগে লগে আমাৰ দেহতহে সেই ভাইৰাচটোক ৰোধিব পৰা কৈ এণ্টিবডি প্ৰস্তুত হৈ উঠে। যিদৰে পানী লগা, ইনফ্লুয়েঞ্জা ইত্যাদি বেমাৰৰ ভাইৰাচবোৰৰ লগত আমি গোটেই জীৱন একেলগেই থাকিব লগা হয়, ঠিক তেনেদৰেই এতিয়াৰে পৰা আমি এই ক’ৰণা ভাইৰাচৰ লগতো গোটেই জীৱন বসবাস কৰি যাব লাগিব। পাৰ্থক্য এইখিনিতেই যে আমাৰ সকলোৰে দেহ এতিয়াও সম্পূৰ্ণ ভাবে সক্ষম হোৱা এই ভাইৰাচ বিধক চম্ভালিব পৰাকৈ। এতিয়ালৈকে উপলব্ধ তথ্য মতে জুলাই মাহৰ শেষৰ ভাগলৈকে ভাৰতত প্ৰায় ৩০০ ৰ পৰা ৫০০ মিলিয়ন মানুহ ক’ৰ’ণা ভাইৰাচৰ পৰা সংক্ৰমিত হব। কিন্তু তাৰে অধিকাংশই গমেই নাপাব ক’ৰ’ণা ভাইৰাচ তেওঁৰ শৰীৰত আছে বুলি। বেছি ভাগৰে সাধাৰণ চৰ্দি – জ্বৰ হৈয়েই ঠিক হৈ যাব। এতিয়া কথা হয়, তেন্তে আমি ইমান ভয় কিয় কৰিছো? কিয় চৰকাৰে তিনি সপ্তাহ বন্ধ দিবলৈ বাধ্য হৈছে? কিয়নো এই বেমাৰ এবাৰ যদি মোৰ হয়, তেন্তে মই বসবাস কৰা গাওঁ খনত সকলোৰে লাহে লাহে হবলৈ ধৰিব। আৰু এতিয়ালৈকে যিহেতু আমাৰ হাতত এই বেমাৰৰ কোনো ধৰণৰ চিকিৎসা নাই, গতিকে আমাৰ দেশ খনৰ অৱস্থা কি হব, সেইয়া কোৱাটো নিষ্প্ৰয়োজন। তেন্তে এতিয়া প্ৰশ্ন হয় আমাৰ হাতত কি উপায় আছে?
তাৰ বাবে প্ৰথমেই কও, এই কেইদিনতেই হওক বা অহা বছৰৰ ভিতৰতে হওক, আপোনাৰ মোৰ সকলোৰে যে CoVID-19 হব, সি ধুৰূপ। ভয় খাইছে? নাখাব। বেমাৰ হোৱাটো সকলোৰে হবই, কথা হ’ল কিমান দেৰিকৈ হোৱাব পাৰো সেইটোহে। এই মূহুৰ্তত আমাৰ দেশৰ যদি ইটালীৰ দৰে অৱস্থা হয়, তেন্তে কি হব, ভাবিয়েই গাৰ নোম সিয়ৰি উঠে। বেমাৰটো যিমান দেৰিকৈ হব, সিমানেই আমাৰ কম ক্ষতি হব, আৰু সেইবাবেই এই বেমাৰ টোৰ পৰা যিমান দিন পলাই ফুৰিব পাৰো, সিমানেই আমাৰ বাবে মংগল। আনহাতে তথ্যমতে এই বেমাৰটো যিহেতু বয়সীয়াল লোক, কম বয়সৰ শিশু সকল, আৰু উশাহ নিশাত কষ্ট পোৱা (respiratory problem) লোক সকলৰ বাবে বেছি ক্ষতিকাৰক, সেইবাবে আমি অধিক সতৰ্ক হোৱাটো প্ৰয়োজনীয়।
এতিয়া আহো আন এক প্ৰয়োজনীয় বিষয়লৈ। এই যে আমি এইকেইদিন আমাৰ হোৱাটচেপ, ফেচবুক নিউজ চেনেলত অমুকে ইমান বছৰৰ আগতেই কৈ গৈছে মহামাৰী হব বুলি, তমুক টো খালে ক’ৰ’ণা নহয়, ভুচুংটো কৰিলে ক’ৰ’ণা নহয়, সেই আটাইবোৰ মিছা। হয়, আটাইবোৰেই। কিয়নো তাত লিখা কথা বোৰ আপুনি মই আকৌ সচাঁ হয়নে নহয়, সেইটোটো চালি জাৰি নাচাওৱেই। নহয় জানো? পেৰাচিটেমল খালে ক’ৰ’ণা নহয়, HCQ খালে, মানিমুনি – তুলসী ইত্যাদি খালে ক’ৰ’ণা নহয়, গোমোত্ৰ খালে নহয়, ইত্যাদি সকলোখিনিয়েই ভুল। খাওক, ভিটামিন C যুক্ত সকলোখিনি খাওক, কিন্তু ক’ৰ’ণাৰ পৰা ই আমাক বচাব নোৱাৰে, ই আমাৰ দেহৰ প্ৰতিৰোধী ক্ষমতাটোক কিন্তু উন্নত কৰিব পাৰে। পেৰাচিটেমল খালে, লাভ কিটো হ’ল? যদি আপোনাৰ জ্বৰ হৈ আছিল তেন্তে দেহৰ উষ্ণতা কমি গ’ল ফলত দেহৰ উষ্ণতা জোখোতে আপোনাৰ উষ্ণতা ঠিক ঠাক পোৱা গ’ল আৰু আপুনি ঘৰলৈ আহি আপোনাৰ পৰিয়ালৰ লগত একেলগে থাকি নিজৰ লগতে আন এশ জনলৈ ক’ৰ’ণা বিয়পৰা সুবিধা কণ মিলাই দিলে। গতিকে, যদিহে আপোনাৰ নিজৰ লগতে আন হাজাৰ জনৰ জীৱন বিপনাপন্ন কৰিবলৈ মন আছে, তেন্তে নিশ্চয়কৈ এইবোৰ উদ্ভন্দালি কৰি ফুৰক, কিন্তু যদিহে নিজৰ জীৱনৰ প্ৰতি অলপ হলেও মায়া মোহ আছে, তেন্তে এইবোৰ অন্ধবিশ্বাসৰ পৰা আতৰি থাকক। এইদৰে ভাবক – ‘‘মই এইমূহুৰ্তৰ পৰা আনে পঠিওৱা প্ৰতিটো কথাকেই যুক্তি সংগত ভাবে শুদ্ধ হয় নে নহয় বিচাৰ কৰি চাম, বিচাৰ কৰি চাবলৈ যদি মগজটোৱে ঢুকি নাপায়, তেন্তে আন কাৰোলৈ কেতিয়াও প্ৰেৰণ নকৰো আৰু নিজেও এইবোৰ কথা বিশ্বাস নকৰো, যেতিয়ালৈকে যুক্তি আৰু প্ৰমাণ নাপাও, তেতিয়া লৈকে কোনো কথাই বিশ্বাস নকৰো, লাগিলে সেইয়া স্বয়ং ভগৱানেই (!) আহি নকওক কিয়।”
আহক, এই কথাক সৰোগত কৰি আহিব লগীয়া দিন কেইটা পাৰ কৰো, নিজেও CoVID-19 ৰ পৰা বাচিবলৈ যত্ন কৰো আৰু আনকো সাহস দিও। আনহাতে, ২১ দিন এক দীঘলীয়া সময়, হয়তো সেই সময় বাঢ়িবও পাৰে। গতিকে এই সময়চোৱাত আমাৰ মানসিক শান্তি যাতে বৰ্তি থাকে, তাৰ বাবে আমি ভাল লগা কাম সমূহ কৰি থকাটো নিতান্তই প্ৰয়োজনীয়। কাৰোবাৰ আদেশত ঘৰত সোমাই থাকিব লগা হৈছে ভবাতকৈ নিজে নিজৰ মতত ঘৰত আছো বুলি ভাবি ইমান বছৰে ৰৈ থকা কাম সমূহ হাতত ওলিয়াই লওক, নতুন কাম শিকক, দেখিব জীৱনটোক আমি এক ন-ৰূপত চাবলৈ শিকিম।
আহক আমি ন কৈ পোৱা চকুজুৰিৰে এই মনোমোহা প্ৰকৃতিৰ সৌন্দৰ্য্যতাক উপভোগ কৰি জীৱনটোক বৈজ্ঞানিক দৃষ্টিভংগীৰে সজাই তুলিবলৈ যত্ন কৰো। দেখিব জীৱনটো সচাঁই সুন্দৰ হৈ পৰিছে।

(মূল লেখা ইয়াত পাব)

