About us

About us

There was a dream, a dream to bring all the people of Assam under one roof- under the roof of Science. A dream to connect all those who are shining separately to shine together. A dream to bring back our fallen kingdom of science to it's glorious place where it can re rule the society demolishing all the negativity. A dream of a society where no one would say - I hate Science.

Here, in Scientific Temperament everyone deserves something better. We are constantly customizing and upgrading our contents in order to serve our society in a way that was never done before. Here, in our Scientific Temperament Community, we are working on the following contents –

  • অনুৰণন (ANURANAN)- a bimonthly Science e magazine. 
  • অসমৰ বিজ্ঞানৰ খবৰ সমূহ – Here , news related to science from all the corners of Assam will be published.
  • Let’s Learn – a state of the art content service which can be further divided into:-
  •  i) Academic Section – Here important notes of different subjects from class IX – XII is available.
  • ii) Decide Your Career – Another state of the art content provider in terms of how to perfectly choose your career. Learn the secret to a happy working life. 
  •  iii) Express Tales Knowledge Hub – an all in one source of General Knowledge Questions from different fields exclusively in Assamese
  • iv) হৰিৎমালা (HORITMALA) -The digital catalog for Flora found in the state of Assam
  • E-Books – Free e-books are available to download for various fields of Science. 
  • অসমৰ বিজ্ঞান জগতৰ সোণালী মুকুটা সমূহ -Assam has many great personalities working in the field of Science. So, here one can read about them. We will be constantly writing about their life in this page.
  • Research Journal- Another portal to encourage our indigenous students of assam by providing a platform to write about their research works and we will be publishing them.
  • Our YouTube Channel- We have our YouTube Channel to promote scientific activity within the boundaries of assam for our better development of our society
Address-

 Scientific Temperament Community Building, Biswanath Chariali, Dist- Biswanath, Assam, INDIA – 784176

International Standard Serial Number (ISSN) - 2582-2055

সভাপতি- শ্ৰীযুত ৰিপুঞ্জয় বৰদলৈ

২০১৩ চনত উত্তৰ পূৰ্বাঞ্চলৰ ‘শ্ৰেষ্ঠ পৰিৱেশ বন্ধু শিক্ষক’ ৰ সন্মান লাভ কৰা ৰিপুঞ্জয় বৰদলৈ এজন ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় বিজ্ঞান আৰু গণিতৰ শিক্ষক। গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বৰদলৈ, পলিমাৰ বিজ্ঞান বিষয়তো বিশেষ ডিগ্ৰী আছে। বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাৰ ছাত্ৰ বৰদলৈ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ‌‌‌ নামৰ শিশুৰ মাজত বৈজ্ঞানিক মানসিকতাৰ উত্তৰণত ব্ৰতী অনুষ্ঠানত সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে। ইতিমধ্যে বৰদলৈৰ ‘জীৱবিচিত্ৰতা’, ‘আমাৰ হেৰাই যোৱা চৰাইবোৰ’, ‘অৰণ্য মানব যাদৱ পায়েঙ’, ‘প্ৰকৃতি, বিজ্ঞান আৰু আমি’ নামৰ কিতাপ প্ৰকাশ পাইছে।বৰদলৈৰ লিখনি সমূহ বিজ্ঞান জেউতি, সাতসৰী, নতুন ৰংমেলা, অন্যযুগ আলোচনীৰ লগতে বিভিন্ন বাতৰি কাকতত প্ৰকাশিত হৈ থাকে।সামাজিক দিশত বৰদলৈ অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ যুটীয়া সম্পাদক, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ শৈক্ষিক সমন্বয়ক, অসম গণিত শিক্ষায়তন বিশ্বনাথ জিলাৰ সহকাৰী সম্পাদক হিচাপে সেৱা আগবঢ়াই আছে। UNICEF আৰু WWF ৰ পৰা ‘বহনক্ষম উন্নয়নৰ’ সমল ব্যক্তি স্বীকৃতি পোৱা ৰিপুঞ্জয় বৰদলৈয়ে বিশ্বনাথ জিলাৰ উচ্চ মাধ্যমিক স্তৰৰ গণিত আৰু বিজ্ঞান বিষয়ৰ সমল ব্যক্তি হিচাবেও দায়িত্ব পালন কৰি আহিছে। বৰদলৈয়ে All India People’s Science Network (AIPSN) ৰ পৰা Miracle Exposure প্ৰশিক্ষণ লাভ কৰি শিশুৰ মাজত অন্ধবিশ্বাস দূৰ কৰিবলৈ নাটকৰ সহায় লোৱা দেখা গৈছে।  বৰদলৈৰ দ্বাৰা ৰচিত ‘বিজ্ঞান জগতৰ ৰূপালী মুকুতা’ শীৰ্ষক গীতটি ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ অসমৰ ৰূপালী জয়ন্তী শীৰ্ষক গীত হিচাপে স্বীকৃতি লাভ কৰিছে। 