স্পষ্টীকৰণ: এই লেখাত "গামোচা"ৰ উল্লেখ থাকিলেও ইয়াৰ দ্বাৰা কাৰো আবেগক আঘাত কৰিব বিচৰা নাই। গৱেষণালব্ধ তথ্যসমূহহে ডাঙি ধৰা হৈছে।
-----------------------------
এইকেইদিন ছ’চিয়েল মিডিয়াত ভাঁহি ফুৰা “Coronavirus is large in size where the cell diameter is 400 – 500 micron and for this reason, any mask prevents its entry” কথাষাৰ আগৰ এটা লেখাত ইতিমধ্যে খণ্ডন কৰা হৈছে ।
সম্প্ৰতি বজাৰত মাস্ক পাবলৈয়ে নাই, পালেও চৰা দাম। গতিকে কোনো কোনো লোকে ৰুমাল বা আন কাপোৰেৰেও নাক-মুখ ঢাকি ৰখা দেখা গৈছে। কেইদিনমান আগতে মাস্কৰ অভাৱত বহু লোকে নিজাববীয়া প্ৰচেষ্টাৰে “গামোচা মাস্ক” তৈয়াৰ কৰাৰ বাতৰি পোৱা গ’ল।
ন’ভেল ক’ৰ’ণা ভাইৰাছৰ আকাৰ:
ন’ভেল ক’ৰ’ণা ভাইৰাছৰ ব্যাস প্ৰায় ৫০-২০০ নেন’মিটাৰ বা ০.০৫-০.২ মাইক্ৰ’মিটাৰ (১ নেন’মিটাৰ=১/১০০০ মাইক্ৰ’মিটাৰ বা মাইক্ৰ’ন)। COVID-19 ৰোগত আক্ৰান্ত ৰোগীয়ে কাহ বা হাঁচি মাৰিলে নাক-মুখৰ পৰা ওলোৱা ড্ৰপ্‌লেট (জুলীয়া ক্ষুদ্ৰ কণিকা)ৰ জৰিয়তে ই ঘাইকৈ বিয়পে। গৱেষণাৰ তথ্য অনুসৰি কাহৰ ড্ৰপ্‌লেটৰ ব্যাস প্ৰায় ০.৬২-১৫.৯ মাইক্ৰ’মিটাৰ আৰু হাঁচিৰ ড্ৰপ্‌লেটৰ ব্যাস প্ৰায় ০.৫-১২ মাইক্ৰ’মিটাৰ। গতিকে “যিকোনো মাস্কে” ইয়াক বাধা দিব নোৱাৰে।
ক’ৰ’ণা ভাইৰেল ৰোগত মাস্কৰ প্ৰয়োজন:
WHO-ৰ মতে চৰ্দি, কাহ, হাঁচি আদিত আক্ৰান্ত আৰু সন্দেহজনক ৰোগীৰ শুশ্ৰূষা কৰা লোকেহে মাস্ক পিন্ধাটো জৰুৰী। কিন্তু বাহিৰত ঘূৰা-ফুৰা কৰিবলগীয়া হোৱা নিৰোগী লোকৰ কথা ইয়াত উল্লেখ নাই। মুকলিত শ্বসনৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্কৰ উপযোগিতা সম্পৰ্কে বিশেষ তথ্যও নাই। দেশভেদে এই কথাৰ অনুমোদন ভিন ভিন। নিৰোগী লোকে জনসমাগম এৰাই চলিব লাগে আৰু বিপদজ্জনক ঠাই এৰাই চলিব নোৱাৰিলে N95 বা ছাৰ্জিকেল মাস্ক পিন্ধাটো জৰুৰী। সংক্ৰমণ হোৱা কিন্তু লক্ষণ নেদেখুৱা ব্যক্তিকে ধৰি সকলোৱে ঘৰৰ বাহিৰত মাস্ক পিন্ধিলে ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হয়তো কম কৰিব পাৰি।
গোটেই বিশ্বজুৰি উচ্চ মানৰ মাস্কৰ যোগান অতি সীমিত। সেইবাবে ঘৰৰ বাহিৰলৈ যিমান পাৰি নোলোৱাকৈ থাকি মাস্কসমূহ স্বাস্থ্যকৰ্মীৰ ব্যৱহাৰৰ বাবে ৰখা কথাটোও বহুতে উল্লেখ কৰিছে। মাস্ক পিন্ধিলেই নহ’ব, ঘনাই চাবোন আৰু পানীৰে বা এল্‌কহল ভিত্তিক চেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰিলেহে মাস্ক কাৰ্যকৰী হয়। মাস্ক পিন্ধিলে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু পেলাব লাগে সেয়াও জানিব লাগিব।
N95- এইধৰণৰ মাস্কে একেবাৰে সৰু (০.৩ মাইক্ৰ’মিটাৰ আকাৰৰ) অন্ততঃ ৯৫% কণিকা বাহিৰ কৰি ৰাখিব পাৰে। গতিকে সকলোপ্ৰকাৰৰ ভাইৰাছ আৰু বেক্টেৰিয়া ৰোধৰ বাবে ই উপযোগী। কিন্তু ভালদৰে কাম কৰিবৰ বাবে এই মাস্ক সাৱধানতাৰে পিন্ধিব লাগে আৰু মুখত ভালকৈ খাপ খাই পৰিব লাগে।
ছাৰ্জিকেল মাস্ক- এইধৰণৰ মাস্কে পিন্ধোতাৰ নাক-মুখৰ কণিকা বাহিৰলৈ ওলাব নিদিয়াৰ বাবে ই ৰোগীসকলৰ বাবেহে অধিক উপযোগী। পিন্ধাৰ পাছত মুখমণ্ডলৰ আৰু মাস্কৰ মাজত প্ৰায়েই ফাঁক থাকে। এবাৰ ব্যৱহাৰৰ পাছত এনে মাস্ক পেলাই দিব লাগে। ছাৰ্জিকল মাস্কে ৫ মাইক্ৰ’মিটাৰ বা তাতকৈ ডাঙৰ আকাৰৰ কণিকাৰ ৯৫% ৰোধ কৰিব পাৰে। গতিকে ড্ৰপলেটৰ আকাৰৰ লগত তুলনা কৰিলে কেৱল এখন মাস্কে সুস্থ লোকক ভাইৰাছৰ পৰা ৰক্ষা কৰিব নোৱাৰে।
কাপোৰৰ মাস্ক- গামোচা মাস্ককে ধৰি এনে মাস্কৰ ফুটাৰ আকাৰ ৮০ৰ পৰা ৫০০ মাইক্ৰ’মিটাৰ। গতিকে এতৰপীয়া মাস্কে ড্ৰপলেট বা ভাইৰাছ কোনোপধ্যে ৰোধ কৰিব নোৱাৰে। কেইবাতৰপীয়া মাস্কেহে কিছু পৰিমাণে সুৰক্ষা দিব পাৰি। তিনি-চাৰিবাৰ ধোৱাৰ পাছত এনে মাস্কৰ কাৰ্যকুশলতা কমি আহিব।
বিশ্ব স্বাস্থ্য সংস্থাৰ বিধি:
1. মাস্ক পিন্ধাৰ আগতে হাত দুখন চাবোন-পানী বা এল্‌কহল ভিত্তিক চেনিটাইজাৰেৰে চাফা কৰি লওক।
2. মাস্কেৰে নাক আৰু মুখ ঢাকি লওক। মন কৰিব যাতে মাস্ক আৰু মুখমণ্ডলৰ মাজত একো ফাঁক নাথাকে।
3. ব্যৱহাৰৰ সময়ত মাস্কখন নুচুব। চুবলগীয়া হ’লে লগে লগে পুনৰ হাত ধোৱক।
4. সেমেকি পৰাৰ লগে লগে মাস্কখন সলাওক আৰু এবাৰ-ব্যৱহাৰযোগ্য মাস্ক দুনাই নিপিন্ধিব।
5. মাস্ক খুলিবৰ বাবে পাছফালৰ ফিটাত ধৰি খুলিব (সন্মুখভাগ নুচুব); বন্ধ জাবৰৰ পাত্ৰত ততালিকে পেলাই দিব; তাৰ পাছত হাত দুখন চাবোন-পানী বা এল্‌কহল ভিত্তিক চেনিটাইজাৰেৰে চাফা কৰিব।
 
 
(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

তলত CoVID- 19 ৰ সৈতে অসমত প্ৰচলিত হৈ থকা প্ৰায় খিনি অন্ধবিশ্বাস আৰু সেই সম্পৰ্কীয় লিংক সমূহ দিয়া হৈছে - 

  • অপপ্ৰচাৰ নং ১ - কিতাপত আগতেই ভৱিষ্যত্বাণী কৰি থোৱা আছিল। (সম্পূৰ্ণ তথ্যৰ বাবে ইয়াত ক্লিক কৰক)
  • অপপ্ৰচাৰ নং ২ - গো-মুত্ৰই বেমাৰ ভাল কৰে।

  • অপপ্ৰচাৰ নং ৩ - কাঁহী বাটি বজালে ইয়াৰ কম্পনাংকই ভাইৰাচ বধিব।
  • অপপ্ৰচাৰ নং ৪ - জিঅ’ আৰু কোনোবাই ফ্ৰী ডাটা দি আছে  - (To counter the Corona virus 🦠 we offer you 1000GB of free internet connection to stay at home safely and enjoy the internet Activate the internet package 🌐http://****/1000GB_Who)-  এনে ধৰণৰ।
  • অপপ্ৰচাৰ নং ৫ - নলবাৰীত কথা কব আৰু খোজ কাঢ়িব পৰাকৈ জন্ম হোৱা শিশুটিৱে ক’ৰ’ণা ৰোধ কৰিব পাৰিব। 
  • অপপ্ৰচাৰ নং ৬ - ট্ৰাম্পে CoVID-19 ৰ ভেকচিনৰ কথা কলে । (অধিক জানইবলৈ ইয়াত ক্লিক কৰক) 
  • অপপ্ৰচাৰ নং ৭ - পেৰাচিটেমল, HCQ ইত্যাদিয়ে ক’ৰ’ণা ভাইৰাচ ধ্বংশ কৰে।
  • 𝐂𝐥𝐚𝐢𝐦: “ক’ৰ’ণা ভাইৰাছৰ জীৱনকাল কোনো নিৰ্জীৱ বস্তুৰ ওপৰত অতি বেছি ১২ ঘণ্টা”
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: WHO-ৰ তথ্য অনুসৰি ক’ৰ’ণা ভাইৰাছ কোনো পৃষ্ঠত কেইঘণ্টামানৰ পৰা কেইদিনমানলৈকে থাকিব পাৰে। শেহতীয়া এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি প্লাষ্টিক আৰু ষ্টেইনলেছ ষ্টীলত ক’ৰ’ণা ভাইৰাছ ৭২ ঘণ্টালৈকে থাকিব পাৰে আৰু কাৰ্ডব’ৰ্ডত ২৪ ঘণ্টালৈকে থাকিব পাৰে। (https://www.nejm.org/doi/full/10.1056/NEJMc2004973)
  • 𝐂𝐥𝐚𝐢𝐦: “১৪ ঘণ্টাৰ কাৰ্ফিউৰ পাছত ক’ৰ’ণা মুক্ত দেশ পোৱাৰ সম্ভাৱনা”
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: ১৪ ঘণ্টাৰ এদিনৰ কাৰ্ফিউৰ পাছত “সংক্ৰমণৰ চেইন” ভাঙিব বুলি যি সম্ভাৱনাৰ কথা কৈছে, সেই কথা সত্য নহয় কাৰণ ভাৰতত যদি ভাইৰাছৰ “সামাজিক সঞ্চাৰণ” (commuity transmission) আৰম্ভ হৈছে তেন্তেহ’লে “সামাজিক দূৰত্ব” ৰখাৰ বাহিৰে অন্য উপায় নাই। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এই কথা কৈছে।
    এই ধৰণৰ প’ষ্টে মানুহক অযথা আশ্বস্ত কৰিব আৰু ১৪ ঘণ্টাৰ পাছত “সংক্ৰমণৰ চেইন ভঙা” বুলি সকলো অসাৱধান হৈ পৰিব। ভাইৰাছৰ সামাজিক সংক্ৰমণ স্থবিৰ নোহোৱাকৈ পুনৰ জনসমাগম আৰম্ভ হ’লে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়মবোৰ নামানিলে ক’ৰ’ণা ভাইৰাছ ৰোগে ভয়াবহ ৰূপ ল’ব।
    যিয়েই কৰা নহওক, WHO-এ কোৱা তিনিটা নিয়ম পালন কৰাটো ক’ৰ’ণা ভাইৰাছৰ পৰা বাচি থকাৰ একমাত্ৰ উপায়:
    # ঘনাই হাত ধোৱা: চাবোনেৰে সঘনাই হাত ধুই চাফাকৈ ৰখা। চাবোন ব্যৱহাৰৰ সুবিধা নাথাকিলে এলকহল-ভিত্তিক চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰি।
    # চকু, নাক আৰু মুখ স্পৰ্শ নকৰা: বিভিন্ন বস্তু স্পৰ্শ কৰাৰ পাছত হাতত ভাইৰাছ লাগি থাকিব পাৰে। সেই হাতেৰে নাক-মুখ স্পৰ্শ কৰিলে ভাইৰাছ শৰীৰত প্ৰৱেশ কৰিব।
    # সামাজিক দূৰত্ব বজাই ৰখা: যিকোনো ব্যক্তি বিশেষকৈ যিসকলৰ কাহ বা চৰ্দি হৈ আছে তেওঁলোকৰ পৰা কমেও ১ মিটাৰ (৩ ফুট) দূৰত্বত থকা যাতে কাহ বা হাঁ‌চি মাৰিলে মানুহৰ নাক-মুখৰ পৰা বীজাণুযুক্ত ড্ৰপলেট (সৰু জুলীয়া কণিকা) উশাহত ভিতৰলৈ গৈ ক'ৰ'না ভাইৰাছে সংক্ৰমিত কৰিব নোৱাৰে।
    “সামজিক দূৰত্ব”ৰ নিয়ম মানি নচলি আৰু চিকিৎসকৰ উপদেশ নুশুনি, দায়িত্বহীনভাৱে ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান আদিত ভাগ লৈ দক্ষিণ কোৰিয়াৰ কেৱল এগৰাকী ৰোগীয়ে (৩১ নম্বৰ ৰোগীগৰাকী; তেওঁক ১৮ ফেব্ৰুৱাৰীত ৰোগী বুলি ঘোষণা কৰা হৈছিল) কিদৰে দেশখনত এই ৰোগটো মানুহবোৰৰ মাজত বিয়পাই দিলে সেই কথা ইতিমধ্যে সকলোতে প্ৰচাৰ হৈছে। যোৱা ১৮ ফেব্ৰুৱাৰীৰ পৰা আজি পৰ্যন্ত (২১ মাৰ্চ, ২০২০) দক্ষিণ কোৰিয়াৰ মুঠ ক’ৰ’ণা ৰোগীৰ প্ৰায় ৬০%ই এগৰাকী মাত্ৰ ৰোগীৰ লগত কিবা প্ৰকাৰে জড়িত। ৰোগীগৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ মানি চলা হ’লে আৰু নিৰোগী লোকসকলে সংক্ৰমণৰ কালছোৱাত নিজকে জনসমাগমৰ পৰা আঁতৰাই ৰখা হ’লে দক্ষিণ কোৰিয়াত এনে পৰিস্থিতি উদ্ভৱ নহ’লহেঁতেন।
     
    (তথ্য সমূহ ইয়াৰ পৰা লোৱা হৈছে)
     
  • 𝐂𝐥𝐚𝐢𝐦: Coronavirus is large in size where the cell diameter is 400 – 500 micro and for this reason, *𝐚𝐧𝐲 𝐦𝐚𝐬𝐤 𝐩𝐫𝐞𝐯𝐞𝐧𝐭𝐬 𝐢𝐭𝐬 𝐞𝐧𝐭𝐫𝐲*
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: ভাইৰাছ কোষ নহয়, পৰজীৱীহে। মানুহ বা অন্য জীৱৰ জীৱিত কোষৰ ভিতৰতহে ভাইৰাছে প্ৰজনন কৰিব পাৰে।
    পোষ্টটোত কোৱাৰ দৰে ভাইৰাছৰ আকাৰ ইমান ডাঙৰ নহয়। ক’ৰ’ণা ভাইৰাছৰ ব্যাস প্ৰায় ৫০-২০০ নেন’মিটাৰ (১ নেন’মিটাৰ=১/১০০০ মাইক্ৰ’মিটাৰ বা মাইক্ৰ’ন)। গতিকে “যিকোনো মাস্কে” ইয়াক বাধা দিব নোৱাৰে। আপুনি ইচ্ছা কৰিলে N95 বা ছাৰ্জিকেল মাস্ক পিন্ধিব পাৰে, কিন্তু WHO-ৰ মতে চৰ্দি, কাহ, হাঁচি আদিত আক্ৰান্ত আৰু সন্দেহজনক ৰোগীৰ শুশ্ৰূষা কৰা লোকেহে মাস্ক পিন্ধাটো জৰুৰী।
     
  • 𝐂𝐥𝐚𝐢𝐦: The virus does not settle in the air but is grounded, so it is *𝐧𝐨𝐭 𝐭𝐫𝐚𝐧𝐬𝐦𝐢𝐭𝐭𝐞𝐝 𝐛𝐲 𝐚𝐢𝐫*.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: আংশিকভাৱে সঁচা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: ক’ৰ’ণা ভাইৰাছ বতাহৰ দ্ৱাৰা বিয়পা ৰোগ নহয়। এই ৰোগত আক্ৰান্ত ৰোগীয়ে কাহ বা হাঁচি মাৰিলে নাক-মুখৰ পৰা ওলোৱা ড্ৰপ্‌লেট (জুলীয়া ক্ষুদ্ৰ কণিকা)ৰ জৰিয়তে ই বিয়পে। এই ড্ৰপ্‌লেট বতাহত কেইফুটমানলৈ ভাঁহি যায়।
  • 𝐂𝐥𝐚𝐢𝐦: Coronavirus when it falls on a metal surface, it will live 12 hours, so *𝐰𝐚𝐬𝐡𝐢𝐧𝐠 𝐡𝐚𝐧𝐝𝐬 𝐰𝐢𝐭𝐡 𝐬𝐨𝐚𝐩* and water well enough.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: আংশিকভাৱে সঁচা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: WHO-ৰ তথ্য অনুসৰি ক’ৰ’ণা ভাইৰাছ কোনো পৃষ্ঠত কেইঘণ্টামানৰ পৰা কেইদিনমানলৈকে থাকিব পাৰে। এক শেহতীয়া এক অধ্যয়নত প্ৰকাশ পোৱা মতে, ক’ৰ’ণা ভাইৰাছে প্লাষ্টিক বা ষ্টেইন্‌লেছ ষ্টীলৰ দৰে পৃষ্ঠত ৭২ ঘণ্টালৈকে আৰু কাৰ্ডব’ৰ্ডত ২৪ ঘণ্টালৈকে থাকিব পাৰে। সেয়েহে চাবোন আৰু পানীৰে হাত ধুই পৰিষ্কাৰ কৰি ৰখাটো খুবেই জৰুৰী আৰু চাবোন আৰু পানী নাথাকিলে এলকহলযুক্ত চেনিটাইজাৰ ব্যৱহাৰ কৰা উচিত|
  • 𝐂𝐥𝐚𝐢𝐦: Corona virus when it falls on the fabric remains 9 hours, so *𝐰𝐚𝐬𝐡𝐢𝐧𝐠 𝐜𝐥𝐨𝐭𝐡𝐞𝐬* 𝐨𝐫 *𝐛𝐞𝐢𝐧𝐠 𝐞𝐱𝐩𝐨𝐬𝐞𝐝 𝐭𝐨 𝐭𝐡𝐞 𝐬𝐮𝐧 𝐟𝐨𝐫 𝐭𝐰𝐨 𝐡𝐨𝐮𝐫𝐬* meets the purpose of killing it.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: প্ৰমাণিত নহয়
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: কাপোৰত কিমান সময় ক’ৰণা ভাইৰাছ থাকিব পাৰে আৰু সূৰ্যৰ পোহৰে ইয়াক মাৰিব পাৰেনে নোৱাৰে সেই বিষয়ে এতিয়ালৈকে কোনো বৈজ্ঞানিক তথ্য প্ৰকাশ হোৱা নাই।
  • 𝐂𝐥𝐚𝐢𝐦: The virus lives on the hands for 10 minutes, so putting an *𝐚𝐥𝐜𝐨𝐡𝐨𝐥 𝐬𝐭𝐞𝐫𝐢𝐥𝐢𝐬𝐞𝐫* in the pocket meets the purpose of prevention.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: প্ৰমাণিত নহয়
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: মানুহৰ হাত বা গাত ক’ৰ’ণা ভাইৰাছ কিমান পৰলৈকে থাকে সেই বিষয়ে এতিয়ালৈকে কোনো বৈজ্ঞানিক তথ্য নাই। সেইবাবে WHO-এ খন্তেক সময়ৰ মূৰে মূৰে চাবোনেৰে হাত ধুই থাকিবলৈ পৰামৰ্শ দিছে। চাবোন-পানী নাথাকিলে এল্‌কহল-ভিত্তিক চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰি।
  • 𝐂𝐥𝐚𝐢𝐦: If the virus is exposed to a temperature of 26-27 ° C, it will be killed, as it does not live in hot regions. Also *𝐝𝐫𝐢𝐧𝐤𝐢𝐧𝐠 𝐡𝐨𝐭 𝐰𝐚𝐭𝐞𝐫 𝐚𝐧𝐝 𝐬𝐮𝐧 𝐞𝐱𝐩𝐨𝐬𝐮𝐫𝐞* will do the trick. And *𝐬𝐭𝐚𝐲 𝐚𝐰𝐚𝐲 𝐟𝐫𝐨𝐦 𝐢𝐜𝐞 𝐜𝐫𝐞𝐚𝐦 𝐚𝐧𝐝 𝐞𝐚𝐭𝐢𝐧𝐠 𝐜𝐨𝐥𝐝* is important.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: এতিয়ালৈকে পোৱা তথ্য অনুসৰি ক’ৰ’ণা ভাইৰাছ গৰম আৰু আৰ্দ্ৰকে ধৰি সকলো জলবায়ুৰ অঞ্চলতে বিয়পিব পাৰে। ভাৰত, ওমান, ছৌডি আৰৱ, UAE আদি দেশত তাপমাত্ৰা ২৬-২৭ºC তকৈ অধিক হোৱা সত্বেও ভাইৰাছবিধে ইতিমধ্যে বহু লোকক আক্ৰান্ত কৰিছে।
    ইয়াৰ উপৰি UNICEF/WHO/CDC আদি সংস্থাই চেঁচা আহাৰ নাখাবলৈ বা ভাইৰাছ মাৰিবৰ বাবে গৰম পানী খাবলৈ কোনো উপদেশ দিয়া নাই।
  • 𝐂𝐥𝐚𝐢𝐦: *𝐆𝐚𝐫𝐠𝐥𝐞 𝐰𝐢𝐭𝐡 𝐰𝐚𝐫𝐦 𝐚𝐧𝐝 𝐬𝐚𝐥𝐭 𝐰𝐚𝐭𝐞𝐫* kills the tonsils’ germs and prevents them from leaking into the lungs.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: কুহুমীয়া নিমখ পানীৰে কুলকুলি কৰিলে ক’ৰ’ণা ভাইৰাছ ৰোগ প্ৰতিৰোধ হয় বুলি কোনো প্ৰমাণ নাই। পানীলগাত (চৰ্দি) বা ডিঙিৰ বিষত ই আৰাম দিয়ে, কিন্তু হাওঁফাওঁৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে।
     