সম্পাদক (অনুৰণন)- ড° সংগীতা বৰুৱা

সংগীতা বৰুৱা বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ বায়’টেক হাবত কৰ্মৰত এগৰাকী বিজ্ঞান প্ৰচাৰক। তেখেত বিশ্বনাথ জিলাৰ কৃষিজীৱি লোকক বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা প্ৰশিক্ষণ দিয়াৰ লগত ওতঃপ্ৰোত ভাবে জড়িত। সুখ্যাতিৰে কৃষি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা সংগীতা বৰুৱা অসম বিজ্ঞান সমিতি, বিশ্বনাথ চাৰিআলি শাখাৰ আজীৱন সদস্য। ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিজ্ঞান বিষয়ৰ প্ৰকল্প ৰ শৈক্ষিক সমন্বয়ক হিচাপে দায়িত্ব পালন কৰি আছে। অসমৰ বহুল প্ৰচাৰিত ‘প্ৰান্তিক’ আলোচনীৰ লগতে অন্যান্য আলোচনী সমূহত তেখেতৰ কৃষি বিষয়ক লিখনিয়ে স্থান পাই আহিছে। বিশ্বনাথ চাৰিআলিৰ আকাশ বিজ্ঞান আৰু পৰিৱেশ শিক্ষাকেন্দ্ৰ‌‌‌ নামৰ সমাজত বিজ্ঞান মানসিকতাৰ জোৱাৰ তুলিবলৈ প্ৰয়াস কৰা অনুষ্ঠানত বৰুৱাই সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰি আছে।

তত্বাৱধায়ক (হৰিৎমালা)- ড° পংকজ চেতিয়া

ডক্টৰ পংকজ চেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে ২০১৪ চনৰ পৰা সেৱা আগবঢ়ায় আছে। তেখেতে ২০১২ চনত শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা ‘জীৱবিজ্ঞান আৰু বায়’ইনফৰমেটিকছ’ বিষয়ৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰে। চেতিয়াই ২০১২ চনৰ পৰা ২০১৪ চনৰ জুন মাহলৈকে অসম বিশ্ববিদ্যালয়ৰ বায়’ইনফৰ্মেটিক্স কেন্দ্ৰৰ সহযোগী গৱেষক হিচাপে কৰ্মৰত হৈ আছিল। তেখেতৰ তত্ত্বাৱধায়নত চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গৱেষণা কৰি আছে। তেখেতৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাখনো গৱেষণা পত্ৰ প্ৰকাশ পাইছে। ডক্টৰ চেতিয়াৰ নিজা বিষয়ৰ ওপৰত ৯ খনৰো অধিক কিতাপ ইতিমধ্যে প্ৰকাশ পাইছে। উদ্ভিদৰ আণৱিক বৰ্গীকৰণ আৰু বায়’ইনফৰমেটিকছৰ ওপৰত যথেষ্ট কাম কৰা ডক্টৰ পংকজ চেতিয়া বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰ্যসূচী সমূহতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।

তত্বাৱধায়ক (Learn for Learning & Career)- নৱদ্বীপ শইকীয়া

বৃত্তিগত ভাৱে তেখেত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক । উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU), শ্বিলঙৰ পৰা কম্পিউটাৰ বিজ্ঞান, অভিযন্ত্ৰণ আৰু প্ৰযুক্তিবিদ্যাৰ স্নাতক ডিগ্ৰীধাৰী নৱদ্বীপ শইকীয়া যোৱা এটা দশক কাল বিজ্ঞান তথা গণিত শিক্ষাদানৰ সৈতে জড়িত। শিক্ষকতা তথা বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত আত্মনিয়োগ কৰা নৱদ্বীপ শইকীয়া “এপিটাইছিয়া লাৰ্নিং হাব” নামৰ বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰতিষ্ঠিত অনুষ্ঠান এটাৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী। তেখেত অসম বিজ্ঞান সমিতি, ছয়দুৱাৰ শাখাৰ আজীৱন সদস্য হোৱাৰ লগতে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ৰ সমল ব্যক্তি হিচাপে দ্বায়িত্ব পালন কৰাৰ ওপৰিও প্ৰকল্প তত্ত্বাৱধায়ক হিচাপেও কৰ্মৰত। অভিযন্ত্ৰণৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি দিল্লী, গুৱাহাটীকে আদি কৰি অন্যান্য ঠাইৰ কেইবাখনো শিক্ষানুষ্ঠানত সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন বাচনি পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰটো তেখেতে সেৱা আগবঢ়াইছে । বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান সমাৰোহ তথা আলোচনা চক্ৰক অসম দলক প্ৰতিনিধিত্ব কৰা শইকীয়া এজন জনপ্ৰিয় কেৰিয়াৰ পৰামৰ্শদাতাও ।