     (updated on 30th march,2020)
  • 𝐂𝐋𝐀𝐈𝐌𝟏: Tea can cure Coronavirus disease.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: There is no cure for COVID-19 yet. Vaccines have been tested in human bodies, but results are still awaiting.
    COVID-19 ৰ পৰা আৰোগ্য লভিবলৈ এতিয়াও কোনো নিৰ্দিষ্ট ঔষধ নাই। মানুহৰ দেহত প্ৰতিষেধক ছীটা পৰীক্ষা কৰা হৈছে, কিন্তু ফলাফল পাবলৈ বাকী।
    𝐂𝐋𝐀𝐈𝐌𝟐: Dr. Li Wenliang, the Chinese hero doctor who died of Corona virus disease had proposed a cure that would significantly decrease the impact of the COVID - 19 Virus on the human body.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: China's whistleblower Dr. Li Wenliang was an ophthalmologist and one of the first Doctors who noticed the arrival of the disease in Wuhan. But he did not study virology and did not mention any cure to the disease. He died of Corona virus disease on 7-Feb-2020.
    চীনা চকুৰোগ বিশেষজ্ঞ ড° লি ৱেন্‌লিয়াঙে ৱুহানত নতুন এটা ৰোগৰ আৱিৰ্ভাৱ হোৱা লক্ষ্য কৰি বন্ধুসকলক জনাইছিল। তেওঁ ভাইৰাছবিদ্যা অধ্যয়ন কৰা নাছিল আৰু ৰোগটোৰ একো চিকিৎসাও উল্লেখ কৰা নাছিল। ২০২০ চনৰ ৭ ফেব্ৰুৱাৰীত ক’ৰ’ণাভাইৰাছ ৰোগতে তেওঁৰ মৃত্যু হয়।
    𝐂𝐋𝐀𝐈𝐌 𝟑: The chemical Methylxanthine, Theobromine and Theophylline stimulate compounds that can ward off these virus in a human with at least an average immune system.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆:Tea has a reasonable amount of Methylxanthine. Even chocolate and coffee too do. The main component of coffee is caffeine, chocolate is Theobromine and tea is Theophylline.
    Though Theophylline is used as a cure for Asthma and Bronchitis, the amount of dose used is much more than the amount present in tea. Theobromine stimulates the brain and the heart but is not used as a medicine. All of these though can reduce the common cough but can not cure Corona disease.
    চাহত কিছু পৰিমাণৰ মিথাইল্‌জেন্‌থিন নাঅৰ ৰাসায়নিক যৌগ থকাৰ লগতে চকলেট আৰু কফিতো থাকে। ইয়াৰে কফিত থকা পদাৰ্থবিধ কেফেইন, চকলেটত থিঅ’ব্ৰ’মিন আৰু চাহত থিঅ’ফাইলিন। থিঅ’ফাইলিন হাঁপানীৰ আৰু ব্ৰংকাইটিছৰ চিকিৎসাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু ঔষধত থকা পৰিমাণ চাহত থকাতকৈ বহুগুণে বেছি। থিঅ’ব্ৰ’মিনে মস্তিষ্ক আৰু হৃদপিণ্ডৰ উত্তেজক হিচাপে কাম কৰে যদিও ইয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰা নহয়। এই পদাৰ্থবোৰে কাহৰ তীব্ৰতা কমাব পাৰে, কিন্তু ক’ৰ’ণাভাইৰাছ ৰোগ ভাল কৰিব নোৱাৰে।
    𝐂𝐋𝐀𝐈𝐌 𝟒: Patients in Chinese hospitals are served tea 3 times a day which contained and community transmission has almost stopped.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆:There is no cure for COVID-19 yet. Vaccines have been tested in human bodies, but results are still awaiting. Most of the the COVID-19 patients have recovered after symptomatic and supportive treatment. The disease has been contained in China because of extensive sanitation measures and social distancing. There is neither credible news regarding serving tea to patients nor there is any proof that community transmission has stopped because of tea.
    COVID-19 ৰোগৰ এতিয়াই কোনো নিৰ্দিষ্ট ঔষধ নাই। অধিক সংখ্যক ৰোগী লক্ষণগত আৰু সামৰ্থক চিকিৎসাৰ পাছত ভাললৈ আহিছে। পৰিচ্ছন্নতাৰ নিয়মাৱলী আৰু সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলাৰ ফলত চীনত ৰোগ নিয়ন্ত্ৰণ হৈছে। ৰোগীক তিনিবাৰকৈ চাহ দিয়া বুলি কোনো বিশ্বাসযোগ্য বাতৰিও নাই, চাহৰ বাবে ৰোগৰ সামাজিক সঞ্চাৰণ ৰোধ হৈছে বুলিও প্ৰমাণ নাই।
    𝐂𝐋𝐀𝐈𝐌 𝟓: It's breaking news from CNN!
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: CNN published a story about Dr. Li Wenliang (https://edition.cnn.com/2020/02/03/asia/coronavirus-doctor-whistle-blower-intl-hnk/index.html) but there is no mention of any miracle cure discovery by him.
    CNN সংস্থাই ড° লি ৱেন্‌লিয়াঙক চীনা কৰ্তৃপক্ষই কৰা হাৰাশাস্তিক লৈ এটা বাতৰি প্ৰকাশ কৰিছিল যদিও তাত চাহ বা কোনো ঔষধৰ উল্লেখ নাই।
     
    (তথ্য সমূহ ইয়াৰ পৰা লোৱা হৈছে)
     
     

    (updated on 31th march, 2020)

  • 𝐂𝐋𝐀𝐈𝐌𝟏: pH for corona virus varies from 5.5 to 8.5.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: pH is the scale to check how much a substance is acidic or alkaline. Corona virus or any other virus does not have pH. A virus is a small parasite only which cannot reproduce by itself.
    কোনো বস্তু আম্লিক নে ক্ষাৰকীয় সেয়া জানিবলৈ pH নামৰ স্কে’ল ব্যৱহাৰ কৰা হয়। ক’ৰ’ণাভাইৰাছ বা আন কোনো ভাইৰাছৰ নিজা pH নাথাকে। ভাইৰাছ এক ক্ষুদ্ৰ পৰজীৱীহে যি আন জীৱকোষ নোহোৱাকৈ প্ৰজনন কৰিবই নোৱাৰে।
    𝐂𝐋𝐀𝐈𝐌𝟐: RESEARCH article published in JOURNAL OF VIROLOGY, APRIL 1991, PAGE 1916 had claimed CLAIM#1
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: Deshaping scientific articles and associating journal’s name or known organisations names is an old trick to spread fake information. Though the article published in JOURNAL OF VIROLOGY, APRIL 1991, PAGE 1916 had mentioned Corona virus, it was different than the one causing this pandemic now.
    বৈজ্ঞানিক প্ৰবন্ধ বিকৃত কৰা আৰু বিখ্যাত জাৰ্ণাল বা সংস্থাৰ নাম ব্যৱহাৰ কৰাটো মিছা তথ্য বিয়পোৱাৰ এক পুৰণা পদ্ধতি। ইয়াত ১৯৯১ চনৰ JOURNAL OF VIROLOGY নামৰ জাৰ্ণাল এখনৰ নাম উল্লেখ আছে। উক্ত সংখ্যাত (https://jvi.asm.org/content/65/4/1916) কোৱা pH সম্পৰ্কীয় কথাখিনি সম্পূৰ্ণ বেলেগ, আলোচিত ক’ৰ’ণা ভাইৰাছবিধো বেলেগ।
    𝐂𝐋𝐀𝐈𝐌 𝟑: To beat corona virus, we need to take more of an alkaline foods that are above pH level of the Virus.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: The finding of Claim 1 already partly explains this. There is no cure for COVID-19 yet. Vaccines have been tested in human bodies, but results are still awaiting. Most of the COVID-19 patients have recovered after symptomatic and supportive treatment. The disease can only be contained by extensive sanitation measures and social distancing.
    প্ৰথম পৰিচ্ছেদতে ইয়াৰ আংশিক উত্তৰ দিয়া হৈছে। বৰ্তমানলৈকে ক’ৰ’ণা ভাইৰাছ ৰোগৰ পৰা আৰোগ্য লভিবলৈ কোনো নিৰ্দিষ্ট ঔষধ নাই। মানুহৰ দেহত প্ৰতিষেধক ছীটা পৰীক্ষামূলকভাৱে দিয়া হৈছে, ইয়াৰ ফলাফল পাবলৈ এতিয়াও বাকী। COVID-19 ৰোগত ভোগা অধিক সংখ্যক লোক লক্ষণগত আৰু সামৰ্থক চিকিৎসাৰ পাছত ভাললৈ আহিছে। পৰিচ্ছন্নতাৰ নিয়মাৱলী আৰু সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলিহেহে ৰোগবিধ নিয়ন্ত্ৰণ কৰিব পাৰি।
    𝐂𝐋𝐀𝐈𝐌 𝟒:If you notice symptoms of Corona virus disease quickly take warm water and drink.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: There is no proof regarding warm water curing coronavirus disease. and there is NO specific drug for COVID-19 yet. Symptomatic and supportive treatment seems to be the only way for now.
    কুহুমীয়া/গৰম পানী খালে ক’ৰ’ণাভাইৰাছ ৰোগ ভাল হোৱাৰ এতিয়ালৈকে কোনো প্ৰমাণ নাই। COVID-19 ৰোগী আৰোগ্য হ’বলৈ এতিয়ালৈকে কোনো নিৰ্দিষ্ট ঔষধো নাই। লক্ষণগত আৰু সামৰ্থক চিকিৎসাৰ ফলত সৰহ সংখ্যক ৰোগী ভাল হৈ উঠিছে।
    𝐂𝐋𝐀𝐈𝐌 𝟓: Drink tea with lemon and baking soda to cure Corona virus disease. These two components alkalize the immune system, since when night falls the system becomes acidic and defenses lower.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: Lemon is acidic and baking soda is alkaline. Mixing the two will neutralize each other to create only carbon dioxide and water. This will not make the Ph of body alkaline first and then acidic as claimed. pH of human body is strictly regulated by the body mechanism and in case of healthy people diet can not change the pH.
    বাৰ্তাটোত কোৱাৰ দৰে আবেলি আবেলি নেমু আৰু চ’ডা পানীত মিহলি কৰি খালে ন’ভেল ক’ৰণা ভাইৰাছ নাশ হোৱাৰ কোনো প্ৰমাণ নাই। আম্লিক নেমু আৰু ক্ষাৰকীয় চ’ডা মিহলি কৰিলে প্ৰশমন বিক্ৰিয়া (Neutralization) হৈ কাৰ্বন ডাই অক্সাইড আৰু পানী ওলায়। বাৰ্তাটোত কোৱাৰ দৰে প্ৰথমে দেহ আৰু প্ৰতিৰক্ষা প্ৰণালীৰ Ph ক্ষাৰকীয় আৰু ৰাতিলৈ আম্লিক নহয়। আমাৰ দেহকোষৰ pH খুব কঠোৰভাৱে নিয়ন্ত্ৰিত। কিছুমান নিৰ্দিষ্ট গুৰুতৰ ৰোগ নাথাকিলে আহাৰে দেহকোষৰ pH সলনি কৰিব নোৱাৰে।
    𝐂𝐋𝐀𝐈𝐌 𝟲: The cure for the C19 virus or the way to eliminate it was achieved. Information comes from Israel, there this virus did not cause any death. Everyone in Israel drinks a cup of hot water with lemon and a little baking soda at night, as this is proven to kill the virus.
    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা
    𝐅𝐈𝐍𝐃𝐈𝐍𝐆: There is no proof that Israelis have used tea against Corona virus disease and until today, 30-Mar-2020, 4347 people got infected by the virus and 12 of them had expired.
    There is no cure for COVID-19 yet. Vaccines have been tested in human bodies, but we’ll have to wait for some more time for the results. Most of the COVID-19 patients including those from Israel have recovered after symptomatic and supportive treatment. Drug combinations have been tried in some critical patients. Extensive sanitation measures and social distancing seems to be the best way to contain the disease.
    এই চিকিৎসাৰে ইজৰাইলত ক’ৰ’ণাভাইৰাছ ৰোগত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি বাৰ্তাটোত ক’লেও আজিৰ তাৰিখত (৩১/০৩/২০) ইজৰাইলত আক্ৰান্ত লোকৰ সংখ্যা ৪৮৩১ জন আৰু ইয়াৰে ১৭ জনৰ মৃত্যু হৈছে। বৰ্তমানলৈকে COVID-19 ৰোগৰ কোনো নিৰ্দিষ্ট ঔষধ নাই। ইজৰাইলকে ধৰি আন দেশৰ অধিক সংখ্যক ৰোগী লক্ষ্নগত আৰু সামৰ্থক চিকিৎসাৰ ফলত ভাললৈ আহিছে। এতিয়ালৈকে ৰোগবিধ নিয়ন্ত্ৰণৰ শ্ৰেষ্ঠ উপায় হৈছে কঠোৰভাৱে পৰিচ্ছান্নতাৰ নিয়ম মানি চলা আৰু সামাজিক দূৰত্ব বজাই ৰখা।

    (তথ্য সমূহ ইয়াৰ পৰা লোৱা হৈছে)

    (updated on 5th april)
  • 𝐂𝐋𝐀𝐈𝐌:
    𝟭. “Sanitizer on their Hand before burning Diya/Candle will harm/burn you” - claims a message circulating in Facebook and WhatsApp.
    “চাকি/মম জ্বলোৱাৰ আগতে হাতত চেনিটাইজাৰ সানি ল’লে হাত জ্বলিব”- ফেইচবুক আৰু হোৱাট্‌ছএপত দিয়া সাৱধানবাণী।

    𝟮. The associated photo is from another message explaining how the lady got burnt when she applied Sanitizer and then went for cooking.
    সংলগ্ন ছবিখন আন এটা বাৰ্তাৰ পৰা লোৱা য’ত মহিলা এগৰাকীয়ে হাতত চেনিটাইজাৰ সানি ৰান্ধিবলৈ যোৱাৰ বাবে হাত দুখন পুৰিল বুলি কোৱা হৈছে।

    𝐎𝐏𝐈𝐍𝐈𝐎𝐍: 𝐅𝐀𝐋𝐒𝐄/মিছা

    𝐅𝐀𝐂𝐓𝐒:
    𝟭. Alcohol-based sanitizer is a gel or liquid with an Alcohol % ranging from 60% and above. The main composition is isopropyl, ethanol or n-propanol. Alcohol being flammable, Alcohol-based sanitizers with such high concentrations are also flammable.
    এলকহল-ভিত্তিক চেনিটাইজাৰ জুলীয়া বা জেলৰ দৰে এক সামগ্ৰী। ইয়াত ৬০% বা তাতকৈ বেছি পৰিমাণৰ এলকহল থাকে। এলকহল এক দাহ্য পদাৰ্থ বাবে উচ্চ মাত্ৰাত এলকহল থকা হেণ্ড চেনিটাইজাৰো দাহ্য।
    𝟮. BUT, hand sanitizers are not 100% alcohol, as such a high concentration may cause irritation to the hand and will dry up pretty quickly. Hence, it contains water or moisturizer in it and is prepared in such a way that it evaporates quickly enough and also removes a good portion of germs available in your hand.
    কিন্তু হেণ্ড চেনিটাইজাৰত ১০০% এলকহল নাথাকে কাৰণ এই পৰিমাণৰ এলকহলে হাত বেজবেজাব পাৰে আৰু পলকতে বাষ্পীভৱন হ’ব। গতিকে ইয়াত পানী, মইশ্চাৰাইজাৰ বা আন পদাৰ্থ মিহলি কৰি ব্যৱহাৰৰ উপযোগী কৰা হয় যাতে ই সোনকালে শুকায়ো আৰু সেইখিনি সময়ত হাতৰ সৰহভাগ বীজাণু ধ্বংসও কৰে।
    𝟯. The amount of sanitizer you need to clean your hand and the time you need to rub is very less. (You need to put 3/ 4 drops in your hand palm and rub it for 20 seconds thoroughly without wiping out with a cloth, so that the liquid dries up on its own.)
    হাত বীজাণুমুক্ত কৰিবলৈ বেছি পৰিমাণৰ চনিটাইজাৰ নালাগে, বেছি সময় ঘঁহিবও নালাগে। (হাতৰ তলুৱাত ৩/৪ টোপাল চেনিটাইজাৰ লৈ প্ৰতিটো অংশ ভালদৰে ঘঁহিব। কাপোৰেৰে মোহাৰিব নালাগে; চেনিটাইজাৰখিনি নিজে নিজে শুকাবলৈ দিব)
    𝟰. So if you really want to burn your hand you need to put a large amount of the liquid and then lighten up directly before it evaporates. 𝐇𝐚𝐧𝐝 𝐬𝐚𝐧𝐢𝐭𝐢𝐳𝐞𝐫 𝐮𝐬𝐞𝐝 𝐜𝐨𝐫𝐫𝐞𝐜𝐭𝐥𝐲 𝐰𝐢𝐥𝐥 𝐧𝐨𝐭 𝐜𝐚𝐭𝐜𝐡 𝐟𝐢𝐫𝐞.
    গতিকে পুৰিবলৈ হ’লে হাতত যথেষ্ট পৰিমাণৰ চেনিটাইজাৰ ঢালি বাষ্প হোৱাৰ আগতেই জুইৰ সংস্পৰ্শলৈ আহিব লাগিব। চেনিটাইজাৰ শুদ্ধকৈ ব্যৱহাৰ কৰিলে জুই নালাগে।

    𝐅𝐈𝐍𝐃𝐈𝐍𝐆:
    The picture is not related to the message anyway. The picture is of a burn victim whose forearms were harvested for skin grafting. Actual burning CAN NOT be so symmetric.
    ওপৰত দিয়া ছবিখন মিছা আৰু বাৰ্তাটোৰ লগত জড়িত নহয়। ছবিখনত দেখুওৱা হাত দুখন কোনোবা জুৰে পোৰা লোকৰ, কিন্তু ইয়াত সংস্থাপনৰ বাবেহে কিলাকুটিৰ তলৰ পৰা ছালৰ এটা স্তৰ আঁতৰোৱা হৈছে। জুয়ে পুৰিলে ইমান সমানকৈ নোপোৰে।

    𝐍𝐎𝐓𝐄:
    𝟭. Hand sanitizer used in a wet hand or if spilled on clothes will take time to get dried and hence may have a chance to catch fire.
    ভিজা হাতত চেনিটাইজাৰ লগালে বা কাপোৰত পৰিলে শুকাবলৈ বেছি সময় লাগিব পাৰে আৰু জুই লগাৰ সম্ভাৱনা বাঢ়িব।
    𝟮. Alcohol-based hand sanitizers can quickly reduce the number of microbes on hands in some situations, but sanitizers do not eliminate all types of germs. Soap and water is the best solution to keep your hand clean.
    এলকহল-ভিত্তিক চেনিটাইজাৰে কম সময়তে হাতত থকা বীজাণুৰ সংখ্যা পাৰে, কিন্তু সকলোবোৰ বীজাণু আঁতৰ কৰিব নোৱাৰে। হাত পৰিষ্কাৰ আৰু বীজাণুমুক্ত কৰি ৰাখিবলৈ চাবোন আৰু পানীৰে হাত ধোৱাটো উত্তম উপায়।

    𝐒𝐨𝐮𝐫𝐜𝐞𝐬:
    • https://www.cdc.gov/…/show-me-the-science-hand-sanitizer.ht…
    • https://www.farmfoodcareon.org/…/hand-sanitizer-factsheet.p…
    • https://www.indiatoday.in/…/fact-check-viral-sanitiser-burn…

     

     