তত্বাৱধায়ক (এক্সপ্ৰেছ টেলচ্)-ৰাজিবুল হক

গুৱাহাটী কলেজৰ পৰা ভূগোল বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা ৰাজিবুল হক গুৱাহাটীৰে নিবাসী। Express Tales পেজৰ মূখ্য পৰিচালকৰ দায়িত্বত থকা ৰাজিবুল হক এগৰাকী সুনিপুন খেলুৱৈও। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাবাৰো টেনিচ ক্ৰিকেট খেলি সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজিবুল হকে অসমৰ বহু মঞ্চত কুইজ প্ৰতিযোগীতা কৰিও সুখ্যাতি আৰ্জিবলৈ সক্ষম হৈছে ।

তত্বাৱধায়ক (বিজ্ঞানৰ খবৰ সমূহ)- অনন্যা শইকীয়া

লক্ষিমপুৰ জিলাৰ নাৰায়নপুৰৰ স্থায়ী নিবাসী শ্ৰীমতি অনন্যা শইকীয়া বৰ্তমান দৰং মহাবিদ্যালয়ত গণিত বিভাগৰ চতুৰ্থ সাম্মাষিকৰ ছাত্ৰী, লক্ষিমপুৰ জিলাৰ অন্যতম মহাবিদ্যালয় উত্তৰ লক্ষিমপুৰ মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা অনন্যাই বিজ্ঞান আৰু গণিত বিষয়ক বিভিন্ন প্ৰবন্ধ লেখা মেলা কৰে । কম্পিউটাৰ বিজ্ঞানত বিশেষ দখল থকা অনন্যা এগৰাকী অন্যতম কবি হিচাপেও পৰিচিত ।

তত্বাৱধায়ক (বিজ্ঞান জগতৰ সোণালী মুকুতা সমূহ)- জেচমিন গগৈ

লখিমপুৰ চহৰৰ নিবাসী শ্ৰী জেচমিন গগৈয়ে ২০১৯ চনত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা জেচমিন গগৈয়ে বিজ্ঞান বিষয়্ৰ বিভিন্ন কৰ্মশালাতো অংশগ্ৰহন কৰিন আহিছে। সৰুৰে পৰা কবিতা, গল্প, প্ৰবন্ধ লিখি ভালপোৱা জেচমিন গগৈ এগৰাকী সুগায়িকা আৰু সুনিপুন চিত্ৰশিল্পী হিচাপেও সকলোৰে মাজত পৰিচিত।

তত্বাৱধায়ক (Career & Research Journal)- অনুলেখা কাকতী

বিশ্বনাথ জিলাৰ আৱাসী অনুলেখা কাকতী বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ  অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী । ২০১৬ বৰ্ষত লক্ষীমপুৰ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাৰ পৰা সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱা অনুলেখা কাকতীয়ে ২০১৯ চনত দৰং মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বহুমুখী প্ৰতিভাৰ অধিকাৰী। কবিতা আবৃত্তিত বিশেষ দখল থকা অনুলেখা কাকতীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শনতো পাৰ্গত।

সদস্য সমূহ –

  • প্ৰীতি বৰুৱা
  • দিপেন দাস
  • উপমা মহন্ত
  • যজ্ঞ প্ৰতীম শইকীয়া
  • সৌৰভ শইকীয়া
  • ৰূপম নাথ
  • দেবলীনা ভূঞা
  • শেখ সাহাদত ভাৰতী
  • ধৃতিমান হাজৰিকা
  • পংখী মহন্ত
  • ইৰাশ্ৰী তালুকদাৰ
  • জিন্তু ভূঞা
  • ৰজী ভূঞা
  • লভিতা তালুকদাৰ
  • জয়শ্ৰী দাস
Disclaimer :-
1.Throughout the use of any content of Scientific Temperament, we are not promoting any kind of extra or misuse of digital media that can do more harm than good. It is advised specially to the students that the time spent by them in our website and in our related social media must be only for learning purpose.
2. We are new in this field. Errors are meant to happen. We will be delighted if you show us our faults and guide our way.
3. Research Journals will be published only after successful approval of our expert team. Authors have no right to enforce anything about publishing.
4. All the contents published here are sole property of the respective authors and the rights to the contents are reserved by Scientific Temperament only. Misuse or illegal use of the property will lead to legal law enforcement against that person / company / organisation.
5. For more information about our privacy policy, visit our privacy policy page .


Sincerely yours
ansuman
Don`t copy text!
en_USEnglish
asঅসমীয়া en_USEnglish