    তথ্য সমূহ ইয়াৰ পৰা লোৱা হৈছে

এই সময়ত আমাৰ মানসিক স্বাস্থ্য আৰু আন কেইটিমান গুৰুত্বপূৰ্ণ কথা

SARS-COV-2 ভাইৰাছ বিধ বা nCOVID-19 বেমাৰ বিধ বা আমাৰ ক'ৰ'না বেমাৰ বিধৰ আমাৰ গহপুৰ (আপোনাৰ স্থানীয় অঞ্চলত) ত, সদায় গহপুৰতে থকা বা যোৱা কেইসপ্তাহমানত ক'লৈকো ফুৰিবলৈ নোযোৱা কাৰো গাতে এতিয়ালৈকে যেনিবা সংক্ৰমণ ঘটা নাই! কিন্তু কৰ্মৰত বা পঢ়িবলৈ যোৱা, বিভিন্ন চিকিৎসাৰ বাবে যোৱা, বাহিৰৰ ৰাজ্যৰ পৰা উভতি অহা আমাৰ অঙহী-বঙহীসকলৰ কাৰোবাৰ গাত যদি সেই ভাইৰাছ বিধ লম্ভি আহিছে, তেন্তে কি হ'ব?
ধৰা হ'ল, সেইবিধ তেনেকৈয়ে (সংক্ৰমণ হ'ব পৰা আৰু বহু কাৰক আছে) আহিল গহপুৰলৈ। তেনেতে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে ঘোষণা কৰিলে LockDown । তেতিয়া সকলোৱে চৰকাৰৰ ব্ৰহ্মবাক্য শাৰী শিৰোধাৰ্য্য কৰি (নকৰে বুলি জানো) দোকান- পোহাৰ বন্ধ কৰিলে, কোনেও ওলোৱা-সোমোৱা কৰা বন্ধ কৰি দিলে আৰু আহ-যাহ মানে সম্পূৰ্ণ বন্ধ কৰি দিলে। মানে ৰাছিয়াৰ পুটিনৰ দৰে সিংহ-বাঘ নেমেলিলেও ৰাইজসকল একান্তই বাধ্য ছাত্ৰৰ দৰে ঘৰতে সোমাই থাকিব অহা ১৫ দিনলৈ। বুজিছো নহয়, সম্পূৰ্ণ বন্ধ। কেৱল ঘৰতে, চাৰি বেৰৰ মাজত।
এতিয়া কথা হ'ল, সেই বেমাৰ অনা কেইজন ক'লৈ গ'ল বা কি হ'ল?
বুজাত সহজ হ'বলৈ, ধৰাহ'ল, বেমাৰ অনা তেনে ব্যক্তি হ'ল বিশাল গহপুৰৰ সকলো ফালৰ কোনোবা ১০০ জন, ১০০ টা ভিন ভিন পৰিয়ালৰ, মানে হাৱাজান টু হেলেম। এই ১০০ টা পৰিয়ালত গড়ে ৫ জনকৈ সদস্য আছে যেনিবা। বাহিৰৰ পৰা অহা ১০০ জন অঙহীয়ে নিজৰ পৰিয়ালৰ প্ৰত্যেককে মৰম যঁ‌চাৰ ফলত গহপুৰত মুঠ ক'ৰ'ণা আক্ৰান্ত ৰোগী ওলাল ৫০০ জন। এই ৫০০ জনৰ ভিতৰত প্ৰায় ৫০ জন মান আছে ৬০ বছৰ বয়সৰ ওপৰৰ ককা-আইতা, মা-দেউতা ইত্যাদি। হাই প্ৰেছাৰ, হাঁ‌পানী, কেঞ্চাৰ, ডায়বেটিছ আদি বিভিন্ন অসুখ থকা আছে যেনিবা ৩০ জন মান। মনত ৰাখিব সকলো সংক্ৰমিত হৈছে। ভূলটো ক'ত হ'ল?
এই যে বাহিৰৰ পৰা আহিছিল, আহি পোৱাৰ পিছৰে এই ১০০ জনক পৰিয়ালে অকলশৰীয়াকৈ (Isolation) ১৪ দিনলৈ নাৰাখিলে! কাৰণ, "আমি আজিলৈকে কাৰো একো অপকাৰ কৰা নাই, আমাৰ হ'বনে? বা পুৱা গধূলি সকলো নীতি নিয়ম মানি আছো বা ঢেৰ কিবা কিবি", মুঠতে সজাগতা, সতৰ্কতাৰ চূড়ান্ত অভাৱ। Isolation বা Quarantine কৰি দিয়া হ'লে চাঞ্চেই নাছিল সংক্ৰমণৰ।
এতিয়া হ'ল যেতিয়া উপায় নাই। ১০৮ এ যথা সময়ত খবৰ পালে আৰু সকলোকে লৈ আহিল হস্পিতাললৈ। সাৱধান, আৱেগত তেওঁ‌লোকৰ সংগ নিদিব। এতিয়া আহো, বিশ্বৰ পৰিসংখ্যালৈ। সেইমতে এই ৫০০ জনৰ প্ৰায় ৪১০ জন (৮২%) ৰ অতি কম লক্ষণ প্ৰকাশ পালে বা ডাক্তৰৰ ভাষাত অতি সহজে বেমাৰ বিধ গাতে নোহোৱা হ'ল। চিকিৎসকে তেওঁলোকক Isolation Ward ত ৰাখিছিল। অৰ্থাৎ, এইসকলে ক'ৰ'ণাক পৰাস্ত কৰিলে। বাকী ৮০ জনৰ ভিতৰত, ৩০ জন (৬%) ৰ কিছু জটিল অৱস্থা। চিকিৎসা চলি আছে। আৰু যে ৬০ জন (১২%) আছিল তেওঁলোক অতি চিৰিয়াছ। এই ৯০ জন (১৮%) মানুহৰ প্ৰত্যেক জনেই ভেন্টিলেটৰ (কৃত্ৰিম উশাহ-নিশাহ লোৱা যন্ত্ৰ, খিৰিকিৰ ওপৰত থকা ভেন্টিলেটৰ খন নহয়) বা ICU ত আছে (গহপুৰত নাই চাগৈ এইবোৰ সুবিধা, নাজানো বাৰু)। ফলাফল কি? বিশ্বৰ তথ্য অনুযায়ী প্ৰায় ২৫-৩০ দিন মানৰ ভিতৰত (আজিৰ পৰা হ'লে এপ্ৰিলৰ ২০ লৈ বুলি ধৰি ল'ব পাৰি) , ৪১০ জন সম্পূৰ্ণ সুস্থ, ঘৰলৈ ওভটাই পঠালে। এইসকলৰ পৰা একো বিপদ নাই, ৰাইজে আদৰিব পাৰে কালিৰ নিচিনাকৈ ঢোল-তাল বজাই। বাকী ৯০ জনৰ ৩০-৪০ জন মানে আমাক কন্দুৱাই বিদায় ল'লে (পৰিসংখ্যা অনুসৰি এইটো খাটাং) আৰু বাকী থকা কেইজনে ডাক্তৰৰ তত্ত্বাৱধানত জীৱন-মৰণৰ যুঁজ দি থাকিব, যদিও ভাল হ'বগৈ পৰিসংখ্যা মতে। ভাল হ'লেই গহপুৰ প্ৰায়(!) ক'ৰ'ণা মুক্ত। প্ৰায় লিখা কাৰণটো হ'ল, আমাৰেই কোনোবা ককাই-ভাই, বাই- ভণী, মা-দেউতা বা আন কোনোবা আপোন জনে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আমাৰ বাবে কাম কৰি আছে। সেইসকল হ'ল সকলো স্বাস্থ্য কৰ্মী, সুৰক্ষা কৰ্মী, সংবাদসেৱী, এম্বুলেন্স চালক, হস্পিতালৰ চাফাই কৰ্মী, ফাৰ্মাচীৰ লোক সকল, প্ৰশাসনৰ ব্যক্তি সকল। এইসকলো একেই তেজ-মঙহৰ, নিজা নিজা পৰিয়াল থকা মানুহ। আমাৰ পৰা এওঁ‌লোক সংক্ৰমিত হ'ব পাৰে। চৰকাৰৰ বা নিউজ এজেন্সী, মালিকৰ পৰা দৰ্মহা পাইছে যেতিয়া আমাৰ ভূলৰ কাৰণে প্ৰাণাহুতি দিব লাগিবই বুলি নক'ব বা নাভাৱিব। কিন্তু কোনোবা আপোনজনক হেৰোৱাটো প্ৰায় নিশ্চিত, কান্দিব লাগিবই।
এতিয়া গম পালো যে, ক'ৰ'ণা কেনেকৈ নোহোৱা হ'ব! এইটোৱেই আমাৰ হাতত থকা একমাত্ৰ উপায়। গতিকে পাগলামি বোৰ কৰি নাথাকিব, ধৈৰ্য ধৰক আৰু ক'ৰ'ণা খেদক। ক'ৰ'নাই Go Back চিনি নাপায় বা বুজি নাপায়। ঘৰৰ ভিতৰত থাকিব দিছে, সোমাই থাকক। মালিক নোহোৱা কুকুৰে যে অ'ত এচিকুট মুতে, ত'ত এচিকুট মুতে, তেনেকৈ ঘূৰি নুফুৰিব।
 
(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

এইকেইদিনত সকলোৰে মুখত সঘনে উচ্চাৰিত হোৱা শব্দটো হৈছে 'কৰ’না'৷ কৰ’না ভাইৰাছ ডিজিজ ২০১৯ (COVID-19) বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে ত্ৰাসৰ অন্য নাম হৈ পৰিছে৷
SAR-COV-2 নামৰ নতুনকৈ উদ্ভৱ হোৱা কৰ’না ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ সংখ্যা প্ৰতিদিনে বাঢ়ি গৈ আছে৷ শেহতীয়া তথ্য অনুসৰি বিশ্বৰ ত প্ৰায় দুই লক্ষাধিক ৰোগী আক্ৰান্ত হৈছে,আৰোগ্য হৈছে প্ৰায় ৮০০০০ জন আৰু প্ৰায় ৮০০০ ৰোগী এই ৰোগত মৃত্যু মুখত পৰিছে৷ভাৰততো বিভিন্ন প্ৰদেশত ডেৰশতাধিক ৰোগ আক্ৰান্ত হৈছে৷
২০১৯ চনৰ ডিচেম্বৰত চীনৰ য়ুহান চহৰত দেখা দিয়া এই ৰোগক বিশ্ব স্বাস্থ্য সংস্হাই ২০২০ চনৰ জানুৱাৰী মাহত মহামাৰী হিচাপে ঘোষণা কৰিলে৷
কভিড -১৯ ৰ পূৰ্বেও বহুকেইটা মহামাৰীয়ে শেহতীয়াকৈ বিশ্ববাসীক ত্ৰাসিত কৰি গৈছে৷ ২০০২-০৩ চনত তোলপাৰ লগোৱা SARS (Severe Acute Respiratory Syndromes) বিয়পিছিল প্ৰায় ২৪ খন দেশলৈকে, ৮০০০ ৰ অধিক লোক আক্ৰান্ত হৈছিল আৰু প্ৰায় ৮০০ লোকৰ মৃত্যু হৈছিল। ন'ৱেল ক'ৰ'ণাৰ তুলনাত SARS, ইবোলা, জিকা ইত্যাদি মৃত্যুৰ হাৰ প্ৰায় দুগুণ তিনিগুণ বেছি আছিল যদিও ই আন মহামাৰীতকৈ কোনো গুনে উলাই কৰিব লগীয়া নহয়৷ কাৰণ এইবিধ ভাইৰাছ সংক্ৰমণ হোৱাৰ পিছতো বেমাৰৰ লক্ষণ দেখা পৰিলক্ষিত হ’বলৈ ব্যক্তি বিশেষে ২ ৰ পৰা ১৪ দিন লাগিব পাৰে৷ ইয়াৰ সংক্ৰমণৰ হাৰো দুগুণ বেছি।তাৰোপৰি লক্ষণ সমুহ সাধাৰণ পানীলগা চৰ্দিৰ লগত প্ৰায় একে হোৱাৰ বাবে সজাগতাৰ অভাৱত চিকিৎসাৰ ক্ষেত্ৰতো বিলম্ব হোৱাৰ সম্ভাৱনা বহুত বেছি হ’ব পাৰে৷ প্ৰথমে বহিৰাগতৰ পৰা আহি থকা বেমাৰটো এতিয়া স্থানীয়ভাৱে সংক্ৰমণ হ'বলৈ ধৰিছে।
চৰ্দি, তীব্ৰ জ্বৰ, কাহ, উশাহ-নিশাহত কষ্ট, মূৰ আৰু ডিঙিৰ বিষ, নিউমোনিয়া, বমি ( কিছুমান ক্ষেত্ৰত), ডায়েৰিয়া (কিছুমান ক্ষেত্ৰত), পেশীৰ বিষ, ভাগৰ লগা, ডিঙিৰ সুৰসুৰণি ইত্যাদি লক্ষণ সংক্ৰমিত ব্যক্তিৰ ক্ষেত্ৰত দেখা পোৱা যায়৷ এই ৰোগ আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে,হাঁচি বা কাহৰ জৰিয়তে ,জনসমাগম বেছি হোৱা স্থানত আক্ৰান্ত ব্যক্তিৰ পৰা আনলৈ সংক্ৰমন হ’ব পাৰে৷ এই ৰোগৰ কোনো নিৰ্দিষ্ট চিকিৎসা বৰ্তমানো আবিস্কৃত হোৱা নাই যদিও লক্ষণ অনুযায়ী চিকিৎসা প্ৰদান কৰা হয় । তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই চিকিৎসা পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু তেনেদৰেই চিকিৎসালয় সমুহত ব্যৱস্থা কৰা হৈছে৷চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰোগীক ৰাখি জ্বৰ , কাহ আদিৰ আন আনুসংগিক লক্ষণৰ চিকিৎসা কৰা হয়৷
কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ বিশ্বতে সাৱধানতা অৱলম্বন কৰা হৈছে৷ ভাৰততো শিক্ষানুষ্ঠান, অফিচ, ৰাজহুৱা স্থানত জন সমাৱেশ আদি বন্ধ কৰা হৈছে৷
ভাৰতীয় প্ৰেক্ষাপটত স্বাস্থ্য সচেতনতা তুলনামুলক ভাৱে বহুত কম৷ 'ৰোগ লুকুৱাব খোজা মানসিকতা’ এটা এতিয়াও দেখা পোৱা যায়৷ কেৱল সেয়ে নহয় স্বাস্থ্যসন্মত জীৱন প্ৰণালী আৰু পৰিচ্ছন্নতা মানি চলাৰ প্ৰয়োজনীয়তাক উলাই কৰা আচৰণ সহজলভ্য৷ ৰোগৰ সংক্ৰমণৰ ভয়তকৈ কিবা কাৰনত ধৰা পৰিলে সামাজিক অৱহেলা, ভৱিষ্যতে বিয়া বাৰুকে ধৰি আন সামাজিক সমস্যাৰ মুখা মুখি হ’ব হ’ব বুলিও ভাৱে৷ বহুতে স্বাস্থ্য সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষাক অপ্ৰয়োজনীয় জঞ্জাল বুলিও ভাৱে৷ ফলত ক’ৰ’না বুলিয়েই নহয় আন ৰোগৰ সংক্ৰমণো ৰোধ কৰাত বাধা আহিব পাৰে৷ শেহতীয়াকৈ আগ্ৰাৰ ঘটনাটোৰ কথাই উদাহৰণত ক’ব পাৰি৷ বেংগালুৰুৰ এক নৱ বিবাহিত ফেব্ৰৱাৰী মাহত দম্পতী ইটালী, গ্ৰীচ আৰু ফ্ৰান্সলৈ ফুৰিবলৈ গ’ল৷ঘুৰি অহাৰ পিছত মাৰ্চৰ প্ৰথম সপ্তাহত দুৰ্ভাগ্যজনক ভাৱে যুৱকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷নিয়ম অনুসৰি পত্নীৰ পৰীক্ষাও জৰুৰী হৈ পৰিল যদিও সম্পূৰ্ণকৈ উলাই কৰি পত্নী আগ্ৰাৰ পিতৃ গৃহ গৈ পালে৷ বাংগালুৰুৰ প্ৰশাসনে আগ্ৰাৰ পুলিচ প্ৰশাসনৰ সহায় লৈ অৱশেষত তেজৰ পৰীক্ষা কৰে আৰু পিতৃগৃহৰ ৭ জন সদস্যৰে শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে৷মহিলা গৰাকীয়ে যিহেতু কোনো প্ৰতিৰোধী ব্যৱস্থা নোলোৱাকৈয়ে বাংগালুৰুৰ পৰা আগ্ৰালৈ বিমানযাত্ৰা কৰিছিল আৰু আগ্ৰাতো লোকেল ট্ৰেইন বা আন ৰাজহুৱা পৰিৱহনত চলা ফুৰা কৰিছিল সেয়ে তেওঁৰ পৰা যে সহযাত্ৰী সকল সংক্ৰমিত হোৱা নাই তাক নুই কৰিব নোৱাৰি৷
অসমৰ বিভিন্ন স্থানৰ লোক কেৰেলা, হাইদৰাবাদ আদিত কৰ্মৰত হৈ আছে৷ভীতিগ্ৰস্ত হৈ বহুত মানুহ ঘুৰি আহিছে৷ শ্ৰমিক শ্ৰেণীৰ অধিকাংশই ঘুৰি আহিছে ৰাজহুৱা পৰিৱহণ ব্যৱস্থাৰে৷ যিহেতু সংক্ৰমণ হৈ থকা প্ৰদেশৰ পৰা তেওঁলোক আহিছে সেয়ে তেনে লোকৰ তালিকা প্ৰস্তুত কৰি চৰকাৰে তেজৰ পৰীক্ষা কৰা বা পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে যাতে ৰোগগ্ৰস্ত জনক চিনাক্ত কৰি চিকিৎসা প্ৰদান কৰাৰ লগতে সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যায়৷ কিন্তু বহুতে এই পৰীক্ষা আদিৰ জঞ্জাল চপাই ল’ব নুখুজি পলায়ন বাদী অদুৰদৰ্শীতাহে দেখুওৱা দেখা গৈছে৷ মানুহ ইমান আতংকত ভোগাৰ কাৰণে ৰোগ প্ৰতিৰোধ সঠিক ভাৱে কৰাত সমস্যাই দেখা দিব পাৰে৷
ৰোগ সম্পৰ্কীয় সজাগতাক উলাই কৰা এনে ধৰনৰ ঘটনা আমাৰ অলক্ষিতে বহুতো হ’ব পাৰে৷ কিন্তু ৰোগমুক্ত হৈ থাকিবৰ সজাগতা হৈছে আটাইতকৈ প্ৰয়োজনীয় কথা৷ৰোগগ্ৰস্ত লোকৰ সময়ত চিনাক্তকৰনে তেওঁৰ প্ৰাণৰক্ষা কৰাৰ লগতে আন দহজনকো সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিব৷
চৰকাৰী ঘোষণা অনুসৰি অনুষ্ঠান প্ৰতিষ্ঠান, কাৰ্যালয়, জনবহুল ৰাজহুৱা স্থানত বন্ধ দিয়াৰ লগে লগে মানুহ আৰু অধিক আতংকগ্ৰস্ত হৈছে৷ কিন্তু কিয়নো এনে ব্যৱস্থা প্ৰকৃততে লোৱা হৈছে সেয়া জানিবৰ বাবে আগ্ৰহী হোৱাতো অধিক জৰুৰী৷ভাইৰাছবোৰে সঘনাই চৰিত্ৰ সলনি কৰে ।যাৰ বাবে যিকোনো ভাইৰাছৰ প্ৰতিষেধক সহজে আৱিষ্কাৰ কৰিবলৈ সময় লাগে। বৰ্তমানলৈকে কৰ'ণাৰ সংক্ৰমণ ভাৰতবৰ্ষত দ্বিতীয় পৰ্যায়ত আছে।অৰ্থাৎ বিদেশৰপৰা এই ভাইৰাছ মানুহৰ জৰিয়তে সংক্ৰমিত হৈ ভাৰতত সোমাইছে৷ ভাৰতীয় মানুহৰ শৰীৰত ইহঁতে হয়তো চৰিত্ৰ সলনি কৰিবও পাৰে।কোনো সংস্পৰ্শলৈ নহাকৈও ইহঁত সংক্ৰমিত হ'ব পাৰে৷ যেতিয়া আক্ৰান্ত ৰোগীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নহাকৈয়ে পৰিৱেশিক কাৰকৰ উপস্থিতিত যেতিয়া সংক্ৰমণ হয় সেয়ে হৈছে তৃতীয় পৰ্যায়৷ এই পৰ্যায়ত বহুজন মানুহ নিতৌ সংক্ৰমিত হ'ব৷ সেয়ে সংক্ৰমন নিয়ন্ত্ৰণত ৰখাৰ সাৱধানতামুলক ব্যৱস্থাৰ বাবে এই জৰুৰীকালিন বন্ধ দিয়া হৈছে যাতে অধিক লোকৰ সমাগম কম হয়৷ সেয়ে আতংকিত হোৱাৰ পৰিৱৰ্তে সহযোগ কৰাহে উচিত৷ বন্ধ বুলি ফুৰা চকা কৰা, অপ্ৰয়োজনীয় ভাৱে জুম পাতি আড্ডা মৰা আদি কৰি নিজৰ বিপদ বঢ়োৱাহে হ’ব৷
ভাৰতীয় সমাজত আৰু কিছুমান অসুস্থ অভ্যাস হৈছে কাহ, হাঁচি মৰাৰ সময়ত মুখত ৰুমাল নোলোৱা; শৌচালয় ব্যৱহাৰৰ পিছত, খাদ্য প্ৰস্তুত কৰাৰ আগতে আৰু খাদ্য গ্ৰহণৰ আগতসঠিক পদ্ধতিৰে হাত নোধোৱা; বাহিৰৰ পৰা আহি গা নোধোৱা; বাহিৰত ব্যৱহাৰ কৰা চেণ্ডেল আদি ঘৰতো ব্যৱহাৰ কৰা ইত্যাদি৷ তাৰোপৰি ৰাস্তাৰ কাষতে অপৰিষ্কাৰকৈ ৰখা মুখৰোচক খাদ্যৰ বহুল জনপ্ৰিয়তা অতি অস্বাস্থ্যকৰ৷ এই অভ্যাস সমুহ আঁতৰাব পাৰিলে বহুত ৰোগৰ পৰা আপোনা আপুনি হাত সাৰিব পৰা যাব৷
নিজস্ব সজাগতাই প্ৰকৃত নিৰাপত্তা
সংক্ৰমিত হোৱাৰ পৰা বাছি থাকিবৰ বাবে নিজে সাৱধান হোৱা উচিত৷ যিমানদূৰ সম্ভৱ জনবহুল স্থানৰ পৰা দূৰত থাকিব লাগে ।
কাহ বা হঁচিয়ালে ৰুমালেৰে মুখ ঢকাটো অভ্যাসত পৰিণত কৰিব লাগে৷
যিহেতু আমাৰ হাত দুখনেই ৰোগৰ প্ৰধান বাহক সেয়ে সঘনাই হাত ধুব লাগে ।পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাতৰ তলে ওপৰে আঙুলি,তলুৱা, মণিবন্ধ ভালকৈ পৰিষ্কাৰ কৰি হাতখন ধোৱা উচিত৷
নিৰাপদ পৰিৱেশত থকা অৱস্থাত মাস্ক পিন্ধাৰ প্ৰয়োজন নাই৷চৰ্দি জ্বৰ আদি হৈ থকা অৱস্থাত বা হস্পিতাল, বজাৰ আদি মানুহ বেছি থকা স্থানত মাস্ক ব্যৱহাৰ কৰা উচিত।মাস্ক কোমল কাপোৰৰ হ’লে সুবিধাজনক হয়৷ আঙুলিৰে মাস্কখন বেছি টানি আজুৰি থাকিব নালাগে৷ অন্যথা হাতৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে৷ তাৰোপৰি চাৰ্জিকেল মাস্ক ব্যৱহাৰ কৰিলে আঠ ঘন্টাৰ পিছত পদ্ধতিগত ভাৱে ব্লিচিং চলিউশ্যনত ৰাখিহে পেলাব লাগে৷আন কাপোৰৰ সাধাৰণ মাস্কবোৰ ব্যৱহাৰৰ পিছত পৰিষ্কাৰকৈ ধুই ভালকৈ ৰ’দত দি হে পুনৰ ব্যৱহাৰ কৰা উচিত৷বাহিৰৰ পৰা গৈ পৰিষ্কাৰ পানীৰে গা ধোৱাৰ অভ্যাস কৰিব লাগে৷
লক্ষণ সমুহে দেখা দিয়াৰ লগে লগে চিকিৎসা কৰ্মীৰ লগত যোগাযোগ কৰা উচিত৷
এনে বতৰত এনেয়ো চৰ্দি জ্বৰ সঘনাই হ’ব পাৰে৷ সেয়ে যদিহে সংক্ৰমণ হ’বলগীয়া কোনো সন্দেহজনক কাৰন নাই তেন্তে কাঁহ এটা মাৰিলেই ভয়ত আতুৰ হৈ চিকিৎসালয়লৈ যোৱাৰ প্ৰয়োজন নাই৷তাৰোপৰি কেৰেলা, হাইদৰাবাদ, পুনা, দিল্লীত কৰ্মৰত যিসকল লোক ঘুৰি আহিছে তেওঁলোক বা পৰিয়াল আতংকিত হ’ব নালাগে৷ চৰকাৰে তালিকা প্ৰস্তুত কৰি এনে যাত্ৰীক পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে এই কাৰণেই যাতে যদি কোনো সংক্ৰমিত ব্যক্তি আছে তেন্তে সময়ত চিনাক্ত,চিকিৎসা কৰিব পৰা যায়৷বাহিৰৰ প্ৰদেশৰ পৰা আহিলেই যে আক্ৰান্ত হ’ব বা প্ৰশাসনে অযথা হাৰাশাস্তি কৰিব বুলি ভৱা উচিত নহয়৷তাৰ পৰিৱৰ্তে যদি লক্ষণ সমুহ থাকে তেন্তে নিজে বা আনে স্বাস্থ্যবিভাগক খবৰ দিয়ক আৰু সহযোগ কৰক৷
ভাৰতৰ আন প্ৰদেশ দৰে অসমেও এই ৰোগ প্ৰতিহত কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷শেহতীয়াকৈ অসম চৰকাৰে চিকিৎসালয় সমুহত ক’ৰ’নাত আক্ৰান্ত ব্যক্তিৰ বাবে বিশেষ কক্ষৰ ব্যৱস্থা কৰাৰ লগতে হেল্প লাইন নম্বৰো মুকলি কৰিছে৷ হেল্প লাইন নম্বৰ সমুহ হৈছে ৬৯১৩৩৪৭৭৭০, ৬৯১৩৩৪৭৭৭১, ৬৯১৩৩৪৭৭৭২আৰু ৬৯১৩৩৪৭৭৭৩৷ সেৱা প্ৰদানৰ সময় হৈছে পুৱা ৬ বজাৰ পৰা নিশা ১১ বজালৈ৷কিন্তু এয়া সত্য যে ভাৰতৰ চিকিৎসালয়ৰ সংখ্যা বা স্বাস্থ্যসেৱাৰ আন সুবিধা সমুহ অন্য উন্নত ৰাষ্ট্ৰ সমুহৰ দৰে পৰ্যাপ্ত নহয়৷ ৰোগীৰ সংখ্যা যদি বৃহৎ সংখ্যক হয় তেন্তে সকলোকে নুন্যতম চিকিৎসা সেৱা প্ৰদান কৰাও অসম্ভৱ হ’ব পাৰে৷ গতিকে এই সময়ত স্বাস্থ্যকৰ্মীৰ লগত সহযোগিতা, অনাহক আতংকিত নহৈ সুস্থ স্বাস্থ্য সচেতনতা, উৰাবাতৰি প্ৰচাৰ নকৰা সকলো সচেতন নাগৰিকৰে আন্তৰিক দায়িত্ব হোৱা উচিত৷
 
(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

 
* বাহিৰৰ প্ৰদেশৰ পৰা আহিলেই চিকিৎসালয়লৈ আহিব নালাগে৷ ঘৰত ১৪ দিন আছুতীয়াকৈ থাকিলেই হয়৷ যদি চৰ্দি কাহ আদি কিবা সমস্যা থাকে তেন্তে আহিব লাগে৷ মানুহে বুজা নাই৷ দল বান্ধি আহি আছে৷
* মানুহবোৰ আহিছে ৰাজস্থান, কেৰেলা, মহাৰাষ্ট্ৰ আদিৰ পৰা৷ ২০ তাৰিখৰ আগৰ খিনিৰ হাতত ষ্টাম্প নাই, পনপনাই ঘুৰি ফুৰিছে, মিতিৰ খাবলৈ গৈছে৷ কাহ, চৰ্দি আছে যদি লুকুৱাইছে ডাক্তৰৰ আগত, কেতিয়া আহি পাইছে তাৰিখ মিছা কৈছে৷
* হস্পিতালৰ পৰা পঞ্চলিশ কিলোমিটাৰ দুৰৈৰ মোৰ ঘৰলৈ ঘুৰি আহোঁতে ৰাস্তাটোত খেলি মেলি চিন্তাবোৰেই আহি আছিল৷ গাড়ীৰ আইনাৰে যিমান দুৰলৈকে দেখা পাওঁ ৰাস্তাৰ কাষৰ বিস্তীৰ্ণ সঘন গাওঁ৷ এই যে মানুহবোৰ সোমাইছেহি আক্ৰান্ত প্ৰদেশৰ পৰা, যদি কোনোবা সংক্ৰমিত ( একো ডাঙৰ কথা নহয়), Qurantine মানি চলা নাই তেন্তে ক্ষণিকত ভয়ংকৰকৈ আক্ৰান্ত হ’ব এইবোৰ অঞ্চল!
* লক ডাউন হৈছেনে সেইটো ৰাস্তাৰ কাষৰ অঞ্চল বা চহৰ অঞ্চলত প্ৰশাসনে প্ৰয়োজন সাপেক্ষে নিয়ন্ত্ৰণ কৰিব পাৰিব৷ যাতায়তৰ সুব্যৱস্থা নথকা ভিতৰুৱা অঞ্চলবোৰ য’ত বৰ্তমান বাহিৰা যাত্ৰীয়ে ভৰি পৰিছে তাত মানুহক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
* ডাক্তৰে চেক আপ কৰাৰ পিছত যি বিলাক হেল্থ ফেচিলিটিত আমাৰ কাউন্সেলৰ আছে তেওঁলোকে Quarantine ৰ ওপৰত কাউন্সেলিঙ দিছে আৰু য’ত কাউন্সেলৰ নাই তাত নাৰ্ছে বুজাইছে৷ কিন্তু ফ্ৰন্ট লাইন ৱৰ্কাৰ খিনিয়ে নিজক নিৰাপদে ৰাখিবলৈ নুন্যতম PPE যেনে মাস্ক, কেপ, গ্লভছ বা চেনিটাইজাৰ, হেণ্ডৱাছ আদি পোৱা নাই, পোৱা সকলেও একেবাৰে কম পৰিমাণে পাইছে৷ চাফাইকৰ্মীও নাই যে বাৰে বাৰে বীজাণুনাশকেৰে চাফা কৰিব, কিছুমানত চাফাইকৰ্মী থাকিলেও প্ৰয়োজনীয় বীজাণুনাশকৰ অভাৱ৷ আক্ৰান্ত হ’বলৈ কিমানপৰ!
* মানুহজন এখন অতি ব্যস্ত জিলা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নিজেও এনে এটা অঞ্চলৰ চিকিৎসালয়ত চিকিৎসাকৰ্মী হিচাপে কাম কৰোঁ য’ত অধিকাংশ মানুহেই বৰ্হি ৰাজ্যত কৰ্মৰত আৰু এতিয়া ঘুৰি আহিছে৷ আঙুঠি, ফুলি আদি পিন্ধা কেতিয়াবাই বাদ দিলোঁ৷ ঘৰৰ আগফালৰ বেলকনিখন একপ্ৰকাৰ বাথৰুমেই হৈছে৷ দিনটো আমাৰ পৰা আঁতৰি থকা ল’ৰাটোক সাৱটি ল’বলৈ, লগত শুৱাবলৈও চিন্তা আমাৰ৷
#জীৱনৰ প্ৰতি মোহ বেছি হৈছে
#কিবাকিবি হেৰুৱাব খুজিছোঁ যেন অনুভৱ
#ভালে থকাটোৱেইচোন সমস্যা
(কোনোবা যদি বাহিৰৰ ৰাজ্যৰ পৰা আহি পনপনাই থকা দেখে তেন্তে পুলিচক খবৰ দিয়ক৷ সচেতন দায়বদ্ধ নাগৰিক হিচাপে লকডাউন মানি চলক )
 
(লেখাটি ইয়াৰ পৰা যুগুতোৱা হৈছে)

ভিদিঅ’ টো চাবলৈ ইয়াত ক্লিক কৰক

ভিদিঅ’ টো চাবলৈ ইয়াত ক্লিক কৰক

নবেল কৰণা মোৰ নাম
ভাইৰাছৰ ৰাণী
গোটেই পৃথিবীকে একেলগে ধৰিছো ছানি।
আমি আছো বাই ভনী সাত জনী
মই হলো সৰ্বকণিষ্ঠ জনী
চলাম ধংস লীলা এইবাৰ সকলোৱে লবা জানি ।
চীন দেশৰ য়ুহান চহৰত আছিলো লুকাই
চাঞ্চ পাই আহিলো ওলায় ।
সেয়ে মুক্ত হৈ
আজি জলত মই
স্থলত মই
বতাহত মই
উশাহত মই
গোটেই জগতত বৰ্তমান
কেৱল কৰণাময়।
জীৱশ্ৰেষ্ঠ মানুহৰ
জীৱন আজি আতংকময় ।
মোৰ বাস স্থলী
প্ৰাণীৰ হাঁওফাঁও,
মানুহৰ হাঁওফাঁও
অতিকৈ ভাল পাঁও ।
যেতিয়াই ৰোগীয়ে জোৰেৰে হাঁচি বা কাঁহ দিয়ে মাৰি
তেতিয়াই ওলাই যাওঁ মই নতুন চিকাৰ বিচাৰি ।
লক্ষ্যভ্ৰষ্ট হলে পৰি ৰওঁ
সপ্তাহ দিন বাহিৰত
চিকাৰ সন্ধান কৰি।
জ্বৰ পানী লগা, কাঁহ
উশাহত কষ্ট
মোৰ ৰোগীৰ লক্ষণ
কটাইছা যদি মোৰ
পুৰণি চিকাৰৰ লগত কিছুক্ষণ
হব পাৰা তুমিও মোৰ নতুন চিকাৰ গতিকে কৰা পৰীক্ষণ ।
দুৰ্বলী সকল হোৱা সাৱধান
হাত সাৰি থাকিব পাৰিবা
দিছো সমিধান ।

যতে ততে ঠাণ্ডা খাদ্য
নকৰা ভক্ষন
নকৰিবা কৰমৰ্দন কিম্বা আলিংগন ।
মানুহৰ সমাগত য'ত
কেতিয়াও নাযাবা ত'ত
চাবোনেৰে ঘনাই ধুবা হাত
পৰিধান কৰিবা মাস্ক
চকু নাকতো নিদিবা হাত ।
চিকিৎসালয়লৈও
নালাগে বুলিব বাট ।

বনৰ বাঘত কৈ মনৰ বাঘেহে খায়
জানি থবা সাৱধানিৰ কেতিয়াও মৰণ নাই ।

এই বিষয়ৰ কেইটিমান প্ৰয়োজনীয় ৱেবচাইট -

এই সময়ৰ ভাল খবৰ সমূহ

Leave a Reply

avatar
  Subscribe  
Notify of
Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish